বিত্ত মন্ত্ৰালয়
azadi ka amrit mahotsav

মন্দিৰৰ সোণৰ ভাণ্ডাৰৰ মুদ্ৰাকৰণ সম্পৰ্কীয় ভুৱা দাবী সন্দৰ্ভত স্পষ্টীকৰণ

পোষ্ট কৰা হৈছে: 19 MAY 2026 9:37AM by PIB Guwahati

একাংশ সংবাদ মাধ্যমৰ প্ৰতিবেদন আৰু ছ’চিয়েল মিডিয়া পোষ্টত দাবী কৰা হৈছে যে ভাৰত চৰকাৰে মন্দিৰৰ সোণৰ ভাণ্ডাৰৰ বিনিময়ত মন্দিৰসমূহক সোণৰ বণ্ড জাৰি কৰাৰ পৰিকল্পনা কৰিছে বা মন্দিৰৰ সোণৰ ভাণ্ডাৰৰ মুদ্ৰাকৰণৰ বাবে এটা প্ৰস্তাৱত অনুমোদন জনোৱা হৈছে।

চৰকাৰে সমগ্ৰ দেশৰে মন্দিৰ ন্যাস বা যিকোনো ধৰ্মীয় প্ৰতিষ্ঠানৰ ওচৰত থকা সোণৰ বাবে মুদ্ৰাকৰণ আঁচনি প্ৰৱৰ্তন কৰাৰ পৰিকল্পনা কৰিছে বুলি কোৱা অনুমান আৰু উৰাবাতৰি সম্পূৰ্ণৰূপে ভুৱা, বিভ্রান্তিমূলক আৰু ভিত্তিহীন।

এইটোও স্পষ্ট কৰি দিয়া হৈছে যে মন্দিৰৰ চূড়া, দ্বাৰ বা মন্দিৰৰ আন গাঁথনিত থকা সোণৰ পাতবোৰক ‘ভাৰতৰ কৌশলগত সোণৰ ভাণ্ডাৰ’ হিচাপে গণ্য কৰা হ’ব বুলি কৰা দাবী ভুৱা, বিভ্রান্তিমূলক আৰু সম্পূৰ্ণ ভিত্তিহীন।

নাগৰিকসকলক এনে উৰাবাতৰি বিশ্বাস বা প্ৰচাৰ নকৰিবলৈ অনুৰোধ জনোৱা হৈছে। অপ্ৰমাণিত তথ্য প্ৰচাৰে বিভ্রান্তিৰ সৃষ্টি কৰে আৰু ইয়ে জনসাধাৰণক বিপথে পৰিচালিত কৰিব পাৰে।

চৰকাৰে সকলো নাগৰিকক কেৱল অনুমোদিত মাধ্যমৰ জৰিয়তে জাৰি কৰা চৰকাৰী যোগাযোগৰ ওপৰত নিৰ্ভৰ কৰিবলৈ আহ্বান জনাইছে। নীতিগত সিদ্ধান্ত বা চৰকাৰী আঁচনি সম্পৰ্কীয় যিকোনো তথ্য চৰকাৰী প্ৰেছ বিজ্ঞপ্তি, চৰকাৰী ৱেবছাইট আৰু প্ৰমাণিত ৰাজহুৱা যোগাযোগ মঞ্চৰ জৰিয়তে শ্বেয়াৰ কৰা হ’ব।

 

****

NB/KMN/HS


(ৰিলিজ আই ডি : 2262712) অতিথি কক্ষ : 3
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी , Gujarati , Tamil , Kannada , Malayalam