গৃহ মন্ত্ৰালয়
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত দেশে প্ৰথমবাৰৰ বাবে দৰিদ্ৰ কল্যাণ আৰু অভূতপূৰ্ব উন্নয়নৰ সমান্তৰাল প্ৰতিফলন প্ৰত্যক্ষ কৰিছে: কেন্দ্ৰীয় গৃহ মন্ত্ৰী তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহ
প্ৰধানমন্ত্ৰী মোদীয়ে এই ১২ বছৰত এটাও দিন ছুটি নোলোৱাকৈ অক্লান্তভাৱে দেশ আৰু ইয়াৰ নাগৰিকসকলৰ সেৱা কৰি আহিছে
নেতৃত্বৰ স্পষ্ট উদ্দেশ্য, লক্ষ্য হিচাপে ৰাষ্ট্ৰীয় স্বাৰ্থ আৰু সম্পূৰ্ণ উৎসৰ্গিত মনোভাৱ থাকিলেহে এনে পৰিৱৰ্তন সম্ভৱ
प्रविष्टि तिथि:
09 JUN 2026 12:46PM by PIB Guwahati
কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে আজি কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতে যোৱা ১২ বছৰত কল্যাণ, আন্তঃগাঁথনি, সামাজিক নিৰাপত্তা আৰু অৰ্থনৈতিক বিকাশৰ ক্ষেত্ৰত উল্লেখযোগ্য অগ্ৰগতি লাভ কৰিছে।
এক্সৰ এটা পোষ্টত শ্ৰী অমিত শ্বাহে কয়, “এই ঐতিহাসিক দিনটোতে শ্ৰী নৰেন্দ্ৰ মোদী জীয়ে ধাৰাবাহিকভাৱে তৃতীয়টো কাৰ্যকালৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিল। মোদী জীৰ নেতৃত্বত এই ১২ বছৰত দেশে প্ৰথমবাৰৰ বাবে দৰিদ্ৰ কল্যাণ আৰু অভূতপূৰ্ব উন্নয়নৰ সমান্তৰাল প্ৰতিফলন প্ৰত্যক্ষ কৰিছে। ৮০ কোটি লোকক বিনামূলীয়া ৰেচন প্ৰদান কৰাই হওক বা সমগ্ৰ দেশতে ৯০ টাতকৈও অধিক বিমানবন্দৰ আৰু ১৪০ খনতকৈও অধিক বন্দে ভাৰত ৰে’লৰ শুভাৰম্ভ কৰাই হওক; ৪ কোটিতকৈও অধিক দৰিদ্ৰ পৰিয়ালক পকী ঘৰ যোগান ধৰাই হওক বা ১.৪৫ লাখ কিলোমিটাৰ পথ আৰু ৩,০০০ কিলোমিটাৰতকৈও অধিক আধুনিক এক্সপ্ৰেছৱে নিৰ্মাণ কৰাই হওক; ৫০ কোটি লোকক ৫ লাখ টকাৰ স্বাস্থ্য বীমাৰ কভাৰেজ আৰু ১০ কোটিতকৈও অধিক পৰিয়ালক এলপিজি সংযোগ প্ৰদান কৰাই হওক বা ভাৰতক বিশ্বৰ ভিতৰতে আটাইতকৈ দ্ৰুতগতিত বৃদ্ধি পোৱা বৃহৎ অৰ্থনীতিত পৰিণত কৰাই হওক—মোদী জীয়ে এই ১২ বছৰত এটাও দিন ছুটি নোলোৱাকৈ অক্লান্তভাৱে দেশ আৰু ইয়াৰ নাগৰিকসকলৰ সেৱা কৰি আহিছে। নেতৃত্বৰ স্পষ্ট উদ্দেশ্য, লক্ষ্য হিচাপে ৰাষ্ট্ৰীয় স্বাৰ্থ আৰু সম্পূৰ্ণ উৎসৰ্গিত মনোভাৱ থাকিলেহে এনে পৰিৱৰ্তন সম্ভৱ।”
*****
RK/PR/PS/SC/DB
(रिलीज़ आईडी: 2270714)
आगंतुक पटल : 12
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
हिन्दी
,
Bengali
,
Bengali-TR
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam