প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
নৰ'ৱেৰ মহামহিম ৰজা পঞ্চম হেৰাল্ডৰ সৈতে বিশেষ অনুষ্ঠানত ভাগ ল'লে প্ৰধানমন্ত্ৰী মোদীয়ে
प्रविष्टि तिथि:
18 MAY 2026 7:36PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অছলোৰ ৰয়েল পেলেচত নৰৱেৰ মহামহিম ৰজা পঞ্চম হাৰাল্ডৰ সৈতে এক অনুষ্ঠানত অংশগ্ৰহণ কৰে।
প্ৰধানমন্ত্ৰীয়ে ভাৰতবাসীৰ হৈ তেওঁক শুভেচ্ছা জ্ঞাপন কৰে। তেওঁ নৰৱেৰ প্ৰাকৃতিক সৌন্দৰ্য্যৰ শলাগ লয় আৰু এইবুলি মতপোষণ কৰে যে ভাৰত আৰু নৰ'ৱেৰ মাজত দীৰ্ঘদিনীয়া বন্ধুত্ব অধিক শক্তিশালী হৈয়েই আছে আৰু সেয়া গণতন্ত্ৰ, আইনৰ শাসন তথা জনকেন্দ্ৰিক শাসনৰ ভাগ-বাটোৱাৰা কৰা মূল্যবোধেৰে বান্ধ খাই আছে।
প্ৰধানমন্ত্ৰী মোদী আৰু মহামহিম ৰজা পঞ্চম হাৰাল্ড ডাঙৰীয়াই ভাৰত আৰু নৰ'ৱেৰ কোম্পানীসমূহে বিভিন্ন খণ্ডত , বিশেষকৈ নতুন প্ৰযুক্তিৰ ক্ষেত্ৰত লাভ কৰা উল্লেখনীয় অগ্ৰগতিৰ বিষয়ে আলোচনা কৰে।
ইয়াৰ পিছতে প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁৰ সন্মানাৰ্থে মহামহিমে আয়োজন কৰা দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰা হয়।
প্ৰধানমন্ত্ৰীয়ে মহামহিমে আয়োজন কৰা উষ্ম আতিথ্যৰ বাবে ধন্যবাদ জ্ঞাপন কৰে।
***
MJPS/SS/VJ/DM
(रिलीज़ आईडी: 2262606)
आगंतुक पटल : 58
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Malayalam
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada