তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
azadi ka amrit mahotsav

কেবিনেট সচিব ড° টিভি সোমনাথনে এনটিএৰ সঞ্চালক প্ৰধানৰ সৈতে নীট পুনৰ পৰীক্ষাৰ প্ৰস্তুতিৰ পৰ্যালোচনা কৰে


পুনৰ পৰীক্ষাৰ সততা বা নিৰৱচ্ছিন্ন পৰিচালনাত বিকৃতি, ব্যাঘাত বা হস্তক্ষেপ কৰাৰ যিকোনো প্ৰচেষ্টাৰ বিৰুদ্ধে আইনৰ সম্পূৰ্ণ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব; কেবিনেট সচিবৰ সকীয়নি

प्रविष्टि तिथि: 12 JUN 2026 6:23PM by PIB Guwahati

কেবিনেট সচিব ড° টিভি সোমনাথনে আজি ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থা (এনটিএ)-ৰ সঞ্চালক প্ৰধানৰ সৈতে অনুষ্ঠিত এখন বৈঠকত নীট পুনৰ পৰীক্ষাৰ প্ৰস্তুতিৰ পৰ্যালোচনা কৰে।

পৰ্যালোচনাৰ সময়ত কেবিনেট সচিবগৰাকীয়ে সংশ্লিষ্ট সকলো অংশীদাৰৰ মাজত ঘনিষ্ঠ সমন্বয়ৰ জৰিয়তে পুনৰ পৰীক্ষাটো সুকলমে, স্বচ্ছভাৱে আৰু সুৰক্ষিতভাৱে অনুষ্ঠিত কৰাটো নিশ্চিত কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। নীট পুনৰ পৰীক্ষা ২১ জুন ২০২৬ত অনুষ্ঠিত হ’ব।

কেবিনেট সচিবগৰাকীয়ে কয়, “নীট পুনৰ পৰীক্ষা সুকলমে অনুষ্ঠিত কৰাটো নিশ্চিত কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ আৰু জিলা প্ৰশাসনে ঘনিষ্ঠ সমন্বয়ৰ ভিত্তিত একেলগে কাম কৰি আছে। পুনৰ পৰীক্ষাৰ সততা বা নিৰৱচ্ছিন্ন পৰিচালনাত যিকোনো ধৰণে বিকৃতি ঘটোৱা, ব্যাঘাত সৃষ্টি কৰা অথবা হস্তক্ষেপ কৰাৰ চেষ্টা কৰা যিকোনো ব্যক্তিৰ বিৰুদ্ধে আইনৰ সম্পূৰ্ণ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব।”

শ্ৰী সোমনাথনে ১ জুন ২০২৬ত কেন্দ্ৰীয় চৰকাৰৰ সচিবসকল আৰু সংশ্লিষ্ট সংস্থাসমূহৰ সৈতে পৰীক্ষা সম্পৰ্কীয় ব্যৱস্থাসমূহৰ পৰ্যালোচনা কৰিছিল। ইয়াৰ পিছত ৪ জুন ২০২৬ত তেওঁ ৰাজ্য চৰকাৰসমূহৰ মুখ্য সচিবসকলৰ সৈতেও এখন পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰি প্ৰস্তুতি আৰু ব্যৱস্থাসমূহৰ অগ্ৰগতিৰ মূল্যায়ন কৰে।

এই বৈঠকসমূহৰ উদ্দেশ্য হৈছে ফলপ্ৰসূ সমন্বয় নিশ্চিত কৰা, প্ৰস্তুতি অধিক শক্তিশালী কৰা আৰু নীট পুনৰ পৰীক্ষা প্ৰক্ৰিয়াৰ সততা আৰু বিশ্বাসযোগ্যতা অটুট ৰখা।

 

 

*****

Mahesh Kumar/ Vivek Vishwash/AA


(रिलीज़ आईडी: 2272309) आगंतुक पटल : 13
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Khasi , Urdu , Marathi , हिन्दी , Punjabi , Gujarati , Odia , Tamil , Kannada , Malayalam