গৃহ মন্ত্ৰালয়
কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে ভগৱান বীৰছা মুণ্ডাৰ ১৫০ সংখ্যক জয়ন্তী উপলক্ষে নতুন দিল্লীত আয়োজিত ‘জনজাতি সাংস্কৃতিক সমাগম’ত মুখ্য অতিথি হিচাপে ভাষণ দিয়ে
‘জনজাতি সমাগমে’ অনাগত বছৰবোৰত জনজাতীয় সম্প্ৰদায়ৰ কুম্ভমেলা হিচাপে গোলকীয় স্বীকৃতি লাভ কৰিব
৪০ হাজাৰৰো অধিক জনজাতীয় লোকৰ প্ৰাণ কাঢ়ি লোৱা নক্সালবাদৰ ভাবুকি নিৰ্মূল কৰিছে মোদী চৰকাৰে
প্ৰথমগৰাকী জনজাতীয় ৰাষ্ট্ৰপতিৰ পৰা ৰাজ্যবোৰৰ জনজাতীয় মুখ্যমন্ত্ৰীলৈকে মোদী যুগ জনজাতীয় গৌৰৱৰ সোণালী যুগ
বিৰোধী চৰকাৰৰ শাসনৰ সময়ত জনজাতীয় কল্যাণৰ বাবে বাজেট আছিল মাত্ৰ ২৮,০০০ কোটি টকা, যিটো মোদী চৰকাৰে পাঁচগুণ বৃদ্ধি কৰি ১.৫ লাখ কোটি টকা কৰিছে
শ্ৰী নৰেন্দ্ৰ মোদীয়ে জনজাতীয় সম্প্ৰদায়ক ইউচিচিৰ পৰা বাদ দিছে, জনসাধাৰণ বিভ্ৰান্তি বা কাৰোবাৰ ভুল তথ্যৰ বলি হ’ব নালাগে
ভুল ধাৰণাৰ পৰা আঁতৰি থাকক, বিভাজন সৃষ্টি কৰিব বিচৰাসকলক চিনাক্ত কৰক আৰু এখন উন্নত তথা সমৃদ্ধিশালী ভাৰতৰ দিশত আগবাঢ়ি যাবলৈ একত্ৰিত হওক
পশ্চিমবংগৰ ১৬খন অনুসূচিত জাতিৰ আসনৰ আটাইকেইখনতে বিজেপিৰ জয়লাভে অটল বিহাৰী বাজপেয়ীৰ পৰা শ্ৰী নৰেন্দ্ৰ মোদীলৈকে জনজাতীয় সম্প্ৰদায়ৰ প্ৰতি দলৰ অদম্য দায়বদ্ধতাক প্ৰতিফলিত কৰিছে
পেছা (পি ই এছ এ) এতিয়া কাগজতে আবদ্ধ হৈ থকা নাই; পেছা কোষৰ জৰিয়তে এতিয়া জনজাতীয় সম্প্ৰদায়ৰ নিজৰ ভাষাত এই আইনখন প্ৰতিখন গাঁৱত প্ৰৱেশ কৰিছে
“তু অউৰ ম্যে এক ৰক্ত হ্যে" মন্ত্ৰৰ জৰিয়তে বনবাসী কল্যাণ আশ্ৰমে নিৰৱ শ্ৰমিক হিচাপে জনজাতীয় সম্প্ৰদায়ৰ সেৱাৰ বাবে নিৰৱচ্ছিন্ন অভিযান চলাইছে
পোষ্ট কৰা হৈছে:
24 MAY 2026 9:49PM by PIB Guwahati
নতুন দিল্লীত ভগৱান বীৰছা মুণ্ডাৰ ১৫০ সংখ্যক জয়ন্তী উপলক্ষে আয়োজন কৰা "জনজাতি সাংস্কৃতিক সমাগম"ত আজি কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে মুখ্য অতিথি হিচাপে ভাষণ দিয়ে।
