প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

অষ্ট্ৰেলিয়াত প্ৰবাসী ভাৰতীয় লোকসকলৰ অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

प्रविष्टि तिथि: 09 JUL 2026 6:36PM by PIB Guwahati

মই সৰ্বপ্ৰথমে এই ভূমিৰ পৰম্পৰাগত অধিকাৰীসকলক শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ য’ত আমি আজি সমবেত হৈছোঁ আৰু তেওঁলোকৰ অতীত, বৰ্তমান তথা ভৱিষ্যতৰ জ্যেষ্ঠসকললৈ মোৰ গভীৰ শ্ৰদ্ধা নিৱেদন কৰিছোঁ।

ৱনক্কম মেলবৰ্ণ!

নমস্কাৰ মাইটছ!

আপোনালোক কেনে আছে?

কেম ছো?

এই শ্ব’টো সম্পূৰ্ণ হাউচফুল, একেবাৰে ব্লক-বাষ্টাৰ।

মই মোৰ ভাষণ আৰম্ভ কৰাৰ আগতে ভিক্টোৰিয়াৰ প্ৰিমিয়াৰ আৰু মোৰ বন্ধু প্ৰধানমন্ত্ৰীৰ সন্মানত আপোনালোক সকলোৱে নিজৰ ম’বাইল ফোনৰ ফ্লেছলাইট জ্বলাই তেওঁলোকক সন্মান জনাওক।

বন্ধুসকল,

ইয়াৰ আগতে মই ছিডনীত দুবাৰকৈ আপোনালোকক লগ পাইছিলোঁ, মেলবৰ্ণবাসীৰ সৈতে দেখা কৰিবলৈ ময়ো বাট চাই আছিলোঁ। সেয়ে ভাবিলোঁ এইবাৰ মেলবৰ্ণবাসীৰ সৈতে ফ্লেট হোৱাইট কফি খাম।

বন্ধুসকল,

আপোনালোক সকলোৱে আৰু আমাৰ অষ্ট্ৰেলিয়ান বন্ধুসকলে যি শক্তিৰে আমাক আদৰণি জনাইছে, সেয়া সঁচাকৈয়ে আচৰিত ধৰণৰ। মেলবৰ্ণই যেন এক প্ৰকাৰে বাজি মাৰিলে।

বন্ধুসকল,

মই মোৰ বন্ধু, ভাৰতৰ বন্ধু, প্ৰধানমন্ত্ৰী এন্থনী আলবানিজৰ ওচৰতো কৃতজ্ঞ। আপুনি ছিডনীতো মোৰ সৈতে আছিল আৰু আজি ইয়াত মেলবৰ্ণতো ভাৰতীয় সম্প্ৰদায়ৰ মাজলৈ আহিছে। এয়া এক প্ৰকাৰে পৰিক্ৰমা সম্পূৰ্ণ হোৱাৰ দৰে হৈছে।

আহমেদাবাদ, য’ত বিশ্বৰ আটাইতকৈ ডাঙৰ ক্ৰিকেট খেলপথাৰ আছে আৰু মেলবৰ্ণ, য’ত ঐতিহ্যমণ্ডিত ষ্টেডিয়াম আছে—আমি দুয়ো একেলগে আছোঁ। আৰু বন্ধুসকল, আমি সকলোৱে দেখিছোঁ যে প্ৰধানমন্ত্ৰী আলবানিজে যেতিয়াই কথা কয়, তেতিয়াই তেওঁ ভাৰতীয়সকলৰ অন্তৰ আৰু মন জয় কৰি লয়। ছিডনীতো আপুনি ধুমুহা তুলিছিল আৰু ইয়াতো আপুনি সকলোৰে হৃদয় জিনিছে।

মই ভিক্টোৰিয়াৰ প্ৰিমিয়াৰকো তেওঁৰ উৎসাহী শব্দসমূহৰ বাবে আৰু ভাৰতৰ প্ৰতি ইমান স্নেহ দেখুৱাই কোৱা কথাখিনিৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ।

বন্ধুসকল,

মই যেতিয়া ২০১৪ চনত অষ্ট্ৰেলিয়ালৈ আহিছিলোঁ, তেতিয়া ২৮ বছৰৰ পাছত ভাৰতৰ কোনো প্ৰধানমন্ত্ৰী ইয়াত উপস্থিত হৈছিলহি। আৰু আপোনালোকে মনত পেলাওক, তেতিয়া মই কৈছিলোঁ যে এতিয়া আপোনালোকে আৰু ২৮ বছৰ অপেক্ষা কৰিব নালাগে।

যোৱা ১২ বছৰত মই ইয়ালৈ তৃতীয়বাৰৰ বাবে আহিছোঁ, অৰ্থাৎ এইবাৰ হেট্ৰিক হ’ল। ইয়াৰ পৰা বুজা যায় যে ভাৰত আৰু অষ্ট্ৰেলিয়াৰ সম্পৰ্ক কিমান উচ্চতাত আছে। আৰু আপোনালোকে জানেনে ইয়াত আটাইতকৈ ডাঙৰ ভূমিকা কাৰ? মোদীৰ নহয়, ইয়াত আপোনালোক সকলোৰে ভূমিকা আছে, প্ৰবাসী ভাৰতীয়সকলৰ ভূমিকা আছে।

বন্ধুসকল,

কোৱা হয় যে মেলবৰ্ণ চহৰখনে এদিনতে চাৰিটা ঋতুৰ দৰ্শন কৰাই দিয়ে। কিন্তু ভাৰতীয় সম্প্ৰদায়ে নিজৰ সাংস্কৃতিক ৰঙেৰে ইয়াক অধিক সজীৱ কৰি তুলিছে।

ইয়াত মেলবৰ্ণ আৰু ইয়াৰ আশে-পাশে এনে বহু ঠাই আছে, এনে বহু বজাৰ আছে, যিবোৰ ভাৰতীয়ৰ ৰঙেৰে ভৰি আছে। কোনোবাই তাক লিটল ইণ্ডিয়া কয়, কোনোবাই মিনি ইণ্ডিয়া কয়, নাম যিয়েই নহওক কিয়, ৰংবোৰ কিন্তু ভাৰতীয়ত্বৰে ভৰপূৰ।

এনে এখন বজাৰৰ ভিডিঅ’ কোনোবাই মোক দেখুৱাইছিল। ভিডিঅ’টোত কৈ আছিল যে তাত বৰকৈ ৰেহাই মূল্যৰ বিক্ৰী চলি থাকে। এই বিক্ৰীৰ চক্কৰত মানুহ বিমোৰত পৰে। বজাৰ কৰাৰ মন নাথাকিলেও কিবা নহয় কিবা কিনিবই লাগে। মই ঠিকেই কৈছোঁনে?

বন্ধুসকল,

আপোনালোকৰ বহুতেই প্ৰথমবাৰৰ বাবে অষ্ট্ৰেলিয়ালৈ আহিছে আৰু বহুতৰে জন্মও ইয়াতেই হৈছে। প্ৰজন্ম সলনি হ’ল, কিন্তু ভিতৰৰ ভাৰতীয়ত্ব সদায় জীৱন্ত হৈ থাকে। ইয়াত এনে বহু বন্ধু থাকিব যাৰ ঘৰত অন্ততঃ দুটা সময় অঞ্চল চলে। ইয়াত ল’ৰা-ছোৱালী স্কুলৰ পৰা ঘৰলৈ অষ্ট্ৰেলিয়াৰ সময় মতে আহে, কিন্তু ভাৰতত ককা-আইতা, আইতা-আজুআইতাহঁতে ভিডিঅ’ কলত অপেক্ষা কৰি থাকে। ইয়াত সপ্তাহান্তৰ ছুটি থাকে, আনহাতে ভাৰতত কোনো বিয়াৰ লাইভ ষ্ট্ৰীমিং চলি থাকে। অৰ্থাৎ দূৰত্ব হাজাৰ হাজাৰ কিলোমিটাৰৰ, কিন্তু দৈনিক দিনচৰ্যা আজিও ভাৰতৰ সৈতে জড়িত। আৰু এই দিনচৰ্যাৰ সৈতেই আপোনালোক সকলোৱে অষ্ট্ৰেলিয়াৰ উন্নয়নত সম্পূৰ্ণ শক্তিৰে ব্ৰতী হৈ আছে। মই আপোনালোক সকলোকে লৈ গৌৰৱ কৰোঁ।

বন্ধুসকল,

আমি ভাৰতীয়সকল এনেকুৱাই—যিদৰে গাখীৰত চেনী মিহলি হৈ তাক অধিক মিঠা কৰি তোলে, ঠিক তেনেদৰেই আমি ভাৰতীয়সকলে বিশ্বত আমাৰ প্ৰেমৰ ৰং বিলাই থাকোঁ।

ঘৰত গাখীৰ অষ্ট্ৰেলিয়াৰ আহে, কিন্তু চাহ কিন্তু ভাৰতীয় ধৰণৰেই বনোৱা হয়। দাইল-পাচলি অষ্ট্ৰেলিয়াৰ, কিন্তু তাত তড়কা দেশী মছলাৰহে লাগে।

বন্ধুসকল,

আপোনালোকে চাগে শুনিছে যে ভাৰতত আজিকালি ভজন ক্লাবিঙৰ এক নতুন ধাৰা চলিছে। ইয়াক আমাৰ নতুন প্ৰজন্মই পৰিচালিত কৰিছে। আৰু ইয়াত অষ্ট্ৰেলিয়াতো মই শুনিছোঁ যে আপোনালোকৰ সপ্তাহান্তৰ ছুটি বিশ্বাস আৰু আধ্যাত্মিকতাৰে ভৰি থাকে।

কাৰোবাৰ ঘৰত ভগৱান সত্যনাৰায়ণৰ কথা, ক’ৰবাত গুৰুদ্বাৰাত প্ৰাৰ্থনা, ক’ৰবাত ল’ৰা-ছোৱালীৰ দ্বাৰা ভাংৰা বা ভৰতনাট্যমৰ প্ৰদৰ্শন, আকৌ ক’ৰবাত ক্ৰিকেট টুৰ্ণামেণ্ট চলি থাকে।

আৰু এতিয়া তো ইণ্ডিয়ান ফিল্ম ফেষ্টিভেলো ইয়ালৈ আহি পালে। কিছু দিনৰ পিছতেই মেলবৰ্ণত ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল আৰম্ভ হ’বলৈ গৈ আছে। ইয়াৰ সফল আয়োজনৰ বাবে মই আপোনালোকক এতিয়াই শুভেচ্ছা জনাইছোঁ।

বন্ধুসকল,

আপোনালোক সকলোৱে নিজৰ পৰিশ্ৰমেৰে অষ্ট্ৰেলিয়াৰ বিকাশ সাকাৰ কৰি তুলিছে। কিন্তু মই জানো যে আপোনালোকৰ এটা চকু সদায় ভাৰতৰ ওপৰত থাকে। ভাৰতে কি কৰিছে, ভাৰতৰ প্ৰগতি, ভাৰতৰ গতি—এই সকলোবোৰ খবৰ আপোনালোকে ৰাখি থাকে।

বন্ধুসকল,

একবিংশ শতিকাৰ ভাৰতে আজি উন্নত হোৱাৰ লক্ষ্যৰে কাম কৰি আছে। এটা সপোন পূৰণ হ’লে আন এটা নতুন সপোনে জন্ম লয়।

আগেয়ে কোৱা হৈছিল—এটা চাকিৰ পৰা আন এটা চাকি জ্বলে, এইদৰে হাজাৰ চাকি জ্বলি উঠে। আজি মই কওঁ—এটা সপোনৰ পৰা আন এটা সপোনৰ জন্ম হয়, এইদৰে হাজাৰ সপোনে জন্ম লয়। এটা লক্ষ্য পূৰণ হ’লে তাতকৈ ডাঙৰ সংকল্প সমুখলৈ আহে।

এইখন সেইখন ভাৰত, যিয়ে কয়—অধিক বৃদ্ধি পোৱা, অধিক অৰ্জন কৰা।

আমি ১৪০ কোটি আকাংক্ষাৰে ভৰপূৰ এক ৰাষ্ট্ৰ। আমি অধীৰ, আমি উগুল-থুগুল। আমি বিশ্বৰ আটাইতকৈ দ্ৰুতগতিত বৃদ্ধি পোৱা অৰ্থনীতি, কিন্তু আমি অতি শীঘ্ৰে বিশ্বৰ শীৰ্ষ তিনিখন অৰ্থনীতিৰ ভিতৰত অন্যতম হ’ব খুজিছোঁ। কাৰণ আমাৰ প্ৰেৰণা হৈছে—অধিক বৃদ্ধি পোৱা, অধিক অৰ্জন কৰা।

বন্ধুসকল,

আপোনালোকেও দেখিছে, ভাৰতে চন্দ্ৰৰ দক্ষিণ মেৰুত চন্দ্ৰযান অৱতৰণ কৰালে। বিশ্বৰ আন কোনো দেশে এনে কৰিব পৰা নাছিল। কিন্তু ভাৰত ইমানতে সন্তুষ্ট নহ’ল, কাৰণ ভাৰতে কয়—অধিক বৃদ্ধি পোৱা, অধিক অৰ্জন কৰা।

সেয়েহে বন্ধুসকল, ভাৰতে এতিয়া মহাকাশলৈ নিজৰ গগনযান পঠিয়াবলৈ প্ৰস্তুতি চলাইছে, ভাৰতে এতিয়া নিজৰ মহাকাশ কেন্দ্ৰ স্থাপনৰ লক্ষ্যৰে আগবাঢ়িছে।

বন্ধুসকল,

কিছু বছৰ আগলৈকে ফাইভ-জি প্ৰযুক্তিক লৈ দেশৰ সন্মুখত ডাঙৰ প্ৰশ্ন আছিল। কেতিয়া মুকলি হ’ব, কেনেকৈ বিস্তাৰ হ’ব, কিমান সময় লাগিব? আমি ২০২২ চনৰ শেষৰ ফালে ফাইভ-জি সেৱা মুকলি কৰিবলৈ আৰম্ভ কৰিলোঁ আৰু আজি ভাৰতৰ ৯৯ শতাংশ জিলা ইয়াৰ দ্বাৰা সামৰি লোৱা হৈছে। আৰু আপোনালোক সুখী হ’ব বন্ধুসকল, ভাৰত ফাইভ-জি আটাইতকৈ দ্ৰুতগতিত বিস্তাৰ কৰা দেশসমূহৰ ভিতৰত অন্যতম।

আজিকালি ভাৰত বিশ্বৰ দ্বিতীয় বৃহত্তম ফাইভ-জি বজাৰ হৈ পৰিছে। আৰু কেৱল সিমানেই নহয়, ভাৰতে আজি ভাৰতত নিৰ্মিত ছিক্স-জি প্ৰযুক্তিৰ ওপৰতো দ্ৰুতগতিত কাম কৰি আছে। সেয়া এই কাৰণেই, কাৰণ ভাৰতীয়সকলে কয়—অধিক বৃদ্ধি পোৱা, অধিক অৰ্জন কৰা।

বন্ধুসকল,

যোৱা ১২ বছৰত ভাৰতৰ দুডজনতকৈও অধিক চহৰত মেট্ৰ’ নেটৱৰ্ক গৈ পাইছে। আজি ভাৰতত প্ৰতিদিনে এক কোটিতকৈও অধিক লোকে মেট্ৰ’ত ভ্ৰমণ কৰে। ভাৰত বিশ্বৰ তৃতীয় বৃহত্তম মেট্ৰ’ নেটৱৰ্ক থকা দেশ। কিন্তু আমি ভাৰতীয়সকল ইমানতে সন্তুষ্ট নহওঁ, আমি কওঁ—অধিক বৃদ্ধি পোৱা, অধিক অৰ্জন কৰা।

সেয়েহে আমি ভাৰতত নমো ভাৰত ৰেপিড ৰেল আৰু বন্দে ভাৰতৰ দৰে অৰ্ধ-উচ্চ গতিসম্পন্ন নেটৱৰ্ক দ্ৰুতগতিত বৃদ্ধি কৰি আছোঁ।

আন এটা উদাহৰণ হৈছে মেক ইন ইণ্ডিয়াৰ। বিগত ১২ বছৰত মেক ইন ইণ্ডিয়া এক গোলকীয় ব্ৰেণ্ডত পৰিণত হ’ল। আমাৰ ম’বাইল ফোন, আমাৰ ইলেকট্ৰনিক্স সামগ্ৰী সমগ্ৰ বিশ্বতে বিয়পি পৰিল। আমাৰ মটৰ গাড়ী, আমাৰ ফাৰ্মা উৎপাদিত সামগ্ৰী বিশ্বজুৰি আৰু অধিক সম্প্ৰসাৰিত হ’ল। ভাৰতৰ প্ৰতিৰক্ষা ব্যৱস্থাৰ ক্ষমতা আৰু বিশ্বাসযোগ্যতা সমগ্ৰ বিশ্বই প্ৰত্যক্ষ কৰিছে।

আপোনালোকে অপাৰেচন সিন্দূৰৰ সময়ত ইয়াৰ প্ৰমাণ নিশ্চয় দেখিবলৈ পালে। বিস্ফোৰণ সন্ত্ৰাসবাদীৰ ঘাটিত হৈছিল আৰু ইয়াৰ প্ৰতিধ্বনি সমগ্ৰ বিশ্বই শুনিবলৈ পাইছিল। সন্ত্ৰাসবাদীৰ শিবিৰত কৰা এই তীব্ৰ প্ৰহাৰত আপোনালোকৰ গৌৰৱ অনুভৱ হৈছিলনে নাই?

বন্ধুসকল,

ভাৰত ইমানতে ৰৈ যাব নিবিচাৰে, ভাৰতে কৈছে—অধিক বৃদ্ধি পোৱা, অধিক অৰ্জন কৰা। সেয়েহে আজি চিপৰ পৰা আদি কৰি জাহাজলৈকে, উৎপাদনৰ এক নতুন পৰিৱেশ তন্ত্ৰ ভাৰতত গঢ়ি তোলা হৈছে।

বন্ধুসকল,

ভাৰতৰ ডাঙৰ সপোন আৰু ডাঙৰ আকাংক্ষাৰ ভেটি হৈছে ভাৰতৰ নাগৰিক, অৰ্থাৎ আমি ভাৰতবাসী। আৰু এই সপোনবোৰক শক্তি যোগাইছে—নাগৰিক সৰ্বোপৰি, অৰ্থাৎ নাগৰিক দেৱো ভৱৰ মন্ত্ৰই। এয়া আজিৰ ভাৰতৰ প্ৰশাসনৰ মূল মন্ত্ৰ হৈ পৰিছে।

মই আপোনালোকক প্ৰমাণীকৰণৰ উদাহৰণ দিওঁ। কিছু বছৰ আগলৈকে নথিপত্ৰ প্ৰমাণীকৰণ কৰাৰ বাধ্যবাধকতা বৰ সাধাৰণ কথা আছিল। অৰ্থাৎ যিকোনো কাম কৰিবলৈ হ’লে, ক’ৰবাত আবেদন কৰিবলৈ হ’লে নিজৰ নথিপত্ৰ কোনোবা বিষয়াক দি প্ৰমাণিত কৰাব লাগিছিল।

পুৱাৰে পৰা শাৰী পাতি থিয় হৈ থাকিব লাগিছিল। কেৱল এইটো বুজাবলৈ যে—হয়, আপুনিয়েই সেইজন ব্যক্তি। আমাৰ বাবে দেখোন নাগৰিক দেৱো ভৱ। এতিয়া কিন্তু এই পৰিস্থিতি নাই। এতিয়া বেছিভাগ কাম নিজে প্ৰমাণীকৰণ কৰিলেই হৈ যায়।

তাৰ পৰা যি যাত্ৰা আৰম্ভ হৈছিল, সেয়া এতিয়া ভাৰতত ডিজিলকাৰ পৰ্যন্ত গৈ পাইছে। এক এনেকুৱা ডিজিটেল ব্যৱস্থা, য’ত ভাৰতীয়সকলে নিজৰ নথিপত্ৰসমূহ ডিজিটেল ফৰ্মেটত ৰাখিব পাৰে। ইয়াত এটা ক্লিকেই নথিপত্ৰ প্ৰেৰণ কৰিব পাৰি, পৰীক্ষা কৰিব পাৰি আৰু গ্ৰহণ কৰিব পাৰি।

