যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়
'বিকশিত ভাৰত যুৱ সংযোগ কাৰ্যসূচী' দেশজুৰি মুকলি কৰিব 'মাই ভাৰত'-এ; মূল বিষয়বস্তু হ'ল 'বিকশিত ভাৰতৰ বাবে নিচামুক্ত যুৱক-যুৱতী'
এমাহজোৰা এই অভিযানৰ সময়ছোৱাত যুৱ আইকনসকলে সজাগতা সভা পৰিচালনা কৰিব আৰু যুৱ প্ৰজন্মক এক ড্ৰাগছমুক্ত তথা বিকশিত ভাৰত গঢ়ি তুলিবলৈ অনুপ্ৰাণিত কৰিব
प्रविष्टि तिथि:
15 JUL 2026 4:01PM by PIB Guwahati
২০৪৭ চনৰ ভিতৰত এক ‘বিকশিত ভাৰত’ আৰু এক ‘নিচামুক্ত ভাৰত’ গঢ়ি তোলাৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী চিন্তাৰ সৈতে সংগতি ৰাখি, ভাৰত চৰকাৰৰ যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ে ‘মাই ভাৰত’ৰ জৰিয়তে ১৬ জুলাইৰ পৰা ১৫ আগষ্ট ২০২৬ লৈকে বিভিন্ন বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়সমূহত "বিকশিত ভাৰতৰ বাবে নিচামুক্ত যুৱক-যুৱতী" বিশেষ বিষয়বস্তুৰ অধীনত ‘বিকশিত ভাৰত যুৱ সংযোগ কাৰ্যসূচী’ৰ আয়োজন কৰিব।

এই এমাহজোৰা দেশজোৰা পদক্ষেপৰ উদ্দেশ্য হৈছে যুৱ নাগৰিকসকলক এক উন্নত ভাৰতৰ দৃষ্টিভংগীৰ সৈতে সংযোগ কৰা আৰু একে সময়তে নিচাজাতীয় দ্ৰব্য সেৱনৰ ক্ষতিকাৰক প্ৰভাৱৰ বিষয়ে সজাগতা সৃষ্টি কৰা। নাগৰিক অংশগ্ৰহণ আৰু ড্ৰাগছবিৰোধী সজাগতাৰ সংমিশ্ৰণেৰে, এই কাৰ্যসূচীয়ে যুৱ প্ৰজন্মক এক সুস্থ, দায়িত্বশীল আৰু ড্ৰাগছমুক্ত ভাৰতৰ ৰাষ্ট্ৰদূত হিচাপে গঢ়ি তুলিবলৈ সৱলীকৰণ কৰাৰ লক্ষ্য ৰাখিছে।
এই কাৰ্যসূচীয়ে ইণ্টাৰেক্টিভ বা মত-বিনিময়মূলক অধিৱেশন, প্ৰেজেণ্টেশ্যন, সজাগতামূলক কাৰ্যকলাপ আৰু ‘মাই ভাৰত’ প্লেটফৰ্মত ডিজিটেল অংশগ্ৰহণৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলক জড়িত কৰিব। এখন ড্ৰাগছমুক্ত সমাজ যে ‘বিকশিত ভাৰত@২০৪৭’ৰ লক্ষ্যত উপনীত হোৱাৰ বাবে মৌলিক ভেটি, সেই কথা বুজি পাই যুৱ প্ৰজন্মক দেশ গঠনৰ কাৰ্যত সক্ৰিয়ভাৱে অৰিহণা যোগাবলৈ উৎসাহিত কৰাটোৱেই এই কাৰ্যসূচীৰ মূল লক্ষ্য।
এই কাৰ্যসূচীৰ অংশ হিচাপে, 'বিকশিত ভাৰত যুৱ নেতা সংবাদ (VBYLD)-ৰ ৰাজ্যিক বিজয়ী, 'বিকশিত ভাৰত যুৱ সংসদ'ৰ বিজয়ী, এন.এছ.এছ. (NSS) বঁটা প্ৰাপক, ৰাষ্ট্ৰীয় যুৱ বঁটা প্ৰাপক আৰু অন্যান্য সফল যুৱ নেতাসকলক অন্তৰ্ভুক্ত কৰি বিশিষ্ট যুৱ আইকনসকলে ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে মত-বিনিময় কৰিবলৈ শিক্ষানুষ্ঠানসমূহ পৰিদৰ্শন কৰিব। তেওঁলোকে ভাৰতৰ উন্নয়নৰ যাত্ৰাৰ বিষয়ে নিজৰ অভিজ্ঞতা আৰু দৃষ্টিভংগী ভগাই ল’ব আৰু কেনেকৈ নিচাজাতীয় দ্ৰব্যৰ সেৱনে ব্যক্তিগত আকাংক্ষা, সামাজিক কল্যাণ আৰু ৰাষ্ট্ৰীয় প্ৰগতিলৈ এক গুৰুতৰ প্ৰত্যাহ্বান কঢ়িয়াই আনিছে, সেই বিষয়ে আলোকপাত কৰিব।
