প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰতিৰক্ষা আৰু নিৰাপত্তা সহযোগিতা সন্দৰ্ভত ভাৰত-অষ্ট্ৰেলিয়াৰ যৌথ ঘোষণা পত্ৰ

प्रविष्टि तिथि: 09 JUL 2026 10:55AM by PIB Guwahati

আমি, ভাৰত আৰু অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰীদ্বয়, আমাৰ ঘনিষ্ঠ দ্বিপাক্ষিক সম্পৰ্কৰ জৰিয়তে একত্ৰিত হৈ, আমাৰ ৰাষ্ট্ৰ দুখনৰ কৌশলগত অংশীদাৰিত্ব শক্তিশালী কৰাৰ বাবে সংকল্প একত্ৰিত কৰি তথা এক মুকলি, শান্তিপূৰ্ণ, সুস্থিৰ তথা সমৃদ্ধিশালী ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ বাবে উমৈহতীয়া উচ্চাকাংক্ষাৰ জৰিয়তে অনুপ্ৰাণিত হৈ, ইয়াৰ দ্বাৰা প্ৰতিৰক্ষা আৰু নিৰাপত্তা সহযোগিতাৰ ওপৰত এই যুটীয়া ঘোষণাপত্ৰত প্ৰতিশ্ৰুতিবদ্ধ হৈছো।

আমি ২০২০চনত স্থাপিত আমাৰ ব্যাপক কৌশলগত অংশীদাৰিত্ব (চিএছপি) ৰ শক্তিক পুনৰ নিশ্চিত কৰিছো। চিএছপি আৰম্ভ হোৱাৰ পাছৰে পৰা  আমাৰ কৌশলগত একত্ৰীকৰণ ত্বৰান্বিত হৈছে, আমাৰ অৰ্থনৈতিক সম্পৰ্ক গভীৰ হৈছে আৰু ৰাষ্ট্ৰসমূহৰ মাজত জীৱন্ত সেতু স্বৰূপ জনসাধাৰণৰ মাজৰ সম্পৰ্ক অধিক শক্তিশালী হৈছে। আমি কোৱাড আৰু অন্যান্য বহুপাক্ষিক প্ৰতিষ্ঠানৰ দৰে আঞ্চলিক মঞ্চৰ জৰিয়তে অন্যান্য অংশীদাৰসকলৰ সৈতে দ্বিপাক্ষিক তথা বহুপাক্ষিকভাৱে আমাৰ ঘনিষ্ঠ সম্পৰ্কৰ কথা উল্লেখ কৰিছো, যি সম্পৰ্কই দুয়োখন ৰাষ্ট্ৰক লাভান্বিত কৰাৰ লগতে উমৈহতীয়া অঞ্চলৰ নিৰাপত্তা আৰু সমৃদ্ধিৰ ক্ষেত্ৰত অৰিহণা যোগাইছে।

আমি ২০০৯ চনৰ নিৰাপত্তা সহযোগিতাৰ ওপৰত ভাৰত-অষ্ট্ৰেলিয়া যুটীয়া ঘোষণাপত্ৰৰ দ্বাৰা প্ৰসাৰিত আমাৰ অংশীদাৰিত্বৰ বৃহৎ অগ্ৰগতিৰ ওপৰতো আলোকপাত কৰোঁ। আমি বৈদেশিক মন্ত্ৰীসকলৰ ফ্ৰেমৱৰ্ক আলোচনা (এফ এম এফ ডি), ২+২ বৈদেশিক আৰু প্ৰতিৰক্ষা মন্ত্ৰীসকলৰ কথোপকথন তথা প্ৰতিৰক্ষা মন্ত্ৰীসকলৰ কথোপকথনকে ধৰি বিভিন্ন দ্বিপাক্ষিক ব্যৱস্থাৰ জৰিয়তে অংশীদাৰিত্বত সমৃদ্ধ অৱদানক প্ৰশংসা কৰোঁ।

