‘ৱেভছ ডক বজাৰ ৰিকমেণ্ডছ’ৰ আধাৰত নিৰ্বাচিত ৱেভছ ডক বজাৰ ২০২৬-ত প্ৰদৰ্শিত হ’বলগীয়া প্ৰকল্পসমূহ এনএফডিচি-য়ে ঘোষণা কৰিছে
১৯খন দেশ আৰু ৩৫টা ভাষাৰ ১৫৫টা গোলকীয় দাখিলৰ ১২টা প্ৰকল্পৰ কিউৰেট কৰিছে ৱেভছ ডক বজাৰ-য়ে
এনএফডিচি-য়ে ‘ৱেভছ ডক বজাৰ ২০২৬’-ত অংশগ্ৰহণ কৰা তিনিটা উত্কৃষ্ট প্ৰকল্পৰ বাবে ৩ লাখ টকাকৈ নগদ অনুদান প্ৰৱৰ্তন কৰে
১৯ সংখ্যক ‘মুম্বাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (এম আই এফ এফ), ২০২৬’ৰ সৈতে সংগতি ৰাখি অনুষ্ঠিত হ’বলগীয়া ‘ৱেভছ ডক বজাৰ’-ৰ দ্বিতীয় সংস্কৰণৰ বাবে ‘ৱেভছ ডক বজাৰ ৰিকমেণ্ডছ’ কাৰ্যসূচীৰ অধীনত নিৰ্বাচিত প্ৰকল্পসমূহ ঘোষণা কৰিছে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ উন্নয়ন নিগম-য়ে।
এম আই এফ এফ-ৰ বজাৰ খণ্ড ২০২৬ চনৰ ১৬ৰ পৰা ১৮ জুনলৈকে মুম্বাইৰ ড° গোপালৰাও দেশমুখ মাৰ্গত অৱস্থিত এন এফ ডি চি-ৰ মুখ্য কাৰ্যালয় টৌহদত অনুষ্ঠিত কৰা হ’ব। ইয়াত তথ্যচিত্ৰ, চুটি ছবি আৰু এনিমেশ্যন পৰিতন্ত্ৰৰ চলচ্চিত্ৰ নিৰ্মাতা, প্ৰযোজক, সম্প্ৰচাৰক, বিতৰক, উৎসৱৰ পৰিকল্পক আৰু উদ্যোগৰ পেছাদাৰীসকলক সন্মিলিত কৰা হ’ব।
ৱেভছ ডক বজাৰ-য়ে ভিউইং ৰুম, ৱৰ্ক-ইন-প্ৰগ্ৰেছ (WIP) লেব আৰু বিজনেছ-টু-বিজনেছ (B2B) বৈঠকৰ দৰে পদক্ষেপসমূহৰ জৰিয়তে সহযোগিতা, নেটৱৰ্কিং আৰু বজাৰৰ সুযোগসমূহক প্ৰতিপালন কৰাৰ লক্ষ্যৰে এটা উদ্যোগ মঞ্চ হিচাপে কাম কৰে।
উদীয়মান প্ৰতিভাক সমৰ্থন আৰু প্ৰভাৱশালী গল্প-কথনক উৎসাহিত কৰাৰ এক উল্লেখযোগ্য পদক্ষেপত এনএফডিচি-য়ে ৱেভছ ডক বজাৰ-২০২৬ত অংশগ্ৰহণ কৰা তিনিটা উত্কৃষ্ট প্ৰকল্পৰ বাবে ৩ লাখ টকাকৈ নগদ অনুদান প্ৰৱৰ্তন কৰিছে। এই অনুদানসমূহে ব্যতিক্ৰমী সৃষ্টিশীল দৃষ্টিভংগী, আকৰ্ষনীয় কাহিনী, শক্তিশালী কলাত্মক যোগ্যতা আৰু ভাৰত তথা আন্তঃৰাষ্ট্ৰীয় বজাৰত দৰ্শকক জড়িত কৰাৰ সম্ভাৱনা প্ৰদৰ্শন কৰা প্ৰকল্পসমূহক স্বীকৃতি প্ৰদান কৰিব।
‘ৱেভছ ডক বজাৰ ৰিকমেণ্ডছ’-ৰ নিৰ্বাচনত ১২টা প্ৰকল্প অন্তৰ্ভুক্ত কৰা হৈছে, য’ত ৱৰ্ক-ইন-প্ৰগ্ৰেছ লেব-ত অংশগ্ৰহণ কৰা চাৰিটা প্ৰকল্পও আছে। ডব্লিউ আই পি লেব-ৰ জৰিয়তে নিৰ্বাচিত চলচ্চিত্ৰ নিৰ্মাতাসকলে আন্তঃৰাষ্ট্ৰীয় উপদেষ্টা আৰু সম্পাদকসকলৰ এক সন্মানীয় পেনেলৰ আগত তেওঁলোকৰ ছবিৰ ৰাফ-কাটসমূহ উপস্থাপন কৰিব, তেওঁলোকৰ প্ৰকল্পসমূহক অধিক শক্তিশালী কৰিবলৈ আৰু বিস্তৃত উদ্যোগৰ সংযোগ আৰু বিতৰণৰ সুযোগ লাভৰ বাবে প্ৰস্তুত কৰিবলৈ মূল্যৱান মতামত, মেণ্টৰশ্বিপ আৰু নিৰ্দেশনা লাভ কৰিব।
ইয়াৰ উপৰিও ৱেভছ ডক বজাৰ-ৰ অনুমোদিত নিৰ্বাচনসূচী-ৰ অধীনত আঠটা প্ৰকল্প নিৰ্বাচিত কৰা হৈছে। সম্পূৰ্ণ হোৱা বা পোষ্ট প্ৰডাকশ্যনৰ অন্তিম পৰ্যায়ত থকা এই ছবিসমূহে বিক্ৰী, বিতৰণ আৰু প্ৰদৰ্শনীৰ সুযোগ বিচাৰিছে। এই কাৰ্যসূচীয়ে ক্ৰেতা, বিতৰক, সম্প্ৰচাৰক, ষ্ট্ৰীমিং প্লেটফৰ্ম আৰু অন্যান্য উদ্যোগৰ অংশীদাৰসকলৰ সৈতে পাৰস্পৰিক মত-বিনিময়ত সহায় কৰিব যাতে বজাৰত প্ৰৱেশ আৰু বিস্তৃত পৰিসৰত দৰ্শকৰ প্ৰসাৰৰ পথসমূহ অন্বেষণ কৰিব পৰা যায়।
নিৰ্বাচিত ১২টা প্ৰকল্পৰ আটাইকেইখনেই বজাৰৰ মুকলি দিন ১৬ জুন ২০২৬ তাৰিখে অনুষ্ঠিত হ’বলগীয়া মুকলি অধিৱেশনত অংশগ্ৰহণ কৰিব। এই অধিৱেশনত চলচ্চিত্ৰ নিৰ্মাতাসকলে ক্ৰেতা, বিতৰক, সম্প্ৰচাৰক আৰু উৎসৱৰ প্ৰতিনিধিকে ধৰি উদ্যোগৰ পেছাদাৰীসকলৰ বৈচিত্ৰ্যময় দৰ্শকৰ সন্মুখত নিজৰ প্ৰকল্পসমূহ উপস্থাপন কৰাৰ সুযোগ লাভ কৰিব। ইয়াৰ দ্বাৰা অংশগ্ৰহণকাৰীসকলে তেওঁলোকৰ ছবিৰ অনন্য দৃষ্টিভংগী প্ৰদৰ্শন কৰাৰ লগতে অৰ্থপূৰ্ণ অংশীদাৰিত্ব আৰু সহযোগিতা গঢ়ি তুলিব পাৰিব।
ৱেভছ ডক বজাৰ-ৰ দ্বিতীয় সংস্কৰণৰ এটা মূল আলোকপাত হৈছে ভিউইং ৰুম, যিটো হৈছে এটা নিৰ্দিষ্ট ডিজিটেল লাইব্ৰেৰী প্লেটফৰ্ম যিয়ে চলচ্চিত্ৰ নিৰ্মাতাসকলক উদ্যোগৰ অংশীদাৰসকলৰ আগত নিজৰ কাম প্ৰদৰ্শন কৰিবলৈ অনুমতি দিয়ে, যাৰ ফলত নেটৱৰ্কিং, বিতৰণ আৰু অধিগ্ৰহণৰ সুযোগ সহজ হয়।
