নৌ-পৰিবহন মন্ত্ৰালয়
২০২৫ বৰ্ষত বিশ্বৰ শীৰ্ষ জাহাজ ৰিচাইক্লিং দেশ হিচাপে পৰিগণিত ভাৰত
ইউএনচিটিএডিৰ তথ্য অনুসৰি ২০২৫ চনত ভাৰতৰ গোলকীয় জাহাজ ৰিচাইক্লিং অংশীদাৰিত্ব ৩৫.৪%-লৈ বৃদ্ধি পাইছে, যি বিশ্বৰ ভিতৰতে সৰ্বাধিক
নিৰ্ধাৰিত সময়ৰ পাঁচ বছৰ পূৰ্বেই ‘মেৰিটাইম ইণ্ডিয়া ভিজন ২০৩০’ৰ জাহাজ ৰিচাইক্লিং লক্ষ্যত উপনীত হৈছে ভাৰত
প্ৰধানমন্ত্ৰী মোদীৰ সামুদ্ৰিক সংস্কাৰে ভাৰতক গোলকীয় জাহাজ ৰিচাইক্লিঙত ১ নম্বৰ কৰি তুলিছে: সৰ্বানন্দ সোণোৱাল
प्रविष्टि तिथि:
22 JUN 2026 5:54PM by PIB Guwahati
২০২৫ চনত বিশ্বৰ ভিতৰতে প্ৰথম স্থান অধিকাৰ কৰি ভাৰতে বিশ্বৰ অগ্ৰণী জাহাজ ৰিচাইক্লিং দেশ হিচাপে আত্মপ্ৰকাশ কৰিছে। ৰাষ্ট্ৰসংঘৰ বাণিজ্য আৰু উন্নয়ন সন্মিলনৰ শেহতীয়া প্ৰতিবেদন অনুসৰি, গোলকীয় জাহাজ ৰিচাইক্লিঙত ভাৰতৰ অংশীদাৰিত্ব ২০২৪ চনৰ ৩০.১%ৰ পৰা ২০২৫ চনত ৩৫.৪%-লৈ বৃদ্ধি পাইছে। ভাৰতত জাহাজ ৰিচাইক্লিং ২০২৪ চনৰ ১.৮৬ নিযুত গ্ৰছ টনৰ পৰা ২০২৫ চনত প্ৰায় ৬০% বৃদ্ধি পাই ২.৯৯ নিযুত গ্ৰছ টন হৈছে। এই সাফল্যৰ সৈতে ‘মেৰিটাইম ইণ্ডিয়া ভিজন’ ২০৩০ৰ অধীনত বিশ্বৰ অগ্ৰণী জাহাজ ৰিচাইক্লিং দেশ হোৱাৰ যি লক্ষ্য ধাৰ্য কৰা হৈছিল, সেয়া নিৰ্ধাৰিত সময়ৰ বহু পূৰ্বেই অৰ্জন কৰা হৈছে।
এই সাফল্যই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেতৃত্বত ভাৰত চৰকাৰে গ্ৰহণ কৰা সামুদ্ৰিক নীতি সংস্কাৰ আৰু সুচল ব্যৱসায়ৰ পদক্ষেপসমূহৰ প্ৰভাৱক প্ৰতিফলিত কৰিছে।
এই উপলক্ষে কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহন আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়, "বিশ্বৰ শীৰ্ষ জাহাজ ৰিচাইক্লিং দেশ হিচাপে ভাৰতৰ উত্থানে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেতৃত্বত ধাৰাবাহিক নীতি সংস্কাৰ, উদ্যোগ খণ্ডৰ প্ৰচেষ্টা আৰু আন্তঃৰাষ্ট্ৰীয় পৰিৱেশ তথা সুৰক্ষা মানদণ্ড মানি চলাৰ সফলতাকে প্ৰতিফলিত কৰিছে। ই দায়িত্বশীল আৰু বহনক্ষম জাহাজ ৰিচাইক্লিঙৰ এক গোলকীয় কেন্দ্ৰ হিচাপে ভাৰতৰ অৱস্থানক অধিক শক্তিশালী কৰি তুলিছে।"
