পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়
azadi ka amrit mahotsav

ইথানল মিশ্ৰণ কাৰ্যসূচীক বৈজ্ঞানিকভাৱে বৈধতা প্ৰদান কৰা হৈছে আৰু চৰকাৰে সেয়া নিবিড়ভাৱে নিৰীক্ষণ কৰি আছে; ছ’চিয়েল মিডিয়াত বিভ্ৰান্তিকৰ দাবী আৰু পুৰণি ছবি প্ৰচাৰ কৰি থকা হৈছে

प्रविष्टि तिथि: 23 JUN 2026 7:57PM by PIB Guwahati

ইথানল ব্লেণ্ডেড পেট্ৰ’ল (ইবিপি) সন্দৰ্ভত ছ’চিয়েল মিডিয়াত প্ৰচাৰিত কিছুমান বিভ্ৰান্তিকৰ আৰু প্ৰমাণহীন দাবী ভাৰত চৰকাৰৰ দৃষ্টিগোচৰ হৈছে। যিবোৰৰ লক্ষ্য জনসাধাৰণক বিভ্ৰান্ত কৰা  যেন অনুভৱ হৈছে বুলি কোৱা হৈছে। ইয়াৰ উপৰি  দেখা গৈছে যে  কেতবোৰ পুৰণি ছবি আৰু ভিডিঅ’  পুনৰ প্ৰচাৰ কৰা হৈছে, এনেদৰে উত্তেজনাৰ সৃষ্টি কৰি মানুহৰ দৃষ্টি আকৰ্ষণ কৰাৰ অপচেষ্টা চলোৱা হৈছে। ইথানল মিশ্ৰিত ইন্ধন সন্দৰ্ভত অযুক্তিকৰ উদ্বেগ সৃষ্টি কৰাৰ অপচেষ্টা চলোৱা  হৈছে।

পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ে পুনৰ কয় যে ইথানল মিশ্ৰণ কাৰ্যসূচীক বৈজ্ঞানিকভাৱে বৈধতা প্ৰদান কৰা হৈছে  আৰু চৰকাৰে এই বিষয়ত নিৰন্তৰ নিৰীক্ষণ  অব্যাহত ৰাখিছে।

খাৰুৱা তেলৰ আমদানি হ্ৰাস, শক্তি সুৰক্ষা বৃদ্ধি আৰু পৰিৱেশৰ বহনক্ষমতাক প্ৰসাৰিত কৰাৰ লক্ষ্যৰে ২০০৩ চনত ইথানল মিশ্ৰণ কাৰ্যসূচী আৰম্ভ কৰা হৈছিল। কাৰিকৰী প্ৰস্তুতি আৰু অংশীদাৰসকলৰ পৰামৰ্শৰ ভিত্তিত পৰ্যায়ক্ৰমে এই কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে, যাৰ ফলত ২০২৩ চনৰ পৰা ২০ শতাংশ ইথানল মিশ্ৰণ (ই২০)ৰ  আৰম্ভ কৰা হৈছে।  চৰকাৰে তেল বিপণন কোম্পানী, বাহন নিৰ্মাতা, ইন্ধন পৰীক্ষণ সংস্থা আৰু অন্যান্য অংশীদাৰসকলৰ সৈতে আলোচনা কৰি ইথানল মিশ্ৰণ কাৰ্যসূচী ৰূপায়ণৰ বিষয়টো  অহৰহ নিৰীক্ষণ  কৰি আছে। ই-২০ পেট্ৰ’লৰ প্ৰচলনৰ পিছৰে পৰা ইথানল মিশ্ৰণৰ বাবে ইঞ্জিন বিকল হোৱা বা বাহনৰ বিজুতি ঘটাৰ দৰে  কোনো  সমস্যাৰ সৃষ্টি হোৱা নাই। বৰ্তমান প্ৰচাৰিত এটা দাবী ইথানলৰ হাইগ্ৰস্কোপিক প্ৰকৃতিৰ সৈতে জড়িত। ইথানল মিহলি কৰাই হওক বা অন্যান্য ইন্ধনৰ ক্ষেত্ৰতেই হওঁক,  ইন্ধনৰ টেংকিত পানী প্ৰৱেশ কৰাটো অবাঞ্চিত কথা। আধুনিক বাহনসমূহত ইন্ধনৰ টেংকিত পানী প্ৰৱেশ কৰা ৰোধ কৰিবলৈ বিশেষ বৈশিষ্ট্যৰ ডিজাইন আৰু সুৰক্ষা ব্যৱস্থা থাকে। কুঁহিয়াৰৰ  ৰসক পোনপটীয়াকৈ পেট্ৰ’লৰ লগত মিহলি কৰা বুলি মিছাকৈ প্ৰচাৰ  কৰি কিছুমান বিশেষ ব্যক্তিয়ে ছ’চিয়েল মিডিয়াত ভিডিঅ’ তৈয়াৰ কৰি শ্বেয়াৰ কৰা দেখা গৈছে। এনে কথাবোৰ  বিভ্ৰান্তিকৰ আৰু ভিত্তিহীন। ইন্ধনত মিশ্ৰণৰ বাবে ব্যৱহাৰ কৰা ইথানল প্ৰতিষ্ঠিত ঔদ্যোগিক প্ৰক্ৰিয়াৰ জৰিয়তে উৎপাদন কৰা হয় আৰু পেট্ৰলৰ সৈতে মিহলি কৰাৰ আগতে কঠোৰ গুণগত মানৰ নিৰ্দিষ্টতা মানি চলা হয়। ইথানল বিভিন্ন ধৰণৰ খাদ্য সামগ্ৰীৰ পৰা তৈয়াৰ কৰা হয়, যেনে কুঁহিয়াৰৰ ৰস, গুড়, ভঙা চাউল  আদি।  কিন্তু ইথানলৰ ধৰ্ম এনে  খাদ্যৰ পৰা  বহু পৰিমাণে পৃথক।  কাৰণ ই ফাৰ্মেণ্টছনকে  ধৰি এটি ধাৰাবাহিক প্ৰক্ৰিয়াৰ মাজেৰে পাৰ হৈ আহে, যাৰ ফলত খাদ্য সামগ্ৰীত থকা চেনিৰ ফাৰ্মেণ্টছন হয়। এনে ভিডিঅ’ প্ৰচাৰৰ উদ্দেশ্য  হৈছে বিষয়টোক চাঞ্চল্যকৰ কৰি তোলা আৰু  তেনে ভিডিঅ’ৰ দৰ্শক বৃদ্ধি কৰা।

ভাৰতত ইথানল-মিশ্ৰণ ইন্ধনৰ মান কঠোৰ নিৰ্দিষ্টতা অনুসৰি  নিৰ্ধাৰণ কৰা হয় আৰু  ব্যৱহাৰৰ  পূৰ্বে সেয়া কঠোৰ পৰীক্ষাৰ মাজেৰে আহে। এনে মিশ্ৰণৰ ব্যৱহাৰ বাহন নিৰ্মাতা আৰু অন্যান্য অংশীদাৰসকলৰ সৈতে বিস্তৃত কাৰিকৰী মূল্যায়ন তথা পৰামৰ্শৰ পিছতহে কৰা হৈছে। শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত বাহনৰ ইন্ধনৰ টেংকিৰ ওচৰত পিঁপৰা দেখুওৱা এটা ভিডিঅ’ ব্যাপকভাৱে প্ৰচাৰিত হৈছে। ইয়াৰ উত্তৰত ভাৰত পেট্ৰলিয়াম কৰ্প’ৰেশ্যন লিমিটেডে স্পষ্ট কৰি দিয়ে যে পেট্ৰ’লত মিশ্ৰণৰ বাবে ব্যৱহাৰ কৰা ইন্ধন গ্ৰেডৰ ইথানল  ফাৰ্মেণ্টেছন আৰু ডিষ্টিলেচন প্ৰক্ৰিয়াৰ জৰিয়তেহে  উৎপাদন কৰা হয়,  যিয়ে চূড়ান্ত সামগ্ৰীবিধৰ  পৰা অৱশিষ্ট চেনি আঁতৰাই পেলায়।