ভাষণত কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে কয় যে এই সন্মিলন জনজাতিসকলৰ মহাকুম্ভ হিচাপে আগন্তুক বছৰবোৰলৈ স্মৰণীয় হৈ থাকিব। তেওঁ কয় যে ভগৱান বীৰছা মুণ্ডাৰ পিছত এইটোৱেই প্ৰথম জনজাতীয় আন্দোলন, যি সমগ্ৰ দেশক একত্ৰিত কৰিছে। তেওঁ উল্লেখ কৰে যে এইবাৰ ভগৱান বীৰছা মুণ্ডাৰ ১৫০ বছৰীয়া জয়ন্তী উদযাপন কৰা হৈছে। তেওঁ লগতে কয় যে উলগুলান আন্দোলনে ইংৰাজক পৰাস্ত কৰিলে আৰু সেই সময়ত যোগাযোগৰ সুবিধাৰ অভাৱ সত্ত্বেও ভগৱান বীৰছা মুণ্ডাই সমগ্ৰ ভাৰতবৰ্ষৰ ঝাৰখণ্ডৰ পৰা গুজৰাটলৈকে জনজাতিসকলক এই বাৰ্তা প্ৰেৰণ কৰিছিল যে আমাৰ ধৰ্মই প্ৰকৃত ধৰ্ম আৰু আমাৰ বনাঞ্চল কোনেও দখল কৰিব নোৱাৰে। পানী, অৰণ্য, পাহাৰবোৰেই হৈছে বিশ্বাসৰ কেন্দ্ৰবিন্দু, জীৱিকাৰ মাধ্যম আৰু আমাৰ জনজাতীয় ভাইসকলৰ বাবে এক অদৃশ্য দুৰ্গ, যি তেওঁলোকৰ পৰিচয় আৰু সংস্কৃতি ৰক্ষা কৰে। তেওঁ লগতে কয় যে জনজাতীয় জনসাধাৰণে সৃষ্টি কৰা আৰ্হিটোৱে হৈছে আজি আটাইতকৈ ডাঙৰ বহনক্ষম আৰ্হি।
শ্ৰী অমিত শ্বাহে কয় যে সকলো জনজাতীয় লোকে কোনো লিখিত নিয়ম অবিহনে বৈচিত্ৰ্যত ঐক্য আৰু ঐক্যত বৈচিত্ৰ্যৰ মন্ত্ৰক মূৰ্ত কৰি তুলিবলৈ কাম কৰিছে। তেওঁ কয় যে আমাৰ সংবিধানৰ নিৰ্মাতাসকলে প্ৰতিজন ব্যক্তিক নিজৰ আদি ধৰ্মত মৰ্যাদা সহকাৰে জীয়াই থকাৰ অধিকাৰ দিছে। লোভ, বল প্ৰয়োগ বা জোৰ-জবৰদস্তিৰ দ্বাৰা কোনেও কাকো ধৰ্মান্তৰিত কৰিব নোৱাৰে। তেওঁ কয় যে আজি যদি জনজাতীয় ৰাইজে নিজৰ ধৰ্ম ৰক্ষাৰ প্ৰতিশ্ৰুতি লোৱাৰ সিদ্ধান্ত লয় তেন্তে এই প্ৰতিজ্ঞাই আমাক আমাৰ সংস্কৃতি আৰু দেশৰ সৈতে সংযুক্ত কৰি ৰাখিব। শ্ৰী শ্বাহে কয় যে আমাৰ মাজত বিভাজন সৃষ্টি কৰাসকলে নাজানে যে হাজাৰ হাজাৰ বছৰৰ আগতে ভগৱান ৰামে আমাক কৈছিল যে আমি সকলোৱে শ্বাবাৰীয়ে দিয়া জামু খাই এক হৈছো। তেওঁ কয় যে আজিৰ এই সন্মিলন আৰু ইয়াত লাখ লাখ জনজাতীয় লোকৰ উপস্থিতি বিভাজন সৃষ্টি কৰাসকলৰ বাবে এক শক্তিশালী বাৰ্তা।
কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয় যে এতিয়া এক ষড়যন্ত্ৰ আৰম্ভ হৈছে যে ইউ চি চিয়ে জনজাতীয় লোকসকলক তেওঁলোকৰ সংস্কৃতি, পৰম্পৰা, ৰীতি-নীতি অনুসৰি জীয়াই থকাৰ অধিকাৰৰ পৰা বঞ্চিত কৰিব। তেওঁ কয় যে মোদী চৰকাৰৰ গৃহমন্ত্ৰী হিচাপে মই স্পষ্টকৈ ক’ব বিচাৰোঁ যে ইউচিচিয়ে জনজাতীয় সম্প্ৰদায়ৰ ওপৰত কোনো ধৰণৰ বাধা আৰোপ নকৰে আৰু কোনো জনজাতীয় সম্প্ৰদায়ৰ কোনো অধিকাৰ খৰ্ব নকৰে। আমি গুজৰাট আৰু উত্তৰাখণ্ডত ইউ চি চি কাৰ্যকৰী কৰিছোঁ, আৰু নৰেন্দ্ৰ মোদী চৰকাৰে সকলো জনজাতিক ইউ চি চিৰ পৰা বাদ দিয়াৰ বিশেষ ব্যৱস্থা কৰিছে। শ্ৰী শ্বাহে কয়, “বিভাজন সৃষ্টি কৰাসকলক মই ক’ব বিচাৰোঁ যে ইউচিচিয়ে কোনো জনগোষ্ঠীৰ পৰম্পৰাত হস্তক্ষেপ নকৰে।”
শ্ৰী অমিত শ্বাহে কয় যে মোদী চৰকাৰে ৪০ হাজাৰৰো অধিক জনজাতীয় লোকৰ প্ৰাণ কাঢ়ি নিয়া নক্সালবাদৰ পাঁচ দশক পুৰণি ভাবুকিক প্ৰতিহত কৰিছে। আজি আমাৰ দেশ নক্সাল সমস্যাৰ পৰা সম্পূৰ্ণ মুক্ত। জনজাতীয় সম্প্ৰদায় আৰু জনজাতিৰ উন্নয়নত বাধাৰ সৃষ্টি কৰাসকলক আমি নিৰ্মূল কৰিছোঁ। নৰেন্দ্ৰ মোদী চৰকাৰে এসময়ত নক্সালবাদীৰ বিৰুদ্ধে যুঁজিবলৈ স্থাপন কৰা ৭০টা নিৰাপত্তা বাহিনীৰ শিবিৰক শ্বহীদ বীৰ গুণ্ডাধুৰ সেৱা ডেৰা ৰাজহুৱা সুবিধা কেন্দ্ৰলৈ ৰূপান্তৰিত কৰিছে। জনজাতীয় অঞ্চলৰ পাহাৰ আৰু বনাঞ্চললৈ উন্নয়ন অনাৰ সময় এয়াই বুলিও তেওঁ কয়। আমাৰ দলে সদায় জনজাতীয় কল্যাণক অগ্ৰাধিকাৰ দি আহিছে। প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে জনজাতীয় কল্যাণ মন্ত্ৰালয় গঠন কৰি জনজাতীয় উন্নয়নৰ বিকাশৰ সূচনা কৰিছিল আৰু প্ৰধানমন্ত্ৰী মোদীয়ে ইয়াক আগুৱাই লৈ গৈছে। তেওঁ লগতে কয় যে শেহতীয়াকৈ পশ্চিমবংগৰ নিৰ্বাচনত আমাৰ দলে ১৬খন জনজাতিৰ বাবে সংৰক্ষিত আসনৰ সকলোতে জয়লাভ কৰিছিল।
শ্ৰী শ্বাহে কয় যে প্ৰধানমন্ত্ৰী মোদীয়ে জনজাতীয় কল্যাণক আগুৱাই নিয়াৰ বাবে নিৰৱচ্ছিন্নভাৱে কাম কৰি আছে। পূৰ্বৰ চৰকাৰৰ দিনত জনজাতীয় কল্যাণৰ বাবে মুঠ বাজেট আছিল ২৮০০০ কোটি টকা, যিটো প্ৰধানমন্ত্ৰী মোদীয়ে ১.৫ লাখ কোটি টকালৈ বৃদ্ধি কৰিছে। মোদী চৰকাৰ জনজাতীয় লোকৰ কল্যাণৰ বাবে উৎসৰ্গিত এখন চৰকাৰ।
শ্ৰী অমিত শ্বাহে উল্লেখ কৰে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দৰিদ্ৰ চাওতাল পৰিয়ালৰ পৰা অহা দ্ৰৌপদী মুৰ্মুক মহামহিম ৰাষ্ট্ৰপতি হিচাপে নিযুক্তি দি সমগ্ৰ জনজাতি সম্প্ৰদায়ৰ কল্যাণক প্ৰসাৰিত কৰিছে। তেওঁ কয় যে অটল বিহাৰী বাজপেয়ীৰ কাৰ্যকালত ঝাৰখণ্ড আৰু ছত্তীশগড় জনজাতি সংখ্যাগৰিষ্ঠ ৰাজ্যত পৰিণত হয় আৰু আজি ওড়িশা আৰু ছত্তীশগড়ত জনজাতীয় সম্প্ৰদায়ৰ মুখ্যমন্ত্ৰী আছে। তেওঁ লগতে কয় যে ভাৰত চৰকাৰে পেছা (পি ই এছ এ) আইনৰ বাবে পেছা কোষ স্থাপন কৰিছে, এক লাখৰো অধিক বিশেষজ্ঞ প্ৰশিক্ষকে প্ৰশিক্ষণ দিছে আৰু পেছাৰ নিয়মসমূহ চাওতালী, গোণ্ডী, ভিলি, মুণ্ডাৰীকে ধৰি কেইবাটাও জনজাতীয় ভাষালৈ অনুবাদ কৰিছে। আমাৰ চৰকাৰে পেছা গ্ৰাম পঞ্চায়ত উন্নয়ন আঁচনিৰ পৰ্টেল তৈয়াৰ কৰি বাস্তৱ সময়ৰ নিৰীক্ষণ নিশ্চিত কৰিছে। তেওঁ লগতে কয় যে পেছা আইনৰ মধ্যপ্ৰদেশৰ আৰ্হিটো এটা আদৰ্শ আৰ্হি আৰু আমাৰ দলৰ অধীনৰ সকলো চৰকাৰে ইয়াক আগুৱাই নিয়াৰ বাবে কাম কৰি আছে।
শ্ৰী অমিত শ্বাহে কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৭২২ খন একলব্য আদৰ্শ বিদ্যালয়কে ধৰি প্ৰতিটো জনজাতীয় পৰিয়ালক গৃহ, বিদ্যুৎ, নলৰ পানী যোগান, ৫ লাখ টকা পৰ্যন্ত স্বাস্থ্য বীমা আৰু মাহেকীয়া ৰেচন প্ৰদান আদি অসংখ্য বৃহৎ উন্নয়নমূলক আঁচনি আৰম্ভ কৰিছে। শ্ৰী শ্বাহে কয় যে জনজাতীয় লোকৰ এই আন্দোলনে অনাগত দিনত আমাক সুৰক্ষা দিয়াই নহয় আমাৰ ভূমি, সংস্কৃতি, ধৰ্মৰ সৈতেও সংযোগ কৰিব। তেওঁ কয় যে এই আন্দোলনে সমগ্ৰ দেশক শক্তিশালী কৰাৰ বাবে এক শক্তিশালী ভেটি স্থাপন কৰিছে। “তু অউৰ ম্যে এক ৰক্ত হ্যে"- এই মন্ত্ৰৰ দ্বাৰা বনবাসী কল্যাণ আশ্ৰমে নিৰৱ সেৱক হৈ জনজাতীয় সেৱাৰ নিৰৱচ্ছিন্ন যজ্ঞ সম্পন্ন কৰিছে। তেওঁ কয় যে এই মহাকুম্ভই আমাৰ সংস্কৃতি, আমাৰ ভূমি আৰু আমাৰ ধৰ্মৰ সুৰক্ষাৰ ক্ষেত্ৰত এক বৃহৎ কাম কৰিব। ভ্ৰান্ত ধাৰণা পৰিহাৰ কৰি বৈষম্য সৃষ্টি কৰাসকলক চিনাক্ত কৰি ২০৪৭ চনৰ ভিতৰত এখন উন্নত আৰু সমৃদ্ধিশালী ভাৰত গঢ়াৰ দিশত ঐক্যবদ্ধভাৱে আগবাঢ়ি যাওঁ আহক।
*****
RK/RR/PR/PS/SC/KD
(ৰিলিজ আই ডি : 2264917)
অতিথি কক্ষ : 7