চৰকাৰৰ প্ৰধান পদক্ষেপসমূহ
ভাৰতৰ জাহাজ ৰিচাইক্লিং পৰিস্থিতিতন্ত্ৰক শক্তিশালী কৰিবলৈ আৰু গোলকীয় বজাৰৰ এক বৃহৎ অংশ দখল কৰিবলৈ বন্দৰ, জাহাজ পৰিবহন আৰু জলপথ মন্ত্ৰালয়ে কেইবাটাও পদক্ষেপ গ্ৰহণ কৰিছে:
ভাৰত চৰকাৰে ২০১৯ চনত ‘জাহাজ ৰিচাইক্লিং আইন, ২০১৯’ প্ৰণয়ন কৰিছিল যাতে ‘জাহাজৰ সুৰক্ষিত আৰু পৰিৱেশ অনুকূল ৰিচাইক্লিঙৰ বাবে হংকং আন্তঃৰাষ্ট্ৰীয় সন্মিলন’ৰ সৈতে সংগতি ৰাখি এক জাহাজ ৰিচাইক্লিং পৰিস্থিতিতন্ত্ৰ গঢ়ি তুলিব পৰা যায়, যাক ভাৰতে ২০১৯ চনত অনুমোদন জনাইছিল। চৰকাৰে জাহাজ ৰিচাইক্লিং য়াৰ্ডসমূহৰ আধুনিকীকৰণৰ বাবে ৫৩.৫ কোটি টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰিছে, যাৰ ফলত ১১৫টা কেন্দ্ৰ হংকং সন্মিলনৰ নিয়ম অনুসৰি গঢ়ি উঠিছে।
- শ্বিপ-ব্ৰেকিং ক্ৰেডিট নোট আঁচনি:
মন্ত্ৰালয়ে ‘শ্বিপ-ব্ৰেকিং ক্ৰেডিট নোট আঁচনি’ আৰম্ভ কৰিছে, যাৰ অধীনত জাহাজৰ গৰাকীসকলে ৰিচাইক্লিং কৰা জাহাজ এখনৰ স্ক্ৰেপ মূল্যৰ ৪০%ৰ সমতুল্য ক্ৰেডিট নোট লাভ কৰে। এই ক্ৰেডিট নোটটো ভাৰতীয় জাহাজ নিৰ্মাণ কেন্দ্ৰত নিৰ্মিত নতুন জাহাজৰ মূল্যৰ ৫%-লৈকে পৰিশোধ কৰাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিব পাৰি, যাৰ ফলত জাহাজ ৰিচাইক্লিং আৰু ঘৰুৱা জাহাজ নিৰ্মাণ—দুয়োটাকে প্ৰসাৰিত কৰা হৈছে।
- অংশীদাৰসকলৰ সৈতে মতবিনিময়:
প্ৰত্যাহ্বানসমূহ চিনাক্ত কৰিবলৈ আৰু লক্ষ্যভিত্তিক সমাধান ৰূপায়ণ কৰিবলৈ মন্ত্ৰালয়ে গুজৰাট মেৰিটাইম বোৰ্ড, শ্বিপ ৰিচাইক্লিং ইণ্ডাষ্ট্ৰীজ এছ’চিয়েশ্যন, গোলকীয় জাহাজ কোম্পানীসমূহ, কেচ বায়াৰ্ছ, ক্লাছিফিকেচন ছ’চাইটি আৰু আন্তঃৰাষ্ট্ৰীয় সংস্থাসমূহৰ সৈতে নিয়মীয়াকৈ আলোচনাত মিলিত হয়।
