গৃহ মন্ত্ৰালয়
কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় দপ্তৰৰ মন্ত্ৰী শ্ৰী অমিত শ্বাহৰ সভাপতিত্বত ত্ৰিপুৰাৰ সীমান্ত অঞ্চলৰ সৈতে জড়িত বিষয়সমূহ সন্দৰ্ভত এখন বৈঠক অনুষ্ঠিত হয়
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰত চৰকাৰে সীমান্ত নিৰাপত্তাক সৰ্বোচ্চ অগ্ৰাধিকাৰ হিচাপে লৈ প্ৰতিটো সীমান্ত অঞ্চল শক্তিশালী কৰি তুলিছে
সীমান্ত নিৰাপত্তা কোনো বিচ্ছিন্ন কৰ্তব্য নহয়, বৰঞ্চ ভূখণ্ডৰ দায়িত্ব; ডি এম, এছ পি, সৰ্পঞ্চ, আধুনিক প্ৰযুক্তি আৰু বি এছ এফকে ধৰি এটা সম্পূৰ্ণ নিৰাপত্তা গ্ৰীড গঢ়ি তোলা হ’ব
কেৱল বেৰেই নহয়, স্থানীয় প্ৰশাসন, স্মাৰ্ট প্ৰযুক্তি আৰু বিএছএফকলৈ সম্পূৰ্ণ আঞ্চলিক প্ৰতিৰক্ষাৰ বাবে সীমান্ত গ্ৰীড সৃষ্টি কৰা হ’ব
সীমান্তৰ কাষত বাস কৰা লোকসকলক নিচাযুক্ত দ্ৰব্য আৰু অস্ত্ৰৰ ভাবুকিৰ সৈতে মোকাবিলা কৰিবলৈ প্ৰশিক্ষণ দিবলৈ শিবিৰৰ আয়োজন কৰা হ’ব; শিবিৰসমূহত স্থানীয় আৰক্ষী আৰু বি এছ এফৰ জোৱানৰ উপস্থিতি নিশ্চিত কৰা হ’ব
প্ৰথমে ত্ৰিপুৰাত কাৰ্যকৰী হ’ব এমএইচএৰ চিচিটিভি মডেল; বি এছ এফৰ প্ৰতিটো কেমেৰা উন্নীত কৰি জিলা প্ৰশাসনৰ সৈতে সংযোগ কৰা হ’ব
ড্ৰাগছ আৰু অস্ত্ৰ সৰবৰাহৰ বিৰুদ্ধে সঘনাই অভিযান চলোৱা হ’ব; ড্ৰাগছ সৰবৰাহৰ সমগ্ৰ শৃংখলটোক নিৰ্দয় পদ্ধতিৰে মোকাবিলা কৰা হ’ব
সীমান্ত জিলাসমূহত আৰ্থিক অনুশাসন নিশ্চিত কৰাটো ৰাজ্যসমূহৰ দায়িত্ব; সংগ্ৰাহক আৰু জি এছ টিৰ বিষয়াসকলক প্ৰশিক্ষণ দিয়া হ’ব আৰু চিবিডিটিয়ে জাল মুদ্ৰাৰ বিষয়ে এক জৰীপ চলাব
সীমান্তত বিত্তীয় লেনদেন, ডাঙৰ ডাঙৰ নিৰ্মাণ, সম্পত্তি বিক্ৰী আৰু ক্ৰয়ৰ ক্ষেত্ৰত চোকা দৃষ্টি ৰখা হ’ব; যোৱা পাঁচ বছৰৰ ভূমিৰ তথ্য পৰীক্ষা কৰা হ’ব
प्रविष्टि तिथि:
06 JUN 2026 8:17PM by PIB Guwahati
কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় দপ্তৰৰ মন্ত্ৰী শ্ৰী অমিত শ্বাহৰ অধ্যক্ষতাত ত্ৰিপুৰাৰ সীমান্ত অঞ্চলৰ সৈতে জড়িত বিষয়সমূহ সন্দৰ্ভত এখন বৈঠক অনুষ্ঠিত হয়। ত্ৰিপুৰাৰ শালবাগানত অনুষ্ঠিত হয় এই বৈঠক। সভাত ত্ৰিপুৰাৰ মাননীয় মুখ্যমন্ত্ৰী, ত্ৰিপুৰাৰ মুখ্য সচিব, ডিজিপিকে ধৰি অন্যান্য জ্যেষ্ঠ বিষয়াসকলৰ লগতে ত্ৰিপুৰাৰ আটাইকেইখন সীমান্তৱৰ্তী জিলাৰ জিলা দণ্ডাধীশ তথা আৰক্ষী অধীক্ষকসকল উপস্থিত থাকে। বৈঠকত ৰাজ্য চৰকাৰৰ সৈতে অধিক সমন্বয়ৰে বৰ্ধিত তথা ব্যাপক সীমা ব্যৱস্থাপনাৰ বিষয়ত গুৰুত্ব আৰোপ কৰা হয়।
কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহে কয় যে সীমান্ত সুৰক্ষা কোনো বিচ্ছিন্ন কৰ্তব্য নহয়, বৰঞ্চ এয়া এক ভূখণ্ডীয় দায়িত্ব। তেওঁ জিলা দণ্ডাধীশ, আৰক্ষী অধীক্ষক, সৰ্পঞ্চ, আধুনিক প্ৰযুক্তি আৰু সীমান্ত সুৰক্ষা বাহিনী (বি এছ এফ)কে ধৰি এটা সম্পূৰ্ণ নিৰাপত্তা গ্ৰীড গঢ়ি তোলাৰ প্ৰয়োজনীয়তাৰ বিষয়ত গুৰুত্ব আৰোপ কৰে।
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰত চৰকাৰে সীমান্তৰ নিৰাপত্তাক সৰ্বোচ্চ অগ্ৰাধিকাৰ হিচাপে লৈ প্ৰতিটো সীমান্ত অঞ্চল শক্তিশালী কৰি তুলিছে। শ্ৰী শ্বাহে কয় যে কেৱল বেৰ নিৰ্মাণ কৰাই নহয়, এয়া হৈছে সম্পূৰ্ণ আঞ্চলিক প্ৰতিৰক্ষা — স্থানীয় প্ৰশাসন, স্মাৰ্ট প্ৰযুক্তি আৰু বিএছএফে মিলি সম্পূৰ্ণ সুৰক্ষিত সীমান্ত গ্ৰীডৰ সৃষ্টি কৰিব।
কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে নিৰ্দেশ দিয়ে যে সীমান্তত বাস কৰা লোকসকলক নিচাযুক্ত দ্ৰব্য আৰু অস্ত্ৰ-শস্ত্ৰৰ ভাবুকিৰ সৈতে মোকাবিলা কৰিবলৈ প্ৰশিক্ষণ দিয়াৰ বাবে শিবিৰৰ আয়োজন কৰা হওক। এই শিবিৰসমূহত স্থানীয় আৰক্ষী আৰু বি এছ এফৰ জোৱানৰ উপস্থিতি নিশ্চিত কৰিবলৈও তেওঁ নিৰ্দেশ দিয়ে।
কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্বাহে নিৰ্দেশ দিয়ে যে প্ৰথমে ত্ৰিপুৰাত গৃহ মন্ত্ৰালয়ৰ চিচিটিভি মডেল ৰূপায়ণ কৰক আৰু বিএছএফৰ প্ৰতিটো কেমেৰা উন্নীতকৰণ কৰি জিলা প্ৰশাসনৰ সৈতে সংযোগ স্থাপন কৰা হওঁক।
শ্ৰী অমিত শ্বাহে কয় যে ড্ৰাগছ আৰু অস্ত্ৰ সৰবৰাহৰ বিৰুদ্ধে সঘনাই অভিযান চলাব লাগে আৰু ড্ৰাগছ সৰবৰাহৰ ক্ষেত্ৰত সহায় আগবঢ়োৱা সমগ্ৰ শৃংখলটোক নিৰ্দয় পন্থাৰে মোকাবিলা কৰিব লাগে।
কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয় যে সীমান্ত জিলাসমূহত আৰ্থিক অনুশাসন নিশ্চিত কৰাটো ৰাজ্যসমূহৰ দায়িত্ব। তেওঁ সংগ্ৰাহক আৰু জিএছটিৰ বিষয়াসকলক প্ৰশিক্ষণ দিবলৈ নিৰ্দেশ দিয়ে আৰু কেন্দ্ৰীয় প্ৰত্যক্ষ কৰ ব’ৰ্ড (চিবিডিটি)ক জাল মুদ্ৰাৰ বিষয়ত এক জৰীপ চলাবলৈ নিৰ্দেশ দিয়ে।
শ্ৰী শ্বাহে সীমান্তত বিত্তীয় লেনদেন, ডাঙৰ ডাঙৰ অট্টালিকা নিৰ্মাণ, আৰু সম্পত্তি বিক্ৰী আৰু ক্ৰয়ৰ ক্ষেত্ৰত চোকা দৃষ্টি ৰাখিবলৈ আহ্বান জনায় আৰু যোৱা পাঁচ বছৰৰ ভূমিৰ তথ্য পৰীক্ষা কৰিবলৈ নিৰ্দেশ দিয়ে।
বৈঠকত এই কথাত গুৰুত্ব আৰোপ কৰা হয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰত চৰকাৰ সীমান্ত অঞ্চলৰ সামগ্ৰিক উন্নয়ন তথা সুৰক্ষাৰ বাবে কেন্দ্ৰীয় আৰু ৰাজ্যিক সংস্থাসমূহৰ মাজত ঘনিষ্ঠ সহযোগিতাক প্ৰসাৰিত কৰাৰ সমান্তৰালভাৱে আন্তঃৰাষ্ট্ৰীয় সীমান্তত উচ্চ মানৰ নিৰাপত্তা নিশ্চিত কৰাৰ বাবে দৃঢ়তাৰে প্ৰতিশ্ৰুতিবদ্ধ হৈ আছে।
****
RK/RR/PR/PS/DM
(रिलीज़ आईडी: 2269941)
आगंतुक पटल : 8