প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
ৰাজস্থানৰ বালোত্ৰাত উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপনৰ আভাস দাঙি ধৰিলে প্ৰধানমন্ত্ৰীয়ে
प्रविष्टि तिथि:
04 JUL 2026 10:02PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাজস্থানৰ বালোত্ৰাত প্ৰায় ১.০৬ লাখ কোটি টকাৰ উন্নয়নমূলক প্ৰকল্প দেশৰ বাবে উচৰ্গা, উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। এক বৃহৎ জনসমাৱেশক সম্বোধন কৰি তেওঁ গ্ৰীষ্মকালীন তীব্ৰ উত্তাপক সহ্য কৰিও সমৱেশত উপস্থিত হোৱা বাবে জনতাৰ প্ৰতি গভীৰ কৃতজ্ঞতা প্ৰকাশ কৰে ।
এক্সত দিয়া ধাৰাবাহিক পোষ্টত অনুষ্ঠানটিৰ আভাস আভাস দাঙি ধৰি প্ৰধানমন্ত্ৰী শ্ৰী মোদীয়ে কয়
যোধপুৰ বিমানবন্দৰত নতুন টাৰ্মিনেল বিল্ডিং উদ্বোধন কৰি অতিকৈ আনন্দিত হৈছো।
ই যাত্ৰীসকলক উন্নত সুবিধা প্ৰদান কৰাৰ উপৰি সমগ্ৰ ৰাজস্থানত পৰ্যটন, বাণিজ্য আৰু অৰ্থনৈতিক সুযোগসমূহো শক্তিশালী কৰিব।
ভাৰতৰ বিমান পৰিবহণ খণ্ডটোৱে পৰৱৰ্তী প্ৰজন্মৰ আন্তঃগাঁথনি আৰু আমাৰ দেশৰ প্ৰতিটো অংশক সংযোগ কৰাৰ বাবে আমাৰ দায়বদ্ধতাৰ দ্বাৰা পৰিচালিত হৈ আছে।
আজি পাচপাদ্ৰাত সংহত শোধনাগাৰ-সহ-পেট্ৰ’কেমিকেল প্ৰকল্প , এইচ পি চি এল ৰাজস্থান শোধনাগাৰ উদ্বোধন কৰা হৈছে। এই উল্লেখনীয় প্ৰকল্পই ভাৰতৰ শক্তি সুৰক্ষাক শক্তিশালী কৰিব, ঘৰুৱা উৎপাদন বৃদ্ধি কৰিব, কৰ্মসংস্থাপন সৃষ্টি কৰিব আৰু অৰ্থনৈতিক পৰিৱৰ্তনক ত্বৰান্বিত কৰিব। এয়া হৈছে আত্মনিৰ্ভৰ ভাৰতৰ দিশে আমাৰ যাত্ৰাৰ আন এক মাইলৰ খুঁটি।
ৰাজস্থানৰ বালোত্ৰাত থকা দেশৰ প্ৰথমটো গ্ৰীণফিল্ড ইন্টিগ্ৰেটেড ৰিফাইনেৰী-তথা -পেট্ৰ’কেমিকেল প্ৰকল্প পৰিদৰ্শন কৰাৰ সৌভাগ্য হৈছিল। এই অত্যাধুনিক শোধনাগাৰে আমাৰ শক্তি খণ্ডৰ যথেষ্ট উত্থান ঘটাব ।
চহৰসমূহত সংযোগৰ দ্ৰুত সম্প্ৰসাৰণৰ বাবে আমি প্ৰতিশ্ৰুতিবদ্ধ। এই দিশত আজি জয়পুৰ মেট্ৰ’ৰ দ্বিতীয় পৰ্যায়ৰ আধাৰশিলা স্থাপন কৰি মই আনন্দিত হৈছো।
আজি ৰাজস্থানৰ প্ৰায় ৫৪,০০০ যুৱক-যুৱতীক চৰকাৰী নিযুক্তি পত্ৰ প্ৰদান কৰাৰ কথাই মোক অপৰিসীম সন্তুষ্টি দিছে। মই তেওঁলোকক অভিনন্দন জনাইছো আৰু ৰাজ্যখনৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছো।
ৰাজস্থানৰ বালোত্ৰাত সমবেত হোৱা বিপুল সংখ্যক নাগৰিকৰ উদ্যমে ৰাজ্যখনত চলি থকা সৰ্বাংগীন উন্নয়নৰ ফলত তেওঁলোকে লাভ কৰা সুখৰেই প্ৰতিফলন ঘটাইছে।
বিগত দশকত আমি দেশৰ শক্তি ক্ষমতা বৃদ্ধিৰ বাবে অভূতপূৰ্ব প্ৰচেষ্টা চলাইছো। এই প্ৰচেষ্টাসমূহৰ ফলস্বৰূপে একবিংশ শতিকাৰ সৰ্ববৃহৎ শক্তি সংকটৰ সময়তো ‘নতুন ভাৰত’ৰ ইচ্ছাশক্তিয়ে বিশেষভাবে কাম কৰিছে।
পশ্চিম এছিয়াৰ যুদ্ধৰ ফলত ডিজেল আৰু পেট্ৰ’লৰ সংকটৰ মাজতে উৰাবাতৰি বিয়পাই ভয় জগাই তুলিবলৈ ৰাজনৈতিক খেল খেলা হৈছিল। কিন্তু কূটনীতি আৰু শক্তিশালী বন্ধুত্বৰ জৰিয়তে ভাৰতে প্ৰতিটো সংকট অতিক্ৰম কৰি সকলো কু-অভিপ্ৰায়ক বিফল কৰি পেলাইছে।
কৃষকৰ বাবে সাৰৰ উপলব্ধতাৰ বিষয়টোৱেই হওক বা যুদ্ধকালীন পৰিস্থিতিত এম এছ এম ইসমূহে সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহেই হওক, আমি সেইবোৰৰ সমাধানৰ বাবে নিখুঁত আৰু সময়োপযোগী ব্যৱস্থা গ্ৰহণ কৰিছো। ফলত আজি সকলো ক্ষেত্ৰতে তেওঁলোকে নিজকে নিৰাপদ অনুভৱ কৰিছে।
আমাৰ চৰকাৰে বিকল্প শক্তিৰ উৎসৰ বিষয়ত কাম কৰি আছে। ৰাজস্থানৰ ওপৰত সূৰ্য্য ঈশ্বৰৰ প্ৰচুৰ কৃপা থকাৰ প্ৰতি লক্ষ্য ৰাখি আমি ইয়াত বিশ্বমানৰ সৌৰ উদ্যান স্থাপন কৰি সৌৰশক্তিৰ সৈতে জড়িত বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছো।
***
MJPS/SS/VJ/DM
(रिलीज़ आईडी: 2281463)
आगंतुक पटल : 6
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Malayalam