MIFF banner

এনএফডিচি-এনএফএআই সংগ্ৰহৰ পৰা পুনৰুদ্ধাৰ কৰা ক্লাছিক তথ্যচিত্ৰসমূহে এমআইএফএফ ২০২৬-ত দৰ্শকক আকৰ্ষিত কৰে

গান্ধী, বেগম আখতাৰ আৰু পণ্ডিত ৰবি শংকৰ সংক্ৰান্তীয় ঐতিহাসিক তথ্যচিত্ৰসমূহ এমআইএফএফ-ত উজলি উঠে

 

ৰাষ্ট্ৰীয় চলচ্চিত্ৰ উন্নয়ন নিগম–ভাৰতীয় ৰাষ্ট্ৰীয় চলচ্চিত্ৰ আৰ্কাইভ (এনএফডিচি-এনএফএআই)ৰ সংগ্ৰহৰ পৰা পাঁচখন পুনৰুদ্ধাৰ কৰা তথ্যচিত্ৰ ক্লাছিক ছবি ১৯ সংখ্যক মুম্বাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত (এমআইএফএফ ২০২৬) বিশেষ অ-প্ৰতিযোগিতামূলক শিতান "এনএফএআই প্ৰেজেণ্টছ – ৰেষ্ট’ৰ্ড ক্লাছিকছ"ৰ অধীনত প্ৰদৰ্শন কৰা হয়। ভাৰত চৰকাৰৰ দেশৰ চলচ্চিত্ৰীয় উত্তৰাধিকাৰিত্ব সংৰক্ষণ আৰু পুনৰুদ্ধাৰৰ বাবে উৎসৰ্গিত প্ৰধান পদক্ষেপ- ৰাষ্ট্ৰীয় চলচ্চিত্ৰ ঐতিহ্য অভিযান (এন এফ এইচ এম)ৰ অধীনত নিৰ্বাচিত কেউখন ছবিকে পুনৰুদ্ধাৰ কৰা হৈছে।

বুধবাৰে সন্ধিয়া প্ৰদৰ্শিত এই কিউৰেটেড পেকেজ-ত পূৰ্বৰ ফিল্মছ ডিভিজন-য়ে নিৰ্মাণ কৰা পাঁচখন ঐতিহাসিক তথ্যচিত্ৰ প্ৰদৰ্শন কৰা হৈছিল। এই ছবিসমূহে একেলগে ভাৰতৰ সাংস্কৃতিক, কলাত্মক আৰু সামাজিক ঐতিহ্যৰ বুৰঞ্জী দাঙি ধৰে, সমসাময়িক দৰ্শকক দেশৰ অতীতৰ উল্লেখযোগ্য মুহূৰ্ত আৰু ব্যক্তিত্বসমূহ পুনৰ চোৱাৰ সুযোগ প্ৰদান কৰে।

ইয়াৰে তিনিখন তথ্যচিত্ৰই আইকনিক ব্যক্তিত্ব মহাত্মা গান্ধী, বেগম আখতাৰ আৰু পণ্ডিত ৰবি শংকৰৰ জীৱনগাঁথাক গুৰুত্ব আৰোপ কৰিছে। বাকী দুখন তথ্যচিত্ৰ কলকাতা আৰু ভাৰতৰ জনজাতীয় সম্প্ৰদায়সমূহৰ চলচ্চিত্ৰীয় প্ৰতিনিধিত্ব।

মহাত্মা: লাইফ অব গান্ধী ১৮৬৯১৯৪৮ (প্ৰথম খণ্ড)

বিথলভাই কে ঝাৱেৰী পৰিচালিত আৰু ১৯৬৮ চনত নিৰ্মিত এই ইংৰাজী ভাষাৰ তথ্যচিত্ৰখনেৰে মহাত্মা গান্ধীৰ জীৱন আৰু কৰ্মৰ বিস্তৃত বিৱৰণী উপস্থাপন কৰিবলৈ আৰ্কাইভৰ ফুটেজৰ পৰা বহুলভাৱে আহৰণ কৰা হৈছে। এই ছবিখনে মহাত্মা গান্ধীৰ জীৱন আৰু কৰ্মৰাজিৰ এক মূল্যৱান ঐতিহাসিক অভিলেখ আগবঢ়াইছে।

বেগম আখতাৰ

১৯৭১ চনত ফিল্মছ ডিভিজন-ৰ প্ৰযোজনা আৰু এন কে ইছাৰে পৰিচালনা কৰা ইংৰাজী ভাষাৰ এই তথ্যচিত্ৰখনে মালিকা-ই-গজল হিচাপে পূজনীয় কিংবদন্তি গায়িকা বেগম আখতাৰৰ জীৱন আৰু শিল্পকলাৰ বিভিন্ন দিশ চিত্ৰায়িত কৰিছে। পৰিয়ালৰ সদস্যৰ উপস্থিতিত ঘৰৰ পৰা সংগৃহিত অন্তৰংগ ভিজুৱেলসমূহৰ লগতে মঞ্চৰ অভিনয়ৰ জৰিয়তে ছবিখনে বিখ্যাত গজল আৰু থুমৰি শিল্পীগৰাকীৰ জীৱনৰ চমু আভাস দাঙি ধৰিছে।

ৰবি শংকৰ

প্ৰমোদ পাতিৰ পৰিচালনা আৰু ১৯৭০ চনত নিৰ্মিত এই জীৱনীভিত্তিক তথ্যচিত্ৰখনে কিংবদন্তি চেতাঁৰ শিল্পী পণ্ডিত ৰবি শংকৰৰ জীৱন আৰু সৃষ্টিশীল যাত্ৰাৰ সন্ধান কৰিছে। সাক্ষাৎকাৰ আৰু আবৃত্তিৰ ফুটেজৰ জৰিয়তে ছবিখনে ভাৰতীয় শাস্ত্ৰীয় সংগীতজ্ঞ, সুৰকাৰ আৰু সাংস্কৃতিক ৰাষ্ট্ৰদূতগৰাকীৰ বহু মাত্ৰিক উপস্থাপন দাঙি ধৰিছে।

