প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

আহমেদাবাদত অনুষ্ঠিত যোগাসন বিশ্ব চেম্পিয়নশ্বিপত ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

प्रविष्टि तिथि: 04 JUN 2026 7:47PM by PIB Guwahati

নমস্কাৰ!

আজি আহমেদাবাদৰ ভূমিৰ পৰা বিশ্বৰ ক্ৰীড়া ঐতিহ্যত এক নতুন অধ্যায় সংযোজিত হৈছে। আজিৰে পৰা প্ৰথমখন বিশ্ব যোগাসন চেম্পিয়নশ্বিপ আৰম্ভ হৈছে। এই ক্ৰীড়াত ভাগ ল’বলৈ ভাৰতলৈ অহা বিভিন্ন দেশৰ সকলো ক্ৰীড়াবিদক মই উষ্ম আদৰণি জনোৱাৰ লগতে তেওঁলোকক মোৰ শুভকামনা জ্ঞাপন কৰিছো। ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতিপ্ৰাপ্ত চহৰ আহমেদাবাদে এই অনুষ্ঠানৰ আয়োজন কৰিছে, যিটো সমগ্ৰ দেশৰ বাবে গৌৰৱৰ বিষয়। এতিয়াৰ পৰা মাত্ৰ কেইদিনমানৰ পিছত, ২১ জুনত ‘বিশ্ব যোগ দিৱসো’ উদযাপন কৰা হ’ব। সেই দিনা বিভিন্ন দেশত যোগ সম্পৰ্কীয় কাৰ্যসূচী ৰূপায়িত হ’ব, যাৰ মূল কাৰ্যসূচী ভাৰতৰ আন এক ঐতিহাসিক চহৰ কলকাতাত অনুষ্ঠিত হ’ব। এইদৰে বিশ্ব যোগ দিৱসৰ পূৰ্বেই বিশ্ব যোগাসন চেম্পিয়নশ্বিপৰ আগমন ঘটিছে, যিয়ে স্বাস্থ্য আৰু সুস্থতাৰ এক দুগুণ উৎসাহ কঢ়িয়াই আনিছে।

বন্ধুসকল,

প্ৰায় এক দশকৰ আগতে ভাৰতে ৰাষ্ট্ৰসংঘত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ প্ৰস্তাৱ উত্থাপন কৰিছিল। আমাৰ লক্ষ্য আছিল এই প্ৰাচীন ভাৰতীয় পৰম্পৰাক মানৱতাৰ স্বাস্থ্য আৰু সামূহিক কল্যাণৰ সৈতে সংযোগ কৰা। সেই সময়ত ১৯০খন দেশে ভাৰতৰ এই প্ৰস্তাৱক সমৰ্থন কৰিছিল। আজি ই অতি আনন্দৰ বিষয় যে কোটি কোটি মানুহে যোগক তেওঁলোকৰ দৈনিক দিনচৰ্যাৰ এটা অংশ কৰি তুলিছে। ধ্যান আৰু প্ৰাণায়াম তেওঁলোকৰ জীৱনশৈলীৰ এক অপৰিহাৰ্য অংগ হৈ পৰিছে।

কিন্তু বন্ধুসকল,

প্ৰতিটো জীৱন্ত পৰম্পৰাই সময়ৰ লগে লগে নতুন পৰ্যায়ত প্ৰৱেশ কৰে। যোগাসন ক্ৰীড়াৰ এই বিশ্ব চেম্পিয়নশ্বিপে তেনে এক নতুন পৰ্যায়ৰ সূচনা কৰিছে। এই চেম্পিয়নশ্বিপৰ জৰিয়তে যোগাসনে এটা প্ৰতিযোগিতামূলক ক্ৰীড়া হিচাপে স্বীকৃতি লাভ কৰিব। মই নিশ্চিত যে ভৱিষ্যতে যোগাসনে আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতাসমূহত নিজৰ স্থান সুৰক্ষিত কৰিব, লাগিলে সেয়া অলিম্পিকেই হওক বা অন্য বহু-ক্ৰীড়া প্ৰতিযোগিতাই হওক। নিষ্ঠাবান প্ৰচেষ্টাৰ দ্বাৰা ইতিবাচক ফলাফল সম্ভৱ। নিশ্চিতভাৱে, আহমেদাবাদৰ এই প্ৰথমখন বিশ্ব যোগাসন চেম্পিয়নশ্বিপে সেই যাত্ৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।

বন্ধুসকল,

যোগাসন ক্ৰীড়াৰ আন এটা মাত্ৰাও আছে। আমি জানো যে প্ৰতিটো ডাঙৰ ক্ৰীড়াই নিজৰ সৈতে এক সম্পূৰ্ণ পৰিস্থিতিতন্ত্ৰ লৈ আহে। ই নতুন কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰে। যোগাসন ক্ৰীড়াৰ সম্প্ৰসাৰণৰ লগে লগে নতুন সম্ভাৱনাও বৃদ্ধি পাব। ই ক্ৰীড়াবিদসকলৰ লগতে প্ৰশিক্ষক, ক্ৰীড়া বিজ্ঞানী, গৱেষক আৰু ইভেণ্ট মেনেজাৰসকলৰ বাবেও কেৰিয়াৰৰ সুযোগ মুকলি কৰিব।

বন্ধুসকল,

মই আগতেই উল্লেখ কৰাৰ দৰে, এই চেম্পিয়নশ্বিপ এনে এটা সময়ত অনুষ্ঠিত হৈছে যেতিয়া সমগ্ৰ বিশ্বই আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ বাবে প্ৰস্তুতি চলাইছে। এই বছৰ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ মূল বিষয়বস্তু হৈছে ‘সুস্থ বাৰ্ধক্যৰ বাবে যোগ’ । আজিৰ মানুহে দীৰ্ঘদিন ধৰি সুস্থ আৰু সক্ৰিয় হৈ থকাৰ উপায় বিচাৰি ফুৰিছে। ইয়াৰ বাবে যোগ এক অতি উপযুক্ত বিকল্প। যোগে আমাক ভোগ-বিলাসৰ লগতে ৰোগৰ পৰাও মুক্ত কৰে। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল, ন্যূনতম খৰচত সুস্থ জীৱনশৈলী বজাই ৰখাৰ ই এক উত্তম উপায়। গতিকে, এই মন্ত্ৰটো মনত ৰাখিব: দৈনিক যোগে সকলো ৰোগ দূৰ কৰিব।

বন্ধুসকল,

এই দৃষ্টিভংগীক আগুৱাই লৈ ভাৰত চৰকাৰৰ আয়ুষ মন্ত্ৰালয়ে ‘যোগ ৩৬৫’ অভিযান আৰম্ভ কৰিছে। মই এই বিশ্ব যোগাসন চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰা সকলো ক্ৰীড়াবিদক যোগৰ বাৰ্তা আপোনালোকৰ নিজ নিজ দেশলৈ কঢ়িয়াই নিবলৈ আহ্বান জনাইছো। আপোনালোক আপোনালোকৰ দেশত ‘যোগ ৩৬৫’ৰ ৰাষ্ট্ৰদূত হ’ব পাৰে। আপোনালোকৰ অভিজ্ঞতা আৰু যোগৰ প্ৰতি থকা বিশ্বাসে সমগ্ৰ বিশ্বক এই বাৰ্তাৰ সৈতে সংযোগ কৰিব পাৰে।

বন্ধুসকল,

এই প্ৰতিযোগিতাত কোনে জিকিলে সেয়া ডাঙৰ কথা নহয়, এই ঐতিহাসিক অধ্যায়ৰ অংশ হৈ আপোনালোক ইতিমধ্যে চেম্পিয়ন হৈ পৰিছে। আপোনালোকৰ প্ৰতিভা আৰু অনুশাসনে সমগ্ৰ বিশ্বৰ যুৱক-যুৱতীসকলক অনুপ্ৰাণিত কৰিব। এই শুভকামনাৰে, মই বিশ্ব যোগাসন চেম্পিয়নশ্বিপৰ সকলো অংশগ্ৰহণকাৰী আৰু আয়োজকলৈ মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ।

মই ইয়াৰ দ্বাৰা প্ৰথমখন বিশ্ব যোগাসন চেম্পিয়নশ্বিপ ২০২৬, আহমেদাবাদ, আনুষ্ঠানিকভাৱে মুকলি ঘোষণা কৰিলোঁ।

 

***

MJPS/SS/ST/DB


(रिलीज़ आईडी: 2270258) आगंतुक पटल : 43
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Kannada , Malayalam