মানৱ সম্পদ উন্নয়ণ মন্ত্ৰালয়
ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু ফ্ৰান্সৰ ৰাষ্ট্ৰপতি মহামহিম ইমানুৱেল মেক্ৰনৰ দ্বাৰা "ভাৰত ইনোভেটছ ২০২৬" উদ্বোধন, সুদৃঢ় হ'ল ভাৰত-ফ্ৰান্স ডিপ-টেক মিত্ৰতা
ভাৰত আৰু ফ্ৰান্সৰ প্ৰযুক্তিগত সম্পৰ্ক অধিক গভীৰ: প্ৰধানমন্ত্ৰী শ্ৰী মোদী আৰু ৰাষ্ট্ৰপতি মহামহিম মেক্ৰনৰ দ্বাৰা নাইচত 'ভাৰত ইনোভেটছ'ৰ প্ৰথমটো সংস্কৰণৰ শুভাৰম্ভ
प्रविष्टि तिथि:
14 JUN 2026 7:00PM by PIB Guwahati
ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু ফ্ৰান্স প্ৰজাতন্ত্ৰৰ ৰাষ্ট্ৰপতি মহামহিম ইমানুৱেল মেক্ৰনে আজি ফ্ৰান্সৰ নিচৰ 'পেলেছ ডেছ এক্সপজিচন্চ'ত (Palais des Expositions) যুটীয়াভাৱে 'ভাৰত ইনোভেটছ ২০২৬'ৰ প্ৰথমটো সংস্কৰণ উদ্বোধন কৰে। কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ৰ এক পদক্ষেপ হিচাপে ভাৰত চৰকাৰৰ দ্বাৰা আয়োজিত এই অত্যন্ত প্ৰভাৱশালী অনুষ্ঠানটোৱে ভাৰতৰ ডিপ-টেক (deep tech) উদ্ভাৱক আৰু বিশ্বৰ বিভিন্ন অংশীদাৰসকলৰ মাজত উদ্ভাৱন-ভিত্তিক মিত্ৰতাক আগুৱাই নিয়াৰ বাবে এক আগশাৰীৰ মঞ্চ হিচাপে কাম কৰিব।

কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী শ্ৰী পীয়ুষ গোৱেলে এই অনুষ্ঠানত অংশগ্ৰহণ কৰা বিশিষ্ট ব্যক্তিসকলক আদৰণি জনায়। এই উদ্বোধনী অনুষ্ঠানত অন্যান্যসকলৰ লগতে কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড° এছ. জয়শংকৰ, ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা শ্ৰী অজিত ডোভাল আৰু ভাৰত চৰকাৰৰ প্ৰধান বৈজ্ঞানিক উপদেষ্টা ড° অজয় কুমাৰ সুদ উপস্থিত থাকে।

সমবেত ৰাইজক সম্বোধন কৰি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্ভাৱন আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত ভাৰতৰ ক্ৰমবৰ্ধমান নেতৃত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰি কয়, "ভাৰতে ব্যাপক হাৰত আৰু দ্ৰুতগতিত উদ্ভাৱন কৰে। ভাৰতে এক বহনক্ষম ভৱিষ্যতৰ বাবে উদ্ভাৱন কৰে, আৰু ভাৰতে সমগ্ৰ বিশ্বৰ বাবে উদ্ভাৱন কৰে। উদ্ভাৱন ভাৰতৰ ডি.এন.এ.-ত (DNA) নিহিত হৈ আছে। 'ভাৰত ইনোভেটছ' হৈছে ভাৰতৰ সৈতে মিলি গোলকীয় উদ্ভাৱনৰ পৰৱৰ্তী অধ্যায়টো একেলগে সৃষ্টি কৰিবলৈ সমগ্ৰ বিশ্বলৈ জনোৱা এক আমন্ত্ৰণ।"
ৰাষ্ট্ৰপতি মহামহিম ইমানুৱেল মেক্ৰনে ভাৰতৰ সক্ৰিয় উদ্ভাৱন পৰিৱেশৰ প্ৰশংসা কৰি কয়, “মই গভীৰভাৱে বিশ্বাস কৰোঁ যে ভাৰতৰ বাহিৰত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হোৱা 'ভাৰত ইনোভেটছ ২০২৬' অনুষ্ঠানটো আজি নিচ চহৰত আয়োজন কৰা কাৰ্যই আমাৰ দুয়োখন দেশক একত্ৰিত কৰা সম্পৰ্কৰ দৃঢ়তাৰ এক শক্তিশালী প্ৰমাণ দাঙি ধৰিছে। এই সম্পৰ্ক এক দীৰ্ঘদিনীয়া প্ৰযুক্তিগত, বৈজ্ঞানিক আৰু ঔদ্যোগিক অংশীদাৰিত্বৰ ওপৰত প্ৰতিষ্ঠিত, যিয়ে শেহতীয়া বছৰবোৰত এক উল্লেখযোগ্য ৰূপান্তৰ লাভ কৰিছে। ইয়াৰ লগতে ই এই কথাও প্ৰমাণ কৰে যে আমাৰ দুয়োখন দেশে নিজৰ বৈজ্ঞানিক, উদ্যামিক আৰু ঔদ্যোগিক শক্তিৰ জৰিয়তে একেলগে এতিয়াও কিমান কি গঢ়ি তুলিবলগীয়া আছে।”

উদ্বোধনৰ পিছত নেতাসকলে 'ভাৰত ইনোভেটছ ইনোভেচন পেভিলিয়ন' (Bharat Innovates Innovation Pavilion) পৰিদৰ্শন কৰে, য'ত কৃত্ৰিম বুদ্ধিমত্তা, ছেমিকণ্ডাক্টৰ, জৈৱ-প্ৰযুক্তি, স্বাস্থ্যসেৱা, শক্তি, উন্নত উৎপাদন, গতিশীলতা (mobility) আৰু মহাকাশ প্ৰযুক্তিকে ধৰি বিভিন্ন ক্ষেত্ৰত ভাৰতীয় উদ্ভাৱক আৰু ভাৰতৰ আগশাৰীৰ উচ্চ শিক্ষা প্ৰতিষ্ঠানসমূহে বিকাশ কৰা ১২০ বিধ অত্যাধুনিক প্ৰযুক্তি আৰু যুগান্তকাৰী উদ্ভাৱন প্ৰদৰ্শন কৰা হয়।
ভাৰত ইনোভেটছৰ লক্ষ্য হৈছে সমগ্ৰ বিশ্বৰ বিনিয়োগকাৰী, উদ্যোগ, প্ৰতিষ্ঠান আৰু উদ্ভাৱকসকলৰ সৈতে অংশীদাৰিত্ব গঢ়ি তোলাত সুবিধা হোৱাকৈ ভাৰতীয় ডিপ-টেক (DeepTech) উদ্ভাৱনসমূহ প্ৰদৰ্শন আৰু প্ৰসাৰ কৰা। ইয়াৰ ফলত বিজ্ঞান, প্ৰযুক্তি, উদ্ভাৱন, শিক্ষা আৰু উদ্যোগশীলতাৰ ক্ষেত্ৰত দ্বিপাক্ষিক সহযোগিতা অধিক গভীৰ হোৱাৰ লগতে বিশ্বব্যাপী উদ্ভাৱন নেটৱৰ্কত ভাৰতৰ অন্তৰ্ভুক্তি সুদৃঢ় হ'ব বুলি আশা কৰা হৈছে।


২০২৬ চনৰ ১৪ৰ পৰা ১৬ জুনলৈকে তিনিদিনীয়াকৈ অনুষ্ঠিত 'ভাৰত ইনোভেটছ ২০২৬'ৰ বিস্তৃত কাৰ্যসূচীত ১১ খন উচ্চস্তৰীয় পেনেল আলোচনা, একাধিক খণ্ড-ভিত্তিক মাষ্টাৰক্লাছ, বিশেষভাৱে প্ৰস্তুত কৰা বি-টু-বি (B2B) মেচমেকিং বৈঠক, ৫০ টাতকৈও অধিক ষ্টাৰ্টআপ জড়িত থকা বিশেষ বিনিয়োগকাৰী প্ৰস্তাৱ ছেচন, আৰু বিশ্বব্যাপী বিনিয়োগকাৰী, কৰ্পোৰেট প্ৰতিষ্ঠান, বিশ্ববিদ্যালয়, ইনকিউবেটৰ তথা নীতি নিৰ্ধাৰকসকলৰ সৈতে একনিষ্ঠ নেটৱৰ্কিং কাৰ্যসূচী অন্তৰ্ভুক্ত কৰা হৈছে। এই কাৰ্যসূচীয়ে বিশ্বৰ আগশাৰীৰ উদ্যোগপতি, বিনিয়োগকাৰী, শিক্ষাবিদ আৰু প্ৰযুক্তি বিশেষজ্ঞসকলক একত্ৰিত কৰি কৃত্ৰিম বুদ্ধিমত্তা, ছেমিকণ্ডাক্টৰ, জৈৱ-প্ৰযুক্তি, স্বাস্থ্যসেৱা, শক্তি, উন্নত উৎপাদন, মহাকাশ, প্ৰতিৰক্ষা আৰু জলবায়ু প্ৰযুক্তিৰ দৰে ক্ষেত্ৰসমূহত সৃষ্টি হোৱা নতুন সুযোগসমূহৰ বিষয়ে আলোচনা কৰাৰ বাবে এক মঞ্চ প্ৰদান কৰে।
'ভাৰত ইনোভেটছ'ৰ উদ্বোধনী সংস্কৰণে সহযোগিতা, প্ৰতিভা আৰু ৰূপান্তৰকাৰী প্ৰযুক্তিৰ দ্বাৰা পৰিচালিত এক ভৱিষ্যতমুখী উদ্ভাৱন পৰিৱেশ গঢ়ি তোলাৰ ক্ষেত্ৰত ভাৰত আৰু ফ্ৰান্সৰ যুটীয়া প্ৰতিশ্ৰুতিক প্ৰতিফলিত কৰে।
এই পদক্ষেপ আৰু অংশগ্ৰহণকাৰী ষ্টাৰ্টআপসমূহৰ বিষয়ে অধিক তথ্যৰ বাবে, ভিজিট কৰক: www.bharatinnovates.in.
******
RRTN/RD
(रिलीज़ आईडी: 2273428)
आगंतुक पटल : 6