পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়
পশ্চিম এছিয়াৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত আন্তঃমন্ত্ৰালয়ৰ সংবাদমেল
জৰুৰীকালীন ঋণ লাইন নিশ্চয়তা আঁচনি (ইচিএলজিএছ) ৫.০-এ পশ্চিম এছিয়াৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি যোগ্য ব্যৱসায়িক ঋণগ্ৰহণকাৰীসকলক অতিৰিক্ত ঋণ সমৰ্থন প্ৰদানৰ বাবে মুঠ অতিৰিক্ত ঋণ প্ৰবাহ ২,৫৫,০০০ কোটি টকা (বিমান সংস্থাৰ বাবে ৫,০০০ কোটি টকাকে ধৰি) স্থিৰ কৰিছে
খাদ্যশস্য আৰু মাহজাতীয় শস্য উৎপাদনৰ তথ্যই শক্তিশালী উপলব্ধতাৰ কথা প্ৰতিফলিত কৰিছে; মূল শ্ৰেণীৰ খাদ্য সমূহৰ মূল্য সুস্থিৰ হৈ আছে
চৰকাৰে খাদ্যশস্যৰ মজুত সুন্দৰভাবে অব্যাহত ৰাখিছে;খোৱাতেলৰ ঘৰুৱা উপলব্ধতা পৰ্যাপ্ত হৈয়েই আছে, যিটো নিয়মীয়া আমদানি, ঘৰুৱা উৎপাদন আৰু বৰ্তমানৰ মজুতৰ দ্বাৰা সমৰ্থিত হৈছে
ভাৰতৰ সাৰৰ স্থিতি শক্তিশালী, সুস্থিৰ আৰু সুপৰিচালিত হৈ আছে, সকলো প্ৰধান সাৰৰ ক্ষেত্ৰত উপলব্ধ পৰিমাণে চাহিদাক অতিক্ৰম কৰিছে
যোৱা ৩ দিনৰ ভিতৰত প্ৰায় ১.২১ কোটি এল পি জি চিলিণ্ডাৰৰ বুকিঙৰ বিপৰীতে প্ৰায় ১.২২ কোটি এল পি জি চিলিণ্ডাৰ যোগান ধৰা হৈছে
দেশৰ সকলো পেট্ৰ’ল পাম্পতে পেট্ৰ’ল আৰু ডিজেল পৰ্যাপ্ত মাত্ৰাত মজুত আছে; মে’-২৬ ৰ ভিতৰত বহু জিলাত পেট্ৰ’ল আৰু ডিজেলৰ বিক্ৰী ৩০%তকৈ অধিক বৃদ্ধি পাইছে।
অঞ্চলটোত জাহাজ সেৱা সুস্থিৰ তথা কাৰ্যক্ষম হৈ আছে; হৰমুজৰ পূব দিশত আৰু লোহিত সাগৰৰ মাজেৰে চলি থকা সেৱাৰ সংখ্যা ফেব্ৰুৱাৰী মাহত ১২৭ ৰ পৰা এপ্ৰিল মাহত ২৫৭ লৈ বৃদ্ধি পাইছে, মে’ মাহত ২৪৫ সেৱা ৰেকৰ্ড কৰা হৈছে
পোষ্ট কৰা হৈছে:
01 JUN 2026 6:02PM by PIB Guwahati
পশ্চিম এছিয়াৰ বিকাশশীল পৰিস্থিতিৰ মাজতে ভাৰত চৰকাৰে নিয়মীয়াকৈ তথ্য যোগানৰ জৰিয়তে নাগৰিকসকলক পৰিস্থিতিৰ বিষয়ে অৱগত কৰি ৰখাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। এই সন্দৰ্ভত আজি ৰাষ্ট্ৰীয় সংবাদ মাধ্যম কেন্দ্ৰত এখন সংবাদমেল অনুষ্ঠিত হয়, য’ত পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ, বন্দৰ, জলপথ আৰু জাহাজ পৰিবহণ মন্ত্ৰালয়ৰ বিষয়াসকলে ইন্ধনৰ উপলব্ধতা আৰু মূল খণ্ডসমূহৰ মাজত স্থিতিশীলতা বজাই ৰাখিবলৈ গ্ৰহণ কৰা ব্যৱস্থাসমূহৰ বিষয়ে তথ্য প্ৰদান কৰে। ৰাসায়নিক আৰু সাৰ মন্ত্ৰালয়, গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰালয়, বিত্তীয় সেৱা বিভাগ, বিত্ত মন্ত্ৰালয়েও এই প্ৰসংগত সংবাদ মাধ্যমক নানান কথা অৱগত কৰে।
জৰুৰীকালীন ঋণ লাইন নিশ্চয়তা আঁচনি (ইচিএলজিএছ) ৫.০
বিত্তীয় সেৱা বিভাগে লক্ষ্য কৰিছে যে কেন্দ্ৰীয় কেবিনেটে জৰুৰীকালীন ঋণ লাইন নিশ্চয়তা আঁচনি (ইচিএলজিএছ) ৫.০ত অনুমোদন জনাইছে। এই আঁচনিখনৰ লক্ষ্য হৈছে পশ্চিম এছিয়াৰ সংকটৰ প্ৰতি লক্ষ্য ৰাখি যিকোনো হ্ৰস্বম্যাদী তাৰল্যৰ যোগ্য ঋণগ্ৰহণকাৰীসকলক প্ৰদান কৰা অতিৰিক্ত ঋণৰ সুবিধাৰ অধীনত ডিফল্ট হোৱা ধনৰ বাবে নেশ্যনেল ক্ৰেডিট গ্যাৰাণ্টী ট্ৰাষ্টী কোম্পানী লিমিটেডে (এনচিজিটিচি) সদস্য ঋণ প্ৰদানকাৰী প্ৰতিষ্ঠানসমূহক (এমএলআই)ক এমএছএমইৰ বাবে ১০০% আৰু অ-এমএছএমইৰ লগতে বিমান সংস্থাৰ বাবে ৯০% ক্ৰেডিট নিশ্চয়তা প্ৰদান কৰা।
আঁচনিখনৰ উল্লেখযোগ্য বৈশিষ্ট্যসমূহ:
• যোগ্য ঋণগ্ৰহণকাৰী: বৰ্তমানৰ কাৰ্য্যকৰী মূলধনৰ সীমা থকা এমএছএমই আৰু অ-এমএছএমই তথা নিৰ্ধাৰিত বিমান সংস্থাসমূহ, ২০২৬ চনৰ ৩১ মাৰ্চলৈকে, যদিহে তেওঁলোকৰ একাউণ্ট নিৰ্দিষ্ট মান সম্পন্ন হৈ থাকে।
• নিশ্চয়তা আৱৰণ : এম এছ এম ইৰ বাবে ১০০% আৰু অ-এম এছ এম ইৰ লগতে বিমান সংস্থাৰ বাবে ৯০%।
• নিশ্চয়তা মাচুল: শূন্য।
• সাহায্যৰ পৰিমাণ: ২৬ বিত্তীয় বৰ্ষৰ চতুৰ্থ ত্ৰৈমাসিকৰ সময়ছোৱাত ব্যৱহৃত শীৰ্ষ কাৰ্য্যকৰী মূলধনৰ ২০% পৰ্যন্ত অতিৰিক্ত ঋণ (১০০ কোটি টকাৰ সীমা)। ১০০% পৰ্যন্ত বিমান সংস্থাসমূহৰ বাবে (কিছুমান নিৰ্দিষ্ট চৰ্ত পূৰণৰ অধীনত প্ৰতিজন ঋণগ্ৰহণকাৰীৰ বাবে ১৫০০ কোটি টকাৰ সীমা নিৰ্ধাৰণ কৰা হৈছে)।
• ঋণৰ সময়সীমা :
এম এছ এম ই/অ এম এছ এম ইৰ বাবে (বিমান সংস্থা খণ্ডৰ বাহিৰে): ১ বছৰৰ মৰেটৰিয়ামকে ধৰি প্ৰথম বিতৰণৰ তাৰিখৰ পৰা ৫ বছৰলৈ।
বিমান সংস্থাৰ বাবে: ২ বছৰৰ মৰেটৰিয়ামকে ধৰি প্ৰথম বিতৰণৰ তাৰিখৰ পৰা ৭ বছৰলৈ।
• নিশ্চয়তা আৱৰণৰ কাৰ্যকাল: নিশ্চয়তা আৱৰণৰ সৰ্বোচ্চ সময়সীমা ঋণৰ সময় সীমাৰ সৈতে একে হ’ব।
• আঁচনিখনৰ সময়সীমা: এনচিজিটিচিয়ে এই নিৰ্দেশনাসমূহ জাৰি কৰাৰ তাৰিখৰ পৰা ৩১.০৩.২০২৭ পৰ্যন্ত সময়ছোৱাত অনুমোদিত সকলো ঋণৰ ক্ষেত্ৰত এই আঁচনি প্ৰযোজ্য হ’ব
প্ৰভাৱ:
এই আঁচনিৰ লক্ষ্য হৈছে পশ্চিম এছিয়াৰ সংকটৰ পৰা উদ্ভৱ হোৱা প্ৰত্যাহ্বানসমূহৰ ক্ষেত্ৰত ব্যৱসায়ীসকলক মোকাবিলা কৰিবলৈ সক্ষম কৰা। ইয়াৰ উপৰি ইয়াৰ দ্বাৰা ব্যৱসায়ীসকলক তেওঁলোকৰ কাৰ্য্যকলাপ অব্যাহত ৰখা, চাকৰি সুৰক্ষিত কৰা আৰু যোগান শৃংখল বজাই ৰখাত সহায়ক হ’ব বুলি আশা কৰা হৈছে। প্ৰস্তাৱিত ঋণ নিশ্চয়তা আঁচনিখন ব্যৱসায়ীসকলক বিশেষকৈ এম এছ এম ই আৰু বিমান সংস্থা খণ্ডক তেওঁলোকৰ অতিৰিক্ত কাৰ্য্যকৰী মূলধনৰ প্ৰয়োজনীয়তা বেংক আৰু এফ আইৰ দ্বাৰা পূৰণ কৰাটো নিশ্চিত কৰাত সহায় কৰাৰ এক ডাঙৰ পদক্ষেপ। সময়মতে তাৰল্য প্ৰদান কৰি এই আঁচনিখনে ব্যৱসায়িক প্ৰতিষ্ঠানসমূহক বৰ্তাই ৰাখিব আৰু চাকৰি হেৰুওৱাৰ ভয় দূৰ কৰিব। ইয়াৰ উপৰি ই নিৰৱচ্ছিন্ন ঘৰুৱা উৎপাদনক প্ৰসাৰিত কৰিব আৰু পৰিৱেশ তন্ত্ৰৰ স্থিতিস্থাপকতা বজাই ৰাখিব।
অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ মূল্য আৰু উপলব্ধতা
গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰালয়ৰ গ্ৰাহক পৰিক্ৰমা বিভাগে দেশৰ ৫৭৮টা কেন্দ্ৰৰ পৰা ৰিপৰ্ট কৰা ৪০টা খাদ্য সামগ্ৰীৰ দৈনিক মূল্য নিৰীক্ষণ কৰে। বিভাগটোৱে জনোৱা মতে:
• চলি থকা ভূ-ৰাজনৈতিক উত্তেজনাৰ মাজতে ভাৰতৰ খাদ্য মূল্যৰ স্থিতিশীলতাক ২০২৫-২৬ চনত ৩,৭৬৬ লাখ মেট্ৰিক টনৰ অভিলেখ খাদ্য শস্য উৎপাদনে সমৰ্থন কৰিছে, যিটো ২০২৪-২৫ চনত ৩,৫৭৭ লাখ মেট্ৰিক টনতকৈ ৫.২% বেছি আৰু ২০২৩-২৪ চনৰ মাত্ৰাৰ তুলনাত প্ৰায় ১৩% বেছি। শস্য আৰু দাইল উভয়তে উচ্চ উৎপাদনে উপলব্ধতাৰ চিন্তা লাঘৱ কৰিছে আৰু অদূৰম্যাদী মূল্যৰ স্থিতিশীলতাত অৰিহণা যোগাইছে।
• ২০২৫-২৬ চনত মুঠ দাইল উৎপাদন অভিলেখ ২৭৪.০৯ লাখ মেট্ৰিক টন বুলি অনুমান কৰা হৈছে; পূৰ্বৰ বছৰৰ ~২৫৭ লাখ মেট্ৰিক টনতকৈ ৬.৭% বৃদ্ধি আৰু ২০২৩-২৪ চনৰ ভিতৰত ২৪২ লাখ মেট্ৰিক টনৰ পৰা প্ৰায় ১৩% বেছি। ২০২৪-২৫ চনৰ পৰা ২০২৫-২৬ চনৰ ভিতৰত সকলো ডাঙৰ দাইলৰ উৎপাদন বৃদ্ধি পোৱা দেখা গৈছে। পূৰ্বৰ ১১১ লাখ মেট্ৰিক টনৰ তুলনাত চানাৰ উৎপাদন ১২.৬% যথেষ্ট বৃদ্ধি পাই ১২৫.১৪ লাখ মেট্ৰিক টন হৈছে। ৪২.৪৪ লাখ মেট্ৰিক টনৰ পৰা প্ৰায় ৬% বৃদ্ধি পাই ৪৪.৯২ লাখ মেট্ৰিক টন হৈছে। মচুৰ দাইলৰ উৎপাদন প্ৰায় ৭% বৃদ্ধি পাইছে, ১৬.৫৪ লাখ মেট্ৰিক টনৰ পৰা ১৭.৬২ লাখ মেট্ৰিক টনত উপনীত হৈছে, যিয়ে প্ৰধান দাইল জাতীয় শস্যসমূহৰ বৃদ্ধিক প্ৰতিফলিত কৰিছে।
• ঘৰুৱা উৎপাদন বৃদ্ধিৰ ফলত পালছৰ আমদানি হ্ৰাস পাইছে। ২০২৪-২৫ বিত্তীয় বৰ্ষত ৭৩ লাখ মেট্ৰিক টনৰ পৰা ২০২৫-২৬ বিত্তীয় বৰ্ষত ৬০ লাখ মেট্ৰিক টনলৈ পালছৰ আমদানি হ্ৰাস পাইছে, যাৰ ফলত আমদানিৰ বিলৰ পৰিমাণ প্ৰায় ৩০% হ্ৰাস পাইছে। ২০২৫-২৬ বিত্তীয় বৰ্ষত বুটৰ আমদানি পূৰ্বৰ বছৰৰ ১৫.০৬ লাখ মেট্ৰিক টনৰ তুলনাত ~৫১% হ্ৰাস পাইছে। পালছৰ বাবে বিনামূলীয়া আমদানি নীতি অব্যাহত থকাৰ পিছতো এই হ্ৰাস ঘটিছে, ইয়াৰ পৰা বুজা যায় যে এই মধ্যমীয়া মূলতঃ ঘৰুৱা উপলব্ধতাৰ উন্নতিৰ দ্বাৰা পৰিচালিত। আৰু এইটো সত্য যে যিবোৰ দেশৰ পৰা দাইল আমদানি কৰা হৈছিল, যেনে ম্যানমাৰ, তাঞ্জানিয়া, মালাউই, মোজাম্বিক, কানাডা, অষ্ট্ৰেলিয়া, ব্ৰাজিল। সেইবোৰ দেশত পশ্চিম এছিয়াৰ সংকটৰ কোনো প্ৰভাৱ পৰা নাই।
• টকাৰ মূল্য হ্ৰাসৰ মাজতে আমদানি মধ্যমীয়া হোৱাটো বিশেষভাৱে উল্লেখযোগ্য, কিয়নো আমদানিৰ পৰিমাণ হ্ৰাস পোৱাটোৱে শক্তিশালী উপলব্ধতাৰ মাজত সামগ্ৰিক আমদানি বিলৰ ওপৰত হেঁচা কমোৱাত সহায় কৰিছে।