তদুপৰি ইন্ধন ইথানলত এনে  পদাৰ্থ থাকে যিবোৰে পোক-পৰুৱা  দূৰ কৰে। ই ২০ ইন্ধনত  এনে  কোনো পদাৰ্থ নাথাকে  যিয়ে বাহনৰ ইন্ধনৰ টেংকিৰ চাৰিওফালে পিঁপৰা বা অন্যান্য পোক-পৰুৱা জমা হ’বলৈ দিয়ে। গতিকে ই ২০ ইন্ধন আৰু পিঁপৰাৰ মাজত সম্পৰ্ক থকা বুলি  কৰি অহা দাবীৰ কোনো বৈজ্ঞানিক ভিত্তি নাই আৰু বৈজ্ঞানিক প্ৰমাণৰ দ্বাৰাও  এয়া সমৰ্থিত নহয়।একেদৰে ই-২০ ইন্ধনৰ ব্যৱহাৰে বাহনৰ বীমাৰ বৈধতাক প্ৰভাৱান্বিত  কৰিব পাৰে বুলি কোৱা একাধিক দাবী সংশ্লিষ্ট অংশীদাৰসকলে  ভুল বুলি স্পষ্ট কৰি  দিছে।

ইথানল মিশ্ৰণ বিশ্বজুৰি গ্ৰহণযোগ্য প্ৰথা আৰু ইয়াক আমেৰিকা, ব্ৰাজিল আৰু জাপানকে ধৰি কেইবাখনো দেশত সফলতাৰে ৰূপায়ণ কৰা হৈছে। ব্ৰাজিলে দীৰ্ঘদিন ধৰি ইথানল মিশ্ৰণ অধিক মাত্ৰাত  গ্ৰহণ কৰি আহিছে, ই ২৭- এ মানক পেট্ৰল মিশ্ৰণ হিচাপে কাম কৰি আহিছে।

মন কৰিবলগীয়া যে ইথানল ব্লেণ্ডিং পদক্ষেপৰ জৰিয়তে  খাৰুৱা তেলৰ  আমদানি হ্ৰাস কৰাৰ লগতে  দেশখনক ১.৪ লাখ কোটি টকাতকৈ অধিক বৈদেশিক মুদ্ৰাৰ ৰাহি কৰাত সহায় কৰিছে। এই কাৰ্যসূচীয়ে ইথানল উৎপাদনত ব্যৱহৃত কৃষি  সামগ্ৰীৰ স্থায়ী চাহিদাৰো সৃষ্টি কৰিছে, যাৰ ফলত কৃষকৰ আয়ত সহায়ক হৈছে আৰু গ্ৰাম্য অৰ্থনীতি শক্তিশালী হৈছে।ভাৰতৰ শক্তি সুৰক্ষা বৃদ্ধি, কাৰ্বন নিৰ্গমন হ্ৰাস আৰু স্বচ্ছ গতিশীলতাৰ দিশত দেশৰ পৰিৱৰ্তনক  আগুৱাই নিয়াত ইথানল মিশ্ৰণে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। বৈজ্ঞানিক প্ৰমাণ আৰু অংশীদাৰসকলৰ নিৰন্তৰ সংযোগৰ দ্বাৰা  নিৰাপদ, স্বচ্ছ আৰু গ্ৰাহককেন্দ্ৰিকভাৱে  এই কাৰ্যসূচী ৰূপায়ণৰ বাবে চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ হৈ আছে।

******

TM/DM


(रिलीज़ आईडी: 2277331) आगंतुक पटल : 6
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam