ৰাষ্ট্ৰপতি সচিবালয়
azadi ka amrit mahotsav

ভাৰতৰ ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰিলে সামৰিক অভিযন্তা সেৱাৰ প্ৰশিক্ষাৰ্থী বিষয়াসকলে

प्रविष्टि तिथि: 25 JUN 2026 3:59PM by PIB Guwahati

সামৰিক অভিযন্তা সেৱা (এম ই এছ), ২০২৩ আৰু ২০২৪ বেচৰ বিষয়া প্ৰশিক্ষাৰ্থীসকলে আজি (২৫ জুন, ২০২৬) ভাৰতৰ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুক সাক্ষাৎ কৰে।

বিষয়াসকলক সম্বোধন কৰি ৰাষ্ট্ৰপতিয়ে কয় যে এম ই এছে আমাৰ দেশৰ প্ৰতিৰক্ষা আন্তঃগাঁথনিৰ মেৰুদণ্ড গঠন কৰিছে। কৌশলগত স্থাপনসমূহ বিকশিত কৰা আৰু সেইবোৰৰ ৰক্ষণাবেক্ষণ কৰি বিভাগটোৱে আমাৰ সশস্ত্ৰ বাহিনীৰ কাৰ্য্যকৰী ক্ষমতা শক্তিশালী কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে।

সামৰিক অভিযন্তা সেৱাৰ বিষয়াসকলৰ দক্ষতা, নিষ্ঠা আৰু কঠোৰ পৰিশ্ৰম যাতে আমাৰ সৈনিক, নাৱিক, আৰু  বায়ুসেনাৰ যোদ্ধাসকলৰ বাবে  দক্ষতাৰে দেশ  ৰক্ষাৰ কৰ্তব্য পালনৰ মৌলিক আধাৰ হৈ পৰে সেই বিষয়তো ৰাষ্ট্ৰপতিগৰাকীয়ে গুৰুত্ব আৰোপ কৰে।

ৰাষ্ট্ৰপতিগৰাকীয়ে যুৱ বিষয়াসকলক পেছাদাৰিত্ব, সততা, কাৰিকৰী উৎকৰ্ষতা আৰু কৰ্তব্যনিষ্ঠাৰ মান ৰক্ষা কৰিবলৈ আহ্বান জনায়। উদ্ভাৱনক আঁকোৱালি ল’বলৈ, উদীয়মান প্ৰযুক্তিৰ সুবিধা গ্ৰহণ কৰিবলৈ   আৰু তেওঁলোকে গ্ৰহণ কৰা প্ৰতিটো প্ৰকল্পই  উৎকৃষ্ট কৰি তোলাৰ  বাবে চেষ্টা চলাবলৈ  পৰামৰ্শ দিয়ে। ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে সংঘাত আৰু ভূ-ৰাজনৈতিক উত্তেজনাৰ দ্বাৰা আক্ৰান্ত আজিৰ পৃথিৱীখনত স্বাৱলম্বিতা দেশসমূহৰ বাবে এক কৌশলগত প্ৰয়োজনীয়তাত পৰিণত হৈছে। আত্মনিৰ্ভৰশীল দেশ এখনে নিজৰ অৰ্থনৈতিক স্থিতিশীলতা বজাই ৰাখিবলৈ আৰু সংকটৰ সময়ত উন্নয়নক অগ্ৰাধিকাৰ দিবলৈ  অধিক সুসজ্জিত। এই কথা অপাৰেচন সিন্দূৰৰ সময়ত স্পষ্ট হৈ পৰিছিল, যিয়ে প্ৰমাণ কৰিছিল যে থলুৱা প্ৰতিৰক্ষা ক্ষমতা, উন্নত প্ৰযুক্তি আৰু এটা শক্তিশালী ঘৰুৱা ঔদ্যোগিক ভিত্তি কিদৰে  এখন দেশৰ কাৰ্য্যকৰী প্ৰস্তুতি আৰু কৌশলগত ফলপ্ৰসূতা বৃদ্ধিৰ অবিচ্ছেদ্য অংগ হৈ পৰিব পাৰে। এম ই এছে মেড ইন ইণ্ডিয়াৰ সামগ্ৰীৰ প্ৰচাৰ আৰু ব্যৱহাৰ কৰাৰ প্ৰসংগ উল্লেখ কৰি তেওঁ আনন্দ প্ৰকাশ কৰে।

ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে আজি বিশ্বই জলবায়ু পৰিৱৰ্তন আৰু বিভিন্ন পৰিৱেশসম্পৰ্কীয়  প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। এই পৰিস্থিতিত বহনক্ষম উন্নয়ন এতিয়া বিকল্প নহয়, বৰঞ্চ এক প্ৰয়োজনীয়তা হৈ পৰিছে। অভিযন্তা হিচাপে এম ই এছ বিষয়াসকলৰ পৰিকল্পনা, নিৰ্মাণ আৰু ৰক্ষণাবেক্ষণৰ ক্ষেত্ৰত পৰিৱেশৰ প্ৰতি লক্ষ্য ৰাখি বহনক্ষম পদ্ধতিসমূহক প্ৰসাৰিত কৰাৰ দায়িত্ব থাকিব। তেওঁলোকৰ এনে  প্ৰচেষ্টাসমূহে  কেৱল শক্তিশালী আৰু নিৰাপদ ভাৰতৰ বাবেই নহয়, স্বচ্ছ, সেউজ, আৰু বহনক্ষম ভাৰতৰ বাবেও অৰিহণা যোগাব লাগিব  বুলিও তেওঁ কয়।

 Please click here to see the President's Speech-

***

MJPS/SS/ST/DM


(रिलीज़ आईडी: 2278787) आगंतुक पटल : 28
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Manipuri , Bengali , Punjabi , Gujarati , Tamil , Malayalam