যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়
কমনৱেলথ গেমছৰ পূৰ্বে ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণ আৰু মাইভাৰতৰ দেশজোৰা জড়িতকৰণৰ পদক্ষেপৰ আৰম্ভণি
সমগ্ৰ দেশৰ যুৱক-যুৱতীক কমনৱেলথ গেমছ অভিযানত যোগদান কৰিবলৈ আমন্ত্ৰণ
তিনিওটা পদক্ষেপ বিনামূলীয়া আৰু ইয়াৰ লক্ষ্য হৈছে জনসাধাৰণক বিশেষকৈ যুৱক-যুৱতীসকলক অংশগ্ৰহণৰ বাবে উৎসাহিত কৰা
পোষ্ট কৰা হৈছে:
12 MAY 2026 12:16PM by PIB Guwahati
নতুন দিল্লী, ১২ মে’ : গুজৰাটৰ আহমেদাবাদত অনুষ্ঠিত হ’বলগীয়া কমনৱেলথ গেমছ (চিডব্লিউজি) ২০৩০ৰ পূৰ্বে ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণে (ছাই) মাইভাৰতৰ সহযোগিতাত দেশজোৰা তিনিটা সম্পৰ্কমূলক পদক্ষেপ আৰম্ভ কৰিছে।
এই পদক্ষেপসমূহৰ লক্ষ্য হৈছে সমগ্ৰ দেশতে ক্ৰীড়াৰ প্ৰতি আগ্ৰহ, সৃষ্টিশীলতা আৰু যুৱ অংশগ্ৰহণৰ প্ৰচাৰ কৰা। অভিযানৰ অংশ হিচাপে অংশগ্ৰহণকাৰীসকলে ‘কমনৱেলথ গেমছ ২০৩০ শিখা আৰ্হি প্ৰতিযোগিতা’, ‘চিডব্লিউজি ৰীল চেলেঞ্জ’ আৰু ‘কমনৱেলথ গেমছ ২০৩০ কুইজ’ত অংশগ্ৰহণ কৰিব পাৰে।
প্ৰতিযোগিতাবোৰ সকলো মাইভাৰত ব্যৱহাৰকাৰীৰ বাবে মুকলি আৰু ইয়াৰ জৰিয়তে ‘#CWG2030InBharat’ৰ দৃষ্টিভংগীক লৈ সজাগতা আৰু আগ্ৰহ গঢ়ি তোলাৰ চেষ্টা কৰা হৈছে।
কমনৱেলথ গেমছ ২০৩০ শিখা আৰ্হি প্ৰতিযোগিতা
‘কমনৱেলথ গেমছ ২০৩০ শিখা আৰ্হি প্ৰতিযোগিতা’ই নাগৰিকসকলক ভাৰতৰ সংস্কৃতি, ঐতিহ্য, উদ্ভাৱন, বহনক্ষমতা আৰু ক্ৰীড়া উৎকৃষ্টতাৰ দ্বাৰা অনুপ্ৰাণিত এক শিখাৰ আৰ্হি প্ৰস্তুত কৰিবলৈ আমন্ত্ৰণ জনাইছে। ২০০ শব্দলৈকে বৈকল্পিক ধাৰণা টোকাৰ সৈতে প্ৰৱেশসমূহ ডিজিটেল বা হাতেৰে অঁকা বিন্যাসত দাখিল কৰিব পৰা যাব।
প্ৰতিযোগিতাখন ২০২৬ চনৰ ১১ মে’ৰ পৰা ২০ মে’লৈ অনলাইনত অনুষ্ঠিত হ’ব। অংশগ্ৰহণকাৰীসকলে কেৱল এটা প্ৰৱেশ দাখিল কৰিব পাৰিব। নিৰ্বাচিত বিজয়ীসকলে ফিট ইণ্ডিয়া উপহাৰৰ টোপোলা আৰু স্বীকৃতি প্ৰমাণপত্ৰ লাভ কৰিব, আনহাতে যোগ্য অংশগ্ৰহণকাৰীসকলে অংশগ্ৰহণৰ ডিজিটেল প্ৰমাণপত্ৰ লাভ কৰিব।
অধিক বিৱৰণৰ বাবে চাওকঃ https://mybharat.gov.in/pages/event_detail?event_name=CWG-2030-Torch-Design-Contest&key=644159126644
চিডব্লিউজি ৰীল চেলেঞ্জ
‘চিডব্লিউজি ৰীল চেলেঞ্জ’-এ অংশগ্ৰহণকাৰীসকলক ভাৰতৰ বিকশিত ক্ৰীড়া সংস্কৃতি, স্থানীয় ক্ৰীড়া আন্তঃগাঁথনি, সুস্থতা আৰু চিডব্লিউজি ২০৩০ আয়োজনৰ বাবে উৎসাহ প্ৰদৰ্শন কৰা মূল ৰীল সৃষ্টি কৰিবলৈ উৎসাহ প্ৰদান কৰে।
অংশগ্ৰহণকাৰীসকলক চিডব্লিউজি ২০৩০ৰ বাবে ভাৰতৰ প্রস্তুতিক সমৰ্থন কৰা বাৰ্তা আৰু চিডব্লিউজি ২০২৬ৰ বাবে ভাৰতীয় দলৰ সফলতা কামনা কৰা বাৰ্তা অন্তৰ্ভুক্ত কৰিবলৈ উৎসাহিত কৰা হৈছে। ৰীলৰ সময়কাল ৬০ ছেকেণ্ডতকৈ অধিক হ’ব নালাগিব।
প্ৰতিগৰাকী অংশগ্ৰহণকাৰীৰ বাবে এটা প্ৰৱেশৰ অনুমতিৰ সৈতে প্ৰত্যাহ্বানটো ২০২৬ৰ ৭ মে’ৰ পৰা ১৬ মে’লৈ চলিব। শীৰ্ষ পাঁচগৰাকী ৰীল প্ৰস্তুত কৰোতাই ছাইৰ পৰা ফিট ইণ্ডিয়া উপহাৰৰ টোপোলা লাভ কৰিব।
অধিক বিৱৰণৰ বাবে চাওকঃ
https://mybharat.gov.in/pages/event_detail?event_name=CWG-Reel-Challenge&key=139158851139
কমনৱেলথ গেমছ ২০৩০ কুইজ
‘কমনৱেলথ গেমছ ২০৩০ কুইজ’ৰ জৰিয়তে ভাৰতৰ ক্ৰীড়াৰ উত্তৰাধিকাৰক উদযাপন কৰাৰ লগতে কমনৱেলথ গেমছত দেশৰ যাত্ৰাৰ বিষয়ে সজাগতা বৃদ্ধি কৰাৰ লক্ষ্য লোৱা লৈছে।
কুইজত ১০ টা একাধিক পছন্দৰ প্ৰশ্ন থাকে, যিবোৰ ৫ মিনিটৰ ভিতৰত সম্পূৰ্ণ কৰিব লাগে। অংশগ্ৰহণকাৰীসকলে যোগ্যতা অৰ্জন কৰিবলৈ কমেও ৮ নম্বৰ লাভ কৰিব লাগিব। প্ৰতিগৰাকী অংশগ্ৰহণকাৰীক কেৱল এটা প্ৰচেষ্টাৰ অনুমতি দিয়া হয়।
কুইজ ২০২৬ৰ ৯ মেৰ পৰা ২৬ ছেপ্টেম্বৰলৈ খোলা আৰু প্ৰতি সপ্তাহত শীৰ্ষ পাঁচগৰাকীক বিজয়ী ঘোষণা কৰা হ’ব। অংশগ্ৰহণৰ প্ৰমাণপত্ৰও প্ৰদান কৰা হ’ব।
অধিক বিৱৰণৰ বাবে চাওকঃ
https://mybharat.gov.in/quiz/quiz_dashboard/c09vUVNQUjlMKytsTStSQUkyVFhWQT09
এই তিনিওটা পদক্ষেপ বিনামূলীয়া আৰু ২০৩০ চনৰ কমনৱেলথ গেমছৰ সফল আয়োজনৰ বাবে সৃষ্টিশীলতা, ৰাষ্ট্ৰীয় গৌৰৱ আৰু সামূহিক উৎসাহ বৃদ্ধি কৰাৰ লগতে ভাৰতৰ ক্ৰীড়া আন্দোলনত জনসাধাৰণৰ অধিক অংশগ্ৰহণক বিশেষকৈ যুৱক-যুৱতীসকলক উৎসাহিত কৰাটো ইয়াৰ লক্ষ্য।



*****
Ayushman Kumar/HS
(ৰিলিজ আই ডি : 2260943)
অতিথি কক্ষ : 7
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam