স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়
ঔষধ নিয়মাৱলী, ১৯৪৫-ৰ অধীনত ঔষধ আমদানিৰ বাবে নবী মুম্বাই বিমান বন্দৰক বন্দৰ হিচাপে চৰকাৰৰ অধিসূচনা
নবী মুম্বাই বিমান বন্দৰৰ জৰিয়তে ঔষধ আমদানিৰ সুবিধাৰ্থে ৪৩এ নিয়মৰ সংশোধন
ঔষধ আমদানিৰ বাবে অধিসূচিত প্ৰৱেশ বন্দৰৰ মুঠ সংখ্যা ৪২খনলৈ বৃদ্ধি, ফাৰ্মাচিউটিকেল লজিষ্টিকছ আৰু বাণিজ্য সৰলীকৰণ অধিক সুদৃঢ় কৰাৰ প্ৰয়াস
प्रविष्टि तिथि:
08 JUL 2026 10:43AM by PIB Guwahati
ফাৰ্মাচিউটিকেল যোগান শৃংখলা অধিক শক্তিশালী কৰা আৰু বাণিজ্য সৰলীকৰণৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰি স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে মহাৰাষ্ট্ৰৰ শেহতীয়াকৈ উদ্বোধন কৰা নবী মুম্বাই বিমান বন্দৰৰ জৰিয়তে ঔষধ আমদানিৰ অনুমতি প্ৰদান কৰিছে।
ঔষধ নিয়মাৱলী, ১৯৪৫-ৰ ৪৩এ নিয়মৰ সংশোধনে এতিয়া নবী মুম্বাইক দেশলৈ ঔষধ আমদানি কৰিব পৰা বিমান বন্দৰসমূহৰ তালিকাত অন্তৰ্ভুক্ত কৰিছে। ঔষধ আৰু প্ৰসাধন সামগ্ৰী আইন, ১৯৪০-ৰ ব্যৱস্থাৱলীৰ অধীনত ঔষধ কাৰিকৰী উপদেষ্টা বোৰ্ডৰ (Drugs Technical Advisory Board) সৈতে আলোচনাৰ অন্তত এই অধিসূচনা জাৰি কৰা হৈছে। (গেজেট অধিসূচনাখন এই লিংকত উপলব্ধ: : https://egazette.gov.in/WriteReadData/2026/274223.pdf)
এই সংশোধনৰ সৈতে, নবী মুম্বাই বিমান বন্দৰ ঔষধ নিয়মাৱলী, ১৯৪৫-ৰ অধীনত ঔষধ আমদানিৰ বাবে অনুমতি প্ৰাপ্ত নিৰ্দিষ্ট বিমান বন্দৰসমূহৰ তালিকাত অন্তৰ্ভুক্ত হৈছে। এই শেহতীয়া সংযোজনৰ সৈতে অধিসূচিত প্ৰৱেশ বন্দৰৰ (পথ/ৰে’ল/জাহাজ/বিমান) মুঠ সংখ্যা ৪২খন হৈছেগৈ। এই সংশোধনে ফাৰ্মাচিউটিকেল চালানসমূহৰ সৰল যাতায়ত নিশ্চিত কৰিব, লজিষ্টিকছ আন্তঃগাঁথনি শক্তিশালী কৰিব আৰু ভাৰতলৈ ঔষধ আমদানিৰ বাবে এটা নতুন বিকল্প যোগ দি আমদানিকাৰীসকলক অধিক নমনীয়তা প্ৰদান কৰিব বুলি আশা কৰা হৈছে।
এই পদক্ষেপ আমদানি কৰা ঔষধসমূহৰ কাৰ্যকৰী নিয়ন্ত্ৰণমূলক তত্ত্বাৱধান নিশ্চিত কৰাৰ লগতে নিয়ন্ত্ৰণমূলক গাঁথনি শক্তিশালী কৰা, বাণিজ্য সৰলীকৰণৰ উন্নতি সাধন কৰা আৰু ‘ইজ অৱ ডুইং বিজনেছ’ (Ease of Doing Business)-ক উদগনি যোগোৱাৰ বাবে চৰকাৰে চলাই থকা ধাৰাবাহিক প্ৰচেষ্টাৰ সৈতে সংগতিপূৰ্ণ।
****
SR/RD
HFW/ Navi Mumbai Airport Notified as a Port for Import of Drugs under the Drugs Rules, 1945/08July2026/1
(रिलीज़ आईडी: 2282914)
आगंतुक पटल : 11