প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

সৌৰ শক্তি, কৃষি আৰু অংশীদাৰী সমৃদ্ধি সম্পৰ্কীয় এটা প্ৰবন্ধ শ্বেয়াৰ প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 17 JUN 2026 1:05PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী প্ৰহ্লাদ যোশী আৰু আন্তঃৰাষ্ট্ৰীয় সৌৰ মিত্ৰতাৰ সঞ্চালক প্ৰধান শ্ৰী আশীষ খান্নাই লিখা এটা প্ৰবন্ধ শ্বেয়াৰ কৰিছে।

প্ৰবন্ধটোত আলোকপাত কৰা হৈছে যে সৌৰ শক্তি এক পৰিবৰ্তনশীল শক্তি হিচাপে উদ্ভৱ হৈছে। ইয়াত উল্লেখ কৰা হৈছে যে কৃষিৰ বাবে পৰিষ্কাৰ শক্তিৰ ব্যৱহাৰৰ ভাৰতৰ আৰ্হিয়ে আফ্ৰিকাৰ বাবে এক উপযুক্ত আৰ্হি প্ৰদান কৰে, অংশীদাৰী সমৃদ্ধি শক্তিশালী কৰে, সম্প্ৰদায়সমূহক সবল কৰে আৰু খাদ্য সুৰক্ষাক উদগনি দিয়ে। এই প্ৰবন্ধটোত এই সাফল্যক ভাৰতৰ কৃষক আৰু দেশৰ বাবে গৌৰৱৰ বিষয় বুলি আখ্যা দিয়া হৈছে।

এক্সত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে পোষ্ট কৰিছে;

‘সৌৰ শক্তি এক পৰিবৰ্তনশীল শক্তি হিচাপে উদ্ভৱ হৈছে। কৃষিৰ বাবে পৰিষ্কাৰ শক্তিৰ ব্যৱহাৰৰ ভাৰতৰ আৰ্হিয়ে আফ্ৰিকাৰ বাবে এক উপযুক্ত আৰ্হি প্ৰদান কৰে, অংশীদাৰী সমৃদ্ধি শক্তিশালী কৰে, সম্প্ৰদায়সমূহক শক্তিশালী কৰে আৰু খাদ্য সুৰক্ষাৰ প্ৰতিশ্ৰুতি দিয়ে। সঁচাকৈয়ে আমাৰ কৃষকসকলৰ বাবে আৰু আমাৰ সকলোৰে বাবে গৌৰৱৰ বিষয়!

কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী @JoshiPralhad আৰু সঞ্চালকপ্ৰধান, @isolaralliance শ্ৰী আশীষ খান্নাৰ এই অন্তর্দৃষ্টিসম্পন্ন প্ৰবন্ধটো সকলোৱে পঢ়ক।’

*****

MJPS/SS/ST/HS


(रिलीज़ आईडी: 2273930) आगंतुक पटल : 11
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Manipuri , Bengali , Gujarati , Tamil , Telugu , Kannada , Malayalam