প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

২০২৬ চনৰ ৫৬সংখ্যক আন্তঃৰাষ্ট্ৰীয় পদাৰ্থ বিজ্ঞান অলিম্পিয়াডত (আই পি এইচ অ') স্বৰ্ণ বিজয়ী ভাৰতীয় দলটোক প্ৰধানমন্ত্ৰীৰ অভিনন্দন

प्रविष्टि तिथि: 13 JUL 2026 1:13PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কলম্বিয়াৰ বুকাৰামঙ্গাত অনুষ্ঠিত ২০২৬ চনৰ ৫৬ সংখ্যক আন্তঃৰাষ্ট্ৰীয় পদাৰ্থ বিজ্ঞান অলিম্পিয়াডত সোণৰ পদক লাভ কৰাৰ বাবে কনিষ্ক জৈন, ৰিদ্ধেশ অনন্ত বেণ্ডালে, ঋষিত গাৰ্গ, শ্ৰেষ্ঠ সুৰাইয়া আৰু স্বৰিত যোশীৰ ভাৰতীয় দলটোক অভিনন্দন জনাইছে।

প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁলোকৰ কৃতিত্বই দেশৰ যুৱ শক্তিৰ অসীম সম্ভাৱনা আৰু বিজ্ঞান তথা গৱেষণাৰ প্ৰতি তেওঁলোকৰ আগ্ৰহৰ আন এক উদাহৰণ প্ৰতিফলিত কৰে।

শ্ৰী মোদীয়ে লগতে উল্লেখ কৰে যে যোৱা দশকত ভাৰতীয় শিক্ষাৰ্থীসকলে এই মঞ্চৰ বিভিন্ন সংস্কৰণত অতুলনীয় প্ৰতিভা প্ৰদৰ্শন কৰিছে।

প্ৰধানমন্ত্ৰীয়ে এক্স-ত লিখিছে;

"আমাৰ যুৱ প্ৰতিভাধৰসকলৰ এক অসাধাৰণ প্ৰদৰ্শন!

কলম্বিয়াৰ বুকাৰামঙ্গাত অনুষ্ঠিত হোৱা ২০২৬ চনৰ ৫৬ সংখ্যক আন্তঃৰাষ্ট্ৰীয় পদাৰ্থ বিজ্ঞান অলিম্পিয়াডত (আই পি এইচ অট) স্বৰ্ণ পদক লাভ কৰাৰ বাবে কনিষ্ক জৈন, ৰিদ্ধেশ অনন্ত বেণ্ডালে, ঋষিত গাৰ্গ, শ্ৰেষ্ঠ সুৰাইয়া আৰু স্বৰিত যোশীৰ ভাৰতীয় দলটোক অভিনন্দন জনাইছো।

তেওঁলোকৰ কৃতিত্বই আমাৰ যুৱ শক্তিৰ অসীম সম্ভাৱনা আৰু বিজ্ঞান তথা গৱেষণাৰ প্ৰতি তেওঁলোকৰ আগ্ৰহৰ আন এক উদাহৰণ প্ৰতিফলিত কৰে। সমানেই প্ৰশংসনীয় কথাটো হ'ল যে যোৱা দশকত, আমাৰ শিক্ষাৰ্থীসকলে এই মঞ্চৰ বিভিন্ন সংস্কৰণত অতুলনীয়ভাৱে উৎকৃষ্ট প্ৰদৰ্শন কৰিছে।"

 

****

MJPS/SS/ST/DD


(रिलीज़ आईडी: 2284043) आगंतुक पटल : 12
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Malayalam , Marathi , Gujarati , Tamil , Telugu , Kannada , Bengali , Bengali-TR , English , Urdu , हिन्दी , Punjabi