গ্ৰামোন্নয়ণ মন্ত্ৰালয়
azadi ka amrit mahotsav

ৰাষ্ট্ৰীয় গ্রামীণ বিকাশ সন্মিলন ২০২৬ৰ দ্বাৰা বিকশিত ভাৰতৰ ৰূপৰেখা প্ৰস্তুত; গ্ৰাম্য মহিলা-নেতৃত্বাধীন উদ্যোগসমূহক উৎসাহিত কৰাৰ উদ্দেশ্যে ‘সৰস শক্তি’ সংগ্ৰহৰ শুভাৰম্ভ

মহিলা আত্মসহায়ক গোটৰ সামগ্ৰীসমূহৰ বৈচিত্ৰ্যতা, গুণগত মান আৰু বজাৰৰ সম্ভাৱনা প্ৰদৰ্শনৰ বাবে ‘সৰস শক্তি’ কফি টেবুল বুক মুকলি

प्रविष्टि तिथि: 30 JUN 2026 11:44AM by PIB Guwahati

কেন্দ্ৰ-ৰাজ্যৰ শক্তিশালী সহযোগিতা, সম্প্ৰদায়-নেতৃত্বাধীন উন্নয়ন আৰু প্ৰযুক্তি-চালিত প্ৰশাসনৰ জৰিয়তে বিকশিত গ্ৰাম, বিকশিত ভাৰতৰ দৃষ্টিভংগী ত্বৰান্বিত কৰাৰ এক অংশীদাৰী প্ৰতিশ্ৰুতিৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ গ্ৰাম্য পৰিবৰ্তনৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি গ্ৰামোন্নয়ন মন্ত্ৰালয়ৰ দ্বাৰা আয়োজিত ৰাষ্ট্ৰীয় গ্ৰামীণ বিকাশ সন্মিলন (আৰজিভিএছ), ২০২৬ সামৰণি পৰে। দুদিনীয়া ৰাষ্ট্ৰীয় সন্মিলনখনে মুখ্য গ্ৰাম্য উন্নয়ন কাৰ্যসূচীসমূহৰ ৰূপায়ণৰ পৰ্যালোচনা কৰা, ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহত সৰ্বশ্ৰেষ্ঠ কাম-কাজসমূহৰ আদান-প্ৰদান কৰা আৰু গ্ৰাম্য পৰিবৰ্তনৰ পৰবৰ্তী পৰ্যায়ৰ ৰূপৰেখা সন্দৰ্ভত আলোচনাৰ এখন মঞ্চ হিচাপে কাম কৰিছিল।

কেন্দ্ৰীয় গ্ৰামোন্নয়ন আৰু যোগাযোগ বিভাগৰ ৰাজ্য মন্ত্ৰী ড চন্দ্ৰশেখৰ পেম্মাসানী আৰু গ্ৰামোন্নয়ন বিভাগৰ ৰাজ্য মন্ত্ৰী শ্ৰী কমলেশ পাছৱানৰ উপস্থিতিত কেন্দ্ৰীয় গ্ৰামোন্নয়ন আৰু কৃষি তথা কৃষক কল্যাণ মন্ত্ৰী শ্ৰী শিৱৰাজ সিং চৌহানে এই সন্মিলন উদ্বোধন কৰে। দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত এই সন্মিলনত ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ গ্ৰামোন্নয়ন মন্ত্ৰী, জ্যেষ্ঠ বিষয়া, কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ বিশেষজ্ঞ, ৰাজ্যিক গ্ৰাম্য জীৱিকা অভিযানৰ (এছ আৰ এল এম) প্ৰতিনিধি আৰু উন্নয়ন অংশীদাৰসকলে অংশগ্ৰহণ কৰে।

এই সন্মিলনে ভিবি-জিৰামজি আইন, ২০২৫ৰ ফলপ্ৰসূ ৰূপায়ণত প্ৰাথমিক গুৰুত্ব প্ৰদান কৰিছে। মঞ্চখনে প্ৰধানমন্ত্ৰী আবাস যোজনা-গ্রামীণ, প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনা, দীনদয়াল অন্ত্যোদয়া যোজনা-ৰাষ্ট্ৰীয় গ্ৰাম্য জীৱিকা মিছন (ডি এ ৱাই-এন আৰ এল এম), গ্ৰাম্য দক্ষতা বিকাশ কাৰ্যসূচী আৰু ৰাষ্ট্ৰীয় সামাজিক সহায় কাৰ্যসূচীকে ধৰি গ্ৰামোন্নয়নৰ প্ৰধান পদক্ষেপসমূহৰ এক বিস্তৃত পৰ্যালোচনা কৰে।

গ্ৰামোন্নয়ন পৰিকল্পনা শক্তিশালী কৰা, গ্ৰাম পঞ্চায়তৰ সবলীকৰণ, মহিলা নেতৃত্বাধীন জীৱিকাৰ সম্প্ৰসাৰণ, গ্ৰাম্য আবাস আৰু সংযোগ বৃদ্ধি আৰু জলবায়ু-স্থিতিস্থাপক জীৱিকাৰ প্ৰসাৰ সন্দৰ্ভতো আলোচনা অনুষ্ঠিত হৈছিল। ২০২৯ চনৰ ভিতৰত ৬ কোটি লাখপতি দিদি সৃষ্টি কৰাৰ দিশত অগ্ৰগতি ত্বৰান্বিত কৰাৰ বাবে ডিজিটেল পদক্ষেপ সন্দৰ্ভতো আলোচনা কৰা হয়। সমগ্ৰ দেশতে সম্ভাৱ্য ব্যাপক প্ৰতিলিপিকৰণৰ বাবে বিভিন্ন ৰাজ্যৰ উদ্ভাৱনীমূলক আৰ্হিৰ ওপৰত আলোকপাত কৰা হয়।

এই অভিযানে বৰ্তমান আত্মসহায়ক গোট (এছ এইচ জি)ত সংগঠিত ১০ কোটিৰো অধিক মহিলাক সহায় কৰি আহিছে। মহিলা নেতৃত্বাধীন উদ্যোগসমূহক শক্তিশালী কৰাৰ বাবে এই আলোচনাত ডে-এন আৰ এল এমৰ অধীনত উদ্যোগৰ বিত্তীয় যোগান, ডিজিটেল উদ্ভাৱন, ব্ৰেণ্ডিং আৰু বজাৰ প্ৰৱেশাধিকাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়।

সন্মিলনখনত ডে-এন আৰ এল এমৰ ৰাষ্ট্ৰীয় বিপণন উদ্যোগ সৰস আজীৱিকাৰ বৰ্ধিত পৰিসৰ সন্দৰ্ভতো আলোকপাত কৰা হয়। ১৯৯৯ চনত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত সৰস মেলাৰ পৰা বৰ্তমানলৈকে এই পদক্ষেপ ২৫ টাতকৈও অধিক ৰাজ্যিক ব্ৰেণ্ডক সামৰি লোৱা আৰু বাৰ্ষিক মেলা ব্যৱসায়ত ২০০ কোটি টকাতকৈও অধিক উপাৰ্জন কৰা এক দেশব্যাপী বিপণন পৰিবেশতন্ত্ৰলৈ বিকশিত হৈছে।

অনুষ্ঠানৰ অংশ হিচাপে মন্ত্ৰালয়ে ব্ৰেণ্ডটোৰ ৰাষ্ট্ৰীয় পৰিচয় শক্তিশালী কৰিবলৈ সৰস শক্তি সংগ্ৰহৰ শুভাৰম্ভ কৰাৰ লগতে সৰস শক্তি কফি টেবুল বুক উন্মোচন কৰে। সৰস শক্তি সংগ্ৰহত দেশৰ ভিন্ন প্ৰান্তৰ মহিলা আত্মসহায়ক গোটসমূহে সৃষ্টি কৰা প্ৰিমিয়াম সামগ্ৰীৰ এক কিউৰেটেড প্ৰদৰ্শনীৰ ব্যৱস্থা কৰা হৈছে, আনহাতে কফি টেবুল বুকত এই উদ্যোগসমূহৰ বৈচিত্ৰ্য, গুণগত মান আৰু বজাৰৰ উপস্থিতি নথিভুক্ত কৰা হৈছে। দুয়োটা পদক্ষেপে বজাৰ প্ৰৱেশাধিকাৰ সম্প্ৰসাৰণ কৰাৰ লগতে গ্ৰাম্য সামগ্ৰীসমূহক প্ৰিমিয়াম প্ৰাতিষ্ঠানিক আৰু বিস্তৃত উপভোক্তা বজাৰত স্থান দিয়াৰ বাবে মন্ত্ৰালয়ৰ প্ৰচেষ্টাক শক্তিশালী কৰে।

গুজৰাট, ওড়িশা, পশ্চিমবংগ, মেঘালয়, বিহাৰ, কেৰালা আৰু তেলেংগানাকে ধৰি অন্যান্য ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ গ্ৰামোন্নয়ন মন্ত্ৰী আৰু প্ৰতিনিধিসকলে সৰস আজীৱিকা বীথিকা পৰিদৰ্শন কৰে। এই বীথিকাত হস্ততাঁত, বস্ত্ৰ, ঘৰ সাজসজ্জা, স্বাস্থ্য যতন সামগ্ৰী আৰু পৰম্পৰাগত খাদ্যৰ এক কিউৰেটেড সংগ্ৰহ প্ৰদৰ্শন কৰা হয়। ইয়াত পঞ্জাবৰ ফুলকাৰী, জম্মু-কাশ্মীৰৰ পশমিনা, তেলেংগানাৰ আইকত আৰু তেলিয়া বস্ত্ৰ, আৰু মিজোৰামৰ পাউঞ্চেইকে ধৰি আঞ্চলিক শিল্পকলাৰ লগতে মীনাকাৰী, ডোক্ৰা, পিতলৰ কাম আৰু কাঠৰ শিল্পৰ দৰে জটিল হস্তশিল্পও অন্তৰ্ভুক কৰা হৈছিল। বীথিকাত সফল গ্ৰাম্য উদ্যোগসমূহক প্ৰতিনিধিত্ব কৰা লাখপতি দিদিসকলে প্ৰণালীবদ্ধ ব্ৰেণ্ডিং, সামগ্ৰীৰ বিকাশ আৰু বজাৰৰ সংযোগে কেনেদৰে মহিলা উদ্যোগীসকলক বহনক্ষম ব্যৱসায় গঢ়ি তুলিবলৈ সক্ষম কৰি তুলিছে, সেই বিষয়ে প্ৰদৰ্শন কৰিছিল।

ৰাষ্ট্ৰীয় গ্রামীণ বিকাশ সন্মিলনে সামূহিক প্ৰতিষ্ঠান গঢ়ি তোলা, বহনক্ষম জীৱিকাৰ সম্প্ৰসাৰণ আৰু বিস্তৃত বজাৰৰ সুযোগ সৃষ্টিৰ ক্ষেত্ৰত মন্ত্ৰালয়ৰ প্ৰতিশ্ৰুতি পুনৰ নিশ্চিত কৰে। এই আলোচনাসমূহে উন্নয়নৰ লক্ষ্যসমূহক অন্তৰ্ভুক্তিমূলক, আত্মনিৰ্ভৰশীল গ্ৰাম্য অৰ্থনৈতিক বিকাশত পৰিণত কৰাৰ ক্ষেত্ৰত কেন্দ্ৰ আৰু ৰাজ্যসমূহৰ মাজৰ সহযোগিতামূলক পদক্ষেপৰ গুৰুত্ব সন্দৰ্ভত আলোকপাত কৰে।

****

RC/PU/MK/NB


(रिलीज़ आईडी: 2279320) आगंतुक पटल : 7
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Bengali , Gujarati , Tamil , Telugu