গৃহ মন্ত্ৰালয়
azadi ka amrit mahotsav

নতুন দিল্লীত বি এছ এফৰ অলংকৰণ অনুষ্ঠান তথা ৰুষ্টমজী সোঁৱৰণী বক্তৃতাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিলে কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় দপ্তৰৰ মন্ত্ৰী শ্ৰীযুত অমিত শ্বাহে

বি এছ এফৰ জোৱানসকলক প্ৰদান কৰা এই সন্মান দেশৰ প্ৰতি অটল আনুগত্য, কৰ্তব্যৰ প্ৰতি নিষ্ঠা আৰু সম্পূৰ্ণ দায়বদ্ধতাৰ প্ৰতীক

মোদী চৰকাৰে অহা বছৰৰ ভিতৰত ড্ৰ’ন, ৰাডাৰ, আধুনিক কেমেৰা, আৰু উন্নত প্ৰযুক্তিৰে সজ্জিত ‘স্মাৰ্ট বৰ্ডাৰ প্ৰজেক্ট’ আৰম্ভ কৰি এক অদম্য সীমান্ত গ্ৰীড স্থাপন কৰিব

ত্ৰিপুৰা, অসম, আৰু পশ্চিম বংগৰ চৰকাৰসমূহে অনুপ্ৰৱেশ ৰোধ কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ আৰু বি এছ এফে তেওঁলোকৰ সৈতে সমন্বয় ৰক্ষা কৰি কাম কৰা উচিত

গৃহমন্ত্ৰীয়ে ত্ৰিপুৰা, অসম, আৰু পশ্চিম বংগৰ বি এছ এফক জিলা প্ৰশাসন, থানা, পঞ্চায়তৰ সৈতে সমন্বয় ৰক্ষা কৰি অনুপ্ৰৱেশ ৰোধ কৰিবলৈ নিৰ্দেশ দিয়ে

সীমান্তৰ সুৰক্ষা কোনো বিচ্ছিন্ন কৰ্তব্য নহয়; ই এক ভূখণ্ডৰ দায়িত্ব

আভ্যন্তৰীণ নিৰাপত্তাৰ বাবে মোদী চৰকাৰৰ দৃষ্টিভংগী হৈছে সমস্যাবোৰ শিপাৰ পৰাই নিৰ্মূল কৰা — নক্সালবাদৰ পিছত এতিয়া অনুপ্ৰৱেশৰ সমস্যা নাইকিয়া হ’ব

শ্ৰী অমিত শ্বাহে চাইবাৰ ভাবুকি, হাইব্ৰিড যুদ্ধ আৰু ড্ৰোন যুদ্ধৰ সৈতে মোকাবিলা কৰিবলৈ নতুন সীমান্ত সুৰক্ষা কৌশলৰ বিষয়ত গুৰুত্ব আৰোপ কৰে

সীমান্তত প্ৰযুক্তি-চালিত স্মাৰ্ট ছিকিউৰিটি গ্ৰীড স্থাপনৰ বাবে ৰোডমেপ প্ৰস্তুত কৰিছে মোদী চৰকাৰে

সেইদিন আৰু নাই,যেতিয়া সন্ত্ৰাসবাদী আৰু নক্সালবাদীয়ে হত্যাকাণ্ড সংঘটিত কৰিছিল আৰু চৰকাৰে কেৱল আলোচনাত মিলিত হৈছিল। এতিয়া এক নতুন প্ৰতিৰক্ষা মতবাদ আছে— মোদী মতবাদ।

মোদী জীয়ে হাই পাৱাৰড ডেম’গ্ৰাফী মিছন গঠনৰ কথা ঘোষণা কৰিছে আৰু কমিটী গঠন হোৱাৰ পিছত অতি সোনকালে ইয়াৰ কাম আৰম্ভ হ’ব

আমি ভাৰতত অস্বাভাৱিকভাবে জনগাঁথনি পৰিৱৰ্তনৰ অনুমতি নিদিওঁ আৰু প্ৰতিজন অনুপ্ৰৱেশকাৰীক চিনাক্ত কৰি বহিষ্কাৰ কৰা হ’ব

অহা দুমাহৰ ভিতৰত মোদী চৰকাৰে চিএপিএফৰ সকলো জোৱান আৰু তেওঁলোকৰ পৰিয়ালৰ কল্যাণৰ বাবে এক বৃহৎ কাৰ্যসূচী আৰম্ভ কৰিব

পোষ্ট কৰা হৈছে: 22 MAY 2026 5:26PM by PIB Guwahati

কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় দপ্তৰৰ  মন্ত্ৰী শ্ৰী অমিত শ্বাহে আজি নতুন দিল্লীত সীমান্ত সুৰক্ষা বাহিনীৰ অলংকৰণ অনুষ্ঠান আৰু ৰুষ্টমজী সোঁৱৰণী বক্তৃতাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। অনুষ্ঠানত চোৰাংচোৱা ব্যুৰোৰ সঞ্চালক, সচিব  (সীমা ব্যৱস্থাপনা), বি এছ এফৰ সঞ্চালক প্ৰধানকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে।

সভাত ভাষণ দি শ্ৰী অমিত শ্বাহে কয় যে এই  অলংকৰণ অনুষ্ঠানটো বি এছ এফৰ অটল নিষ্ঠা, কৰ্তব্যৰ প্ৰতি দায়বদ্ধতা, আৰু দেশৰ প্ৰতি সম্পূৰ্ণ নিষ্ঠাৰ প্ৰতীক। তেওঁ কয় যে ১৯৬৫ চনৰ যুদ্ধৰ পিছত সীমান্ত সুৰক্ষাৰ অভাৱৰ বিশদ মূল্যায়নৰ ফলত শান্তিৰ সময়তো ভাৰতৰ সীমান্ত সুৰক্ষিত কৰিবলৈ এক নিষ্ঠাবান শক্তিৰ প্ৰয়োজন বুলি উপলব্ধি কৰা হয়। সেই সময়ত পদ্ম বিভূষণ কে.এফ. ৰুষ্টমজীৰ প্ৰচেষ্টাত  বি এছ এফ স্থাপন কৰা হৈছিল আৰু তেতিয়াৰে পৰাই বাহিনীটোৱে  দেশৰ সীমান্তৰ নিৰাপত্তা নিশ্চিত কৰি আহিছে। তেওঁ কয় যে শ্ৰী ৰুষ্টমজীয়ে স্থাপন কৰা মজবুত ভেটিয়ে বি এছ এফে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ ক্ষেত্ৰত সেৱা আগবঢ়াই আহিছে আৰু ই দেশলৈ গৌৰৱ কঢ়িয়াই আনিছে।

শ্ৰী অমিত শ্বাহে কয় যে আজি সীমান্ত সুৰক্ষাৰ ক্ষেত্ৰত কেইবাটাও নতুন প্ৰত্যাহ্বানৰ উন্মেষ ঘটিছে।  অনুপ্ৰৱেশ, নিচাযুক্ত দ্ৰব্য সৰবৰাহ, গৰু সৰবৰাহ,  জাল মুদ্ৰা, সংগঠিত অপৰাধ, ড্ৰোনৰ জৰিয়তে অস্ত্ৰ-শস্ত্ৰ আৰু নিচাজাতীয় সামগ্ৰীৰ সৰবৰাহ  আদি বি এছ এফৰ সন্মুখত আহি পৰা  বহু প্ৰত্যাহ্বানৰ ভিতৰত অন্যতম। অৱশ্যে এই প্ৰত্যাহ্বানসমূহ মোকাবিলা কৰিবলৈ বি এছ এফে ধাৰাবাহিকভাৱে সুপৰিকল্পিত প্ৰচেষ্টা চলাই আহিছে। শ্ৰী শ্বাহে কয় যে বি এছ এফে নিজৰ সম্পদৰ সৰ্বোত্তম ব্যৱহাৰ কৰি আৰু এই সকলো প্ৰত্যাহ্বানৰ ফলপ্ৰসূভাবে  মুখামুখি হৈ দেশক সুৰক্ষিত কৰিছে। তেওঁ লগতে কয় যে অনাগত দিনত বাহিনীটোৰ ভূমিকা আৰু অধিক সমন্বিত তথা  ব্যাপক হ’ব লাগিব।

শ্ৰী অমিত শ্বাহে কয় যে সীমান্ত সুৰক্ষা এতিয়া কেৱল পৰম্পৰাগত পদ্ধতিৰ ওপৰত নিৰ্ভৰ কৰা বিধৰ হৈ থকা নাই।  নিৰাপত্তা ব্যৱস্থা শক্তিশালী কৰাৰ বাবে ৰাজ্যিক আৰক্ষী, কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী (চিএপিএফ), অন্যান্য সশস্ত্ৰ বাহিনী, মাদক দ্ৰব্য নিয়ন্ত্ৰণ ব্যুৰো (এনচিবি), চোৰাংচোৱা সংস্থা, আৰু ৰাজ্যিক প্ৰশাসনৰ মাজত ঘনিষ্ঠ সমন্বয়ৰ প্ৰয়োজন হ’ব। শ্ৰী শ্বাহে সীমান্ত অতিক্ৰম কৰি হোৱা  অনুপ্ৰৱেশৰ ফলত হোৱা জনগাঁথনিগত পৰিৱৰ্তনৰ বিৰুদ্ধে আৰু নিচাযুক্ত দ্ৰব্য আৰু জাল মুদ্ৰাৰ জৰিয়তে দেশৰ অৰ্থনীতি দুৰ্বল কৰাৰ প্ৰচেষ্টাৰ বিৰুদ্ধে সজাগ হৈ থকাৰ প্ৰয়োজনীয়তাৰ বিষয়তো গুৰুত্ব আৰোপ কৰে। তেওঁ কয় যে চাইবাৰ ভাবুকি, হাইব্ৰিড যুদ্ধ, আৰু ড্ৰ’ন ভিত্তিক প্ৰত্যাহ্বানসমূহ মোকাবিলা কৰিবলৈ ভাৰতে নতুন কৌশল গ্ৰহণ কৰিব লাগিব।

কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে কয় যে দেশৰ কিছুমান প্ৰত্যাহ্বানমূলক ভূখণ্ডত সীমান্ত সুৰক্ষা বাহিনী অটল হৈ আছে, য’ত আছে চিয়াচেন আৰু কাশ্মীৰৰ বৰফে ঢাকি ৰখা  পাহাৰ, কুপৱাৰা, কেৰাণ আৰু উৰি আদি কঠিন অঞ্চল, ৰাজস্থানৰ মৰুভূমি, কচ্চৰ ৰান, ছাৰ ক্ৰিকৰ জলাশয় , সুন্দৰবনৰ ঘন অৰণ্য,  পূব সীমান্ত ত্ৰিপুৰা, মেঘালয়, আৰু মিজোৰাম তথা ব্ৰহ্মপুত্ৰৰ সৈতে সংযুক্ত স্পৰ্শকাতৰ  নৈপৰীয়া  অঞ্চলসমূহ। তেওঁ কয় যে এই কাৰণেই ১৯৬৫ চনত মাত্ৰ ২৫টা বেটেলিয়ন আৰু সীমিত সম্পদেৰে আৰম্ভ হোৱা বি এছ এফ আজি ২.৭০ লাখ জোৱানৰ শক্তিৰে বিশ্বৰ সৰ্ববৃহৎ সীমান্তৰক্ষী বাহিনীত পৰিণত হৈছে।

শ্ৰী অমিত শ্বাহে কয় যে ২০১৪ চনৰ পৰা প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতৰ প্ৰতিৰক্ষা আৰু সীমা সুৰক্ষা নীতিত এক আমূল  পৰিৱৰ্তন ঘটিছে। উৰি, পুলৱামা, পহলগামৰ দৰে কাণ্ডৰ কথা উল্লেখ কৰি তেওঁ কয় যে ভাৰতে পাকিস্তানৰ ভিতৰত থকা  সন্ত্ৰাসবাদী আন্তঃগাঁথনি লক্ষ্য কৰি ছাৰ্জিকেল আক্ৰমণ, বিমান আক্ৰমণ  আৰু অপাৰেচন সিন্দুৰৰ  জৰিয়তে নিৰ্ণায়ক প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল। তেওঁ কয় যে সন্ত্ৰাসবাদী আক্ৰমণৰ ক্ষেত্ৰত  আলোচনাৰে  সঁহাৰি জনোৱাৰ যুগ শেষ হৈছে  আৰু সংবিধানৰ মনোভাৱৰ লগত সংগতি ৰাখি ভাৰতে নিজৰ নিৰাপত্তা কাঠামো শক্তিশালী কৰিছে। তেওঁ ইয়াক এক নতুন প্ৰতিৰক্ষা মতবাদ বুলি অভিহিত কৰে,  য’ত বি এছ এফে মুখ্য ভূমিকা পালন কৰিছে।

শ্ৰী অমিত শ্বাহে লগতে কয় যে ভাৰত চৰকাৰ আৰু গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে দেশৰ সীমান্তক ‘স্মাৰ্ট সীমান্ত’লৈ ৰূপান্তৰিত কৰিবলৈ প্ৰযুক্তিগত সহায় আগবঢ়াব। তেওঁ কয় যে স্মাৰ্ট বৰ্ডাৰ ধাৰণাৰ অধীনত সকলো ধৰণৰ প্ৰযুক্তি একত্ৰিত কৰি অহা বছৰৰ ভিতৰত এক অদম্য সীমান্ত সুৰক্ষা গ্ৰীড সৃষ্টিৰ দিশত কাম আগবাঢ়িছে। গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে অতি সোনকালে ড্ৰ’ন, ৰাডাৰ, আধুনিক কেমেৰা, আৰু অন্যান্য উন্নত প্ৰযুক্তিৰে সজ্জিত স্মাৰ্ট বৰ্ডাৰ প্ৰজেক্ট প্ৰৱৰ্তন কৰিব। এই পদক্ষেপ আৰম্ভ হ’লেই সীমান্ত সুৰক্ষা বাহিনীৰ কাম-কাজ যথেষ্ট সহজ আৰু শক্তিশালী হ’ব বুলিও গৃহমন্ত্ৰীগৰাকীয়ে কয়।

শ্ৰী অমিত শ্বাহে কয় যে সীমান্ত সুৰক্ষা বাহিনী স্থাপনৰ ৬০ সংখ্যক বছৰত চৰকাৰে স্মাৰ্ট সীমান্ত প্ৰকল্প আৰম্ভ কৰি বাংলাদেশ আৰু পাকিস্তানৰ সৈতে সমগ্ৰ সীমান্ত অভেদ্য কৰি তুলিব, যাৰ ফলত বি এছ এফে উল্লেখযোগ্য প্ৰযুক্তিগত সহায় আগবঢ়াব। তেওঁ কয় যে সাহস, নিষ্ঠা, আৰু দেশপ্ৰেমৰ লগতে এই বাহিনীটোক শক্তিশালী প্ৰযুক্তিগত সমৰ্থনেৰেও সজ্জিত কৰা হ’ব, যিয়ে সীমান্তৰ নিৰাপত্তা আৰু অধিক শক্তিশালী কৰিব।

শ্ৰী অমিত শ্বাহে কয় যে নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰত চৰকাৰে কেৱল অনুপ্ৰৱেশ বন্ধ কৰাই নহয়, প্ৰতিজন অনুপ্ৰৱেশকাৰীক চিনাক্ত কৰি দেশৰ পৰা বহিষ্কাৰ কৰাৰ সংকল্প লৈছে । অস্বাভাৱিকভাবে  জনগাঁথনি পৰিৱৰ্তনত  অনুমতি দিয়া নহ'ব । তেওঁ কয় যে অনুপ্ৰৱেশৰ জৰিয়তে জনগাঁথনি সলনি কৰাৰ ষড়যন্ত্ৰ বি এছ এফে ৰোধ কৰিব লাগিব। তেওঁ কয় যে ত্ৰিপুৰা, অসম, আৰু পশ্চিম বংগৰ চৰকাৰসমূহে এতিয়া এনে নীতি অনুসৰণ কৰে যিয়ে অনুপ্ৰৱেশৰ স্পষ্ট বিৰোধিতা কৰে। শ্ৰী শ্বাহে কয় যে কেৱল সীমান্ত সুৰক্ষিত কৰাই নহয়, গাঁও পৰ্যায়ৰ বিষয়া, আৰক্ষী থানা, জিলা উপায়ুক্ত, ডি ডি অ’ আৰু আৰক্ষী অধীক্ষকৰ সৈতে ঘনিষ্ঠ সমন্বয় বজাই ৰখাটো বি এছ এফৰ দায়িত্ব। তেওঁ কয় যে  অনুপ্ৰৱেশকাৰী, তেওঁলোকৰ প্ৰৱেশ পথ আৰু গৰু ৰ চোৰাং বেহাকে  ধৰি চোৰাং ব্যৱসায়ৰ সৈতে জড়িত নেটৱৰ্কৰ বিষয়ে বিতং তথ্য সংগ্ৰহ কৰিব লাগিব আৰু এনে সকলো পথ পদ্ধতিগতভাৱে চিনাক্ত কৰি বন্ধ কৰিব লাগিব। তেওঁ কয় যে উপলব্ধ তথ্যৰ সহায়ত অনুপ্ৰৱেশকাৰীক প্ৰতিৰোধ আৰু খেদি পঠিওৱাৰ  বাবে এক গাঁথনিগত ব্যৱস্থা গঢ়ি তুলিব লাগিব। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয় যে বছৰ বছৰ ধৰি নিয়ন্ত্ৰণহীনভাৱে চলি থকা অনুপ্ৰৱেশ নিৰ্ণায়কভাৱে বন্ধ কৰাৰ সময় আহি পৰিছে।

শ্ৰী অমিত শ্বাহে লগতে কয় যে চৰকাৰৰ দৃঢ় প্ৰচেষ্টাৰ বাবে পাঁচ দশক পুৰণি নক্সালবাদৰ সমস্যা এতিয়া ভাৰতৰ পৰা নিৰ্মূল হৈছে। তেওঁ কয় যে নিৰাপত্তা নীতিৰ লক্ষ্য কেৱল সমস্যাসমূহ নিয়ন্ত্ৰণ কৰাই  হোৱা উচিত নহয়, বৰঞ্চ সেইবোৰ সম্পূৰ্ণৰূপে নিৰ্মূল কৰা উচিত। তেওঁ বিএছএফক অনুপ্ৰৱেশৰ সৈতে মোকাবিলা কৰাৰ ক্ষেত্ৰতো  দৃঢ় পন্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায়।

শ্ৰী অমিত শ্বাহে কয় যে ভাইব্ৰেণ্ট গাঁও-১ আৰু ভাইব্ৰেণ্ট গাঁও-২ হৈছে সীমান্ত সুৰক্ষা বাহিনীৰ সহযোগত গণতান্ত্ৰিকভাৱে ৰূপায়ণ কৰা উন্নয়নমূলক কাৰ্যসূচী। তেওঁ লগতে উল্লেখ কৰে যে বি এছ এফৰ অধিকাৰক্ষেত্ৰ ১৫ কিলোমিটাৰৰ পৰা ৫০ কিলোমিটাৰলৈ বৃদ্ধি কৰা হৈছে আৰু পশ্চিম বংগত ভূমি আবণ্টনৰ সৈতে জড়িত সিদ্ধান্তসমূহো চূড়ান্ত কৰা হৈছে।

শ্ৰী অমিত শ্বাহে কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে উচ্চ ক্ষমতাসম্পন্ন জনগাঁথনি অভিযান ঘোষণা কৰিছে আৰু ইয়াৰ সমিতি গঠন হোৱাৰ পিছত অতি সোনকালে ইয়াৰ কাম আৰম্ভ হ’ব। তেওঁ কয় যে অনাগত দিনত দেশৰ সীমান্তত এক শক্তিশালী নিৰাপত্তা গ্ৰীড স্থাপন কৰিব লাগিব, যাৰ বাবে এক বৃহৎ অভিযানো আৰম্ভ কৰিব লাগিব। শ্ৰী অমিত শ্বাহে কয় যে বি এছ এফৰ ৬০ সংখ্যক বছৰটো স্মাৰ্ট বৰ্ডাৰ নিৰ্মাণ আৰু বি এছ এফৰ কৰ্মীসকলৰ কল্যাণ নিশ্চিত কৰাৰ বাবে উৎসৰ্গিত বছৰ। শ্ৰী শ্বাহে কয় যে অহা দুমাহৰ ভিতৰত শ্ৰী নৰেন্দ্ৰ মোদী চৰকাৰে বিএছএফৰ জোৱান আৰু সকলো চিএপিএফৰ জোৱানৰ কল্যাণৰ বাবে এক বৃহৎ কাৰ্যসূচী প্ৰৱৰ্তন কৰিব।

কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয় যে চৰকাৰে নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে দেশজোৰা এক বৃহৎ অভিযান আৰম্ভ কৰিবলৈ ওলাইছে, য’ত সীমান্ত সুৰক্ষা বাহিনীয়েও অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। ড্ৰাগছ সৰবৰাহৰ বিৰুদ্ধে যুঁজিবলৈ সীমান্তৰ দুয়োফালৰ পৰা চোৰাংচোৱা তথ্য সংগ্ৰহ কৰাত বাহিনীটোৰ সফলতা  প্ৰশংসাৰযোগ্য  । তেওঁ কয় যে অহা তিনি-চাৰি বছৰে সীমান্ত সুৰক্ষাৰ ক্ষেত্ৰত আমূল পৰিৱৰ্তন আনিব। প্ৰযুক্তিয়ে সামৰ্থ্য শক্তিশালী কৰিব যদিও ইয়াৰ ফলত দায়িত্বও বৃদ্ধি পাব বুলি তেওঁ কয় । ভাৰতক অনুপ্ৰৱেশমুক্ত কৰাৰ লক্ষ্যত উপনীত হ’বলৈ বিএছএফৰ কৰ্মীসকলক প্ৰযুক্তি আঁকোৱালি ল’বলৈ, স্থানীয় জনগোষ্ঠীৰ সৈতে অধিক শক্তিশালী সম্পৰ্ক গঢ়ি তুলিবলৈ, স্থানীয় প্ৰশাসনৰ সৈতে সমন্বয় উন্নত কৰিবলৈ তেওঁ  আহ্বান জনায়।

***

RK/PR/PS/SC/DM


(ৰিলিজ আই ডি : 2264438) অতিথি কক্ষ : 10