আমি ভূ-ৰণনীতিগত অনিশ্চয়তা আৰু আঞ্চলিক শান্তি তথা সুস্থিৰতাৰ প্ৰতি ভাবুকিক লৈ উদ্বিগ্ন হৈছো। আমি সকলো পক্ষক শান্তিপূৰ্ণভাৱে একেলগে কাম কৰিবলৈ উৎসাহিত কৰো আৰু ভাবুকি বা বল প্ৰয়োগ নকৰাকৈ তথা আন্তঃৰাষ্ট্ৰীয় আইন অনুসৰি বিবাদৰ সমাধানৰ বাবে আহ্বান জনাইছো।

আমি এক মুক্ত, শান্তিপূৰ্ণ, সুস্থিৰ আৰু সমৃদ্ধিশালী ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ প্ৰতি আমাৰ অটল প্ৰতিশ্ৰুতি পুনৰ নিশ্চিত কৰোঁ যাৰ আধাৰ হৈছেঃ আন্তঃৰাষ্ট্ৰীয় আইন মানি চলাৰ ওপৰত আধাৰিত এক নিয়ম-আধাৰিত পৰিকাঠামোৰ; সাৰ্বভৌমত্ব আৰু আঞ্চলিক অখণ্ডতাৰ প্ৰতি সন্মান; ১৯৮২ চনৰ ৰাষ্ট্ৰসংঘৰ সাগৰৰ আইনৰ চুক্তি (ইউ এন চি এল অ’ এছ) অনুসৰণৰ দ্বাৰা আধাৰিত এক মুকলি, সুস্থিৰ আৰু সুৰক্ষিত সামুদ্ৰিক ক্ষেত্ৰ, যাৰ ভিতৰত আছে নৌ পৰিবহণ আৰু উৰণৰ স্বাধীনতা তথা কাৰ্যকৰী, সামগ্ৰিক আৰু স্বচ্ছ প্ৰতিষ্ঠান।

আমি এই অঞ্চলসমূহৰ প্ৰত্যাহ্বানসমূহৰ মোকাবিলা কৰাৰ বাবে প্ৰধান মঞ্চ হিচাপে ভাৰত মহাসাগৰ ৰিম সংস্থা (আই অ’ আৰ এ), আছিয়ান আৰু আছিয়ান কেন্দ্ৰিক আঞ্চলিক পৰিকাঠামোৰ তথা পেচিফিক আইলেণ্ডছ ফ’ৰাম (পি আই এফ) ৰ প্ৰতি আমাৰ সমৰ্থন পুনৰ নিশ্চিত কৰিছো।

আমি স্বীকাৰ কৰো যে পৰিৱৰ্তিত কৌশলগত পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ আমাৰ অংশীদাৰিত্ব বিকশিত হ'ব লাগিব আৰু আমাৰ উন্নত, সংহত তথা শীৰ্ষ পৰ্যায়ৰ প্ৰতিৰক্ষা আৰু নিৰাপত্তা অংশীদাৰিত্ব ত্বৰান্বিত কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ হ' ব লাগিব। আমি কৌশলগত বিনিময় শক্তিশালী কৰি যাম আৰু আমাৰ কৌশলগত স্বাৰ্থৰ একত্ৰীকৰণক প্ৰতিফলিত কৰা নিয়মীয়া মন্ত্ৰী বিষয়ক সম্পৰ্ক পৰিচালনা কৰি যাম। আমি সামূহিক শক্তি বৃদ্ধিৰ বাবে প্ৰতিৰক্ষা আৰু নিৰাপত্তা সহযোগিতাৰ এক দীৰ্ঘম্যাদী দৃষ্টিভংগীক স্বীকৃতি জনাইছো। এই সহযোগিতাই দুয়োখন দেশৰ নিৰাপত্তাত অৰিহণা যোগাব আৰু আঞ্চলিক শান্তি আৰু নিৰাপত্তাত এক গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াব।

 

আমি আমাৰ ব্যাপক প্ৰতিৰক্ষা সহযোগিতা শক্তিশালী কৰা, কৌশলগত আলোচনা গভীৰ কৰা আৰু সহযোগিতা তীব্ৰ কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ, যাৰ ভিতৰত আছেঃ

 

ক. ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত উমৈহতীয়া স্বাৰ্থত প্ৰভাৱ পেলোৱা প্ৰতিৰক্ষা সম্পৰ্কীয় উন্নয়ন সন্দৰ্ভত পৰামৰ্শ লোৱাৰ প্ৰতিশ্ৰুতি;

খ. অংশীদাৰসকলকে ধৰি আমাৰ প্ৰতিৰক্ষা অনুশীলনৰ জটিলতা বৃদ্ধি কৰা;

গ. প্ৰতিৰক্ষা বাহিনীৰ মাজত আন্তঃব্যৱহাৰযোগ্যতা আৰু তথ্যৰ আদান-প্ৰদানৰ প্ৰচেষ্টা ত্বৰান্বিত কৰা;

ঘ. দেশ দুখনৰ পৰস্পৰৰ ভূখণ্ডৰ পৰা বিমানৰ চালচলন সম্প্ৰসাৰিত কৰা;

ঙ. বিনিময়, শিক্ষা আৰু প্ৰশিক্ষণ তথা যোগাযোগৰ ভূমিকাকে ধৰি প্ৰতিৰক্ষা বাহিনীৰ কৰ্মচাৰীসকলৰ মাজত সম্পৰ্ক গভীৰ কৰা; আৰু

চ. দক্ষ প্ৰতিৰক্ষা কৰ্মচাৰী নিযুক্তিৰ ক্ষেত্ৰত সহযোগিতাৰ সুযোগ অন্বেষণ কৰা।

আমি আমাৰ প্ৰতিৰক্ষা, নিৰাপত্তা আৰু অৰ্থনৈতিক স্বাৰ্থৰ ক্ষেত্ৰত সামুদ্ৰিক ক্ষেত্ৰৰ গুৰুত্বক স্বীকৃতি দিয়াৰ লগতে সামুদ্ৰিক সুৰক্ষা সহযোগিতাৰ গভীৰতা, অত্যাধুনিকতা আৰু নিয়মানুৱৰ্তিতা বৃদ্ধি কৰিম। আমি ভাৰত-অষ্ট্ৰেলিয়া সামুদ্ৰিক সুৰক্ষা সহযোগিতা পৰিকল্পনাৰ জৰিয়তে সামুদ্ৰিক সহযোগিতা শক্তিশালী কৰিম।

আমি একত্ৰীকৰণ, উদ্যোগৰ সম্পৰ্ক আৰু যোগান শৃংখলাত স্থিতিস্থাপকতা গঢ়ি তোলাৰ জৰিয়তে দুয়ো পক্ষৰ প্ৰতিৰক্ষা উদ্যোগৰ বৰ্ধিত সম্ভাৱনাক গ্ৰহণ কৰিম। আমি আমাৰ প্ৰতিৰক্ষা উদ্ভাৱন পৰিৱেশ তন্ত্ৰৰ মাজত সহযোগিতা গভীৰ কৰিম তথা উন্নত প্ৰতিৰক্ষা বিজ্ঞান আৰু প্ৰযুক্তি সহযোগিতাৰ ব্যৱস্থা বিকশিত কৰিম।

আমি সংঘাত প্ৰতিৰোধ, সাহায্য আৰু পুনৰুদ্ধাৰৰ প্ৰচেষ্টা প্ৰদান আৰু দীৰ্ঘস্থায়ী শান্তি স্থাপনত মহিলাৰ অৰ্থপূৰ্ণ অংশগ্ৰহণ তথা নেতৃত্বৰ প্ৰচাৰৰ বাবে কাম কৰিম, শান্তিৰক্ষা কাৰ্যকলাপত লিংগ সমতা বজাই ৰখাৰ বাবে আমাৰ প্ৰতিশ্ৰুতি নিশ্চিত কৰিম তথা মহিলা, শান্তি আৰু নিৰাপত্তাৰ বিষয়টোক আগুৱাই নিম।

আমি আঞ্চলিক অৰ্থনৈতিক সমৃদ্ধি আৰু স্থিতিস্থাপকতাক সমৰ্থন কৰিবলৈ দ্বিপাক্ষিকভাৱে আৰু অংশীদাৰসকলৰ সৈতে সহযোগিতা কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ। আমি গুৰুত্বপূৰ্ণ খনিজ আৰু পৰিষ্কাৰ শক্তি প্ৰযুক্তিকে ধৰি অধিক বৈচিত্ৰ্যময় আৰু স্থিতিস্থাপক যোগান শৃংখল, গুৰুত্বপূৰ্ণ আন্তঃগাঁথনি আৰু সংযোগৰ বিকাশ কৰিম। আমি এক সুৰক্ষিত আৰু স্থিতিস্থাপক ইণ্ডো-পেচিফিকৰ বাবে আমাৰ অংশীদাৰী দৃষ্টিভংগী পূৰণ কৰা এক প্ৰযুক্তি পৰিৱেশ গঢ়ি তোলাত সহায় কৰিবলৈ একেলগে কাম কৰিম।

আমি আমাৰ চাইবাৰ সুৰক্ষাৰ সম্ভাৱনা আৰু গুৰুত্বপূৰ্ণ তথা উদীয়মান প্ৰযুক্তি সহযোগিতা আৰু চাইবাৰ, গুৰুত্বপূৰ্ণ প্ৰযুক্তি আৰু যোগান শৃংখল (অষ্ট্ৰেলিয়া-ভাৰত পিএচিটিএছ) ৰ ওপৰত অষ্ট্ৰেলিয়া-ভাৰত অংশীদাৰিত্বৰ অধীনত তথ্য ভাগ-বতৰা প্ৰণালী ব্যৱহাৰ কৰিবলৈ একেলগে কাম কৰিম আৰু কৌশলগত প্ৰযুক্তিৰ ওপৰত সহযোগিতা শক্তিশালী কৰিম।

 

আমি সংস্থা আৰু ব্যক্তিসকলক ধৰি আমাৰ অঞ্চলটোত সন্ত্ৰাসবাদীৰ ভাবুকি সম্পৰ্কে তথ্যৰ আদান-প্ৰদান বৃদ্ধি কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ আৰু হিংসাত্মক উগ্ৰবাদ আৰু সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজিবলৈ সহযোগিতা বৃদ্ধিৰ সুযোগ অন্বেষণ কৰোঁ, যাৰ ভিতৰত আছেঃ

ক. নতুন আৰু উদীয়মান প্ৰযুক্তি;

খ. সন্ত্ৰাসবাদৰ বিত্তীয় যোগান;

গ. গুৰুত্বপূৰ্ণ আন্তঃগাঁথনি আৰু জনবহুল স্থান;

ঘ. সামুদ্ৰিক ক্ষেত্ৰ; আৰু

ঙ. অনলাইন মৌলবাদ।

আমি ২০২৩ চনত স্বাক্ষৰিত প্ৰব্ৰজন আৰু গতিশীলতা অংশীদাৰিত্ব ব্যৱস্থাৰ অধীনত সহযোগিতা অব্যাহত ৰাখিম, যি অনিয়মিত প্ৰব্ৰজন, মানুহৰ চোৰাং ব্যৱসায় আৰু মানুহৰ সৰবৰাহ প্ৰতিৰোধৰ ক্ষেত্ৰত সহযোগিতাৰ উপায়সমূহৰ ৰূপৰেখা প্ৰস্তুত কৰে।

 

আমি আন্তঃৰাষ্ট্ৰীয় সংগঠিত অপৰাধৰ বিৰুদ্ধেও আমাৰ সহযোগিতা অব্যাহত ৰাখিম। আমি পাৰমাণৱিক অস্ত্ৰৰ পৰা মুক্ত এখন শান্তিপূৰ্ণ বিশ্ব বিচাৰো আৰু এই লক্ষ্যত অ-প্ৰসাৰণ আৰু বিশ্বব্যাপী, সম্পূৰ্ণ, বৈষম্যহীন আৰু পৰীক্ষা কৰিব পৰা পাৰমাণৱিক নিৰস্ত্ৰীকৰণৰ প্ৰতি আমাৰ প্ৰতিশ্ৰুতি পুনৰাবৃত্তি কৰো। আমি অন্যান্য ভাৰত-প্ৰশান্ত মহাসাগৰীয় অংশীদাৰসকলৰ সৈতে সহযোগিতা অব্যাহত ৰখাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ, যাৰ ভিতৰত আছে ত্ৰিপাক্ষিক সহযোগিতা ব্যৱস্থা আৰু ভাৰত-প্ৰশান্ত মহাসাগৰ উদ্যোগৰ জৰিয়তে অংশীদাৰসকলৰ সৈতে গভীৰ সম্পৰ্ক। এক মুক্ত, সুস্থিৰ, শান্তিপূৰ্ণ আৰু সমৃদ্ধিশালী ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ বাবে আমাৰ ইতিবাচক দৃষ্টিভংগীৰ দিশত সামৰ্থ্য আৰু সহযোগিতা গঢ়ি তুলিবলৈ আমি আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু জাপানৰ সৈতে আমাৰ সহযোগিতা সম্প্ৰসাৰণ কৰিম।

 

আমি আঞ্চলিক শান্তি, নিৰাপত্তা, সমৃদ্ধি আৰু স্থিতিস্থাপকতাৰ প্ৰতি আমাৰ অংশীদাৰী দায়বদ্ধতাক স্বীকৃতি জনাই দ্ৰুত, সমন্বিত আৰু বহনক্ষম দুৰ্যোগ সঁহাৰি আগবঢ়োৱাৰ বাবে মানৱীয় সহায় আৰু দুৰ্যোগ সাহায্য (এইচ এ ডি আৰ) ত সহযোগিতা গভীৰ কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ।

আমি ইয়াৰ জৰিয়তে সহযোগিতা শক্তিশালী কৰিমঃ

ক. তথ্যৰ আদান-প্ৰদান আৰু বিশেষজ্ঞৰ আদান-প্ৰদান; আৰু

খ. কোৱাড ইণ্ডো-পেচিফিক লজিষ্টিক নেটৱৰ্ককে ধৰি যৌথ এইচএডিআৰ অনুশীলন, যি বৃহৎ পৰিমাণৰ প্ৰাকৃতিক দুৰ্যোগৰ প্ৰতি অসামৰিক সঁহাৰিক সমৰ্থন কৰে।

আমি তৃতীয় দেশসমূহত আঞ্চলিক আৰু গোলকীয় স্থানান্তৰ অভিযানক সমৰ্থন কৰাকে ধৰি দুৰ্যোগ আৰু সংকটৰ সময়ত আকস্মিক পৰিকল্পনা, যৌথ সঁহাৰি আৰু সমন্বয়ৰ আদান-প্ৰদানৰ সুযোগ অন্বেষণ কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ।

 

আমাৰ ব্যাপক কৌশলগত অংশীদাৰিত্বৰ মনোভাৱত, আমি এক শান্তিপূৰ্ণ আৰু সুস্থিৰ ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলক সমৰ্থন কৰাৰ বাবে এই উচ্চাভিলাষী কাৰ্যসূচী ৰূপায়ণৰ বাবে সম্পূৰ্ণৰূপে প্ৰতিশ্ৰুতিবদ্ধ।

***

MJPS/SS/ST/DD


(रिलीज़ आईडी: 2282759) आगंतुक पटल : 14
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Manipuri , Bengali , Bengali-TR , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam