ৰাষ্ট্ৰপতি সচিবালয়
ভাৰতৰ ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰিলে জনজাতীয় পৰিক্ৰমা মন্ত্ৰালয়ৰ ফ্লেগশ্বিপ বৃত্তি আঁচনিৰ হিতাধিকাৰীৰ এটা দলে
শিক্ষা আৰু প্ৰযুক্তিৰ শক্তিৰ বিষয়ত অগ্ৰগতি লাভ কৰক, আপোনালোকৰ ঐতিহ্যকলৈ গৌৰৱ কৰক আৰু শক্তিশালী, সমৃদ্ধিশালী তথা আত্মনিৰ্ভৰশীল ভাৰত গঢ়ি তোলক: যুৱক-যুৱতীসকলক উদ্দেশ্যি ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ আহ্বান
प्रविष्टि तिथि:
02 JUN 2026 1:51PM by PIB Guwahati
জনজাতি পৰিক্ৰমা মন্ত্ৰালয়ৰ ফ্লেগশ্বিপ বৃত্তি আঁচনিৰ হিতাধিকাৰীৰ এটা দলে আজি (২ জুন, ২০২৬) ভাৰতৰ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুক ৰাষ্ট্ৰপতি ভৱনত সাক্ষাৎ কৰে।

হিতাধিকাৰীসকলক সম্বোধন কৰি ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে আমাৰ দেশত প্ৰতিভাৰ অভাৱ নাই। প্ৰয়োজন মাথোঁ সঠিক পথ প্ৰদৰ্শন কৰা , সমৰ্থন তথা উপযুক্ত মঞ্চ প্ৰদান কৰা। হিতাধিকাৰীসকলে এই কথাৰ প্ৰমাণ দিছে যে সুযোগ পালে আমাৰ গাঁও, দুৰ্গম অঞ্চল, আৰু জনজাতীয় অঞ্চলৰ পৰাও এনে যুৱক-যুৱতী ওলাই আহিব পাৰে যিয়ে ভাৰতৰ বাবে গৌৰৱ কঢ়িয়াই আনিব পাৰে।

ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে ভাৰত চৰকাৰে জনজাতীয় জনগোষ্ঠীৰ অন্তৰ্গত যুৱক-যুৱতীসকলৰ সবলীকৰণ আৰু উন্নীতকৰণৰ বাবে বিভিন্ন আঁচনিৰ জৰিয়তে নিৰন্তৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। বৃত্তি আঁচনি কেৱল আৰ্থিক সাহায্যৰ মাধ্যমেই নহয়, ই যৌৱনৰ সপোনক ডেউকা দিয়াৰ বাহন হিচাপে কাম কৰে। বৃত্তিৰ দ্বাৰা অপৰিসীম প্ৰতিভাৰ অধিকাৰী কিন্তু সম্পদৰ অভাৱত আগবাঢ়ি যোৱাত বাধা পোৱা যুৱক-যুৱতীসকলৰ জীৱনত নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি হয়।

ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে শিক্ষা সবলীকৰণৰ এক গুৰুত্বপূৰ্ণ আহিলা। শিক্ষাইহে ব্যক্তিক আত্মনিৰ্ভৰশীল, সচেতন আৰু সক্ষম কৰি তোলাৰ ক্ষমতা প্ৰদান কৰে। ৰাষ্ট্ৰপতিগৰাকীয়ে তেওঁৰ জীৱন যাত্ৰাতো শিক্ষাই মুখ্য ভূমিকা গ্ৰহণ কৰিছে বুলি উল্লেখ কৰে। সীমিত সম্পদ থকাৰ পিছতো ডাঙৰ সপোন দেখাৰ সাহস কৰা সেই শিশুসকলৰ বাবে যুৱক-যুৱতীসকলৰ শিক্ষা তথা অভিজ্ঞতাই প্ৰেৰণা হিচাপে কাম কৰিব লাগিব বুলিও তেওঁ কয় । তেওঁ কয় যে যেতিয়া তেওঁলোকে আগবাঢ়ি যাব, আনকো লগত লৈ যাব, তেতিয়াহে দেশৰ সৰ্বাংগীন উন্নয়ন বাস্তৱত পৰিণত হ’ব।
ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে যুৱক-যুৱতীসকলে আমাৰ দেশৰ শক্তি, আশা আৰু উজ্জ্বল ভৱিষ্যতক প্ৰতিনিধিত্ব কৰে। বিশেষকৈ জনজাতীয় সম্প্ৰদায়ৰ যুৱক-যুৱতীসকলক নিজৰ শিপা আৰু নিজৰ মানুহক পাহৰি নাযাবলৈ তেওঁ আহ্বান জনায়। শিক্ষা আৰু প্ৰযুক্তিৰ বলত যেতিয়া যুৱক-যুৱতীসকলে নিজৰ ঐতিহ্যক লৈ গৌৰৱ কৰি আগবাঢ়ি যাব তেতিয়া তেওঁলোকে এখন শক্তিশালী, সমৃদ্ধিশালী, আৰু স্বাৱলম্বী ভাৰত গঢ়ি তুলিব পাৰিব বুলিও তেওঁ কয়। তেওঁ লগতে কয় যে ২০৪৭ চনৰ ভিতৰত ভাৰতক বিকশিত ভাৰতলৈ ৰূপান্তৰিত কৰিবলৈ আমি আগবাঢ়িছো।এই লক্ষ্যত উপনীত হোৱাত যুৱক-যুৱতীসকলে উল্লেখযোগ্য ভূমিকা পালন কৰিব। তেওঁলোকে যিটো ক্ষেত্ৰত কাম কৰিবলৈ লয়, সেই ক্ষেত্ৰতে সমাজ আৰু দেশৰ উন্নয়নৰ দিশত সক্ৰিয় অৱদান আগবঢ়াব পাৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে।
Please click here to see the President's Speech-
***
MJPS/SS/PRK/DM
(रिलीज़ आईडी: 2268171)
आगंतुक पटल : 12