বিত্ত মন্ত্ৰালয়
উত্তৰ-পূৰ্বাঞ্চলত ৬০,০০০ কিলোগ্ৰাম বিদেশী মূলৰ চোৰাং চুপাৰি জব্দ ডি আৰ আইৰ; আটক ৫
পোষ্ট কৰা হৈছে:
22 MAY 2026 1:43PM by PIB Guwahati
উত্তৰ-পূৰ্বাঞ্চলত কালি আৰু সপ্তাহটোৰ আৰম্ভণিতে চলোৱা দুটা গুৰুত্বপূৰ্ণ অভিযানত ৰাজহ চোৰাংচোৱা সঞ্চালকালয় (ডি আৰ আই)ৰ গুৱাহাটী আঞ্চলিক গোটে প্ৰায় ৬০,০০০ কিলোগ্ৰাম বিদেশী মূলৰ চোৰাং চুপাৰি জব্দ কৰিছে।


গোপন সূত্ৰৰ পম খেদি ডি আৰ আয়ে মিজোৰাম আৰু অসমত চলোৱা অভিযানত এইসমূহ জব্দ কৰা হয়। প্ৰাৰম্ভিক অনুসন্ধানত প্ৰকাশ পাইছে যে ম্যানমাৰ-মিজোৰাম সীমান্তৰ মাজেৰে ম্যানমাৰৰ পৰা ভাৰতলৈ বিদেশী মূলৰ শুকান চুপাৰি সৰবৰাহ কৰা হৈছিল। এটা অভিযানত ডি আৰ আইক অসম ৰাইফলছৰ ৩৮ বেটেলিয়নে সহায় কৰে। এই অভিযানত এতিয়ালৈকে পাঁচগৰাকীক গ্ৰেপ্তাৰ কৰা হৈছে।

চুবুৰীয়া দেশৰ পৰা চুপাৰিৰ অবৈধ সৰবৰাহে ঘৰুৱা চুপাৰি উৎপাদনকাৰীসকলৰ গুৰুতৰ অৰ্থনৈতিক ক্ষতি কৰাৰ লগতে সীমান্ত অঞ্চলসমূহৰ অৰ্থনৈতিক নিৰাপত্তা দুৰ্বল কৰি তুলিছে।
****
NB/KMN/DD
(ৰিলিজ আই ডি : 2264095)
অতিথি কক্ষ : 37
ত এই ৰিলিজটো পঢ়ক:
English
,
Manipuri
,
Khasi
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali-TR
,
Bengali
,
Punjabi
,
Gujarati
,
Tamil
,
Telugu