ৰাষ্ট্ৰপতি সচিবালয়
ইণ্ডিয়ান মিলিটাৰী একাডেমীত ১৫৮ নং নিয়মীয়া পাঠ্যক্ৰম আৰু ১৪১ নং কাৰিকৰী স্নাতক পাঠ্যক্ৰমৰ বিষয়া কেডেটৰ পাছ আউট পেৰেডৰ পৰ্যালোচনা কৰিলে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে
प्रविष्टि तिथि:
13 JUN 2026 11:13AM by PIB Guwahati
আজি (১৩ জুন, ২০২৬) ডেৰাডুনৰ ইণ্ডিয়ান মিলিটাৰী একাডেমীত ১৫৮ সংখ্যক নিয়মীয়া পাঠ্যক্ৰম আৰু ১৪১ সংখ্যক কাৰিকৰী স্নাতক পাঠ্যক্ৰমৰ কেডেটৰ পাছ আউট পেৰেডৰ পৰ্যালোচনা কৰে ভাৰতৰ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে।

এই উপলক্ষ্যে আয়োজিত অনুষ্ঠানত ভাষণ দি ৰাষ্ট্ৰপতিগৰাকীয়ে অফিচাৰ কেডেটসকলক দেশৰ অন্যতম কঠোৰ প্ৰশিক্ষণ কাৰ্যসূচী সফলতাৰে সম্পূৰ্ণ কৰাৰ বাবে অভিনন্দন জনায়। তেওঁলোকৰ সাহস আৰু জ্ঞানেই তেওঁলোকৰ শক্তি হ’ব বুলিও তেওঁ আস্থা প্ৰকাশ কৰে। এই সমাৰোহত ৯ গৰাকী মহিলা কেডেটক দেখি তেওঁ আনন্দিত হৈ পৰে । আই এম এৰ ইতিহাসত এয়া এক বিশেষ মুহূৰ্ত বুলিও তেওঁ অভিহিত কৰে। এয়া কেৱল ভাৰতৰ প্ৰতিৰক্ষা বাহিনীৰ ইতিহাসৰ এক মাইলৰ খুঁটি নহয় , বৰঞ্চ মহিলা নেতৃত্বাধীন উন্নয়নৰ দিশত ভাৰতৰ যাত্ৰাৰ এক প্ৰেৰণাদায়ক উদাহৰণ। অনাগত দিনত আৰু বহু মহিলা কেডেটে একাডেমীত যোগদান কৰিব বুলিও তেওঁ বিশ্বাস প্ৰকাশ কৰে।

ৰাষ্ট্ৰপতিগৰাকীয়ে বন্ধুত্বপূৰ্ণ বিদেশী ৰাষ্ট্ৰৰ কেডেটসকলক অভিনন্দন জ্ঞাপন কৰে। তেওঁলোকে নিজৰ সেৱা আৰু আই এম এত গ্ৰহণ কৰা মূল্যবোধৰ জৰিয়তে নিজৰ সশস্ত্ৰ বাহিনী তথা দেশসমূহলৈ বহু অৰিহণা যোগাব পাৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে।

ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে আই এম এত বিদেশী কেডেটৰ উপস্থিতিয়ে সমগ্ৰ বিশ্বৰ দেশসমূহৰ সৈতে বন্ধুত্ব, সহযোগিতা আৰু শান্তিপূৰ্ণ সম্পৰ্ক গঢ়ি তোলাৰ প্ৰতি ভাৰতৰ দায়বদ্ধতাৰ কথাই প্ৰতিফলিত কৰিছে। এই প্ৰতিষ্ঠানৰ কেডেটসকলে পাৰস্পৰিক বিশ্বাস, বুজাবুজি আৰু পেছাদাৰী বন্ধন গঢ়ি তুলিছে, যিয়ে দেশসমূহৰ মাজত প্ৰতিৰক্ষা সহযোগিতা শক্তিশালী কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে

ৰাষ্ট্ৰপতিগৰাকীয়ে বিষয়া কেডেটসকলক কয় যে তেওঁলোক আমাৰ দেশৰ সাৰ্বভৌমত্ব, ঐক্য আৰু সততাৰ ৰক্ষক। ১৪০ কোটিৰো অধিক নাগৰিকৰ পৱিত্ৰ আস্থা তেওঁলোকে কঢ়িয়াই লৈ ফুৰিছে। তেওঁ বিষয়া কেডেটসকলক সেৱাই যে সৰ্বোচ্চ কৰ্তব্য সেই কথা মনত ৰাখিবলৈ পৰামৰ্শ দিয়ে । তেওঁ কয় যে দ্ৰুতগতিত পৰিৱৰ্তিত নিৰাপত্তা প্ৰত্যাহ্বান, প্ৰযুক্তিগত অগ্ৰগতি আৰু জটিল বিশ্ব পৰিৱেশৰ যুগত ভাৰতীয় সেনাই ভৱিষ্যতৰ প্ৰতি সাজু হৈ থাকিব লাগিব। যুৱ বিষয়াসকলক তেওঁ আজীৱন শিক্ষাৰ্থী, সাহসী সিদ্ধান্ত গ্ৰহণকাৰী আৰু নৈতিকভাবে সবল হ’বলৈ আহ্বান জনায়।

ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে সেনা বিষয়া হিচাপে বিষয়া কেডেটসকলে জোৱানসকলক নেতৃত্ব প্ৰদান , পথ প্ৰদৰ্শন আৰু যত্ন লোৱাৰ দায়িত্ব ল’ব। তেওঁলোকে আদৰ্শ দেখুৱাই নেতৃত্ব দিব লাগিব, আত্মবিশ্বাস জগাই তুলিব লাগিব আৰু দলীয়ভাবে কামকৰাৰ লগতে নিষ্ঠাৰ মনোভাৱক উৎসাহিত কৰিব লাগিব। তেওঁলোকে সৈনিকসকলৰ মংগলৰ বাবে কাৰ্য্যকৰী ফলপ্ৰসূতাৰ মাজত ভাৰসাম্য ৰক্ষা কৰি তেওঁলোকৰ মনত আস্থা গঢ়ি তুলিব লাগিব আৰু তেওঁলোকে নেতৃত্ব দিবলগীয়া ইউনিটসমূহৰ যুদ্ধ ক্ষমতা শক্তিশালী কৰিব লাগিব। তেওঁলোকে সন্মুখৰ পৰা নেতৃত্ব দিব, নিজৰ সৈনিকৰ যত্ন ল’ব আৰু আমাৰ সশস্ত্ৰ বাহিনীৰ উন্নততম পৰম্পৰা ৰক্ষা কৰিব বুলিও ৰাষ্ট্ৰপতিগৰাকীয়ে কয়।



Please click here to see the President's Speech[English]
Please click here to see the President's Speech[Hindi]
***
MJPS/SS/PRK/DM
(रिलीज़ आईडी: 2272608)
आगंतुक पटल : 9