জল শক্তি মন্ত্ৰালয়
গুৱাহাটীত ব্ৰহ্মপুত্ৰ ব'ৰ্ডৰ চতুৰ্দশ এইচ পি আৰ বি বৈঠকত অধ্যক্ষতা কৰিলে কেন্দ্ৰীয় জল শক্তি মন্ত্ৰীয়ে
ৰাজ্যসমূহৰ মাজত বহনক্ষম জল শাসন আৰু সংস্কাৰৰ পদক্ষেপসমূহ শক্তিশালী কৰিবলৈ ৰাজ্যিক জল সংস্কাৰৰ কাঠামোৰ শুভাৰম্ভ
পোষ্ট কৰা হৈছে:
19 MAY 2026 4:06PM by PIB Guwahati
২০২৬ চনৰ ১৯ মে’ত গুৱাহাটীত ভাৰত চৰকাৰৰ জল শক্তি দপ্তৰৰ কেন্দ্ৰীয় মন্ত্ৰী চি আৰ পাটিলৰ অধ্যক্ষতাত
ব্ৰহ্মপুত্ৰ ব’ৰ্ডৰ উচ্চ ক্ষমতাসম্পন্ন পৰ্যালোচনা ব’ৰ্ডৰ চতুৰ্দশ বৈঠক অনুষ্ঠিত হয়। বৈঠকত সৰ্বানন্দ সোণোৱাল, কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী; ৰাজ ভূষণ চৌধুৰী, ৰাজ্য মন্ত্ৰী, জল শক্তি মন্ত্ৰালয় আৰু উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যৰ জ্যেষ্ঠ বিষয়া, কাৰিকৰী বিশেষজ্ঞ তথা অংশীদাৰসকলে নদী অৱবাহিকা ব্যৱস্থাপনাৰ পদক্ষেপসমূহৰ অগ্ৰগতিৰ বিষয়ে পৰ্যালোচনা কৰে। বৈঠকত লগতে ব্ৰহ্মপুত্ৰ ব’ৰ্ডৰ ভৱিষ্যতৰ কাৰ্য পৰিকল্পনাৰ বাবে কৌশলগত পথ প্ৰদৰ্শনৰ বিষয়েও আলোচনা কৰা হয় ।
এই উপলক্ষ্যে জল শক্তি দপ্তৰৰ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ জল শাসন সংস্কাৰ শক্তিশালী কৰাৰ লক্ষ্যৰে এক গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰীয় পদক্ষেপ ৰাজ্যিক জল সংস্কাৰ কাঠামো (SWRF)ও মুকলি কৰে।

সভাত ভাষণ দি মন্ত্ৰীগৰাকীয়ে কয় যে জল সুৰক্ষা ভাৰতৰ উন্নয়ন যাত্ৰাৰ কেন্দ্ৰীয় আৰু বিকশিত ভাৰত @২০৪৭ ৰ দৃষ্টিভংগী লাভৰ বাবে এক মূল স্তম্ভ। তেওঁ কয় যে বহনক্ষম জল ব্যৱস্থাপনাৰ বাবে কেৱল আন্তঃগাঁথনি সৃষ্টিয়েই নহয়, শক্তিশালী শাসন ব্যৱস্থা, সুস্থ নীতি, শক্তিশালী প্ৰতিষ্ঠান, প্ৰযুক্তিগত উদ্ভাৱন আৰু সম্প্ৰদায়ৰ অংশগ্ৰহণৰ প্ৰয়োজন।
এইচ পি আৰ বিৰ বৈঠকত নদী অৱবাহিকা ব্যৱস্থাপনা, মাষ্টাৰপ্লেন প্ৰস্তুত আৰু উন্নীতকৰণ, বান আৰু গৰাখহনীয়া ব্যৱস্থাপনা, ডিজিটেল ৰূপান্তৰ, সামৰ্থ্য বিকাশ আৰু প্ৰতিষ্ঠানিক সংস্কাৰৰ ক্ষেত্ৰত ব্ৰহ্মপুত্ৰ ব’ৰ্ডৰ অগ্ৰগতিৰ বিষয়ে পৰ্যালোচনা কৰা হয়। এইচ পি আৰ বিয়ে সমগ্ৰ উত্তৰ-পূব অঞ্চল আৰু পশ্চিম বংগত সংহত নদী অৱবাহিকা পৰিকল্পনা আৰু কাৰিকৰী সহায়ৰ কাম-কাজ সম্প্ৰসাৰণৰ ক্ষেত্ৰত বিগত দুবছৰত ব’ৰ্ডে লাভ কৰা উল্লেখযোগ্য অগ্ৰগতিৰ শলাগ লয়।
বৈঠকত জিআইএছ, ৰিম’ট চেন্সিং, লিডাৰ আৰু হাইড্ৰ’লজিকেল মডেলিঙৰ দৰে উন্নত প্ৰযুক্তি ব্যৱহাৰ কৰি নদী অৱবাহিকাৰ মাষ্টাৰপ্লেন প্ৰস্তুত আৰু উন্নীতকৰণৰ বিষয়ত বিশদভাবে আলোচনা কৰা হয়। ব’ৰ্ডে জনায় যে ব্ৰহ্মপুত্ৰ আৰু বৰাক অৱবাহিকাক সামৰি মাষ্টাৰপ্লেন প্ৰস্তুত আৰু উন্নীতকৰণৰ বাবে এতিয়া মুঠ ৭৬টা নদী অৱবাহিকা আৰু উপ-অৱবাহিকা চিনাক্ত কৰা হৈছে।
এইচ পি আৰ বিয়ে উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্যৰ বান ব্যৱস্থাপনা, খহনীয়া প্ৰতিৰোধী কাম, নিষ্কাশন উন্নয়ন, বসন্ত প্ৰবাহ ব্যৱস্থাপনা আৰু জল সংৰক্ষণৰ পদক্ষেপৰ সৈতে জড়িত বিভিন্ন চলি থকা আৰু প্ৰস্তাৱিত প্ৰকল্পৰ পৰ্যালোচনা কৰে। ব’ৰ্ডে নিজ নিজ ৰাজ্য চৰকাৰৰ সমন্বয়ত অসম, মেঘালয়, মিজোৰাম, মণিপুৰ, নাগালেণ্ড আৰু ত্ৰিপুৰাত গ্ৰহণ কৰা বৃহৎ হস্তক্ষেপৰ বিষয়ত আলোকপাত কৰে।
বৈঠকত ব্ৰহ্মপুত্ৰ ব’ৰ্ডক আধুনিক, প্ৰযুক্তি-চালিত আৰু জ্ঞানভিত্তিক নদী অৱবাহিকা সংস্থা (আৰ বি অ’)লৈ ৰূপান্তৰিত কৰাৰ বিষয়ে আলোচনা কৰা হয়। এই সন্দৰ্ভত সাংগঠনিক পুনৰ্গঠন, বিশেষ কাৰিকৰী এককসমূহ শক্তিশালী কৰা, ডিজিটেল শাসনৰ পদক্ষেপ আৰু দক্ষতা, স্বচ্ছতা আৰু সমন্বয়ৰ উন্নতিৰ বাবে প্ৰতিষ্ঠানিক সংস্কাৰৰ বিষয়ত নীতি আৰু কৌশলগত নিৰ্দেশনা প্ৰদান কৰা হৈছিল।
এইচ পি আৰ বিয়ে অঞ্চলটোত গৱেষণা, হাইড্ৰলিক অধ্যয়ন, কাৰিকৰী পৰামৰ্শ আৰু সামৰ্থ্য বিকাশৰ কাম-কাজ শক্তিশালী কৰাৰ বাবে উত্তৰ-পূৱ জল আৰু মিত্ৰ গৱেষণা প্ৰতিষ্ঠানৰ প্ৰস্তাৱিত পুনৰুজ্জীৱন পৰিকল্পনাৰ বিষয়ে পৰ্যালোচনা কৰে। গুৱাহাটীৰ বশিষ্ঠস্থিত ব্ৰহ্মপুত্ৰ ব’ৰ্ড কাৰ্যালয় চৌহদক ভৱিষ্যতৰ প্ৰয়োজনীয়তাৰ সৈতে সংগতি ৰাখি আধুনিক প্ৰতিষ্ঠানিক চৌহদলৈ উন্নয়ন সন্দৰ্ভতো আলোচনা কৰা হয়।
কাৰ্যসূচীৰ অংশ হিচাপে উত্তৰ-পূব ভাৰতৰ পৰম্পৰাগত পানী ব্যৱস্থাপনা পদ্ধতিৰ বিষয়ে তলত উল্লেখ কৰা কিতাপ আৰু তথ্যচিত্ৰ আনুষ্ঠানিকভাৱে মুকলি কৰা হয়।
• ট্ৰেডিছনেল ৱাটাৰ মেনেজমেণ্ট প্ৰেক্টিছেছ অব নৰ্থ ইষ্ট- সম্পদ পুথি
· পেডি-কাম-ফিছাৰী (অৰুণাচল প্ৰদেশ ) – ডকুমেণ্টৰী
· ডং ছিষ্টেম (অসম ) – ডকুমেণ্টৰী
· বেম্বো ড্ৰিপ ইৰিগেছন (মেঘালয় ) – ডকুমেণ্টৰী ৰেইনৱাটাৰ হাৰভেষ্টিং (মিজোৰাম ) – ডকুমেণ্টৰী

এইচ পি আৰ বিয়ে অঞ্চলটোৰ থলুৱা আৰু বহনক্ষম জল ব্যৱস্থাপনা পদ্ধতিৰ নথিভুক্তকৰণৰ ক্ষেত্ৰত ব্ৰহ্মপুত্ৰ ব’ৰ্ডৰ প্ৰচেষ্টাক শলাগ লয় আৰু আধুনিক নদী অৱবাহিকা ব্যৱস্থাপনা পদ্ধতিৰ সৈতে পৰম্পৰাগত জ্ঞানক একত্ৰিত কৰাৰ বিষয়ত গুৰুত্ব আৰোপ কৰে।
ৰাজ্যিক জল সংস্কাৰ কাঠামো (SWRF)ৰ বিষয়ে
অনুষ্ঠানত আৰম্ভ কৰা ৰাজ্যিক জল সংস্কাৰ কাঠামো (SWRF) হৈছে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ প্ৰগতিশীল জল খণ্ডৰ সংস্কাৰক উৎসাহিত কৰিব পৰা আৰু মাপকাঠী কৰিবলৈ জল শক্তি মন্ত্ৰালয়ে প্ৰস্তুত কৰা সংস্কাৰমুখী শাসন কাঠামো। সমবায় ফেডাৰেলিজমৰ মনোভাৱক মূৰ্ত কৰি, কাঠামোখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ সৈতে আলোচনা কৰি ডিজাইন কৰা হৈছে, পানীক এক অংশীদাৰী ৰাষ্ট্ৰীয় সম্পদ হিচাপে স্বীকৃতি দি যিয়ে কেন্দ্ৰ আৰু ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ মাজত সামূহিক মালিকীস্বত্ব, সহযোগিতামূলক শাসন আৰু যৌথ জবাবদিহিতাৰ ব্যৱস্থা ৰখা হৈছে।
এই কাঠামোত নীতি আৰু নিয়ন্ত্ৰণ, প্ৰকল্প নিৰীক্ষণ, ডিজিটেলাইজেচন আৰু অনুসন্ধান আৰু বিকাশ, আন্তঃগাঁথনি, আৰু সম্প্ৰদায়ৰ সংযোগকে ধৰি পাঁচটা মাত্ৰাৰ ৭৫টা সূচক অন্তৰ্ভুক্ত কৰা হৈছে। এই মাত্ৰাসমূহৰ মাজেৰে এটা স্বচ্ছ, প্ৰমাণভিত্তিক বেঞ্চমাৰ্কিং ব্যৱস্থা স্থাপন কৰি, ৰাজ্যিক জল সংস্কাৰ কাঠামো (SWRF) এ একেসময়তে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক ইটোৱে সিটোৰ পৰা
উত্তম পদ্ধতিৰ বিষয়ে শিকিবলৈ, তেওঁলোকৰ কৰ্মক্ষমতা পৰিমাপ কৰিবলৈ আৰু জল শাসনৰ ক্ষেত্ৰত উৎকৃষ্টতাৰ বাবে চেষ্টা কৰিবলৈ সক্ষম কৰি তোলা প্ৰতিযোগিতামূলক শক্তিক ব্যৱহাৰ কৰে। ৰাজ্যসমূহৰ মাজত এই সুস্থ প্ৰতিযোগিতাই সংস্কাৰ ত্বৰান্বিত কৰিব, উদ্ভাৱনক আগুৱাই নিব আৰু সমগ্ৰ দেশতে পানী ব্যৱস্থাপনাৰ সামগ্ৰিক মান উন্নত কৰিব বুলি আশা কৰা হৈছে।
এই কাঠামোটোৱে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক ভূগৰ্ভস্থ পানী নিয়ন্ত্ৰণ, বানপানীৰ সমতল অঞ্চল নিৰ্ধাৰণ, বর্জ্য পানীৰ পুনৰ ব্যৱহাৰ, বান্ধ সুৰক্ষা, অংশগ্ৰহণমূলক জলসিঞ্চন ব্যৱস্থাপনা, নদী অৱবাহিকা পৰিকল্পনা, তথ্য সংহতি আৰু প্ৰতিষ্ঠানিক শক্তিশালীকৰণ আদি জটিল ক্ষেত্ৰত জুখিব পৰা আৰু পৰীক্ষাযোগ্য সংস্কাৰ গ্ৰহণ কৰিবলৈ উৎসাহিত কৰিব । ই ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক নীতিগত ব্যৱধান চিনাক্তকৰণ, জুখিব পৰা সংস্কাৰ গ্ৰহণ আৰু বিকাশ ভাৰত @২০৪৭ৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি স্থিতিস্থাপক, জবাবদিহি আৰু জল-সুৰক্ষিত শাসন ব্যৱস্থা গঢ়ি তোলাৰ বাবে উত্তম পদ্ধতি গ্ৰহণ কৰাত সহায় কৰিব ।
কাঠামোটো আৰম্ভ কৰাৰ লগে লগে ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক ২০২৬ চনৰ ৩১ ডিচেম্বৰলৈকে সাত মাহৰ সময়সীমা প্ৰদান কৰা হৈছে, যাতে তেওঁলোকে মূল সংস্কাৰসমূহ গ্ৰহণ কৰিব পাৰে আৰু ২০২৭ চনৰ ৩১ জানুৱাৰীৰ ভিতৰত সূচকসমূহৰ বিষয়ত লাভ কৰা সঁহাৰি আগবঢ়াব পাৰে।শেষত উত্তৰ-পূৰ্বাঞ্চল আৰু পশ্চিম বংগৰ বাবে আন্তঃৰাজ্যিক সমন্বয়, বহনক্ষম নদী অৱবাহিকা ব্যৱস্থাপনা আৰু দীৰ্ঘম্যাদী জলসম্পদ পৰিকল্পনাৰ দিশত এক সামূহিক প্ৰতিশ্ৰুতিৰে বৈঠকৰ সামৰণি পৰে।
****
ND/HM/DM
(ৰিলিজ আই ডি : 2262850)
অতিথি কক্ষ : 42