পৰ্টেইট অব এ চিটী

১৯৬১ চনত চিদানন্দ দাসগুপ্ত পৰিচালিত এই তথ্যচিত্ৰখনে তেতিয়াৰ কলিকতাৰ এক আকৰ্ষনীয় চলচ্চিত্ৰীয় প্ৰতিকৃতি আগবঢ়াইছে। কাৰখানা, বাতৰি কাকতৰ কাৰ্যালয়, নদী আৰু ৰেচকৰ্চৰ ভিজুৱেলৰ জৰিয়তে সংগীত, পৰিৱেশৰ শব্দ আৰু আকস্মিক সংলাপৰ সৈতে ছবিখনে এখন ব্যস্ত চহৰৰ জীৱনৰ ছন্দ আৰু চৰিত্ৰক ধৰি ৰাখিছে।

আৱাৰ অৰিজিনেল ইনহেবিটেণ্টছ

জগত মূৰাৰী পৰিচালিত আৰু ১৯৫৩ চনত নিৰ্মিত এই ইংৰাজী ভাষাৰ তথ্যচিত্ৰখনে দৰ্শকক ভাৰতৰ বিভিন্ন জনজাতীয় সম্প্ৰদায়সমূহৰ সৈতে পৰিচয় কৰাই দিয়ে। ১২ মিনিটতকৈয়ো কম সময়ৰ ভিতৰতে ছবিখনে দেশজুৰি বিয়পি থকা ১৭২টা জনজাতীয় গোটৰ কিছুমান স্বকীয় সাংস্কৃতিক পদ্ধতি, সাজ-পোছাক, অলংকাৰ, সংগীত আৰু নৃত্য পৰম্পৰাক উজলাই তুলিছে।

প্ৰদৰ্শনৰ অন্তৰালত অনুষ্ঠিত এক অধিৱেশনত ভাষণ দি এন এফ ডি চি-ৰ পৰিচালন সঞ্চালক শ্ৰী প্ৰকাশ মগদুমে ভৱিষ্যত প্ৰজন্মৰ বাবে ছবি সংৰক্ষণৰ গুৰুত্বত আলোকপাত কৰে। তেওঁ উল্লেখ কৰে যে চলচ্চিত্ৰ সংৰক্ষণে ছবিৰ ইতিহাস নতুন দৰ্শক আৰু ভৱিষ্যত প্ৰজন্মৰ বাবে সুলভ হৈ থকাটো নিশ্চিত কৰে, আৰু আঙুলিয়াই দিয়ে যে আজি বহুতো আগশাৰীৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত পুনৰুদ্ধাৰ কৰা ক্লাছিক ছবিৰ বাবে নিবেদিত শিতানৰ দিহা কৰা হয়।

এম আই এফ এফ ২০২৬-ত এই ছবিসমূহ অন্তৰ্ভুক্ত কৰাটোৱে তথ্যচিত্ৰ আৰু নন-ফিকশ্যন চিনেমাৰ বিশ্বৰ অন্যতম চহকী ভঁৰাল ফিল্মছ ডিভিজন-ৰ আৰ্কাইভৰ যুগমীয়া তাৎপৰ্যক উজলাই তুলিছে। ৰাষ্ট্ৰীয় চলচ্চিত্ৰ ঐতিহ্য অভিযান-ৰ অধীনত গ্ৰহণ কৰা অত্যাধুনিক পুনৰুদ্ধাৰ প্ৰণালীৰ জৰিয়তে এই ছবিসমূহৰ মূল চিনেমাৰ চৰিত্ৰ সংৰক্ষণ কৰাৰ লগতে সমসাময়িক দৰ্শকৰ বাবে পুনৰুজ্জীৱিত কৰা হৈছে।

এই প্ৰদৰ্শনীসমূহে ভাৰতৰ দৃশ্য-শ্ৰাব্য ঐতিহ্য ৰক্ষা আৰু ভৱিষ্যত প্ৰজন্মৰ বাবে সুলভ কৰি তোলাৰ বাবে এনএফডিচি-এনএফএআই-ৰ দায়বদ্ধতাক পুনৰ দৃঢ় কৰে। এম আই এফ এফ ২০২৬-ত এইসমূহৰ উপস্থাপনেও সমসাময়িক তথ্যচিত্ৰ নিৰ্মাণ আৰু ভাৰতৰ চহকী চিনেমাৰ উত্তৰাধিকাৰিত্ব সংৰক্ষণ দুয়োটাকে উদযাপন কৰা এক মঞ্চ হিচাপে উৎসৱৰ ভূমিকাক শক্তিশালী কৰিছে।

MIFF ত দৈনন্দিন অনুষ্ঠানৰ প্ৰেছ বিজ্ঞপ্তি আৰু উচ্চমানৰ ফটোসমূহ চাবলৈ Click here

 

* * *

PIB Team MIFF | Nikita Joshi/Sriyanka Chatterjee/Darshana Rane/KB


Great films resonate through passionate voices. Share your love for cinema with #MIFF2026. Tag us @pibmumbai on X, and we'll help spread your passion! For journalists, bloggers, and vloggers wanting to connect with filmmakers for interviews/interactions, reach out to us at miff.mediadesk@pib.gov.in with the subject line: Take One with PIB.


रिलीज़ आईडी: 2275529   |   Visitor Counter: 4