- ইউৰোপীয় ইউনিয়নৰ জাহাজ ৰিচাইক্লিং নিয়মাৱলীৰ অধীনত অন্তৰ্ভুক্তিকৰণ:
ভাৰত চৰকাৰে সক্ৰিয়ভাৱে ইউৰোপীয় ইউনিয়নৰ অনুমোদিত ৰিচাইক্লিং কেন্দ্ৰসমূহৰ তালিকাত ভাৰতীয় জাহাজ ৰিচাইক্লিং য়াৰ্ডসমূহ অন্তৰ্ভুক্ত কৰাৰ বাবে প্ৰচেষ্টা চলাই আছে। অনুমোদন প্ৰক্ৰিয়া সহজতৰ কৰিবলৈ প্ৰাসংগিক কৰ্তৃপক্ষৰ সৈতে ধাৰাবাহিক যোগাযোগ অব্যাহত আছে।
- অলং জাহাজ ৰিচাইক্লিং য়াৰ্ডৰ সম্প্ৰসাৰণ:
অলং জাহাজ ৰিচাইক্লিং য়াৰ্ডৰ পৰিকল্পিত সম্প্ৰসাৰণৰ জৰিয়তে ভাৰতে ইয়াৰ জাহাজ ৰিচাইক্লিং ক্ষমতা প্ৰায় দুগুণ বৃদ্ধি কৰি প্ৰায় ৯ নিযুত লাইট ডিচপ্লেচমেণ্ট টন কৰাৰ লক্ষ্য লৈছে। গুজৰাট চৰকাৰে ভৱিষ্যতৰ চাহিদা পূৰণ, আন্তঃগাঁথনিৰ উন্নতি আৰু গোলকীয় বজাৰত ভাৰতৰ প্ৰতিযোগিতামূলক ক্ষমতা বৃদ্ধিৰ বাবে এক ব্যাপক মাষ্টাৰ প্লেন প্ৰস্তুত কৰিছে।
উজ্জ্বল বিকাশৰ সম্ভাৱনা
বাল্টিক এণ্ড ইণ্টাৰনেচনেল মেৰিটাইম কাউন্সিলৰ মতে, অনাগত দশকত বিশ্বজুৰি ১৬,০০০ তকৈও অধিক জাহাজ ৰিচাইক্লিং হোৱাৰ সম্ভাৱনা আছে। বৰ্তমান ৩৫.৪% বজাৰ অংশীদাৰিত্বৰে ভাৰতে নিজৰ জাহাজ ৰিচাইক্লিং ক্ষমতা সম্প্ৰসাৰণ কৰাৰ লগতে বাৰ্ষিক প্ৰায় ৫০০ৰ পৰা ৬০০খন জাহাজ ৰিচাইক্লিং কৰিব পৰাকৈ সুদৃঢ় স্থিতিত আছে।
এক বহনক্ষম জাহাজ ৰিচাইক্লিং ভৱিষ্যত
গোলকীয় জাহাজ ৰিচাইক্লিঙত ভাৰতৰ শীৰ্ষ স্থানলৈ উত্থান হৈছে বহনক্ষমতা, নিয়ন্ত্ৰণমূলক সংস্কাৰ, আন্তঃগাঁথনিৰ উন্নয়ন আৰু উদ্যোগ খণ্ডৰ সহযোগিতাৰ ওপৰত কেন্দ্ৰীকাৰ কৰা এক সমন্বিত কৌশলৰ ফলাফল। ভৱিষ্যতৰ প্ৰবল চাহিদা, আন্তঃৰাষ্ট্ৰীয় মানদণ্ডৰ বৰ্ধিত অনুপালন আৰু ধাৰাবাহিক চৰকাৰী সমৰ্থনৰ সৈতে, ভাৰতে বৃত্তাকাৰ অৰ্থনীতি আৰু বহনক্ষম সামুদ্ৰিক উন্নয়নৰ লক্ষ্যসমূহক আগুৱাই নিয়াৰ লগতে জাহাজ ৰিচাইক্লিঙত নিজৰ নেতৃত্বক অধিক শক্তিশালী কৰিবলৈ সম্পূৰ্ণ সাজু।
***
MI/Indu/DB
(रिलीज़ आईडी: 2276876)
आगंतुक पटल : 7