গৃহ মন্ত্ৰালয়
azadi ka amrit mahotsav

পদ্ম বঁটা-২০২৭ৰ মনোনয়ন প্ৰক্ৰিয়া ২০২৬ চনৰ ৩১ জুলাইলৈকে মুকলি থাকিব

प्रविष्टि तिथि: 05 JUN 2026 3:44PM by PIB Guwahati

২০২৭ চনৰ গণৰাজ্য দিৱসত ঘোষণা কৰিবলগীয়া পদ্ম বঁটাৰ বাবে মনোনয়ন/পৰামৰ্শ ২০২৬ চনৰ ১৫ মাৰ্চৰ পৰা আৰম্ভ হৈছে। পদ্ম বঁটাৰ বাবে মনোনয়ন দাখিলৰ শেষ তাৰিখ ৩১ জুলাই, ২০২৬। পদ্ম বঁটাৰ বাবে মনোনয়ন/পৰামৰ্শ কেৱল ৰাষ্ট্ৰীয় পুৰস্কাৰ পৰ্টেলত (https://awards.gov.in) অনলাইনযোগে গ্ৰহণ কৰা হ’ব।

দেশৰ সৰ্বোচ্চ অসামৰিক বঁটাৰ ভিতৰত অন্যতম পদ্ম বঁটাৰ ভিতৰত আছে ক্ৰমে পদ্ম বিভূষণ, পদ্ম ভূষণ, পদ্মশ্ৰী। ১৯৫৪ চনৰ পৰা প্ৰৱৰ্তন কৰা এই বঁটাসমূহ প্ৰতিবছৰে গণৰাজ্য দিৱসত ঘোষণা কৰা হয়। এই বঁটা "বিশিষ্ট কৰ্মৰাজি"ক স্বীকৃতি দিবলৈ দিয়া হয় আৰু ইয়াৰ জৰিয়তে শিল্প, সাহিত্য আৰু শিক্ষা, ক্ৰীড়া, চিকিৎসা, সমাজসেৱা, বিজ্ঞান আৰু অভিযান্ত্ৰিক, জনসংযোগ, অসামৰিক সেৱা, বাণিজ্য আৰু উদ্যোগকে ধৰি সকলো ক্ষেত্ৰতে বিশিষ্ট আৰু ব্যতিক্ৰমী কৃতিত্ব/সেৱাৰ বাবে প্ৰদান কৰা হয়। জাতি, বৃত্তি, পদ, লিংগ নিৰ্বিশেষে সকলো ব্যক্তিয়েই এই বঁটাৰ বাবে যোগ্য। চিকিৎসক আৰু বিজ্ঞানীক বাদ দি ৰাজহুৱা খণ্ডৰ উদ্যোগত কৰ্মৰত চৰকাৰী কৰ্মচাৰী পদ্ম বঁটাৰ বাবে যোগ্য নহয়।

পদ্ম বঁটাক "জনতাৰ পদ্ম" হিচাপে গঢ়ি তুলিবলৈ চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ। গতিকে সকলো নাগৰিককে স্ব-মনোনয়নকে ধৰি মনোনয়ন/পৰামৰ্শ আগবঢ়াবলৈ অনুৰোধ জনোৱা হ'ল। মহিলা, সমাজৰ প্ৰত্যন্ত  শ্ৰেণী, অনুসূচিত জাতি আৰু অনুসূচিত জনজাতি, বিশেষভাৱে সক্ষম ব্যক্তি আৰু সমাজৰ প্ৰতি নিস্বাৰ্থভাৱে আগবঢ়োৱা সেৱা, যাৰ উৎকৃষ্টতা তথা কৃতিত্ব সঁচা অৰ্থত স্বীকৃতিৰ যোগ্য, তেনে ব্যক্তিৰ মাজৰ পৰা প্ৰতিভাৱান ব্যক্তিক চিনাক্ত কৰাৰ বাবে একত্ৰিত প্ৰচেষ্টা চলাব লাগে।

মনোনয়ন/পৰামৰ্শত ওপৰত উল্লেখ কৰা পৰ্টেলত উপলব্ধ সকলো বিন্যাসত নিৰ্দিষ্ট কৰা সকলো প্ৰাসংগিক বিৱৰণ অন্তৰ্ভুক্ত কৰিব লাগে, সংশ্লিষ্ট ক্ষেত্ৰ/বিষয়ত পৰামৰ্শ দিয়া ব্যক্তিজনৰ বিশিষ্ট আৰু ব্যতিক্ৰমী কৃতিত্ব/সেৱাসমূহ স্পষ্টভাৱে প্ৰতিফলিত কৰিব লাগে।

এই সন্দৰ্ভত বিতং তথ্য গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ ৱেবছাইট (https://mha.gov.in) আৰু পদ্ম বঁটা পৰ্টেল (https://padmaawards.gov.in)ত ‘বঁটা আৰু পদক’ শিৰোনামৰ অধীনত উপলব্ধ। এই বঁটাসমূহৰ সৈতে জড়িত নিয়ম-নীতিসমূহ https://padmaawards.gov.in/AboutAwards.aspx ৱেবছাইটত পোৱা যাব।

 

 

***

 

RK/RR/PR/PS/KD


(रिलीज़ आईडी: 2269633) आगंतुक पटल : 9
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Tamil , English , Urdu , हिन्दी , Marathi , Bengali , Gujarati , Kannada , Malayalam