বন্ধুসকল,

ব্যৱস্থা এটা গঢ়ি তোলাটো এটা কথা, কিন্তু তাক ব্যাপক আৰু সুৰক্ষিত বৈশিষ্ট্যৰ সৈতে গঢ়ি তোলাটো এক অতি ডাঙৰ সাফল্য। আপোনালোকে জানেনে আজি ভাৰতত ডিজি-লকাৰৰ ব্যৱহাৰকাৰী কিমান? মই জানো, এই পৰিসংখ্যা মনত ৰখাটো অলপ কঠিন।

এই মুহূৰ্তলৈকে ৭০ কোটি অৰ্থাৎ ৭০০ নিযুততকৈও অধিক ডিজি-লকাৰ ব্যৱহাৰকাৰী আছে। আৰু ইয়াত ৮৫০ কোটিতকৈও অধিক নথিপত্ৰ জমা হৈ আছে। ৮৫০ কোটিতকৈও অধিক।

বন্ধুসকল,

নাগৰিক দেৱো ভৱৰ আন এটা উদাহৰণ হৈছে আমাৰ স্বাস্থ্যসেৱা ব্যৱস্থা। আজি কোটি কোটি ভাৰতীয়ৰ ওচৰত এখন সুৰক্ষিত ডিজিটেল স্বাস্থ্য পৰিচয় পত্ৰ আছে। ইয়াত স্বাস্থ্যৰ নথিপত্ৰৰ সম্পূৰ্ণ ইতিহাস ডিজিটেলভাৱে জমা হৈ থাকে। ইয়াৰ দ্বাৰা ভাৰতত ৰোগ নিৰ্ণয় অধিক উন্নত হৈছে আৰু চিকিৎসাৰ ব্যৱস্থাতো অধিক সংস্কাৰ আহিছে।

কেৱল ইমানেই নহয়, টেলি-পৰামৰ্শৰ প্ৰচলনো দ্ৰুতগতিত আগবাঢ়িছে। চৰকাৰৰ ই-সঞ্জীৱনী নামৰ এটা প্লেটফৰ্ম আছে, ইয়াৰ জৰিয়তে এতিয়ালৈকে ৪৮ কোটি অৰ্থাৎ ৪৮০ নিযুত টেলি-পৰামৰ্শ সম্পন্ন হৈছে। এই প্লেটফৰ্মৰ সৈতে সোৱা দুই লাখতকৈও অধিক স্বাস্থ্যসেৱা প্ৰদানকাৰী জড়িত হৈ আছে।

বন্ধুসকল,

এসময়ত আপোনালোক সকলোৱে পাছপ’ৰ্ট সম্পৰ্কীয় অসুবিধাৰো সন্মুখীন হৈছিল চাগে। আপোনালোকে মনত পেলাওক, পাছপ’ৰ্ট এখন বনাবলৈ কিমান সপ্তাহ লাগিছিল? কিন্তু আজি পাছপ’ৰ্ট গড়ে মাত্ৰ কেইটামান দিনৰ ভিতৰতে পোৱা যায়। এইয়াই হৈছে নাগৰিক প্ৰথম প্ৰশাসন। এইয়াই নাগৰিক দেৱো ভৱ মন্ত্ৰৰ সফলতা।

বন্ধুসকল,

মই প্ৰায়েই এটা কথা কওঁ—ভাৰতৰ সামৰ্থ্য যিমানেই বৃদ্ধি পায়, সমগ্ৰ মানৱজাতিৰ সিমানেই লাভ হয়। আমাৰ সংস্কাৰ হৈছে—সৰ্বে ভৱন্তু সুখিনঃ অৰ্থাৎ সকলোৱে সুখী হওক। এই চিৰন্তন সংস্কাৰেই আজিও ভাৰতৰ নীতি আৰু কাৰ্যসূচীক অনুপ্ৰাণিত কৰে।

বন্ধুসকল,

এই যোৱা মাহতে ভেনিজুৱেলাত ভূমিকম্পৰ এক ডাঙৰ কৰুণ ঘটনা সংঘটিত হৈছিল। কিমান ডাঙৰ ধ্বংসলীলা হ’ল। শ শ মানুহৰ মৃত্যু হ’ল। আমি দূৰত্ব কিমান সেয়া চোৱা নাছিলোঁ। আমি ভেনিজুৱেলাৰ সেই যন্ত্ৰণাক নিজৰ যন্ত্ৰণা বুলি ভাবিছিলোঁ। ভাৰতে সাহায্য আৰু উদ্ধাৰৰ বাবে অভিযান চলাইছিল।

আমি যিমানেই দ্ৰুতগতিত সম্ভৱ হয় সহায় পঠিয়ালোঁ, আমাৰ বিশেষজ্ঞসকলক পঠিয়ালোঁ, আমাৰ চিকিৎসা দলে দ্ৰুতগতিত কাম আৰম্ভ কৰিলে। মোৰ বৰ সন্তোষ লাগিছে যে ইয়াৰ জৰিয়তে বহুতো জীৱন ৰক্ষা পৰিল।

 

বন্ধুসকল,

ঠিক তেনেদৰেই তুৰস্ক আৰু ছিৰিয়াত যেতিয়া ভূমিকম্প হৈছিল, তেতিয়াও ভাৰতে অতি দ্ৰুতগতিত সাহায্য আৰু উদ্ধাৰৰ বাবে সহায় পঠিয়াইছিল। এনে বহু উদাহৰণ আছে—বিগত বৰ্ষত আমি ম্যানমাৰত অপাৰেচন ব্ৰহ্মা চলাইছিলোঁ। শ্ৰীলংকাত ঘূৰ্ণীবতাহৰ তাণ্ডৱ হওঁতে তাত অপাৰেচন সাগৰ বন্ধু চলাইছিলোঁ।

বন্ধুসকল,

ক’ৰোনা কালৰ স্মৃতিও আজিও আমাৰ মনত সজীৱ হৈ আছে। আমি সমগ্ৰ বিশ্বৰ পৰা কেৱল ভাৰতৰে নহয়, অন্যান্য দেশৰ নাগৰিকসকলকো নিজ নিজ ঘৰলৈ ঘূৰাই আনিছিলোঁ। উদ্ধাৰ অভিযান চলাইছিলোঁ। অভাৱীসকলৰ ওচৰলৈ ঔষধ যোগান ধৰিছিলোঁ, ১০০তকৈও অধিক দেশলৈ ভেকচিন পঠিয়াইছিলোঁ। যুদ্ধক্ষেত্ৰৰ মাজৰ পৰাও ভাৰতে সংকটত পৰা ব্যক্তিসকলক উদ্ধাৰ কৰাৰ প্ৰয়াস কৰিছিল।

বন্ধুসকল,

ভাৰতে যেতিয়া সহায় কৰে, তেতিয়া পাছপ’ৰ্ট নাচাই। ভাৰতে যেতিয়া সহায় পঠিয়ায়, পাছপ’ৰ্টৰ ৰং নাচাই। সেয়েহে সমগ্ৰ বিশ্বই ভাৰতৰ ওপৰত ইমান বিশ্বাস কৰে।

বন্ধুসকল,

মই জানো যে মানৱতাৰ স্বাৰ্থত কাম কৰাৰ ক্ষেত্ৰত অষ্ট্ৰেলিয়াৰো এক অতি ডাঙৰ ভূমিকা আছে। এয়া আমাৰ দুয়োখন দেশৰ অংশীদাৰিত্বৰ এক গুৰুত্বপূৰ্ণ স্তম্ভ।

কিয়নো আমাৰ দুয়োখন দেশৰ অংশীদাৰিত্বক আন এটা খণ্ডই শক্তিশালী কৰে। এই খণ্ডটো হৈছে—ক্ৰীড়া। ক্ৰীড়াৰ জগতখনত অষ্ট্ৰেলিয়া নিজেই এক ডাঙৰ ব্ৰেণ্ড। কিন্তু ভাৰততো ক্ৰীড়াৰ পৰিস্থিতিতন্ত্ৰ সলনি হৈ আছে।

বন্ধুসকল,

আপোনালোকে খেল’ ইণ্ডিয়া মিছনৰ নাম নিশ্চয় শুনিছে। এয়া কেৱল এখন ক্ৰীড়া নীতি নহয়, এই অভিযানে স্কুল পৰ্যায়ৰ পৰাই হাজাৰ হাজাৰ খেলুৱৈৰ এটা দল তৈয়াৰ কৰিছে। ভাৰতত স্কুল, বিশ্ববিদ্যালয় আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত খেল’ ইণ্ডিয়া গেমছ অনুষ্ঠিত হয়, য’ত লাখ লাখ খেলুৱৈয়ে অংশগ্ৰহণ কৰে।

এই মিছনৰ অধীনত ভাৰতৰ দূৰৱৰ্তী অঞ্চলসমূহতো ক্ৰীড়া আন্তঃগাঁথনি গঢ়ি তোলা হৈছে। ইয়াৰ দ্বাৰা অধিক সংখ্যক খেলুৱৈয়ে, বিশেষকৈ আমাৰ কন্যাসকলে অধিক সুযোগ লাভ কৰিছে। আৰু এয়া কেৱল চহৰতে সীমাবদ্ধ নহয়, সাংসদ খেল মহাকুম্ভৰ দৰে আয়োজনেৰে গাঁৱে-গাঁৱে ক্ৰীড়াক সুস্থতাৰ সৈতে জড়িত কৰা হৈছে, কেৰিয়াৰৰ সুযোগৰ সৈতে সংযোগ কৰা হৈছে।

কিয়নো এই যিবোৰ ঘটিছে, তাৰ প্ৰভাৱ খেলপথাৰত দেখিবলৈ পোৱা গৈছে। ভাৰতৰ খেলুৱৈসকল, ভাৰতৰ দলসমূহ ক্ৰমাৎ উন্নতৰ পৰা শ্ৰেষ্ঠ হৈ গৈছে।

বন্ধুসকল,

এই আত্মবিশ্বাসেই ভাৰতক ক্ৰীড়া লীগৰ পৰৱৰ্তী পৰ্যায়লৈ লৈ গৈছে। ২০৩০ চনৰ কমনৱেলথ গেমছ ভাৰতে আয়োজন কৰিব। ভাৰতে ২০৩৬ চনৰ অলিম্পিক আয়োজন কৰাৰ বাবেও দাবীদাৰ হৈছে। মোৰ সম্পূৰ্ণ বিশ্বাস যে ক্ৰীড়াৰ ক্ষেত্ৰতো অষ্ট্ৰেলিয়া আৰু ভাৰতৰ অংশীদাৰিত্ব আৰু অধিক সম্প্ৰসাৰিত হ’ব।

বন্ধুসকল,

ভাৰত আৰু অষ্ট্ৰেলিয়াই যিয়েই নকৰক কিয়, সেয়া আমাৰ দুয়োখন দেশৰ বাবেই শুভ হয়। ইয়াৰ এক ডাঙৰ উদাহৰণ হৈছে ভাৰত-অষ্ট্ৰেলিয়া বাণিজ্য চুক্তি। আপোনালোকে সেই কবিতাৰ ফাঁকি নিশ্চয় শুনিছে, আপোনালোকৰ মনত থাকিব চাগে:

মই অকলেই খোজ লৈছিলোঁ লক্ষ্যস্থানৰ পিনে

মানুহবোৰ লগ হৈ গ’ল আৰু কাৰৱান গঢ়ি উঠিল

ঠিক তেনেদৰেই, ভাৰত আৰু অষ্ট্ৰেলিয়াৰ চুক্তি এক আৰম্ভণি আছিল আৰু আজি এই যাত্ৰা বিশ্বৰ প্ৰায় ৪০খন দেশৰ সৈতে বাণিজ্য চুক্তিলৈকে গৈ পাইছে।

বন্ধুসকল,

আমি কেৱল এক ব্যৱসায়ী ৰাষ্ট্ৰই নহয়, আমি উদ্ভাৱনক, বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাক গুৰুত্ব দিওঁ। অষ্ট্ৰেলিয়াৰ বহুতো সাফল্য আছে—হিয়েৰিং ইমপ্লাণ্ট, ৱাই-ফাই, চাৰ্ভাইকেল কেন্সাৰ ভেকচিন, ফ্লাইট ব্লেক বক্স, গোপন বেলট ভোটিং—এনে কত যে উদ্ভাৱন আছে য’ত অষ্ট্ৰেলিয়াৰ এক ডাঙৰ ভূমিকা আছে। আৰু আজি এইবোৰে সমগ্ৰ বিশ্বক অধিক উন্নত কৰাৰ কামত ব্যৱহাৰ হৈছে।

বন্ধুসকল,

ঠিক তেনেদৰেই ভাৰতেও নিজৰ বিজ্ঞান, প্ৰযুক্তি আৰু উদ্ভাৱনৰ পৰিস্থিতিতন্ত্ৰ সলনি কৰি আছে। আপোনালোকে জানি সুখী হ’ব যে আজি ভাৰতৰ ১০ হাজাৰ স্কুলত অটল টিংকাৰিং লেবছ চলি আছে। এইবোৰে স্কুল পৰ্যায়তে উদ্ভাৱনীমূলক চিন্তাধাৰা গঢ়ি তুলিছে।

বিগত ১২ বছৰত ভাৰত বিশ্বৰ তৃতীয় বৃহত্তম ষ্টাৰ্ট-আপ পৰিস্থিতিতন্ত্ৰ হৈ পৰিছে। কিন্তু মই যেতিয়া সংখ্যাটো ক’ম, আপোনালোকেও আচৰিত হ’ব। আপোনালোকে তথ্য শুনিব বিচাৰিবনে, তেন্তে কওঁ শুনক—

আজি ভাৰতত ২ লাখতকৈও অধিক পঞ্জীকৃত ষ্টাৰ্ট-আপ আছে। ভাৰতত প্ৰতি মাহে ৪ হাজাৰতকৈও অধিক নতুন ষ্টাৰ্ট-আপ পঞ্জীয়ন হৈ আছে। আৰু প্ৰতিৰক্ষা তথা মহাকাশৰ দৰে খণ্ডসমূহতো শ শ ষ্টাৰ্ট-আপে কাম কৰি আছে। এইবোৰৰ উদাহৰণ মই এই কাৰণেই দিছোঁ কাৰণ এই আটাইবোৰ খণ্ড আগেয়ে ভাৰতত বন্ধ আছিল। কিছু বছৰ আগতেহে এইবোৰ ব্যক্তিগত উদ্যোগীসকলৰ বাবে মুকলি কৰি দিয়া হৈছে। আৰু আপোনালোকে চাওক—ভাৰতৰ এটা মহাকাশ ষ্টাৰ্ট-আপে অতি সোনকালে নিজৰ ৰকেটত প্ৰথমবাৰৰ বাবে উপগ্ৰহ উৎক্ষেপণ কৰিবলৈ ওলাইছে।

বন্ধুসকল,

মই আনন্দিত যে শিক্ষা, দক্ষতা আৰু উদ্ভাৱনৰ ক্ষেত্ৰত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ সম্পৰ্ক আৰু অধিক গভীৰ হৈছে, আৰু অধিক শক্তিশালী হৈছে। আজি অষ্ট্ৰেলিয়াত হাজাৰ হাজাৰ ভাৰতীয় ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ন কৰি আছে। আৰু এতিয়া অষ্ট্ৰেলিয়াৰ বিশ্ববিদ্যালয়সমূহে ভাৰততো নিজৰ কেম্পাছ খুলিছে।

ডিকিন আৰু উলংগং বিশ্ববিদ্যালয়ৰ কেম্পাছ ইতিমধ্যে আৰম্ভ হৈ গৈছে। আৰু অন্যান্য অষ্ট্ৰেলিয়ান বিশ্ববিদ্যালয়সমূহো এই দিশত আগবাঢ়িছে। কিয়নো এয়া কেৱল নতুন কেম্পাছ খোলাৰ কথাই নহয়, এয়া বিশ্বক দক্ষ, উদ্ভাৱনীমূলক প্ৰতিভা উপহাৰ দিয়াৰ আৰু গোলকীয় নেতৃত্ব তৈয়াৰ কৰাৰ এক অভিযান।

বন্ধুসকল,

ভাৰতৰ ইমানবোৰ কথা মই আপোনালোকৰ মাজত পাতিলোঁ। এতিয়া মই আপোনালোকক এটা অনুৰোধো কৰিম। কিছু সময় আগতে আমি আমাৰ প্ৰব্ৰজনকাৰী সম্প্ৰদায়ৰ ল’ৰা-ছোৱালীৰ বাবে 'ভাৰতক জানা কুইজ'ৰ আৰম্ভণি কৰিছোঁ। এই কুইজে বিশ্বক ভাৰতৰ বৈচিত্ৰ্যৰ সৈতে পৰিচিত কৰায় আৰু একে সময়তে ভাৰতীয় সম্প্ৰদায়ৰ পৰিয়ালসমূহক নিজৰ ঐতিহ্যৰ সৈতে সংযোগ কৰে। মই এইটো জানি ভাল পালোঁ যে এই বছৰ অষ্ট্ৰেলিয়াত বহুত যুৱ বন্ধুৱে এই কাৰ্যসূচীৰ প্ৰাৰম্ভিক অনুষ্ঠানত অংশগ্ৰহণ কৰিছে। এতিয়া এই প্ৰতিযোগিতাৰ ষষ্ঠ সংস্কৰণ আৰম্ভ হ’বলৈ গৈ আছে। এইবাৰ গেমিফাইড ম’ডত বহুতো প্ৰতিযোগিতা অনুষ্ঠিত হ’ব। মই অষ্ট্ৰেলিয়াত থকা ভাৰতীয় সম্প্ৰদায়ৰ সকলো পৰিয়ালক অনুৰোধ কৰিম যাতে ইয়াত নিশ্চয় অংশগ্ৰহণ কৰে। কিন্তু ইয়াৰ লগতে আপোনালোকে অষ্ট্ৰেলিয়াৰ বন্ধুসকলকো, আপোনালোকৰ স্কুলত পঢ়া সতীৰ্থসকলক, কলেজত পঢ়া সতীৰ্থসকলক এই প্ৰতিযোগিতাত নিশ্চয় জড়িত কৰিব।

বন্ধুসকল,

আপোনালোক সকলোৱে ভাৰত-অষ্ট্ৰেলিয়াৰ সম্পৰ্ক শক্তিশালী কৰাৰ ক্ষেত্ৰত বহুত পৰিশ্ৰম কৰিছে, বহুত অৱদান আগবঢ়াইছে। কিন্তু আপোনালোকৰ কাম ইয়াতেই শেষ হোৱা নাই, বৰঞ্চ ইয়াৰ পৰা আপোনালোকৰ দায়িত্ব আৰু বাঢ়িহে গৈছে। এতিয়া ভাৰত আৰু অষ্ট্ৰেলিয়াৰ অংশীদাৰিত্বৰ এটা সুকীয়া পৰ্যায় আৰম্ভ হ’বলৈ গৈ আছে।

সেয়েহে আপোনালোকে এনেদৰেই ভাৰত-অষ্ট্ৰেলিয়াৰ সম্পৰ্কক উৎসাহেৰে ভৰাই ৰাখক, চাৰ-ছয় মাৰি থাকক। আপোনালোকৰ সফলতাৰ মাজতেই ভাৰত আৰু অষ্ট্ৰেলিয়াৰ সফলতা নিহিত হৈ আছে।

বন্ধুসকল,

আজিৰ এই কাৰ্যসূচীৰ বাবে প্ৰধানমন্ত্ৰী আলবানিজ আৰু আপোনালোক সকলো বন্ধুকে মই পুনৰ এবাৰ বহুত বহুত ধন্যবাদ জনাইছোঁ।

ভাৰত মাতা কী জয়!

বন্দে মাতৰম!

****

MJPS/SS/ST/DB


(रिलीज़ आईडी: 2283211) आगंतुक पटल : 8
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Bengali , Punjabi , Gujarati , Telugu , Malayalam