গৃহ মন্ত্ৰালয়
azadi ka amrit mahotsav

ভাৰতত থকা আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰদূত ছেৰ্জিঅ’ গোৰক নতুন দিল্লীত সাক্ষাৎ কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰী অমিত শ্বাহৰ

ভাৰত-আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিৰাপত্তা সহযোগিতা, বিশেষকৈ সন্ত্ৰাসবাদ বিৰোধী আৰু মাদক দ্ৰব্য বিৰোধী সহযোগিতা শক্তিশালীকৰণ সন্দৰ্ভত বিশদ আলোচনা

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰত-আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিস্তৃত গোলকীয় অংশীদাৰিত্বক আগুৱাই নিয়াৰ বাবে ভাৰত প্ৰতিশ্ৰুতিবদ্ধ

प्रविष्टि तिथि: 18 JUN 2026 3:15PM by PIB Guwahati

কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰী অমিত শ্বাহে আজি নতুন দিল্লীত ভাৰতত থকা আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰদূত ছেৰ্জিঅ’ গোৰক সাক্ষাৎ কৰে।

এক্স-ত এটা পোষ্টত অমিত শ্বাহে কয়, "আজি ভাৰতত থকা আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰদূত ছেৰ্জিঅ’ গোৰক নতুন দিল্লীত সাক্ষাৎ কৰিলো। নিৰাপত্তাৰ ক্ষেত্ৰত, বিশেষকৈ সন্ত্ৰাসবাদৰ বিৰুদ্ধে আৰু মাদক দ্ৰব্যৰ বিৰুদ্ধে যুঁজত ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজত সহযোগিতা অধিক শক্তিশালী কৰা সম্পৰ্কত বিশদ আলোচনা কৰিলো।  

"প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰত-আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিস্তৃত গোলকীয় কৌশলগত অংশীদাৰিত্বক আগুৱাই নিয়াৰ বাবে আৰু দুয়োখন ৰাষ্ট্ৰৰ জনসাধাৰণে দ্বিপাক্ষিক সম্পৰ্কৰ পৰা লাভান্বিত হোৱাটো নিশ্চিত কৰাৰ বাবে ভাৰত দৃঢ়ভাৱে প্ৰতিশ্ৰুতিবদ্ধ।"

WhatsApp Image 2026-06-18 at 15.08.29.jpeg

****

RK/PR/PS/HS


(रिलीज़ आईडी: 2274960) आगंतुक पटल : 9
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Bengali-TR , Punjabi , Gujarati , Tamil , Telugu , Malayalam