• চৰকাৰৰ সৈতে পালছৰ মজুত মে’-২৬ মাহত ~৪৩ এলএমটিত আছে, যিটো যোৱা তিনি বছৰৰ ভিতৰত সৰ্বোচ্চ স্তৰ আৰু ২০২৪ চনৰ মে’ মাহত (~২১ লাখ মেট্ৰিক টন) আৰু ২০২৫ চনৰ মে’ মাহত (~১৮ লাখ মেট্ৰিক টন) ৰেকৰ্ড কৰা ষ্টকৰ দুগুণতকৈও অধিক। বৰ্তমান পিএছএছৰ অধীনত ক্ৰয় গুৰুত্বপূৰ্ণ হৈয়েই আছে, এতিয়ালৈকে ৫.৩৪ লাখ মেট্ৰিক টনতকৈ অধিক ৰহৰ দাইল আৰু ২০.৩৫ লাখ মেট্ৰিক টন বুট ক্ৰয় কৰা হৈছে।
• অধিক উৎপাদন, আমদানি হ্ৰাস আৰু শক্তিশালী ক্ৰয়ে সামূহিকভাৱে সুন্দৰ উপলব্ধতাৰ অৱস্থাৰ ইংগিত দিয়ে, যিয়ে চৰকাৰৰ বহল কৌশলৰ সৈতে মিল খায়, যিয়ে দাইল খেতিক প্ৰসাৰিত কৰে, ৰাসায়নিক সাৰৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰে, আৰু শস্য ব্যৱস্থাত দীৰ্ঘম্যাদী বহনক্ষমতাক সমৰ্থন কৰে।
• ঘৰুৱা চাহিদা পূৰণৰ বাবে আলু, টমেটো আৰু পিঁয়াজৰ দৰে প্ৰধান উদ্যান শস্যৰ উৎপাদন যথেষ্ট; আলু ৫৮৪ লাখ মেট্ৰিক টনৰ বিপৰীতে যোৱা বছৰ ৫৮৬ লাখ মেট্ৰিক টন ; টমেটো ~২২৭ লাখ মেট্ৰিক টনৰ বিপৰীতে যোৱা বছৰ ~২০৫ লাখ মেট্ৰিক টন; আৰু পিঁয়াজ ~২৭৩ লাখ মেট্ৰিক টনৰ বিপৰীতে যোৱা বছৰ ৩০৭ লাখ মেট্ৰিক টন আছিল।
• চৰকাৰে ২০২৬-২৭ চনত পিঁয়াজৰ বাবে ২ লাখ মেট্ৰিক টন মূল্য স্থিতিশীলতাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। ১৫ মে’ৰ পৰা ক্ৰয় আৰম্ভ হৈছিল আৰু ই মাণ্ডীৰ মূল্যক সমৰ্থন কৰিব আৰু মধ্যমীয়া মূল্যৰ অস্থিৰতাত সহায় কৰিব বুলি আশা কৰা হৈছে। বৃদ্ধি পোৱা আগমনৰ মাজত সময়মতে ক্ৰয়ক অধিক উৎসাহিত কৰিবলৈ ২০২৬ চনৰ ২৬ মে’ৰ পৰা কাৰ্যকৰী হোৱাকৈ ক্ৰয়ৰ মূল্য বৃদ্ধি কৰা হয়।
• খাদ্য সামগ্ৰীৰ দাম সুস্থিৰ। খাদ্যৰ মূল শ্ৰেণী যেনে শস্য, গাখীৰ, দাইল আৰু চেনিৰ মূল্যৰ ধাৰাসমূহে সুস্থিৰ মূল্যৰ আচৰণ প্ৰদৰ্শন কৰি আহিছে। শাক-পাচলিৰ ভিতৰত আলু আৰু পিঁয়াজৰ দাম সীমাৰ ভিতৰতে আছে, যিয়ে খাদ্যৰ টোপোলাত সামগ্ৰিকভাৱে স্থিৰতা বজাই ৰখাত সহায় কৰে। খাদ্য সামগ্ৰীৰ কোনো অস্বাভাৱিক মূল্যবৃদ্ধি হোৱা নাই।
• ৰাষ্ট্ৰীয় গ্ৰাহক হেল্পলাইনৰ জৰিয়তে উপলব্ধ গ্ৰাহকৰ অভিযোগৰ তথ্যৰ ভিত্তিত এপ্ৰিলৰ পৰা এল পি জি গেছ সংযোগৰ ক্ষেত্ৰত অভিযোগৰ তীব্ৰ হ্ৰাস দেখা গৈছে।
• অভিযোগৰ প্ৰাৰম্ভিক বৃদ্ধি অল্পকালীন আছিল আৰু ক্ৰমান্বয়ে বলৱৎকাৰী আৰু ব্যৱস্থাৰ হস্তক্ষেপৰ জৰিয়তে সংশোধন কৰা হৈছিল।
• ২৪ মে'লৈকে তথ্যই চিলিণ্ডাৰ/হোম ডেলিভাৰীৰ বাবে ৰখা ক'লা বিপণন, সেৱাৰ অভাৱ আৰু অতিৰিক্ত চাৰ্জ সম্পৰ্কীয় অভিযোগ পোৱা যায়।
খাদ্যশস্যৰ মজুতৰ অৱস্থা আৰু খাদ্য সুৰক্ষাৰ প্ৰস্তুতি
ভাৰত চৰকাৰে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন (এন এফ এছ এ) আৰু অন্যান্য কল্যাণমূলক আঁচনিৰ অধীনত প্ৰয়োজনীয়তা পূৰণৰ বাবে খাদ্যশস্যৰ মজুত ৰখাৰ ব্যৱস্থা কৰে। খাদ্য আৰু ৰাজহুৱা বিতৰণ বিভাগে আৰু লগতে কয় যে বিকশিত ভূ-ৰাজনৈতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে আন্তঃৰাষ্ট্ৰীয় খোৱাতেলৰ বজাৰসমূহৰ উন্নয়নসমূহ তীক্ষ্ণভাৱে নিৰীক্ষণ কৰি আছে।
• ২০২৬ চনৰ ২৮ মে’লৈকে চেণ্ট্ৰেল পুলত ঘেঁহুৰ মজুত ১ জুলাইৰ বাবে নিৰ্ধাৰিত বাফাৰ নৰ্ম ২৭৫.৮০ লাখ মেট্ৰিক টনৰ বিপৰীতে ৫১৩ লাখ মেট্ৰিক টন (এল এম টি) আছিল। চলিত ৰবি বিপণন বতৰত ঘেঁহুৰ ক্ৰয় প্ৰায় ৩৫০ লাখ মেট্ৰিক টন হৈছে আৰু ক্ৰয়ৰ কাম ২০২৬ চনৰ ৩০ জুনলৈকে অব্যাহত আছে।
• ১ জুলাইৰ বাবে নিৰ্ধাৰিত বাফাৰ নৰ্ম ১৩৫.৪০ লাখ মেট্ৰিক টনৰ বিপৰীতে চেণ্ট্ৰেল পুলত চাউলৰ মজুত ৩৯৭ লাখ মেট্ৰিক টন আছিল। ইয়াৰ উপৰি প্ৰায় ২৯৮ লাখ মেট্ৰিক টন ক্ৰয় কৰা ধান এতিয়াও মজুতত যোগ কৰিবলৈ বাকী আছে।
• সামগ্ৰিকভাৱে চৰকাৰৰ ওচৰত উপলব্ধ খাদ্যশস্যৰ মজুত নিৰ্ধাৰিত বাফাৰ নীতিৰ যথেষ্ট ওপৰত, খাদ্য সুৰক্ষাৰ প্ৰয়োজনীয়তা আৰু প্ৰয়োজন হ’লে বজাৰৰ হস্তক্ষেপৰ বাবে পৰ্যাপ্ত উপলব্ধতা প্ৰদান কৰে।
• খোৱাতেলৰ ঘৰুৱা উপলব্ধতা পৰ্যাপ্ত হৈয়েই আছে, নিয়মীয়া আমদানি, ঘৰুৱা উৎপাদন আৰু বৰ্তমানৰ মজুতৰ দ্বাৰা সমৰ্থিত। ইণ্ডোনেছিয়া আৰু মালয়েছিয়া (তাল তেল), ৰাছিয়া আৰু ইউক্ৰেইন (সূৰ্য্যমুখী তেল), আৰু আৰ্জেণ্টিনা আৰু ব্ৰাজিল (সৰিয়হৰ তেল)কে ধৰি প্ৰধান যোগানকাৰী দেশসমূহৰ পৰা আমদানি অব্যাহত আছে। চৰকাৰে অংশীদাৰসকলৰ সৈতে নিয়মীয়াকৈ আলোচনা কৰি আছে আৰু যোগান আৰু মূল্যৰ ধাৰা নিৰীক্ষণ কৰি আছে।
• দেশত চেনিৰ উপলব্ধতা ঘৰুৱা ব্যৱহাৰৰ প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ পৰ্যাপ্ত হৈয়েই আছে। ঘৰুৱা বজাৰত অবিৰত উপলব্ধতা নিশ্চিত কৰিবলৈ মজুত আৰু উৎপাদনৰ মাত্ৰা যথেষ্ট।
• ইথানল মিশ্ৰিত পেট্ৰল (ইবিপি) কাৰ্যসূচীঃ ইথানল মিশ্ৰিত পেট্ৰল (ইবিপি) কাৰ্যসূচীৰ অধীনত ভাৰতে মিশ্ৰণৰ প্ৰয়োজনীয়তা পূৰণৰ বাবে পৰ্যাপ্ত ইথানল উৎপাদন ক্ষমতা স্থাপন কৰিছে।
ইথানল উৎপাদনত সহায় কৰিবলৈ ফিডষ্টকৰ উপলব্ধতা যথেষ্ট হৈয়েই আছে। এই কাৰ্যসূচীয়ে আমদানিকৃত জীৱাশ্ম ইন্ধনৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰাত অৰিহণা যোগায় আৰু ঘৰুৱাভাৱে উৎপাদিত নবীকৰণযোগ্য ইন্ধনৰ ব্যৱহাৰক সমৰ্থন কৰে।
সাৰৰ মজুতৰ অৱস্থা আৰু উপলব্ধতা
সাৰ বিভাগে উল্লেখ কৰিছে যে ভাৰতৰ সাৰৰ সুৰক্ষা শক্তিশালী, সুস্থিৰ আৰু সুপৰিচালিত হৈ আছে, সামগ্ৰিক উপলব্ধতাই সকলো প্ৰধান সাৰতে ধাৰাবাহিকভাৱে প্ৰয়োজনীয়তা অতিক্ৰম কৰিছে। দেশত সাৰৰ সামগ্ৰিক মজুতৰ অৱস্থা সুন্দৰ হৈয়ে আছে।
• কৃষি আৰু পৰিয়াল কল্যাণ বিভাগে প্ৰধান সাৰৰ ৰাজ্যসমূহৰ সৈতে আলোচনা কৰি খাৰিফ-২০২৬ৰ বাবে প্ৰয়োজনীয়তাৰ পুনৰ মূল্যায়ন কৰিছে অৰ্থাৎ ইউৰিয়া ১৯৪.০২ৰ পৰা ১৯০.৩২লৈ আৰু ডিএপি ৫৯.১৭ এলএমটিৰ পৰা ৫৬.২৩ এলএমটিলৈ।
• খাৰিফ ২০২৬ৰ বাবে ডি এ এণ্ড এফ ডব্লিউৱে সাৰৰ প্ৰয়োজনীয়তা ৩৮৩.৯ এল এম টিত পুনৰ মূল্যায়ন কৰিছে, আজিৰ দিনত এই ষ্টকৰ বিপৰীতে প্ৰায় ১৯৯.৮৬ এল এম টি (৫২%তকৈ অধিক), যিটো সাধাৰণ মাত্ৰা প্ৰায় ৩৩%তকৈ যথেষ্ট বেছি। ইয়াৰ দ্বাৰা চৰকাৰৰ উন্নত পৰিকল্পনা, আগতীয়া মজুতকৰণ, আৰু দক্ষ লজিষ্টিক ব্যৱস্থাপনা প্ৰতিফলিত হয়।
সংকটৰ পিছত ঘৰুৱা উৎপাদন আৰু সাৰ আমদানি;-(লাখ টন)
|
সামগ্ৰী
|
সংকটৰ পিছত ঘৰুৱা উৎপাদন
|
সংকটৰ পিছত ভাৰতীয় বন্দৰসমূহত উপস্থিত হোৱা আমদানি
|
|
ইউৰিয়া
|
৬৩.৬৭
|
১৫.৪৪
|
|
ডি এ পি
|
৮.৮৯
|
১.৪৩
|
|
এন পি কে সমূহ
|
২০.২৯
|
৬.৩০
|
|
এছ এছ পি
|
১১.৯৬
|
০
|
|
এম অ’ পি
|
০
|
৪.৪৫
|
|
মুঠ
|
১০৪.৮১
|
২৭.৬২
|
- আমদানি আৰু ঘৰুৱা উৎপাদনৰ জৰিয়তে ১৩২.৪৩ লাখ মেট্ৰিক টন সাৰ সংকটৰ পৰিস্থিতিৰ পিছত উপলব্ধতাত যোগ কৰা হৈছে।
-
- ভাৰতত জুন-জুলাই মাহত ভাৰতীয় বন্দৰত উপস্থিত হ’ব এছ অ’ এইচৰ বাহিৰৰ পৰা ২৫টা লাখ মেট্ৰিক টন ইউৰিয়া, ১৫ এল এম টি ডি এ পি আৰু এ এছকে ধৰি ১০ লাখ মেট্ৰিক টন এন পি কে।
- ভাৰতে ১৭ এল এম টি ইউৰিয়া ক্ৰয়ৰ বাবে আন এক বিশ্বব্যাপী নিবিদা জাৰি কৰিছে, যিবোৰ অগ্ৰগতি চলি আছে।
- প্ৰত্যাহ্বানৰ মাজতো ভাৰতে ইউৰিয়াৰ ঘৰুৱা উৎপাদন প্ৰায় ৩. ২৫.১৭ লাখ মেট্ৰিক টন মে’,২৬ চনত, যিটো মে’-২৫ চনৰ উৎপাদনৰ তুলনাত ২.৮০ লাখ মেট্ৰিক টন বেছি।
- ভাৰতে ডি এ পিৰ ঘৰুৱা উৎপাদন প্ৰায় ৩. মে’,২৬ মাহত ৩.৮৬ লাখ মেট্ৰিক টন , যিটো মে’-২৫ৰ উৎপাদনৰ তুলনাত ২০০০ মেট্ৰিক টন বেছি
- সাৰ উৎপাদনৰ বাবে সামগ্ৰীৰ উপলব্ধতা অৰ্থাৎ ইউৰিয়া আৰু পি এণ্ড কে সাৰ সাৰ বিভাগে নিয়মিতভাৱে পৰ্যালোচনা কৰি আছে।
- কোম্পানীসমূহে উত্থাপন কৰা সকলো ৰাজসাহায্যৰ বিল সাপ্তাহিক ভিত্তিত নিয়মিতভাৱে পৰিশোধ কৰি আছে আৰু বৰ্তমান সাৰ ৰাজসাহায্য প্ৰদানৰ বাবে পৰ্যাপ্ত বাজেট উপলব্ধ।
- সাৰৰ পৰ্যাপ্ত উপলব্ধতা নিশ্চিত কৰিবলৈ আৰু ইগ’এছৰ দ্বাৰা সম্বোধন কৰা উপলব্ধতাৰ প্ৰায়বোৰ প্ৰত্যাহ্বান নিশ্চিত কৰিবলৈ ইগ’এছৰ ১০খন বৈঠক আজিলৈকে অনুষ্ঠিত কৰা হৈছে।
- ভাৰতৰ সাৰৰ সুৰক্ষা শক্তিশালী, সুস্থিৰ আৰু সুপৰিচালিত হৈ আছে, সকলো প্ৰধান সাৰতে উপলব্ধতাই ধাৰাবাহিকভাৱে প্ৰয়োজনীয়তা অতিক্ৰম কৰিছে।
- শক্তি যোগান আৰু ইন্ধনৰ উপলব্ধতা
- পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ে বৰ্তমানৰ ইন্ধন যোগানৰ পৰিস্থিতিৰ বিষয়ে তথ্য প্ৰদান কৰি পশ্চিম এছিয়াৰ বিকশিত পৰিস্থিতিৰ প্ৰেক্ষাপটত পেট্ৰলিয়াম সামগ্ৰী আৰু এল পি জিৰ নিৰৱচ্ছিন্ন উপলব্ধতা নিশ্চিত কৰাৰ বাবে গ্ৰহণ কৰা ব্যৱস্থাসমূহৰ ৰূপৰেখা দাঙি ধৰে। মন কৰিবলগীয়া যে:
- পৰামৰ্শ আৰু নাগৰিক সজাগতা
- • পেট্ৰ’ল, ডিজেল আৰু এল পি জিৰ উপলব্ধতা নিশ্চিত কৰাৰ বাবে চৰকাৰে সকলো প্ৰচেষ্টা চলাই থকাৰ বাবে নাগৰিকসকলক আতংকিত হৈ পেট্ৰ’ল, ডিজেল আৰু এল পি জি ক্ৰয় নকৰিবলৈ পৰামৰ্শ দিয়া হৈছে।
- উৰাবাতৰিৰ পৰা সাৱধান হওক আৰু সঠিক তথ্যৰ বাবে চৰকাৰী উৎসৰ ওপৰত নিৰ্ভৰ কৰক।
- এল পি জি গ্ৰাহকসকলক ডিজিটেল বুকিং প্লেটফৰ্ম ব্যৱহাৰ কৰিবলৈ আৰু বিতৰকসকলৰ ওচৰলৈ যোৱাৰ পৰা বিৰত থাকিবলৈ অনুৰোধ জনোৱা হৈছে।
- নাগৰিকসকলক বিকল্প ইন্ধন যেনে পিএনজি আৰু বৈদ্যুতিক বা ইণ্ডাকচন কুকটপ ব্যৱহাৰ কৰিবলৈ উৎসাহিত কৰা হয়।
- বাল্ক আৰু ঔদ্যোগিক গ্ৰাহকসকলক অনুমোদিত ক্ৰয় চেনেলৰ পৰা ডিজেল ক্ৰয় কৰিবলৈ অনুৰোধ কৰা হৈছে।
- সাম্প্ৰতিক পৰিস্থিতিৰ সময়ত দৈনন্দিন ব্যৱহাৰত শক্তি সংৰক্ষণৰ বাবে প্ৰয়োজনীয় প্ৰচেষ্টা চলাবলৈ সকলো নাগৰিককে অনুৰোধ জনোৱা হৈছে।
- চৰকাৰী প্ৰস্তুতি আৰু যোগান ব্যৱস্থাপনা ব্যৱস্থা
- চলি থকা ভূ-ৰাজনৈতিক পৰিস্থিতিৰ মাজতো চৰকাৰে নিশ্চিত কৰিছে যে ঘৰুৱা এল পি জি, ঘৰুৱা পি এন জি আৰু চি এন জি (পৰিবহন)লৈ ১০০% যোগান ধৰা হৈছে।
- বাণিজ্যিক এল পি জিৰ বাবে চিকিৎসালয়, শিক্ষানুষ্ঠানক অগ্ৰাধিকাৰ দিয়া হৈছে। ইয়াৰ উপৰি ফাৰ্মা, ষ্টীল, অটোম’বাইল, বীজ, কৃষি আদিকো অগ্ৰাধিকাৰ দিয়া হৈছে।ইয়াৰ উপৰি প্ৰব্ৰজিত শ্ৰমিকক ৫ কিলোগ্ৰাম লাখ মেট্ৰিক টনৰ যোগানো গড়ৰ ভিত্তিত দুগুণ কৰা হৈছে। ২০২৬ চনৰ ২ আৰু ৩ মাৰ্চত দৈনিক যোগান ধৰা হ’ব।
- চৰকাৰে ইতিমধ্যে যোগান আৰু চাহিদা দুয়োটা দিশতে কেইবাটাও যুক্তিসংগতকৰণ ব্যৱস্থা ৰূপায়ণ কৰিছে, য’ত শোধনাগাৰৰ উৎপাদন বৃদ্ধি কৰা, চহৰ অঞ্চলত বুকিংৰ ব্যৱধান ২১ দিনৰ পৰা ২৫ দিনলৈ আৰু গ্ৰাম্য অঞ্চলত ৪৫ দিনলৈ বৃদ্ধি কৰা আৰু যোগানৰ বাবে খণ্ডসমূহক অগ্ৰাধিকাৰ দিয়া আদিও আছে।
- ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চল আৰু প্ৰতিষ্ঠানিক ব্যৱস্থাৰ সৈতে সমন্বিত প্ৰচেষ্টা
- ৰাজ্য চৰকাৰসমূহক অত্যাৱশ্যকীয় সামগ্ৰী আইন, ১৯৫৫ আৰু এল পি জি নিয়ন্ত্ৰণ আদেশ, ২০০০ৰ অধীনত যোগান নিৰীক্ষণ আৰু অবৈধ মজুতকৰণ আৰু ক’লা বিপণনৰ বিৰুদ্ধে পদক্ষেপ গ্ৰহণৰ ক্ষমতা প্ৰদান কৰা হৈছে।
- চৰকাৰে ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহে পেট্ৰল, ডিজেল আৰু এলপিজিকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ যোগানৰ পৰিস্থিতি নিৰীক্ষণ আৰু নিয়ন্ত্ৰণ কৰাত প্ৰাথমিক ভূমিকা পালন কৰিব লাগিব। ভাৰত চৰকাৰে সকলো ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চললৈ একাধিক পত্ৰ আৰু ভিচিৰ জৰিয়তে একেখিনি কথা পুনৰবাৰ উল্লেখ কৰিছে।
- ভাৰত চৰকাৰে একাধিক পত্ৰ আৰু ভিডিঅ' কনফাৰেন্সৰ জড়িয়তে নাগৰিকসকলক পৰ্যাপ্ত ইন্ধনৰ উপলব্ধতাৰ সন্দৰ্ভত আশ্বস্ত কৰিবলৈ সক্ৰিয় ৰাজহুৱা যোগাযোগৰ প্ৰয়োজনীয়তাৰ বিষয়ত গুৰুত্ব আৰোপ কৰিছে।
-
- ভাৰত চৰকাৰে ২৬.০৫.২০২৬ তাৰিখৰ পত্ৰৰ জৰিয়তে সকলো ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুখ্য সচিবক জিলা ভিত্তিক এইচ এছ ডি/এম এছ অফটেক পেটাৰ্ণ নিৰীক্ষণ আৰু পৰ্যালোচনা কৰিবলৈ, দুৰ্বল অঞ্চলত আৰু প্ৰধান পৰিবহণ/ঔদ্যোগিক কৰিডৰৰ কাষেৰে পৰিদৰ্শন আৰু বলবৎকৰণ কাৰ্যকলাপ তীব্ৰতৰ কৰিবলৈ ৰাজ্য/জিলা কৰ্তৃপক্ষক উপযুক্ত নিৰ্দেশনা জাৰি কৰিবলৈ অনুৰোধ জনাইছে যাতে ঔদ্যোগিক আৰু বাণিজ্যিকভাৱে খুচুৰা বিপণীৰ জৰিয়তে এইচ এছ ডিৰ অকৰ্তৃত্বশীল ক্ৰয় ৰোধ কৰিব পৰা যায় গ্ৰাহকক গ্ৰহণ কৰা আৰু উলংঘাকাৰীৰ বিৰুদ্ধে তৎকালীন শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা।
- বলৱৎকৰণ আৰু নিৰীক্ষণ কাৰ্য্য
- পেট্ৰ’ল, ডিজেল আৰু এলপিজিৰ জমা আৰু ক’লা বিপণন ৰোধৰ বাবে সমগ্ৰ দেশতে ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ বলৱৎকাৰী ব্যৱস্থা অব্যাহত আছে।
- এল পি জি সম্পৰ্কীয় বলৱৎকৰণ – যোৱা ৩ দিনত সমগ্ৰ দেশতে ১০খন এজাহাৰ পঞ্জীয়ন কৰা হৈছে আৰু ৩ জন ব্যক্তিক গ্ৰেপ্তাৰ কৰা হৈছে।
- পেট্ৰ’ল, ডিজেল সম্পৰ্কীয় বলৱৎকৰণ – যোৱা ৩ দিনত প্ৰায় ১৩০০টা অভিযান চলোৱা হৈছে, য’ত সমগ্ৰ দেশতে ৯৬০ লিটাৰ পেট্ৰ’ল আৰু ২১৯৪ লিটাৰ ডিজেল জব্দ কৰা হৈছে, ১৮টা এফআইআৰ পঞ্জীয়ন কৰা হৈছে আৰু ৭জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে।
- একেদৰে পিএছইউৰ অ’এমচিৰ বিষয়াসকলৰ আকস্মিক পৰিদৰ্শনো অব্যাহত আছে-
- এল পি জি বিতৰক - যোৱা ৩ দিনৰ ভিতৰত ৪৬০ টাতকৈও অধিক এল পি জি বিতৰকত পৰিদৰ্শন কৰা হৈছে। ইয়াৰ উপৰি ৪২টা এল পি জি বিতৰকক জৰিমনা বিহা হৈছে।
- খুচুৰা বিপণী – যোৱা ৩ দিনৰ ভিতৰত প্ৰায় ১৮৫০ টা খুচুৰা বিপণীত পৰিদৰ্শন কৰা হৈছে। ইয়াৰ উপৰি ১৯টা খুচুৰা বিপণীৰ বিৰুদ্ধে জৰিমনা বিহা হৈছে, আৰু ৪৪৬টা খুচুৰা বিপণীকো নিলম্বন কৰা হৈছে।
- এল পি জি যোগান
- ঘৰুৱা এল পি জি যোগানৰ অৱস্থা:
- প্ৰচলিত ভূ-ৰাজনৈতিক পৰিস্থিতিৰ ফলত এল পি জি যোগানৰ প্ৰভাৱ অব্যাহত আছে।
- ঘৰুৱা পৰিয়াললৈ এল পি জি যোগানক অগ্ৰাধিকাৰ দিয়া হৈছে।
- এল পি জি বিতৰকত কোনো ধৰণৰ নাটনিৰ হোৱাৰ খবৰ পোৱা হোৱা নাই।
- কালি উদ্যোগৰ ভিত্তিত অনলাইন এল পি জি চিলিণ্ডাৰ বুকিং প্ৰায় ৯৯% লৈ বৃদ্ধি পাইছে।
- ডাইভাৰচন ৰোধ কৰিবলৈ ডেলিভাৰী প্ৰমাণীকৰণ ক’ড (DAC) ভিত্তিক ডেলিভাৰী প্ৰায় ৯৫% লৈ বৃদ্ধি কৰা হৈছে। গ্ৰাহকৰ পঞ্জীয়নভুক্ত মোবাইল নম্বৰত ডিএচি লাভ কৰা হয়।
- যোৱা ৩ দিনত প্ৰায় ১.২১ কোটি এল পি জি চিলিণ্ডাৰৰ বুকিঙৰ বিপৰীতে প্ৰায় ১.২২ কোটি এল পি জি চিলিণ্ডাৰ যোগান ধৰা হৈছে।
- বাণিজ্যিক এল পি জিৰ যোগান আৰু আবণ্টনৰ ব্যৱস্থা:
- ভাৰত চৰকাৰে ১০% সংস্কাৰৰ ভিত্তিত সংকটৰ পূৰ্বৰ স্তৰৰ ৭০% মুঠ বাণিজ্যিক আবণ্টন আবণ্টন দিয়াৰ সিদ্ধান্ত লৈছে।
- যোৱা ৩ দিনত প্ৰায় ১.৮ লাখ – ৫ কেজি এফটিএল চিলিণ্ডাৰ বিক্ৰী হৈছে।
- ২০২৬ চনৰ ৩ এপ্ৰিলৰ পৰা পিএছইউ অ’এমচিয়ে ৫ কিলোগ্ৰাম এফটিএল চিলিণ্ডাৰৰ বাবে ১৭,১৫০টাতকৈও অধিক সজাগতা শিবিৰৰ আয়োজন কৰিছে, য’ত ২.৭২ লাখতকৈ অধিক - ৫কিলোগ্ৰাম এফটিএল চিলিণ্ডাৰো বিক্ৰী কৰা হৈছে।
- কালি প্ৰায় ১৭৯টা শিবিৰৰ জৰিয়তে প্ৰায় ২৫২৭ - ৫ কিলোগ্ৰামৰ এফটিএল চিলিণ্ডাৰ বিক্ৰী কৰা হয়।
- আই অ’ চি এল, এইচ পি চি এল আৰু বি পি চি এলৰ কাৰ্যবাহী সঞ্চালকৰ তিনিজনীয়া কমিটীয়ে ৰাজ্যিক কৰ্তৃপক্ষ আৰু উদ্যোগ সংস্থাসমূহৰ সৈতে আলোচনা কৰি ৰাজ্য/কেন্দ্ৰীয়শাসিত অঞ্চলসমূহত বাণিজ্যিক এল পি জি বিক্ৰীৰ পৰিকল্পনা চূড়ান্ত কৰে।
- মে’-২৬ মাহৰ ভিতৰত মুঠ ২,০৯,৩৫৩ মেট্ৰিক টন বাণিজ্যিক এল পি জি বিক্ৰী হৈছে।
- যোৱা ৩ দিনৰ ভিতৰত মুঠ ২২,৬৪১ মেট্ৰিক টন বাণিজ্যিক এল পি জি বিক্ৰী হৈছে।
- মে’-২৬ মাহৰ ভিতৰত পিএছইউ অ’এমচিয়ে প্ৰায় ৮৩৮২ মেট্ৰিক অটো এলপিজি বিক্ৰী কৰিছে, যিটো ফেব্ৰুৱাৰী-২৬ মাহৰ তুলনাত প্ৰায় ১৭০% বৃদ্ধি।
প্ৰাকৃতিক গেছ যোগান আৰু পিএনজি সম্প্ৰসাৰণৰ পদক্ষেপ
- ডি-পিএনজি আৰু চিএনজি-ট্ৰেন্সপ’ৰ্টলৈ ১০০% যোগানৰ জৰিয়তে গ্ৰাহকক অগ্ৰাধিকাৰ দিয়া হৈছে।
- চলি থকা ইউৰিয়া উদ্যোগসমূহলৈ যোগান বৰ্তমান পূৰ্বৰ ছমাহৰ গড় ব্যৱহাৰৰ প্ৰায় ৯৮%।
-
- চিজিডি নেটৱৰ্কৰ জৰিয়তে যোগানকে ধৰি অন্যান্য ঔদ্যোগিক আৰু বাণিজ্যিক খণ্ডলৈ গেছ যোগান ৮০% পৰ্যন্ত বৃদ্ধি কৰা হৈছে।
- চিজিডি সত্তাসমূহক তেওঁলোকৰ সকলো জিএত হোটেল, ৰেষ্টুৰেণ্ট আৰু কেণ্টিনৰ দৰে বাণিজ্যিক প্ৰতিষ্ঠানৰ বাবে পিএনজি সংযোগক অগ্ৰাধিকাৰ দিবলৈ পৰামৰ্শ দিয়া হৈছে, যাতে বাণিজ্যিক এলপিজিৰ উপলব্ধতাৰ সম্পৰ্কে উদ্বেগসমূহ সমাধান কৰিব পৰা যায়।
- ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চল আৰু কেন্দ্ৰীয় মন্ত্ৰালয়সমূহক চিজিডি নেটৱৰ্ক সম্প্ৰসাৰণৰ বাবে প্ৰয়োজনীয় অনুমোদন ক্ষিপ্ৰতাৰে কৰিবলৈ অনুৰোধ কৰা হৈছে।
- ভাৰত চৰকাৰে ১৮.০৩.২০২৬ তাৰিখৰ পত্ৰৰ ভিত্তিত সকলো ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলক ৰাজ্যসমূহলৈ অতিৰিক্ত ১০% বাণিজ্যিক এল পি জি আবণ্টনৰ প্ৰস্তাৱ দিছে যদিহে তেওঁলোকে এল পি জিৰ পৰা পি এন জিলৈ দীৰ্ঘম্যাদী পৰিৱৰ্তনত সহায় কৰিব পাৰে।
- ভাৰত চৰকাৰে ২৪.০৩.২০২৬ তাৰিখৰ গেজেট অনুসৰি প্ৰাকৃতিক গেছ আৰু পেট্ৰলিয়াম সামগ্ৰী বিতৰণ (পাইপলাইন আৰু অন্যান্য সুবিধাসমূহ বিস্তাৰ, নিৰ্মাণ, পৰিচালনা আৰু সম্প্ৰসাৰণৰ জৰিয়তে) আদেশ, ২০২৬ অত্যাৱশ্যকীয় সামগ্ৰী আইন, ১৯৫৫ৰ অধীনত অৱগত কৰিছে দেশত, অনুমোদন আৰু ভূমিৰ প্ৰৱেশৰ পলমৰ সৈতে মোকাবিলা কৰা, আৰু আৱাসিক অঞ্চলকে ধৰি প্ৰাকৃতিক গেছৰ আন্তঃগাঁথনিৰ দ্ৰুত উন্নয়ন সক্ষম কৰা। ইয়াৰ দ্বাৰা পিএনজি নেটৱৰ্ক বৃদ্ধি ত্বৰান্বিত হ’ব, শেষ মাইলৰ সংযোগ বৃদ্ধি হ’ব, আৰু পৰিষ্কাৰ ইন্ধনলৈ পৰিৱৰ্তনত সহায় হ’ব, যাৰ ফলত শক্তি সুৰক্ষা শক্তিশালী হ’ব আৰু ভাৰতৰ গেছ ভিত্তিক অৰ্থনীতি আগুৱাই নিব পৰা যাব।
- পিএনজিআৰবিয়ে চিজিডি সত্তাসমূহক ডি-পিএনজি সংযোগ ক্ষিপ্ৰ কৰিবলৈ নিৰ্দেশ দিছে। লগতে পিএনজি সম্প্ৰসাৰণৰ গতি বজাই ৰাখিবলৈ ৰাষ্ট্ৰীয় পিএনজি ড্ৰাইভ ২.০ ৩০.০৬.২০২৬ লৈকে বৃদ্ধি কৰা হৈছে।
- স্বচ্ছ, অধিক সুৰক্ষিত আৰু স্বাৱলম্বী শক্তিৰ ভৱিষ্যতক উৎসাহিত কৰিবলৈ ভাৰত চৰকাৰে ৰাজ্যিক চিবিজি নীতিৰ আৰ্হি খচৰা প্ৰস্তুত কৰিছে। আৰ্হি নীতিৰ উদ্দেশ্য হৈছে ৰাজ্যসমূহে চিবিজি উন্নয়নৰ বাবে নিজাকৈ বিনিয়োগকাৰী-বন্ধুত্বপূৰ্ণ আৰু ৰূপায়ণমুখী পৰিৱেশ তন্ত্ৰ সৃষ্টি কৰিবলৈ সক্ষম কৰিবলৈ এক বিস্তৃত নমনীয় পথ প্ৰদৰ্শক কাঠামো হিচাপে কাম কৰা। যিবোৰ ৰাজ্যই ইয়াক বাছি লয়, সেইবোৰক বাণিজ্যিক এল পি জিৰ অতিৰিক্ত আবণ্টনৰ পৰৱৰ্তী শাখাৰ বাবে অগ্ৰাধিকাৰ দিয়া হ’ব।
- ২০২৬ চনৰ মাৰ্চ মাহৰ পৰা প্ৰায় ৮.৫৬ লাখ পিএনজি সংযোগ প্ৰদান কৰা হৈছে আৰু অতিৰিক্ত ২.৯৬ লাখ সংযোগৰ বাবে আন্তঃগাঁথনি সৃষ্টি কৰা হৈছে, যাৰ ফলত মুঠ সংযোগ ১১.৫২ লাখ হৈছে। ইয়াৰ উপৰি নতুন সংযোগৰ বাবে প্ৰায় ৮.৭৮ লাখ গ্ৰাহক পঞ্জীয়ন কৰা হৈছে।
- ৩১.০৫.২০২৬ তাৰিখলৈকে ৭৭,৮০০ৰো অধিক পিএনজি গ্ৰাহকে MYPNGD.in ৱেবছাইটৰ জৰিয়তে নিজৰ এলপিজি সংযোগ ত্যাগ কৰিছে।
- খাৰুৱা তেলৰ অৱস্থান আৰু শোধনাগাৰৰ কাৰ্য্যকলাপ
- সকলো শোধনাগাৰে পৰ্যাপ্ত খাৰুৱা তেলৰ তথ্যৰে উচ্চ ক্ষমতাৰে কাম কৰি আছে, আনহাতে পেট্ৰ’ল আৰু ডিজেলৰ পৰ্যাপ্ত মজুত ৰখা হৈছে।
- ঘৰুৱা ব্যৱহাৰক সহায় কৰিবলৈ শোধনাগাৰৰ পৰা ঘৰুৱা এল পি জি উৎপাদন বৃদ্ধি কৰা হৈছে।
- ঘৰুৱা বজাৰৰ বাবে পেট্ৰ’কেমিকেল ফিডষ্টক যোগানৰ উপলব্ধতা নিশ্চিত কৰিবলৈ আন্তঃমন্ত্ৰালয়ৰ যৌথ কৰ্মগোট (জে ডব্লিউ জি) গঠন কৰা হৈছে। ইয়াৰ পাছতে চৰকাৰে ০১.০৪.২০২৬ তাৰিখৰ আদেশ অনুসৰি পেট্ৰ’কেমিকেল কমপ্লেক্সকে ধৰি তেল শোধনাগাৰ কোম্পানীসমূহক চেণ্টাৰ ফৰ হাই টেকন’লজি (চি এইচ টি)ৰ দ্বাৰা নিৰ্ধাৰিত জটিল খণ্ডসমূহৰ বাবে কিছুমান নূন্যতম পৰিমাণৰ চি ৩ আৰু চি ৪ ষ্ট্ৰিম উপলব্ধ কৰাৰ অনুমতি দিছে।
- ঔষধ বিভাগ, ৰাসায়নিক আৰু পেট্ৰ’ ৰাসায়নিক বিভাগ (ডিচিপিচি), উদ্যোগ আৰু আভ্যন্তৰীণ বাণিজ্য প্ৰসাৰ বিভাগ (ডিপিআইআইটি)ৰ পৰা পোৱা অনুৰোধৰ ভিত্তিত ফাৰ্মা, ৰাসায়নিক আৰু ৰং খণ্ডৰ কোম্পানীসমূহৰ বাবে ১১২০ মেট্ৰিক টন/দিন, ১১২০ মেট্ৰিক টনৰ চি৩-চি৪ অণুৰ ব্যৱস্থা কৰা হৈছে।
- মে’-২৬ মাহৰ ভিতৰত মুম্বাই, কোচি, ভিজাগ, চেন্নাই, মথুৰা আৰু গুজৰাট শোধনাগাৰে কেমিকেল, ফাৰ্মা আৰু পেইণ্ট ইণ্ডাষ্ট্ৰীক প্ৰায় ১৪৫০০ মেট্ৰিক চি ৩-চি৪ অণু (প্ৰ’পাইলিন আৰু বুটাইলিনকে ধৰি) আৰু প্ৰায় ৬১০০ মেট্ৰিক বুটাইল এক্ৰিলেট বিক্ৰী কৰিছে।
- খুচুৰা ইন্ধনৰ উপলব্ধতা আৰু মূল্য নিৰ্ধাৰণৰ ব্যৱস্থা
- সমগ্ৰ দেশতে সকলো খুচুৰা বিপণী স্বাভাৱিকভাৱে চলি আছে।
- মধ্যপ্ৰাচ্যৰ সংকটৰ ফলত খাৰুৱা তেলৰ মূল্য অস্বাভাৱিকভাৱে বৃদ্ধি পাইছে। এই প্ৰভাৱৰ পৰা গ্ৰাহকক ৰক্ষা কৰিবলৈ ভাৰত চৰকাৰে পেট্ৰ’ল আৰু ডিজেলত আবকাৰী শুল্ক প্ৰতি লিটাৰত ১০টকাকৈ হ্ৰাস কৰি এই বোজাৰ এটা অংশ বহন কৰাৰ সিদ্ধান্ত লৈছে। ।
- চৰকাৰে ৩১-৫-২০২৬ৰ পত্ৰমৰ্মে পেট্ৰ’লৰ ওপৰত ৰপ্তানি শুল্ক প্ৰতি লিটাৰত ৩ টকাৰ ১.৫ টকা, ডিজেলত প্ৰতি লিটাৰত ১৬.৫০টকাৰ ১৩.৫০ টকা আৰু এটিএফত প্ৰতি লিটাৰত ১৬ টকাৰ পৰা ৯.৫ টকালৈ হ্ৰাস কৰিছে।
- • কিছুমান বিশেষ অঞ্চলৰ খুচুৰা বিপণীত অস্বাভাৱিকভাৱে অধিক বিক্ৰী আৰু প্ৰচণ্ড ভিৰ দেখা যায়। অৱশ্যে দেশৰ সকলো পেট্ৰ’ল পাম্পতে পৰ্যাপ্ত পৰিমাণৰ পেট্ৰ’ল আৰু ডিজেলৰ মজুত থকা বুলি অৱগত কৰা হৈছে।
-
- ২৬ মে’ মাহত বহু জিলাত পেট্ৰ’ল আৰু ডিজেলৰ বিক্ৰী ৩০%তকৈ অধিক বৃদ্ধি পাইছে।
- ব্যক্তিগত তেল বিপণন কোম্পানী (-৩৮%) আৰু পিএছইউ অ’এমচিৰ বাল্ক বিক্ৰী (-২৯%) হ্ৰাস পাইছে। এই পৰিমাণ পিএছইউ অ’এমচিৰ খুচুৰা বিপণীলৈ স্থানান্তৰিত হৈছে।
- ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক বিশেষ স্কোৱাড গঠন কৰিবলৈ আৰু ইয়াৰ অধীনত জাৰি কৰা ইচি আইন আৰু নিয়ন্ত্ৰণ আদেশৰ প্ৰাসংগিক বিধানৰ অধীনত খুচুৰা গ্ৰাহকৰ বাবে নিৰ্ধাৰিত যোগান লোৱা, ক’লা বিপণন, অকৰ্তৃত্বশীলভাৱে পেট্ৰলিয়াম সামগ্ৰীৰ মজুতকৰণ আৰু ডাইভাৰচন কৰা বাল্ক গ্ৰাহক আৰু জমাকাৰীৰ অসৎ আচৰণৰ বিৰুদ্ধে ব্যৱস্থা ল’বলৈ অনুৰোধ কৰা হৈছে।
- উদ্যোগ সংস্থাসমূহক তেওঁলোকৰ সদস্যসকলক অনুমোদিত ক্ৰয় চেনেলৰ পৰা ডিজেল ক্ৰয় কৰিবলৈ পৰামৰ্শ দিবলৈও অনুৰোধ কৰা হৈছে।
- সামুদ্ৰিক সুৰক্ষা আৰু জাহাজ চলোৱাৰ কাৰ্য্যকলাপ
- বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয়ে পাৰ্চী উপসাগৰৰ প্ৰচলিত সামুদ্ৰিক পৰিস্থিতিৰ বিষয়ে তথ্য প্ৰদান কৰে, য’ত অঞ্চলটোত ভাৰতীয় জাহাজ আৰু ক্ৰুৰ সুৰক্ষা আৰু নিৰাপত্তা নিশ্চিত কৰাৰ বাবে গ্ৰহণ কৰা ব্যৱস্থাসমূহৰ বিশদ বিৱৰণ দিয়া হয়। কোৱা হৈছে যে:
- পশ্চিম এছিয়াত চলি থকা পৰিস্থিতিৰ মাজতো অঞ্চলটোত জাহাজ সেৱা সুস্থিৰ আৰু কাৰ্যক্ষম হৈ আছে। হৰমুজৰ পূব দিশত আৰু লোহিত সাগৰৰ মাজেৰে চলি থকা সেৱাৰ সংখ্যা ফেব্ৰুৱাৰী মাহত ১২৭ টাৰ পৰা এপ্ৰিল মাহত ২৫৭ টালৈ বৃদ্ধি পাইছে, মে’ মাহত ২৪৫ টা সেৱা ৰেকৰ্ড কৰা হৈছে, যিয়ে সামুদ্ৰিক বাণিজ্যৰ স্থিতিস্থাপকতা আৰু জাহাজৰ অংশীদাৰসকলৰ মাজত স্থায়ী আস্থাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে।
- বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয়ে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়, ভাৰতীয় মিছন, আৰু সামুদ্ৰিক অংশীদাৰসকলৰ সৈতে সমন্বয় অব্যাহত ৰাখিছে যাতে নাৱিকৰ কল্যাণ আৰু নিৰৱচ্ছিন্ন সামুদ্ৰিক কাৰ্য্যকলাপ নিশ্চিত কৰিব পৰা যায়।
- অঞ্চলটোৰ সকলো ভাৰতীয় নাৱিক নিৰাপদ, আৰু বিগত ৭২ ঘণ্টাত ভাৰতীয় পতাকা থকা জাহাজ বা ভাৰতীয় ক্ৰু থকা বিদেশী জাহাজৰ সৈতে জড়িত কোনো কাণ্ড সংঘটিত হোৱা নাই।
- সক্ৰিয় হোৱাৰ পিছত ডি জি শ্বিপিং কণ্ট্ৰল ৰুমে ১১,১৮৬টা কল আৰু ২৪,৮৩০টাতকৈ অধিক ইমেইল চম্ভালিছে। যোৱা ৭২ ঘণ্টাত নাৱিক, তেওঁলোকৰ পৰিয়াল, আৰু সামুদ্ৰিক অংশীদাৰসকলৰ পৰা মুঠ ৩৪৫টা ফোন আৰু ৭৩২টা ইমেইল লাভ কৰা হৈছে।
- মন্ত্ৰালয়ে জাহাজ সঞ্চালকালয় (ডি জি শিপিং)ৰ জৰিয়তে এতিয়ালৈকে ৩,৪৪৬ জনতকৈ অধিক ভাৰতীয় নাৱিকক নিৰাপদে প্ৰত্যাৱৰ্তনৰ সুবিধা প্ৰদান কৰিছে, য’ত সমগ্ৰ উপসাগৰীয় অঞ্চলৰ বিভিন্ন স্থানৰ পৰা যোৱা ৭২ ঘণ্টাত ২৪ জন নাৱিকক নিৰাপদে ঘূৰাই অনাৰ সুবিধা প্ৰদান কৰিছে।
- সমগ্ৰ ভাৰতবৰ্ষত বন্দৰৰ কাম-কাজ স্বাভাৱিক হৈ আছে, কোনো ধৰণৰ অসুবিধাৰ বাতৰি পোৱা হোৱা নাই।
*****
TM/DM
(ৰিলিজ আই ডি : 2267770)
অতিথি কক্ষ : 9
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam