পৰিৱেশ, বন আৰু জলবায়ু পৰিবৰ্তন মন্ত্ৰালয়
প্ৰাক-আই বি চি এ সন্মিলন অনুষ্ঠান হিচাপে গুজৰাটৰ ছাছন গিৰত 'সিংহ'ৰ প্ৰজাতিৰ স্পটলাইট কাৰ্যসূচী উদ্বোধন কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰীৰ
‘গিৰ’ হৈছে পৰিৱেশগত দৃষ্টিভংগীৰ জৰিয়তে বন্যপ্ৰাণী সংৰক্ষণৰ সৈতে অৰ্থনৈতিক প্ৰগতি কেনেদৰে একেলগে আগবাঢ়িব পাৰে তাৰ এক জীৱন্ত উদাহৰণঃ মুখ্যমন্ত্ৰী (গুজৰাট)
সিংহ হৈছে ভাৰতৰ গৌৰৱ, সাহস আৰু প্ৰাকৃতিক ঐতিহ্যৰ প্ৰতীক; প্ৰজেক্ট লায়নে গিৰ ভূমিখণ্ডত এছীয় প্ৰজাতিৰ সিংহৰ দীৰ্ঘকালীন সংৰক্ষণক শক্তিশালী কৰিছেঃ শ্ৰী ভূপেন্দ্র যাদৱ
পোষ্ট কৰা হৈছে:
14 MAY 2026 12:09PM by PIB Guwahati
কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰী শ্ৰী ভূপেন্দ্র যাদৱে আজি গুজৰাটৰ ছাছন গিৰত 'সিংহ' প্ৰজাতিৰ স্পটলাইট কাৰ্যসূচী উদ্বোধন কৰে। ইণ্টাৰনেচনেল বিগ কেট এলায়েন্স (আই বি চি এ) ছামিট ২০২৬ -ৰ অধীনত প্ৰি-ছামিট স্পেচিজ অনুষ্ঠানৰ শৃংখলাৰ অংশ হিচাপে এই কাৰ্যসূচীৰ আয়োজন কৰা হৈছিল।
এই অনুষ্ঠানত মুখ্যমন্ত্ৰী (গুজৰাট) শ্ৰী ভূপেন্দ্র পেটেলে ভাৰ্চুৱেল মাধ্যমেৰে সভাপতিত্ব কৰে। অনুষ্ঠানত উপস্থিত থকা অন্যান্য গণ্যমান্য ব্যক্তিসকলৰ ভিতৰত আছিল গুজৰাটৰ বন মন্ত্ৰী শ্ৰী অৰ্জুন মোধৱাড়িয়া, ৰাজ্যিক বন মন্ত্ৰী (গুজৰাট) শ্ৰী প্ৰবীন মালিৰ উপৰি আই বি চি এ-ৰ বিষয়াবৰ্গ তথা কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ বিষয়াসকল।

নিজৰ ভাষণত গুজৰাটৰ মুখ্যমন্ত্ৰী শ্ৰী ভূপেন্দ্র পেটেলে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক তেওঁৰ 'বসুধৈৱ কুটুম্বকম'ৰ দৃষ্টিভংগীৰ বাবে ধন্যবাদ জ্ঞাপন কৰে, যাৰ জৰিয়তে বিগ কেট সংৰক্ষণৰ দিশত আই বি চি এ-ক এক অন্যতম পদক্ষেপ হিচাপে প্ৰতিষ্ঠা কৰা হৈছিল। তেওঁ মেকুৰীৰ বৃহৎ প্ৰজাতিৰ সংৰক্ষণৰ প্ৰতি বিশ্বজুৰি সৃষ্টি হোৱা বৰ্ধিত চেতনাক এই দৃষ্টিভংগীৰ বাবে স্বীকৃতি দিয়ে।
শ্ৰী পেটেলে লগতে এছীয় প্ৰজাতিৰ সিংহৰ সংৰক্ষণত সামূহিক অংশগ্ৰহণৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ ওপৰত আলোকপাত কৰে। তেওঁ উল্লেখ কৰে যে সিংহ হৈছে অঞ্চলটোৰ জনপ্ৰিয় সংস্কৃতিৰ এক অবিচ্ছেদ্য অংগ, যিয়ে গিৰত এছীয় প্ৰজাতিৰ সিংহৰ সমৃদ্ধিশালী সংখ্যা বৃদ্ধিত অৰিহণা যোগাইছে। শ্ৰী পেটেলে কয় যে পৰিৱেশগত দৃষ্টিভংগীৰ জৰিয়তে বন্যপ্ৰাণী সংৰক্ষণৰ সৈতে অৰ্থনৈতিক প্ৰগতি কেনেদৰে একেলগে আগবাঢ়িব পাৰে তাৰ এক জীৱন্ত উদাহৰণ হিচাপে গিৰ থিয় হৈছে। তেওঁ এছীয় প্ৰজাতিৰ সিংহৰ প্ৰাকৃতিক বিতৰণৰ বাবে এক নতুন স্থান হিচাপে বৰ্দা বন্যপ্ৰাণী অভয়াৰণ্যৰ উন্নয়নকে ধৰি বিভিন্ন বৃহৎ প্ৰজাতিৰ মেকুৰীৰ সংৰক্ষণৰ পদক্ষেপৰ অধীনত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে গ্ৰহণ কৰা ব্যৱস্থা সমূহৰ বিষয়েও অৱগত কৰে।
সমাৱেশত সম্বোধন কৰি শ্ৰী ভূপেন্দ্র যাদৱে অৱগত কৰে যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত ২০২৬ চনৰ ১-২ জুনত নতুন দিল্লীত ভাৰতে প্ৰথমবাৰৰ বাবে আই বি চি এ সন্মিলন আয়োজন কৰিব আৰু তাৰ পিছত ১-২ জুনত কাৰিকৰী অধিৱেশন অনুষ্ঠিত হ’ব। তেওঁ কয় যে 'ছেভ বিগ কেটছ, ছেভ হিউমেনিটি, ছেভ ইক ‘ছিষ্টেম’ শীৰ্ষক শ্লোগানেৰে সন্মিলনে এছিয়া, আফ্ৰিকা আৰু আমেৰিকাৰ ৯৫খন দেশৰ চৰকাৰৰ মুৰব্বী, মন্ত্ৰী, নীতি নিৰ্ধাৰক, বিজ্ঞানী, সংৰক্ষণ কৰ্মী, বিভিন্ন দিশত কাম কৰা এজেন্সি, বিত্তীয় প্ৰতিষ্ঠান, সহযোগী সংগঠন আৰু ৪০০প্ৰতিনিধিক একত্ৰিত কৰিব। আই বি চি এ-য়ে সহযোগিতামূলক আন্তঃৰাষ্ট্ৰীয় পদক্ষেপৰ জৰিয়তে আৰু বৈজ্ঞানিক আৰু কাৰিকৰী সহযোগিতা শক্তিশালী কৰি সাতটা বৈশিষ্ট্যপূৰ্ণ বিগ কেট প্ৰজাতি-বাঘ, সিংহ, নাহৰফুটুকী, তুষাৰ নাহৰফুটুকী, চিতা, জাগুৱাৰ আৰু পুমাৰ সংৰক্ষণৰ বাবে উৎসর্গীকৃত বিশ্বজুৰি এক জোঁট হিচাপে কাম কৰে।

মন্ত্ৰীগৰাকীয়ে ছাছন গিৰক ভাৰতৰ সমৃদ্ধ জৈৱ বৈচিত্ৰ্য, প্ৰকৃতিৰ প্ৰতি সংবেদনশীলতা আৰু সংৰক্ষণৰ প্ৰতি দায়বদ্ধতাৰ জীৱন্ত প্ৰতীক হিচাপে বৰ্ণনা কৰে। তেওঁ কয় যে গিৰ সিংহ কেৱল গুজৰাটৰ পৰিচয় নহয়, বৰঞ্চ সমগ্ৰ দেশৰ গৌৰৱ, সাহস আৰু প্ৰাকৃতিক ঐতিহ্যৰ প্ৰতীক। মন্ত্ৰীগৰাকীয়ে অৱগত কৰে যে কেনেদৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৃষ্টি সম্পন্ন নেতৃত্বত এছীয় প্ৰজাতিৰ সিংহৰ সংখ্যা নিৰ্ধাৰণৰ উদ্যোগ, জুনাগড়ৰ ৰাষ্ট্ৰীয় বন্যপ্ৰাণী ৰেফাৰেল চেণ্টাৰ আৰু এছীয় প্ৰজাতিৰ সিংহৰ প্ৰাকৃতিক বিতৰণৰ স্থান হিচাপে বৰ্দা ৰাষ্ট্ৰীয় বন্যপ্ৰাণী অভয়াৰণ্যক বিকশিত কৰাৰ দৰে বিভিন্ন পদক্ষেপ অভিযানৰ ৰূপত আগবঢ়াই নিয়া হৈছে।
শ্ৰী যাদৱে কয় যে 'লায়ন’ প্ৰজাতিৰ স্পটলাইট কাৰ্যসূচীত সিংহৰ বিশ্বজুৰি সংৰক্ষণৰ স্থিতি আৰু এই প্ৰজাতিৰ সংৰক্ষণৰ দিশত ভাৰতৰ পদক্ষেপত আলোকপাত কৰা হৈছে। তেওঁ কয় যে এই অনুষ্ঠানটোৰ লক্ষ্য হৈছে ভাৰতৰ সফল সিংহ সংৰক্ষণ আৰ্হি প্ৰদৰ্শন কৰা, সিংহ পৰিসৰৰ দেশসমূহৰ মাজত আন্তঃৰাষ্ট্ৰীয় সহযোগিতা বৃদ্ধি কৰা, বাসস্থানৰ ক্ষেত্ৰত সৃষ্টি হোৱা চাপ, জলবায়ুৰ পৰিৱৰ্তন আৰু মানৱ-বন্যপ্ৰাণীৰ পাৰস্পৰিক ক্ৰিয়া-প্ৰতিক্ৰিয়াৰ দৰে নতুনকৈ সৃষ্টি হোৱা প্ৰত্যাহ্বানসমূহৰ ওপৰত আলোচনা কৰা আৰু জ্ঞানৰ আদান-প্ৰদান তথা সামৰ্থ্য নিৰ্মাণ শক্তিশালী কৰা।
সিংহক বিশ্বৰ আটাইতকৈ বৈশিষ্ট্যপূৰ্ণ আৰু সামাজিক বৃহৎ প্ৰজাতিৰ মেকুৰী হিচাপে বৰ্ণনা কৰি শ্ৰী যাদৱে কয় যে সিংহ হৈছে শীৰ্ষ স্থানৰ প্ৰাণী যিয়ে তৃণভোজী প্ৰাণীৰ সংখ্যা নিয়ন্ত্ৰণ কৰি পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্য বৰ্তাই ৰাখে আৰু জৈৱ বৈচিত্ৰ্য তথা আন্তঃ-প্ৰজাতিৰ গতিশীলতাক গঢ় দি এক গুৰুত্বপূৰ্ণ পৰিৱেশগত ভূমিকা পালন কৰে। তেওঁ উল্লেখ কৰে যে বাসস্থানৰ ক্ষতি আৰু অৱক্ষয়ৰ বাবে বিশ্বজুৰি সিংহৰ সংখ্যা ৩০ শতাংশতকৈও অধিক হ্ৰাস পাইছে, আনহাতে এছীয় প্ৰজাতিৰ সিংহ ভাৰতৰ গিৰ ভূখণ্ডত একক বন্য সংখ্যা হিচাপে তিষ্ঠি আছে।

ভাৰতৰ সংৰক্ষণ সফলতাৰ ওপৰত আলোকপাত কৰি শ্ৰী যাদৱে অৱগত কৰে যে বৃহত্তৰ গিৰ ভূখণ্ডত সিংহৰ সংখ্যা ২০২৫ চনত আনুমানিক ৮৯১ লৈ বৃদ্ধি পাইছে, যি ২০২০ চনৰ তুলনাত ৩২ শতাংশ বৃদ্ধি চিহ্নিত কৰিছে। তেওঁ কয় যে ফলপ্ৰসূ সংৰক্ষণ আৰু ব্যৱস্থাপনা প্ৰচেষ্টাই গিৰ ভূ-খণ্ডৰ কেইবাটাও অঞ্চলত সিংহৰ উপ-সংখ্যা স্থিৰ আৰু সম্প্ৰসাৰিত কৰাত সহায় কৰিছে। মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে এছীয় প্ৰজাতিৰ সিংহই চাইটছৰ পৰিশিষ্ট-১ আৰু বন্যপ্ৰাণী (সুৰক্ষা) আইন, ১৯৭২ ৰ অনুসূচী-১ৰ অধীনত সৰ্বোচ্চ পৰ্যায়ৰ আইনী সুৰক্ষা লাভ কৰে। তেওঁ লগতে উল্লেখ কৰে যে ২০২০ চনত ভাৰত চৰকাৰে আৰম্ভ কৰা 'প্ৰজেক্ট লায়ন'-এ বাসস্থান পুনৰুদ্ধাৰ, সংখ্যা ব্যৱস্থাপনা আৰু পৰিৱেশগত সহনশীলতাৰ জৰিয়তে এছীয় প্ৰজাতিৰ সিংহৰ দীৰ্ঘম্যাদী সংৰক্ষণৰ বাবে এক ব্যাপক ভূ-খণ্ড ভিত্তিক দৃষ্টিভংগী গ্ৰহণ কৰে।
তেওঁৰ ভাষণৰ সামৰণিত শ্ৰী যাদৱে কয় যে আই বি চি এ সন্মিলন ২০২৬ -এ আন্তঃৰাষ্ট্ৰীয় সহযোগিতা, জনসচেতনতা, জ্ঞানৰ আদান-প্ৰদান আৰু বৃহৎ প্ৰজাতিৰ মেকুৰী আৰু সেইবোৰৰ বাসস্থানৰ বাবে এক শক্তিশালী আৰ্থ-সামাজিক-পৰিৱেশগত ভৱিষ্যত সুৰক্ষিত কৰাৰ বাবে সৰ্বোৎকৃষ্ট সংৰক্ষণ পদ্ধতি গ্ৰহণক অধিক শক্তিশালী কৰিব।
অনুষ্ঠানত উপস্থিত থকা বিশিষ্ট ব্যক্তিসকলে 'সিংহ সংৰক্ষণ পুস্তিকা' এখনো উন্মোচন কৰে। তদুপৰি বৃহৎ প্ৰজাতিৰ মেকুৰীৰ সংৰক্ষণ প্ৰচেষ্টাৰ ওপৰত বিশদ উপস্থাপন আৰু শিক্ষামূলক চলচ্চিত্ৰ সমাৱেশত প্ৰদৰ্শন কৰা হয় য'ত উপস্থিত থকা সকলৰ মাজত অঞ্চলটোৰ বিভিন্ন শিক্ষা প্ৰতিষ্ঠানৰ শিক্ষাৰ্থীসকলো আছিল।

*****
VM/HS
(ৰিলিজ আই ডি : 2261355)
অতিথি কক্ষ : 8