প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীয়ে গ্ৰহণ কৰিলে ৰয়েল নৰৱেজিয়ান অৰ্ডাৰ অৱ মেৰিটৰ গ্ৰেণ্ড ক্ৰছ

পোষ্ট কৰা হৈছে: 18 MAY 2026 7:35PM by PIB Guwahati

অছলোত আয়োজিত এক বিশেষ অনুষ্ঠানত নৰ'ৱেৰ মহামহিম ৰজা  পঞ্চম হেৰাল্ডে   প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক ‘ৰয়েল নৰৱেজিয়ান অৰ্ডাৰ অৱ মেৰিটৰ গ্ৰেণ্ড ক্ৰছ’ প্ৰদান কৰে। এই  সন্মান  নৰ'ৱেই বিদেশৰ চৰকাৰৰ মুৰব্বীসকলক প্ৰদান কৰা সৰ্বোচ্চ সন্মান। নৰ'ৱে তথা মানৱ জাতিৰ স্বাৰ্থত কৰা অসাধাৰণ সেৱাৰ স্বীকৃতি স্বৰূপে  এই সন্মান প্ৰদান কৰা হয়।

এই উপলক্ষ্যে আয়োজিত অনুষ্ঠানত  প্ৰধানমন্ত্ৰী মোদীয়ে এনে সন্মান আগবঢ়োৱাৰ  বাবে মহামহিম ৰজা পঞ্চম হেৰাল্ড আৰু নৰ'ৱেৰ  জনসাধাৰণৰ প্ৰতি গভীৰ কৃতজ্ঞতা প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰত আৰু নৰ'ৱেৰ ঐতিহাসিক বন্ধুত্বৰ প্ৰতি  এই বঁটা উচৰ্গা কৰি ইয়াক  ভাৰতৰ জনসাধাৰণ তথা নৰ'ৱেৰ জনসাধাৰণৰ মাজত থকা চিৰস্থায়ী  বিশ্বাস, মৰমৰ প্ৰতি শ্ৰদ্ধা  বুলি অভিহিত কৰে।

ভাৰত আৰু নৰ'ৱেৰ মাজত বিদ্যমান সদিচ্ছাৰ গভীৰ বান্ধোনৰ প্ৰতীক হিচাপে এই সন্মান পৰিগণিত হৈছে আৰু ভৱিষ্যতলৈ দুয়োখন দেশৰ  বন্ধুত্ব তথা সহযোগিতাৰ যাত্ৰাক ই পথ প্ৰদৰ্শন কৰিব।

***

MJPS/SS/VJ/DM


(ৰিলিজ আই ডি : 2262552) অতিথি কক্ষ : 3
ত এই ৰিলিজটো পঢ়ক: English , Urdu , Marathi , हिन्दी , Gujarati , Tamil , Kannada