এই বছৰ ভিউইং ৰুম-ত ১৯খন দেশৰ ৩৫টা ভাষাত ১৫৫টা প্ৰকল্প প্ৰদৰ্শিত হ’ব, যিয়ে ক্ৰেতা, সম্প্ৰচাৰক, বিতৰক, উৎসৱৰ চয়নকৰ্তাসকলৰ লগতে অন্যান্য উদ্যোগৰ অংশীদাৰসকলক বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা তথ্যচিত্ৰৰ কাহিনী আৰু দৃষ্টিভংগীৰ চহকী বৈচিত্ৰ্যৰ সুবিধা প্ৰদান কৰিব।
ৱৰ্ক-ইন-প্ৰগ্ৰেছ লেব ২০২৬-ৰ বাবে নিৰ্বাচিত ছবি
১. আডিউ দিল্লী – পৰিচালক: নন্দন ছাক্সেনা আৰু কবিতা বেহল
২. ইট টেকছ এ ভিলেজ – পৰিচালক: ইন্দ্ৰজীত মৰে
৩. কুঞ্চোক এণ্ড হিজ মেনী মূনছ – পৰিচালক: অশোক মীনা
৪/ অন এ গুড নোট – পৰিচালক: কৰিশ্মা ৰাও
ৱেভছ ডক বজাৰ-ৰ ৰিকমেণ্ডছ -২০২৬ৰ বাবে নিৰ্বাচিত ছবি
১. বাই দা হম – পৰিচালক: মানকাপ নকৱহম
২. ডু চাৰ দিন – পৰিচালক: সান্যা আনন্দ
৩/ এচে – পৰিচালক: ডিংকু থিংনাম
৪) ৰসনিষপতি – পৰিচালক: হৰিশ কে.
৫/ ৰাইজ – পৰিচালক: আৰাষ্টু জাকিয়া
৬) দি গাৰ্ল বেনিথ দা ছান – পৰিচালক: মাধুৰিমা মাইতি
৭) তুৰু – পৰিচালক : ৰামেশ্বৰ ভাট
৮) টুক্ৰো টুক্ৰো পৃথিবী – পৰিচালক: অস্মিতা পাল
নিৰ্বাচিত প্ৰকল্পসমূহে সমসাময়িক তথ্যচিত্ৰ নিৰ্মাণৰ বৈচিত্ৰ্য, সৃষ্টিশীলতা আৰু সামৰ্থ্যক প্ৰতিফলিত কৰে আৰু চলচ্চিত্ৰ নিৰ্মাতাসকলৰ বাবে বিশ্বৰ বজাৰ আৰু দৰ্শকসকলৰ সৈতে সংযোগ স্থাপনৰ অৰ্থপূৰ্ণ সুযোগ সৃষ্টি কৰাৰ লগতে উদীয়মান কণ্ঠস্বৰসমূহক প্ৰতিপালনৰ বাবে এনএফডিচি-ৰ প্ৰতিশ্ৰুতিবদ্ধতাত আলোকপাত কৰে।

***
PIB Mumbai | Sriyanka Chatterjee/Robin Singh/Parshuram Kor/KB
रिलीज़ आईडी:
2272865
| Visitor Counter:
7
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Bengali
,
Bengali-TR
,
Punjabi
,
Gujarati
,
Tamil
,
Telugu
,
Kannada
,
Malayalam