অংশগ্ৰহণকাৰীসকলে নিচাজাতীয় দ্ৰব্য সেৱনৰ দ্বাৰা প্ৰভাৱিত ব্যক্তি আৰু পৰিয়ালসমূহৰ অভিজ্ঞতাৰ আধাৰত বিশেষভাৱে প্ৰস্তুত কৰা এখন সজাগতামূলক চলচ্চিত্ৰও দৰ্শন কৰিব। ইয়াৰ পিছতে ‘নিচামুক্ত ভাৰত শপত’ গ্ৰহণ কৰা হ’ব, যাৰ জৰিয়তে তেওঁলোকে এক সুস্থ জীৱন যাপন কৰা আৰু দেশৰ উন্নয়নত অৰিহণা যোগোৱাৰ প্ৰতি নিজৰ প্ৰতিবদ্ধতা পুনৰ দোহাৰিব। যিবোৰ ঠাইত সম্ভৱ হয়, তাত বেচৰকাৰী সংস্থা আৰু আধ্যাত্মিক সংগঠনসমূহৰ সহযোগত ড্ৰাগছ আসক্তিৰ পৰা মুক্ত হোৱা যুঁজাৰুসকলৰ ব্যক্তিগত অভিজ্ঞতাৰ কথাও অন্তৰ্ভুক্ত কৰা হ’ব, যাতে এই অভিযানৰ প্ৰভাৱ অধিক সুদৃঢ় হয়।
যুৱ প্ৰজন্মৰ অধিক অংশগ্ৰহণক উদগনি যোগাবলৈ, কাৰ্যসূচীস্থলীসমূহত ‘মাই ভাৰত’ সাহায্য কেন্দ্ৰ স্থাপন কৰা হ’ব, যাতে ‘মাই ভাৰত’ প’ৰ্টেলত থিতাতে পঞ্জীয়ন কৰিব পৰা যায় আৰু অংশগ্ৰহণকাৰীসকলক এই সংগঠনটোৰ বিভিন্ন যুৱ উন্নয়নমূলক পদক্ষেপসমূহৰ বিষয়ে অৱগত কৰিব পৰা যায়। বেনাৰ, ষ্টেণ্ডী আৰু ডিজিটেল প্ৰচাৰৰ জৰিয়তে কৰা ব্যাপক জনসম্পৰ্কই সমগ্ৰ দেশতে এই অভিযানক আৰু অধিক প্ৰসাৰিত কৰিব।
এই কাৰ্যসূচীয়ে মূলতঃ গ্ৰাম্য, চহৰীয়া আৰু জনজাতীয় সম্প্ৰদায়ৰ ১৫–২৫ বছৰ বয়সৰ যুৱক-যুৱতীসকলক জড়িত কৰিব। অংশগ্ৰহণকাৰী প্ৰতিষ্ঠানসমূহে পৰৱৰ্তী সময়ত ধাৰাবাহিক যুৱ অংশগ্ৰহণ নিশ্চিত কৰিবলৈ আৰু ভৱিষ্যতৰ ‘মাই ভাৰত’ পদক্ষেপসমূহৰ ৰূপায়ণ সহজসাধ্য কৰি তুলিবলৈ ‘মাই ভাৰত চেপ্টাৰ’ স্থাপন কৰিব পাৰে। সকলো পঞ্জীয়ন আৰু কাৰ্যসূচী সম্পৰ্কীয় কাৰ্যকলাপ ‘মাই ভাৰত’ প’ৰ্টেলৰ জৰিয়তে পৰিচালনা কৰা হ’ব।
‘বিকশিত ভাৰত যুৱ সংযোগ কাৰ্যসূচী’য়ে সজাগ, দায়িত্বশীল আৰু সামাজিকভাৱে সচেতন যুৱ নাগৰিকসকলক গঢ়ি তোলাৰ প্ৰতি ‘মাই ভাৰত’ৰ নিৰন্তৰ প্ৰতিবদ্ধতাকে প্ৰতিফলিত কৰে, যিসকলে এখন ড্ৰাগছমুক্ত সমাজৰ বাবে ওকালতি কৰাৰ লগতে ২০৪৭ চনৰ ভিতৰত ভাৰতক এক উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ যাত্ৰাত নেতৃত্ব প্ৰদান কৰিব।
***
Pawan Singh Faujdar/RD
(रिलीज़ आईडी: 2285233)
आगंतुक पटल : 8