কৃষি মন্ত্ৰালয়
azadi ka amrit mahotsav

ভাৰতীয় আম আমদানিত নেপালে কোনো নিষেধাজ্ঞা আৰোপ কৰা নাই

प्रविष्टि तिथि: 10 JUN 2026 8:04PM by PIB Guwahati

কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ দৃষ্টিগোচৰ হৈছে যে একাংশ সংবাদ মাধ্যমৰ প্ৰতিবেদনত নেপালে ভাৰতৰ পৰা আম আমদানিত নিষেধাজ্ঞা বা স্থগিতাদেশ জাৰি কৰা বুলি প্ৰকাশ পাইছে। এই প্ৰতিবেদনসমূহ তথ্যগতভাৱে ভুল আৰু বিভ্রান্তিকৰ।

নেপাল চৰকাৰে ইয়াৰ উদ্ভিদ কোৱাৰেণ্টাইন আৰু কীটনাশক ব্যৱস্থাপনা কেন্দ্ৰৰ (নেপালৰ ৰাষ্ট্ৰীয় উদ্ভিদ সুৰক্ষা সংস্থা) জৰিয়তে ১০ জুন ২০২৬ ত স্পষ্ট কৰি দিছে যে ভাৰতীয় আম আমদানিৰ ওপৰত কোনো নিষেধাজ্ঞা আৰোপ কৰা হোৱা নাই। উদ্ভিদৰ স্বাস্থ্য সুৰক্ষা সম্পৰ্কীয় নিৰ্ধাৰিত প্ৰয়োজনীয়তা সাপেক্ষে আমদানিৰ অনুমতি অব্যাহত আছে। এই প্ৰয়োজনীয়তাবোৰ মানি চলা আৰু ভাৰত চৰকাৰৰ দ্বাৰা জাৰি কৰা বৈধ উদ্ভিদৰ স্বাস্থ্য সুৰক্ষা সম্পৰ্কীয় প্ৰমাণপত্ৰ দাখিল কৰাৰ পাছত আমদানিৰ অনুমতি আৰু মুকলি কৰি দিয়াৰ নিৰ্দেশনা জাৰি কৰা হৈছে।

নেপাললৈ ভাৰতীয় আমৰ ৰপ্তানি নিৰবচ্ছিন্নভাৱে অব্যাহত আছে। জানুৱাৰী ২০২৬ৰ পৰা, ২০০৫ মেট্ৰিক টন আমসহ মুঠ ১৪৯টা চালান নেপাললৈ ৰপ্তানি কৰা হৈছে। কেৱল জুন ২০২৬ৰ সময়ছোৱাত এতিয়ালৈকে মুঠ ২৬৬ মেট্ৰিক টনৰ ১৮টা চালান ৰপ্তানি কৰা হৈছে।

নেপালে শেহতীয়াকৈ গৰম পানী শোধন (এইচডব্লিউটি) ৰ প্ৰয়োজনীয়তাকে ধৰি কিছুমান আমদানি চৰ্ত সংশোধন কৰিছে যদিও ভাৰতে নিৰ্ধাৰিত প্ৰয়োজনীয়তা অনুসৰি ৰপ্তানি অব্যাহত ৰাখিছে। একে সময়তে ভাৰতে আগতীয়া আলোচনা অবিহনে উদ্ভিদৰ স্বাস্থ্য সুৰক্ষা সম্পৰ্কীয় নতুন ব্যৱস্থা প্ৰৱৰ্তনৰ সন্দৰ্ভত নিজৰ উদ্বেগ প্ৰকাশ কৰিছে আৰু ডব্লিউ টি অ' এছ পি এছ চুক্তি আৰু আন্তঃৰাষ্ট্ৰীয় উদ্ভিদ সুৰক্ষা চুক্তি (আই পি পি চি) পৰিকাঠামো অনুসৰি উপযুক্ত দ্বিপাক্ষিক মাধ্যমৰ জৰিয়তে বিষয়টো আগবঢ়াই নিছে।

অংশীদাৰ, ব্যৱসায়ী আৰু জনসাধাৰণক আমদানি আৰু ৰপ্তানি নিয়মাৱলী সম্পৰ্কীয় তথ্যৰ বাবে চৰকাৰী যোগাযোগৰ ওপৰত নিৰ্ভৰ কৰিবলৈ আৰু নেপাললৈ ভাৰতীয় আম ৰপ্তানিৰ ক্ষেত্ৰত বাণিজ্যিক নিষেধাজ্ঞা সম্পৰ্কে যিকোনো অপ্ৰমাণিত প্ৰতিবেদন উপেক্ষা কৰিবলৈ পৰামৰ্শ দিয়া হৈছে।

*****

RC/MS/HS


(रिलीज़ आईडी: 2271574) आगंतुक पटल : 7
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Bengali , Punjabi , Gujarati , Tamil , Telugu , Kannada , Malayalam