প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

ভাৰত-ইটালী সম্পৰ্ক সন্দৰ্ভত প্ৰধানমন্ত্ৰী আৰু ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেলনীৰ যুটীয়া সম্পাদকীয় মতামত প্ৰকাশ

দুয়োখন দেশৰ মাজৰ বিশেষ কৌশলগত অংশীদাৰিত্ব এক নিৰ্ণায়ক পৰ্যায়ত উপনীত হৈছে বুলি প্ৰধানমন্ত্ৰীৰ প্ৰকাশ

পোষ্ট কৰা হৈছে: 20 MAY 2026 2:16PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে যে তেওঁ ইটালীৰ প্ৰধানমন্ত্ৰী শ্ৰীমতী জৰ্জিয়া মেলনীৰ সৈতে এক যুটীয়া অ’প-এড অৰ্থাৎ সম্পাদকীয় মতামত লিখিছে, য'ত ভাৰত আৰু ইটালীৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্ক কেনেদৰে এক নিৰ্ণায়ক পৰ্যায়ত উপনীত হৈছে সেই বিষয়ে বিশদভাৱে বৰ্ণনা কৰা হৈছে।

প্ৰধানমন্ত্ৰীয়ে কয় যে দুয়োখন দেশৰ মাজত থকা সম্পৰ্ক হৈছে এক বিশেষ কৌশলগত অংশীদাৰিত্ব। শ্ৰীমোদীয়ে কয় যে এই শক্তিশালী সম্পৰ্ক উদ্ভাৱন, গণতান্ত্ৰিক প্ৰমূল্যবোধ আৰু ভৱিষ্যতৰ বাবে এক উমৈহতীয়া দৃষ্টিভংগীৰ দ্বাৰা দৃঢ়ভাৱে চালিত।

এক্সত প্ৰধানমন্ত্ৰীয়ে পোষ্ট কৰিছেঃ

"ভাৰত-ইটালীৰ সম্পৰ্ক কেনেদৰে এক নিৰ্ণায়ক পৰ্যায়ত উপনীত হৈছে সেই সন্দৰ্ভত প্ৰধানমন্ত্ৰী মেলনীৰ সৈতে এটা অ’প-এড লিখিছো। আমাৰ সম্পৰ্ক হৈছে উদ্ভাৱন, গণতান্ত্ৰিক প্ৰমূল্যবোধ আৰু ভৱিষ্যতৰ বাবে এক উমৈহতীয়া দৃষ্টিভংগীৰ দ্বাৰা চালিত এক বিশেষ কৌশলগত অংশীদাৰীত্ব।"

 

***

MJPS/SS/PRK/NB


(ৰিলিজ আই ডি : 2263229) অতিথি কক্ষ : 8