ভাৰতীয় নিৰ্বাচন আয়োগ
azadi ka amrit mahotsav

নিৰ্বাচনী প্ৰচাৰত সংবাদ মাধ্যমৰ বাবে বিশ্বৰ সৰ্বশ্ৰেষ্ঠ আচৰণ সন্দৰ্ভত ই চি আই-ৰ আন্তঃৰাষ্ট্ৰীয় সন্মিলনৰ আয়োজন

प्रविष्टि तिथि: 03 JUN 2026 4:17PM by PIB Guwahati

১.  ভাৰতীয় নিৰ্বাচন আয়োগে (ই চি আই) নতুন দিল্লীৰ ইণ্ডিয়া ইণ্টাৰনেশ্যনেল ইনষ্টিটিউট অৱ ডেমোক্ৰেচি এণ্ড ইলেকচন মেনেজমেণ্ট (আই আই আই ডি ই এম) ত ২০২৬ চনৰ ৩-৪ জুন তাৰিখে নিৰ্বাচনী প্ৰক্ৰিয়া আৰু প্ৰচাৰত সংবাদ মাধ্যমৰ বাবে বিশ্বৰ সৰ্বশ্ৰেষ্ঠ আচৰণ আৰু উদ্ভাৱন সন্দৰ্ভত দুদিনীয়া আন্তঃৰাষ্ট্ৰীয় সন্মিলনৰ আয়োজন কৰিছে।

২.   সন্মিলনত মুখ্য ভাষণ প্ৰদান কৰি মুখ্য নিৰ্বাচন আয়ুক্ত শ্ৰী জ্ঞানেশ কুমাৰে কয় যে ভাৰতৰ নিৰ্বাচন আয়োগে ১০০ কোটিৰো অধিক ভোটদাতাৰ সৈতে নিৰবিচ্ছিন্ন সংযোগ নিশ্চিত কৰিবলৈ বিএলঅ’ আৰু বিএলএকে ধৰি তৃণমূল পৰ্যায়ৰ কৰ্মীসকলক প্ৰশিক্ষণ প্ৰদান কৰে। তেওঁ লগতে কয় যে নিৰ্বাচনী প্ৰক্ৰিয়াৰ ওপৰত ভোটদাতাসকলৰ বিশ্বাস শেহতীয়াকৈ অনুষ্ঠিত ৰাজ্যিক বিধানসভাৰ সাধাৰণ নিৰ্বাচনত তেওঁলোকৰ সৰ্বাধিক অংশগ্ৰহণৰ জৰিয়তে প্ৰতিফলিত হৈছিল।

৩.   ডি ই অ’, ই আৰ অ’, বিষয়বস্তু বিশেষজ্ঞ, শিক্ষাবিদ, গৱেষক আৰু নিৰ্বাচনী সাক্ষৰতা ক্লাবৰ (ই এল চি) সদস্যসহ ৪৮০ ৰো অধিক অংশগ্ৰহণকাৰীয়ে এই সন্মিলনত অংশগ্ৰহণ কৰিছে।

৪.    এই সন্মিলনখনে গণতন্ত্র আৰু নিৰ্বাচনীৰ ব্যৱস্থাপনা সন্দৰ্ভত ভাৰত আন্তঃৰাষ্ট্ৰীয় সন্মিলনত গ্ৰহণ কৰা দিল্লী ঘোষণাপত্ৰৰ অধীনত গ্ৰহণ কৰা চূড়ান্ত বিষয়গত প্ৰতিবেদনত অৰিহণা যোগোৱাৰ লক্ষ্যৰে নিৰ্বাচন ব্যৱস্থাপনাৰ বিভিন্ন মাত্ৰাত আন্তঃৰাষ্ট্ৰীয় অভিজ্ঞতা, আৰ্হিৰ মান আৰু সৰ্বশ্ৰেষ্ঠ আঁচৰণসমূহ নথিভুক্ত কৰা বাস্তৱমুখী বিশ্ব জ্ঞান সম্পদসমূহ বিকশিত কৰাৰ চেষ্টা কৰিছে।

৫.   এই আলোচনাত সংবাদ মাধ্যমৰ প্ৰচাৰৰ মূল বিষয়সমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ’ব, যাৰ ভিতৰত আছে ভুল তথ্য আৰু অপপ্ৰচাৰ, কৃত্রিম বুদ্ধিমত্তাৰ দ্বাৰা সৃষ্ট ডিপফেক আৰু কৃত্রিম মাধ্যম, অ-স্বচ্ছ ডিজিটেল ৰাজনৈতিক বিজ্ঞাপন আৰু মঞ্চ প্ৰশাসন।

৬. দিল্লীৰ মুখ্য নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ে আইআইআইডিইএম আৰু দিল্লী প্ৰযুক্তি বিশ্ববিদ্যালয় (ডিটিইউ) ৰ সহযোগত ভাৰতৰ ২০২৬ চনৰ আন্তঃৰাষ্ট্ৰীয় গণতন্ত্ৰ আৰু নিৰ্বাচনী সহায় প্ৰতিষ্ঠান (আন্তঃৰাষ্ট্ৰীয় আইডিইএ) ৰ অধ্যক্ষতাত এই দুদিনীয়া সন্মিলনৰ আয়োজন কৰিছে।

 

**********

PK/GDH/RP/DD


(रिलीज़ आईडी: 2268943) आगंतुक पटल : 8
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Urdu , English , हिन्दी , Marathi , Bengali , Gujarati , Tamil , Malayalam