প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ ৰাছিয়াৰ বৈদেশিক মন্ত্ৰীৰ

২০২৫ চনৰ ডিচেম্বৰত দুয়োগৰাকী নেতাই বৈঠকত মিলিত হোৱাৰ পিছত দ্বিপাক্ষিক সহযোগিতাৰ অগ্ৰগতিৰ বিষয়ে প্ৰধানমন্ত্ৰীক অৱগত কৰে বৈদেশিক মন্ত্ৰী লাভৰভে

বৈদেশিক মন্ত্ৰী লাভৰভ আৰু প্ৰধানমন্ত্ৰীয়ে ইউক্ৰেইন তথা পশ্চিম এছিয়াৰ পৰিস্থিতিকে ধৰি পাৰস্পৰিক স্বাৰ্থজড়িত আঞ্চলিক আৰু গোলকীয় বিষয়সমূহত আলোচনা কৰে

প্ৰধানমন্ত্ৰীয়ে আলোচনা আৰু কূটনীতিৰ সপক্ষে ভাৰতৰ ধাৰাবাহিক স্থিতি পুনৰবাৰ উল্লেখ কৰে

প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰপতি পুটিনক তেওঁৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে

পোষ্ট কৰা হৈছে: 14 MAY 2026 4:42PM by PIB Guwahati

ৰাছিয়ান ফেডাৰেচনৰ বৈদেশিক মন্ত্ৰী মহামহিম চাৰ্গেই লাভৰভে আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।

২০২৫ চনৰ ডিচেম্বৰত দুয়োগৰাকী নেতাই ২৩সংখ্যক ভাৰত-ৰাছিয়া বাৰ্ষিক সন্মিলনৰ বৈঠকত মিলিত হোৱাৰ পিছৰ দ্বিপাক্ষিক সহযোগিতাৰ অগ্ৰগতিৰ বিষয়ে প্ৰধানমন্ত্ৰীক অৱগত কৰে বৈদেশিক মন্ত্ৰী লাভৰভে।

ইউক্ৰেইন আৰু পশ্চিম এছিয়াৰ পৰিস্থিতিকে ধৰি পাৰস্পৰিক স্বাৰ্থজড়িত বিভিন্ন আঞ্চলিক আৰু গোলকীয় বিষয়ত বৈদেশিক মন্ত্ৰী লাভৰভ আৰু প্ৰধানমন্ত্ৰীয়ে মত বিনিময় কৰে।

আগবাঢ়ি যোৱাৰ বাবে আলোচনা আৰু কূটনীতিৰ সপক্ষে ভাৰতৰ ধাৰাবাহিক স্থিতিক সৰ্বোত্তম পথ হিচাপে পুনৰবাৰ উল্লেখ কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে বৈদেশিক মন্ত্ৰী লাভৰভক ৰাষ্ট্ৰপতি পুটিনক তেওঁৰ আন্তৰিক শুভেচ্ছা জনাবলৈ অনুৰোধ জনায়।

 

***

 

MJPS/SS/PRK/KD


(ৰিলিজ আই ডি : 2261092) অতিথি কক্ষ : 11