যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়
মাই ভাৰতে 'বিকশিত ভাৰতৰ বাবে নিচা মুক্ত যুৱচাম' অভিযানৰ অধীনত জিলা পৰ্যায়ৰ প্ৰতিযোগিতাৰ বাবে মুকলি কৰিব পঞ্জীয়ন
নতুন দিল্লীত অনুষ্ঠিত হ’বলগীয়া ৰাষ্ট্ৰীয় যুৱ সন্মিলনত সামৰণি পৰিব দেশজোৰা তিনতৰপীয়া প্ৰতিযোগিতাৰ
प्रविष्टि तिथि:
12 JUL 2026 8:29PM by PIB Guwahati
ভাৰতে ২০৪৭ চনলৈ বিকশিত ভাৰতৰ দৃষ্টিভংগীৰ দিশে আগবাঢ়ি যোৱাৰ লগে লগে যুৱক-যুৱতীসকলক সামাজিক পৰিৱৰ্তনৰ হোতা হিচাপে পৰিগণিত হ’বলৈ শক্তিশালী কৰি তোলাত দেশে অগ্ৰাধিকাৰ দিছে। প্ৰধানমন্ত্ৰীগৰাকীৰ মাদক দ্ৰব্যৰ অপব্যৱহাৰৰ বিৰুদ্ধে যুঁজক জন আন্দোলন হিচাপে গঢ়ি তোলাৰ স্পষ্ট আহ্বানক শক্তিশালী কৰি যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ে (এম ৱাই এ এছ) মেৰা যুৱ ভাৰত (মাই ভাৰত) ৰ জৰিয়তে ২০২৬ চনৰ ১৩ জুলাইৰ পৰা আৰম্ভ হোৱা জিলা পৰ্যায়ৰ প্ৰতিযোগিতাৰ সৈতে দেশজোৰা 'বিকশিত ভাৰতৰ বাবে নিচা মুক্ত যুৱচাম' অভিযানৰ পৰৱৰ্তী পৰ্যায় আৰম্ভ কৰিছে। সৃষ্টিশীলতা, সংস্কৃতি আৰু সম্প্ৰদায়ৰ নেতৃত্বৰ শক্তিৰ জৰিয়তে এই পদক্ষেপে বিকশিত ভাৰতৰ দৃষ্টিভংগীৰ হকে অৰিহণা যোগোৱাৰ লগতে যুৱপ্ৰজন্মক নিচা মুক্ত ভাৰতৰ বাবে আন্দোলনৰ নেতৃত্ব দিবলৈ অনুপ্ৰাণিত কৰাৰ চেষ্টা কৰিছে।
এক গঠনমূলক ৰাষ্ট্ৰীয় মঞ্চৰ জৰিয়তে এই দৃষ্টিভংগীক আগুৱাই লৈ যোৱাৰ বাবে এই প্ৰতিযোগিতাসমূহ জিলা পৰ্যায়ৰ পৰা আৰম্ভ কৰি ৰাজ্যিক পৰ্যায়ৰ লগতে ৰাষ্ট্ৰীয় পৰ্যায়ত সামৰণি পৰা তিনি পৰ্যায়ৰ বিন্যাসত অনুষ্ঠিত কৰা হ’ব। ইয়াৰ বাবে পঞ্জীয়ন ২০২৬ চনৰ ১৩ জুলাইত আৰম্ভ হোৱাৰ পাছত ২০২৬ চনৰ ২৪ জুলাইৰ পৰা ২৭ জুলাইলৈকে জিলা পৰ্যায়ত অনুষ্ঠিত হ'বলগীয়া প্ৰতিযোগিতাত প্ৰতিটো শ্ৰেণীত শীৰ্ষ তিনিটা প্ৰৱেশ নিৰ্বাচিত কৰা হ'ব। জিলা পৰ্যায়ৰ বিজয়ীসকলে ২০২৬ চনৰ ৩০ জুলাইৰ পৰা ৬ আগষ্টলৈকে ৰাজ্যিক পৰ্যায়ৰ বাছনি ৰাউণ্ডত প্ৰতিদ্বন্দ্বিতা কৰিব। ইয়াৰ পাছত ৰাজ্যিক পৰ্যায়ৰ চেম্পিয়নসকলক ২০২৬ চনৰ ১২ আৰু ১৩ আগষ্টত ৰাষ্ট্ৰীয় চূড়ান্ত পৰ্যায়ৰ বাবে নতুন দিল্লীলৈ আমন্ত্ৰণ জনোৱা হ'ব, য'ত ৰাষ্ট্ৰীয় যুৱ সন্মিলনত ৰাষ্ট্ৰীয় পৰ্যায়ত সমগ্ৰ দেশৰ অসামান্য যুৱ প্ৰতিভাধৰসকলে তেওঁলোকৰ সৃষ্টিশীলতা প্ৰদৰ্শন কৰিব।
এই অভিযানৰ কেন্দ্ৰবিন্দু হৈছে যুৱ-নেতৃত্বাধীন সৃষ্টিশীল অভিব্যক্তিৰ শক্তি। মাই ভাৰতে পাঁচটা সৃষ্টিশীল শিতানত জিলা পৰ্যায়ৰ প্ৰতিযোগিতা আয়োজন কৰিব-নৃত্য, সংগীত, ৰীল আৰু চুটি চলচ্চিত্ৰ, নুক্কড় নাটক তথা শ্লেম কবিতা। সংস্কৃতি, কাহিনী বৰ্ণনা, সংগীত আৰু ডিজিটেল সৃষ্টিশীলতাৰ সংমিশ্ৰণৰ জৰিয়তে, প্ৰতিযোগিতাসমূহে যুৱক-যুৱতীসকলক তেওঁলোকৰ সম্প্ৰদায়ক অনুপ্ৰাণিত কৰিবলৈ, তেওঁলোকৰ সহকৰ্মীসকলক প্ৰভাৱিত কৰিবলৈ তথা ড্ৰাগছ-মুক্ত ভাৰতৰ বাৰ্তা প্ৰচাৰ কৰিবলৈ এক অনন্য মঞ্চ প্ৰদান কৰে।
বিস্তৃত আৰু ব্যাপক অংশগ্ৰহণ নিশ্চিত কৰি, প্ৰতিযোগিতাসমূহ ১৫ ৰ পৰা ২৯ বছৰ বয়সৰ যুৱক-যুৱতীসকলৰ বাবে মুকলি থকাৰ লগতে ইয়াত ব্যক্তিগত আৰু দলীয় দুয়োটা প্ৰৱেশৰেই সুবিধা থাকিব। এই ৰাষ্ট্ৰীয় কাৰ্যসূচীত ভূগোল বা ভাষা নিৰ্বিশেষে প্ৰতিটো যুৱ কণ্ঠই অংশ লোৱাটো সুনিশ্চিত কৰাৰ উদ্দেশ্যে অংশগ্ৰহণকাৰীসকলক হিন্দী, ইংৰাজী বা যিকোনো আঞ্চলিক ভাষাত তেওঁলোকৰ সৃষ্টি দাখিল কৰাৰ সুবিধা দিয়া হৈছে।
সূচল অংশগ্ৰহণৰ সুবিধাৰ বাবে, জিলা পৰ্যায়ৰ বাবে পঞ্জীয়ন ২০২৬ চনৰ ১৩ জুলাইৰ পৰা মাই ভাৰত পৰ্টেলত(mybharat.gov.in) মুকলি কৰা হ'ব। যুৱক-যুৱতীসকলে প'ৰ্টেলৰ জৰিয়তে তেওঁলোকৰ সৃষ্টিশীল প্ৰবিষ্টি পঞ্জীয়ন আৰু আপলোড কৰিব পাৰে। এই আবেদনসমূহ প্ৰতিযোগিতাৰ প্ৰথম পৰ্যায়ত বিবেচনা কৰা হ'ব।
মাই ভাৰতৰ জৰিয়তে যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ে সমগ্ৰ দেশৰে যুৱ শক্তিক তেওঁলোকৰ সৃষ্টিশীলতাক সামাজিক পৰিৱৰ্তনৰ বাবে এক শক্তি হিচাপে ব্যৱহাৰ কৰিবলৈ, নিচা মুক্ত ভাৰতৰ দৃষ্টিভংগীলৈ অৰিহণা যোগাবলৈ আৰু অমৃত কালৰ সময়ত ৰাষ্ট্ৰীয় মিছনৰ সৈতে তেওঁলোকৰ শক্তি আৰু আকাংক্ষাসমূহ একত্ৰিত কৰিবলৈ এই সুযোগৰ ব্যৱহাৰ কৰিবলৈ উৎসাহিত কৰে।
***
Pawan Singh Faujdar/DD
(रिलीज़ आईडी: 2284090)
आगंतुक पटल : 9
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Urdu
,
Telugu
,
English
,
हिन्दी
,
Khasi
,
Marathi
,
Bengali
,
Gujarati
,
Tamil
,
Kannada
,
Malayalam