আয়ুষ
কলকাতাৰ ঐতিহাসিক ৰেড ৰোডত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস ২০২৬ উদযাপনৰ নেতৃত্ব দিব প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে
আয়ুষ মন্ত্ৰালয়ে "সুস্থ বাৰ্ধক্যৰ বাবে যোগ" শীৰ্ষক বিষয়বস্তুৰ অধীনত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস ২০২৬ উদযাপনৰ বাবে সাজু হৈছে
সমগ্ৰ ভাৰত আৰু বিশ্বতে লাখ লাখ লোকে এই উদযাপনত যোগদান কৰিবলৈ সাজু হোৱাৰ সময়তে ৬ লাখৰো অধিক সংস্থাই যোগ সংগম পৰ্টেলত পঞ্জীয়ন কৰিছে
২১০টাতকৈ অধিক ভাৰতীয় মিছনে বিশ্বৰ প্ৰায় ২৫০০ স্থানত আইডিৱাই ২০২৬ উদযাপন কৰিব
प्रविष्टि तिथि:
20 JUN 2026 4:20PM by PIB Guwahati
ভাৰতে ২০২৬ চনৰ দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস (আইডিৱাই) উদযাপনৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। ২১ জুনত পশ্চিমবংগৰ কলকাতাৰ ঐতিহ্যমণ্ডিত ৰেড ৰোডত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস ২০২৬ ৰ ৰাষ্ট্ৰীয় উদযাপন অনুষ্ঠিত হ'ব ।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীৰ বাবে কমন যোগ প্ৰট’কল (চি ৱাই পি)ৰ অনুশীলনৰ নেতৃত্ব দিব। এই অনুষ্ঠান ভাৰতৰ স্বাস্থ্য আৰু সুস্থতাৰ বাবে এক বিশ্বজোৰা আন্দোলন হিচাপে গ্ৰহণ কৰা প্ৰচাৰৰ প্ৰচেষ্টাৰ আন এক উল্লেখযোগ্য মাইলৰ খুঁটি হিচাবে চিহ্নিত হ'ব ।
ৰেড ৰোডত পুৱা ৫:০০ বজাৰ পৰা আৰম্ভ হ’ব আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ ৰাষ্ট্ৰীয় উদযাপন, য’ত হাজাৰ হাজাৰ যোগ অনুৰাগীয়ে অংশগ্ৰহণ কৰিব। আনহাতে সমগ্ৰ ভাৰত আৰু বিদেশৰ পৰা লাখ লাখ নাগৰিকে ভাৰ্চুৱেল মাধ্যমেৰে এই অনুষ্ঠানত যোগদান কৰিব । এই অনুষ্ঠানে স্বাস্থ্য, সম্প্ৰীতি আৰু সামূহিক মংগলৰ প্ৰসাৰ ঘটোৱা এক বিশ্বজোৰা আন্দোলন হিচাপে যোগৰ ক্ৰমবৰ্ধমান ভূমিকাক পুনৰ দৃঢ় কৰি তুলিব।
২০২৬ চনৰ আন্তৰ্জাতিক যোগ দিৱসৰ বিষয়বস্তু হৈছে "সুস্থ বাৰ্ধক্যৰ বাবে যোগ" । এই বিষয়বস্তুৱে সুস্থ, সক্ৰিয় আৰু মৰ্যাদাপূৰ্ণভাবে বয়স বৃদ্ধিৰ অৰ্থে যোগক আজীৱন অভ্যাস হিচাপে গ্ৰহণ কৰাৰ গুৰুত্বৰ বিষয়ত আলোকপাত কৰিছে। এই বিষয়বস্তুৱে যোগক এক প্ৰতিৰোধমূলক স্বাস্থ্যসেৱাৰ পদ্ধতি হিচাপেও আলোকপাত কৰিছে, যিয়ে শাৰীৰিক সজীৱতা, মানসিক স্থিতিস্থাপকতা আৰু আবেগিক ভাৰসাম্যতা বৃদ্ধিত সহায় কৰিব পাৰে।
অনুষ্ঠানৰ মূল উদযাপনৰ পূৰ্বে আয়ুষ মন্ত্ৰালয়ৰ যোগ সংগম পৰ্টেলে এক বিশেষ মাইলৰ খুঁটিস্বৰূপ সফলতা অৰ্জন কৰিছে। এই পৰ্টেলত হোৱা পঞ্জীয়নে ৬ লাখৰ সীমা অতিক্ৰম কৰিছে আৰু সেয়া ক্ৰমাগতভাৱে বৃদ্ধি পাইছে। জনতাৰ এই সঁহাৰিয়ে যোগক প্ৰকৃত জনগণৰ আন্দোলন হিচাপে গঢ়ি তোলাৰ প্ৰতি প্ৰতিষ্ঠান, সম্প্ৰদায় আৰু নাগৰিকৰ উৎসাহকেই প্ৰতিফলিত কৰিছে।
আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস ২০২৬ত উল্লেখযোগ্যভাবে বিশ্বজোৰা অংশগ্ৰহণ অব্যাহত আছে। ইণ্ডিয়ান কাউন্সিল ফৰ কালচাৰেল ৰিলেছনছ (আইচিচিআৰ)-এ সমন্বিত প্ৰচেষ্টাৰ জৰিয়তে বিদেশৰ ২১০টাতকৈও অধিক ভাৰতীয় মিছনৰ সহায়ত বিশ্বৰ প্ৰায় ২৫০০ স্থানত যোগ দিৱস উদযাপনৰ ব্যাপক আয়োজন কৰিছে। যিয়ে ভাৰতৰ প্ৰাচীন প্ৰজ্ঞাত শিপাই থকা যোগে কেনেকৈ সামূহিক মংগলৰ বাবে এক বিশ্বজোৰা আন্দোলন হিচাপে আত্মপ্ৰকাশ কৰিছে তাকেই প্ৰতিফলিত কৰিছে।
আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস ২০২৬ত সাংস্কৃতিক মাত্ৰা সংযোজন কৰি সংস্কৃতি মন্ত্ৰালয়ে ভাৰতৰ প্ৰত্নতাত্ত্বিক জৰীপ (এ এছ আই)বিভাগৰ সহযোগত দেশৰ ১০০টা চিনাকি স্থানত যোগ দিৱসৰ বিশেষ উদযাপনৰ আয়োজন কৰিছে। ভাৰতৰ চহকী সাংস্কৃতিক ঐতিহ্যৰ সৈতে ঐতিহাসিক যোগ পৰম্পৰাক সংযোগ কৰি এনে অনুষ্ঠানসমূহৰ আয়োজন কৰা হৈছে।
এই পদক্ষেপৰ অংশ হিচাপে নতুন দিল্লীৰ লালকিল্লা, উত্তৰাখণ্ডৰ হৰিদ্বাৰ, ওড়িশাৰ কণাৰ্ক, কৰ্ণাটকৰ হাম্পী, তামিলনাডুৰ মহাবলীপুৰম, মহাৰাষ্ট্ৰৰ মুম্বাই, বিহাৰৰ নালন্দা, গুজৰাটৰ আহমেদাবাদ, উত্তৰ প্ৰদেশৰ সাৰনাথ, লাডাখৰ লেহ, তেলেংগানাৰ হায়দৰাবাদ আৰু অসমৰ শিলচৰত এনে অনুষ্ঠানৰ আয়োজন কৰা হৈছে । দেশৰ সাংস্কৃতিক পৰিচয়ৰ অবিচ্ছেদ্য অংগ হিচাপে যোগক উজ্জ্বল কৰি তোলাৰ লগতে ভাৰতৰ সভ্যতাবাদী উত্তৰাধিকাৰ প্ৰদৰ্শন কৰাৰ লক্ষ্যৰে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে।
আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস ২০২৬ত ভাৰ্চুৱেল মাধ্যমেৰে অংশগ্ৰহণ কৰা নাগৰিকসকলক ভাৰতৰ সামূহিক যোগৰ উদযাপনক বিশ্ববাসীৰ আগত প্ৰদৰ্শন কৰিবলৈ কমন যোগ প্ৰট’কল অধিৱেশনৰ সময়ত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে যোগদান কৰি তেওঁলোকৰ যোগৰ মুহূৰ্তৰ ছবি আদি ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিবলৈ উৎসাহিত কৰা হৈছে।
আয়ুষ মন্ত্ৰালয়ে ২১ জুনৰ পুৱা ৫:০০ বজাৰ পৰা কলকাতাৰ ৰেড ৰোডত সকলো শ্ৰেণীৰ লোকক অংশগ্ৰহণ কৰিবলৈ আমন্ত্ৰণ জনাইছে।অনুষ্ঠানস্থলীত অংশগ্ৰহণকাৰীসকলে সামগ্ৰিক স্বাস্থ্য আৰু সুস্থতাৰ বাৰ্তাক প্ৰচাৰ কৰা আয়ুষ আহাৰৰ সোৱাদো লাভ কৰাৰ সুবিধা পাব ।
দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস ২০২৬ উদযাপনৰ মূল উদ্দেশ্য হৈছে ইয়াৰ বিষয়বস্তু "সুস্থ বাৰ্ধক্যৰ বাবে যোগ"ৰ বাৰ্তা শক্তিশালী কৰাৰ লগতে সমগ্ৰ বিশ্বৰ নাগৰিকসকলক যোগক জীৱনশৈলী হিচাপে আঁকোৱালি ল’বলৈ অনুপ্ৰাণিত কৰা।
***
SR/SV/SG/DM
(रिलीज़ आईडी: 2275749)
आगंतुक पटल : 11