প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে তেলেংগানাৰ হায়দৰাবাদত প্ৰায় ৯,৪০০ কোটি টকাৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন, উদ্বোধন আৰু জনসাধাৰণলৈ উৎসৰ্গা কৰে

সমগ্ৰ তেলেংগানাত আন্তঃগাঁথনিগত উন্নয়ন আৰু নিৰৱচ্ছিন্ন সংযোগৰ দিশত এয়া এক বৃহত্ পদক্ষেপ ঃ প্ৰধানমন্ত্ৰী

আজি ভাৰতে ‘ৰিফৰ্ম এক্সপ্ৰেছ’ত আগবাঢ়িছে; একে সময়তে আজিৰ ভাৰতেও আধুনিক আন্তঃগাঁথনি গঢ়ি তুলিছে : প্ৰধানমন্ত্ৰী

অতীতত ভাৰত যেতিয়া বিশ্বৰ এক প্ৰধান অৰ্থনীতি আছিল, তেতিয়া আমাৰ বস্ত্ৰ উদ্যোগে মুখ্য ভূমিকা পালন কৰিছিল; এতিয়া আমি সেই উত্তৰাধিকাৰক শক্তিশালী কৰিছোঁ; ৱাৰংগলৰ ‘পি এম মিত্ৰ পাৰ্ক’-এ দেশৰ বস্ত্ৰ বিপ্লৱক ত্বৰান্বিত কৰিব : প্ৰধানমন্ত্ৰী

বিগত ১২ বছৰত আধুনিক সংযোগ ভাৰত চৰকাৰৰ বাবে এক মূল অগ্ৰাধিকাৰ হিচাপে পৰিগণিত হৈছে; পথ, ৰেলপথ, বা বিমানবন্দৰ, ইয়াৰ সংযোগৰ প্ৰতিটো পদ্ধতিতে অভূতপূৰ্ব বিনিয়োগ কৰা হৈছে : প্ৰধানমন্ত্ৰী

আজি সমগ্ৰ বিশ্বৰ সকলোৱে শক্তি সুৰক্ষাৰ গুৰুত্ব উপলব্ধি কৰিছে; ফলত আমাৰ কেন্দ্ৰীয় চৰকাৰে ভাৰতৰ শক্তি সুৰক্ষা সুনিশ্চিত কৰিবলৈ অভূতপূৰ্ব বিনিয়োগ কৰিছে ঃ প্ৰধানমন্ত্ৰী

পোষ্ট কৰা হৈছে: 10 MAY 2026 5:59PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি তেলেংগানাৰ হায়দৰাবাদত প্ৰায় ৯,৪০০ কোটি টকাৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন, উদ্বোধন আৰু জনসাধাৰণলৈ উৎসৰ্গা কৰে। এই উপলক্ষে প্ৰধানমন্ত্ৰীগৰাকীয়ে ৰাষ্ট্ৰীয় আৰু বিশ্ব দুয়োটা পৰ্যায়তে হায়দৰাবাদৰ পৰিৱৰ্তনশীল গুৰুত্বৰ ওপৰত আলোকপাত কৰে। তেলেংগানা আৰু সমগ্ৰ দেশৰ দ্ৰুত উন্নয়ন ত্বৰান্বিত কৰাৰ ক্ষেত্ৰত অঞ্চলটোৰ গুৰুত্বপূৰ্ণ ভূমিকাত গুৰুত্ব আৰোপ কৰি তেওঁ আজি আৰম্ভ হোৱা কেইবাটাও বৃহৎ পৰিসৰৰ প্ৰকল্পই তেলেংগানাক কেনেকৈ এক প্ৰধান উৎপাদন কেন্দ্ৰ হিচাপে প্ৰতিষ্ঠা কৰিব সেই বিষয়ে আলোকপাত কৰে। শ্ৰী মোদীয়ে কয় যে এই প্ৰকল্পসমূহৰ উদ্বোধনে হাজাৰ হাজাৰ নতুন কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰিব আৰু আঞ্চলিক সংযোগ শক্তিশালী কৰিব। এই প্ৰকল্পসমূহৰ বাবে প্ৰধানমন্ত্ৰীয়ে তেলেংগানাৰ জনসাধাৰণক অভিনন্দন জ্ঞাপন কৰে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে ‘ৰিফৰ্ম এক্সপ্ৰেছ’ৰ ওপৰত ভাৰতৰ অগ্ৰগতিত গুৰুত্ব আৰোপ কৰি বিভিন্ন খণ্ডত আধুনিক আন্তঃগাঁথনি নিৰ্মাণত দৃঢ়তা প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে জহীৰাবাদ ঔদ্যোগিক এলেকাক এই ৰূপান্তৰৰ মূল আধাৰশিলা হিচাপে চিহ্নিত কৰে; এই জ'নে ঔদ্যোগিক কৰিডৰ বিকাশৰ বাবে ভাৰত চৰকাৰৰ ৰাষ্ট্ৰীয় অভিযানক প্ৰতিনিধিত্ব কৰিছে। তেওঁ কয় যে এই উদীয়মান চৌহদে বিশ্বমানৰ আন্তঃগাঁথনি, উৎকৃষ্ট শক্তি যোগান আৰু উন্নত আইচিটি নেটৱৰ্কেৰে সজ্জিত "ঔদ্যোগিক স্মাৰ্ট চিটি" হিচাপে কাম কৰিব, যি বিশ্ব বিনিয়োগকাৰীসকলক তেওঁলোকৰ উদ্যোগ স্থাপনৰ বাবে প্ৰয়োজনীয় সকলো সুবিধা প্ৰদান কৰিব। এই বৃহৎ আৰ্থিক বিনিয়োগৰ বিশদ বিৱৰণ দি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে কেন্দ্ৰীয় চৰকাৰে এই সুবিধাসমূহৰ বাবে হাজাৰ হাজাৰ কোটি টকা আগবঢ়াব, যাৰ ফলত তেলেংগানা আৰু হায়দৰাবাদৰ হাজাৰ হাজাৰ যুৱক-যুৱতীৰ বাবে নতুন কৰ্মসংস্থাপনৰ সুযোগ মুকলি হ’ব। ইয়াৰ বহুগুণক প্ৰভাৱৰ ওপৰত গুৰুত্ব আৰোপ কৰি মোদীয়ে কয় যে “ইয়াত নিৰ্মিত বাহন আৰু যন্ত্ৰপাতি তথা এই জ’নত স্থাপন কৰা খাদ্য প্ৰক্ৰিয়াকৰণ উদ্যোগে তেলেংগানাৰ শ্ৰমিক আৰু কৃষকসকলক শক্তিশালী কৰিব।”

প্ৰধানমন্ত্ৰীগৰাকীয়ে বিশ্ব অৰ্থনৈতিক শক্তিশালী দেশ হিচাপে ভাৰতৰ ঐতিহাসিক গৌৰৱৰ কথা সোঁৱৰাই দিয়ে আৰু তাত বস্ত্ৰ উদ্যোগে মূল ভূমিকা পালন কৰিছিল বুলি মন্তব্য কৰে। আধুনিক আঁচনিৰ জৰিয়তে এই কৌশলগত অঞ্চলটোক পুনৰুজ্জীৱিত কৰাৰ বাবে চৰকাৰৰ দায়বদ্ধতাক তেওঁ পুনৰবাৰ উল্লেখ কৰে। তেওঁ ৱাৰংগলৰ পি এম মিত্ৰ পাৰ্কে দেশৰ বস্ত্ৰ বিপ্লৱক কেনেকৈ ত্বৰান্বিত কৰিব, আৰু ইয়াৰ লগতে অংশগ্ৰহণকাৰী গোটসমূহক পি এল আই আঁচনিকে ধৰি বিভিন্ন কেন্দ্ৰীয় চৰকাৰৰ আঁচনিৰ অধীনত অসংখ্য সুবিধা প্ৰদান কৰিব সেই বিষয়ে ব্যাখ্যা কৰে। তেওঁ কয় যে হিতাধিকাৰী উদ্যোগসমূহে ইতিমধ্যে পিএলআই আঁচনিৰ সুফল লাভ কৰিবলৈ আৰম্ভ কৰিছে। শ্ৰী মোদীয়ে দৃঢ়তাৰে কয় যে এই বস্ত্ৰ উদ্যানখনে বৃহৎসংখ্যক লোকক, আৰু বিশেষকৈ আমাৰ ভগ্নী-কন্যাসকলক কৰ্মসংস্থাপনৰ সুযোগ প্ৰদান কৰিব।

প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাৰত চৰকাৰে যোৱা ১২ বছৰত পথ, ৰে’ল, বিমানবন্দৰকে ধৰি আধুনিক যোগাযোগ আন্তঃগাঁথনিত কৰা অভূতপূৰ্ব বিনিয়োগৰ ওপৰত আলোকপাত কৰে। তেওঁ উল্লেখ কৰে যে কেৱল ৰাষ্ট্ৰীয় ঘাইপথৰ উন্নয়নৰ বাবে প্ৰায় ১ লাখ ৭৫ হাজাৰ কোটি টকা আবণ্টন দিয়া হৈছে। তেওঁ কয় যে এই ৰাষ্ট্ৰীয় বিনিয়োগৰ দ্বাৰা তেলেংগানা যথেষ্ট লাভৱান হৈছে, যোৱা ১২ বছৰত ৰাজ্যখনৰ ৰাষ্ট্ৰীয় ঘাইপথৰ নেটৱৰ্ক দুগুণ হৈছে। শ্ৰী মোদীয়ে তেলেংগানা-কৰ্ণাটক ৰাষ্ট্ৰীয় ঘাইপথ বহল কৰা প্ৰকল্পৰ তাৎক্ষণিক সুবিধাসমূহৰ ওপৰত আলোকপাত কৰে, যাৰ ফলত যাত্ৰাৰ সময় আৰু পৰিবহণ ব্যয় হ্ৰাস পাব। প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে পদ্ধতিগত আন্তঃগাঁথনি বিনিয়োগৰ স্পষ্ট প্ৰভাৱৰ ওপৰত আলোকপাত কৰে। তেলেংগানা আৰু কৰ্ণাটক সংযোগী ৰাষ্ট্ৰীয় ঘাইপথ বহল কৰাটোৱে অপৰিসীম সুবিধা কঢ়িয়াই আনিব বুলি শ্ৰী মোদীয়ে কয়।

তেলেংগানাৰ ৰূপান্তৰিত ৰেল বিনিয়োগৰ পৰিৱেশক ২০১৪ চনৰ পূৰ্বৰ পৰিস্থিতিৰ সৈতে তুলনা কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখযোগ্য বিকাশৰ কথা উল্লেখ কৰে : ২০১৪ চনৰ পূৰ্বে অবিভক্ত অন্ধ্ৰপ্ৰদেশৰ বাবে ৰেল বাজেট ১,০০০ কোটি টকাতকৈ কম আছিল যদিও তেলেংগানাৰ বৰ্তমানৰ বাৰ্ষিক ৰেল আবণ্টন ৫,৫০০ কোটি টকাতকৈ অধিক। তেওঁ উল্লেখ কৰে যে বৰ্তমান প্ৰায় ৫০,০০০ কোটি টকাৰ ৰেল প্ৰকল্প চলি আছে। আধুনিক ৰেল পৰিবহণৰ ৰূপান্তৰৰ উৎকৃষ্ট উদাহৰণ হিচাপে প্ৰধানমন্ত্ৰীগৰাকীয়ে তেলেংগানাত মুকলি কৰা পাঁচখন বন্দে ভাৰত আৰু ছখন অমৃত ভাৰত ৰে’লৰ উদাহৰণ দাঙি ধৰে। কাজিপেট-বিজয়ৱাড়া মাল্টি ট্ৰেকিং প্ৰকল্প আৰু কাজিপেট ৰেল আণ্ডাৰ বাইপাছ লাইনৰ কিছু অংশ উদ্বোধনৰ কথা উল্লেখ কৰি শ্ৰী মোদীয়ে কয় যে “এই সুবিধাসমূহে যাত্ৰা সহজ কৰি তুলিব আৰু পৰিবহণ ক্ষিপ্ৰ হ’ব।”

প্ৰধানমন্ত্ৰীগৰাকীয়ে একবিংশ শতিকাৰ গোলকীয় প্ৰেক্ষাপটত শক্তি সুৰক্ষাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে, কিয়নো শক্তি যোগানত ব্যাঘাত জন্মিলে সকলো অৰ্থনৈতিক কাৰ্যকলাপত ব্যাঘাত জন্মিব পাৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে শক্তি সুৰক্ষাৰ কৌশলগত গুৰুত্ব বিশ্বৰ সকলোৱে এতিয়া বুজি পাইছে। তেওঁ গুৰুত্ব আৰোপ কৰে যে ভাৰত চৰকাৰে ৰাষ্ট্ৰীয় শক্তি সুৰক্ষা শক্তিশালী কৰাৰ বাবে অভূতপূৰ্ব বিনিয়োগ কৰিছে। প্ৰধানমন্ত্ৰীয়ে মলকাপুৰত ইণ্ডিয়ান অইলৰ নতুন টাৰ্মিনেল উদ্বোধনক এক গুৰুত্বপূৰ্ণ কৌশলগত পদক্ষেপ বুলি অভিহিত কৰে। বহনক্ষম আঞ্চলিক উন্নয়নৰ বাবে প্ৰকল্পটোৰ গুৰুত্বৰ বিষয়ে ব্যাখ্যা কৰি শ্ৰী মোদীয়ে কয় যে, “এই টাৰ্মিনেলে তেলেংগানাৰ ক্ৰমবৰ্ধমান শক্তিৰ প্ৰয়োজনীয়তা পূৰণ কৰিব আৰু যোগান শৃংখল শক্তিশালী কৰিব।”

প্ৰধানমন্ত্ৰীগৰাকীয়ে যোৱা কিছু বছৰত বিশ্বৰ শীৰ্ষ সৌৰশক্তি উৎপাদক দেশলৈ ভাৰতৰ আকৰ্ষণীয় উত্থানৰ ওপৰত আলোকপাত কৰে। তেওঁ চৰকাৰৰ পৰ্যায়ক্ৰমে শক্তি বৈচিত্ৰ্যকৰণ কৌশলৰ বিষয়েও কয়। পেট্ৰ’লৰ সৈতে ইথানল মিহলি কৰাৰ ক্ষেত্ৰত অভূতপূৰ্ব অগ্ৰগতিৰ কথাও তেওঁ উল্লেখ কৰে। তেওঁ ব্যাখ্যা কৰে যে এল পি জিৰ সাৰ্বজনীন সুবিধাৰ ওপৰত প্ৰাৰম্ভিক গুৰুত্ব এতিয়া সুলভ মূল্যৰ পাইপ প্ৰাকৃতিক গেছৰ বিতৰণৰ প্ৰসাৰ আৰু সমগ্ৰ দেশতে চি এন জি ভিত্তিক ব্যৱস্থা সম্প্ৰসাৰণৰ দিশলৈ স্থানান্তৰিত হৈছে। তেওঁ কয় যে এনে ব্যাপক পৰিকল্পনাই ভাৰতক সাম্প্ৰতিক বিশ্ব শক্তি সংকট দূৰ কৰাত সহায় কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে শক্তি সংৰক্ষণৰ প্ৰয়োজনীয়তাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে। তেওঁ কয় যে আমদানিকৃত শক্তি সামগ্ৰীসমূহ বিবেচনাপূৰ্ণভাৱে ব্যৱহাৰ কৰিব লাগে, প্ৰকৃত প্ৰয়োজনীয়তাৰ ওপৰত ভিত্তি কৰি। প্ৰধানমন্ত্ৰীয়ে সংযম প্ৰয়োগৰ আৰ্থিক আৰু ভূ-ৰাজনৈতিক দুয়োটা লাভৰ ওপৰত গুৰুত্ব আৰোপ কৰে। শ্ৰী মোদীয়ে কয় যে ’আমি কেৱল প্ৰয়োজনীয় শক্তি ব্যৱহাৰ কৰিবলৈ, তদুপৰি বৈদেশিক মুদ্ৰা ৰাহি কৰিবলৈ আৰু যুদ্ধ সংকটৰ বিৰূপ প্ৰভাৱ লাঘৱ কৰিবলৈ চেষ্টা কৰা উচিত।’

শ্ৰী মোদীয়ে তেলেংগানাৰ যুৱক-যুৱতীসকলক নতুন আকাংক্ষাৰ সৃষ্টিকৰ্তা আৰু ৰাজ্যৰ কৃষক সম্প্ৰদায়ক নতুন আশাৰ আগজাননী বুলি অভিহিত কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে উন্নত তেলেংগানা গঢ়ি তোলাত অৰ্থপূৰ্ণ অৱদান আগবঢ়োৱাৰ বাবে উদ্যোগ, এম এছ এম ই আৰু ষ্টাৰ্টআপৰ সামূহিক সংকল্পক প্ৰশংসা কৰে। তেওঁ এই মৌলিক নীতিৰ ওপৰত গুৰুত্ব আৰোপ কৰে যে তেলেংগানাৰ উন্নয়ন ৰাষ্ট্ৰীয় উন্নয়নৰ অবিচ্ছেদ্য অংগ; এইদৰে ৰাষ্ট্ৰ আৰু জাতিৰ সমৃদ্ধিৰ মাজত প্ৰত্যক্ষ সংযোগ স্থাপন কৰা হয়। প্ৰতিটো তেলেংগানাবাসী পৰিয়ালক সম্পূৰ্ণ আশ্বাস দি প্ৰধানমন্ত্ৰীগৰাকীয়ে ৰাজ্যখনৰ নাগৰিকসকলৰ সামূহিক সপোন আৰু আকাংক্ষা বাস্তৱায়িত কৰাৰ বাবে ভাৰত চৰকাৰৰ উন্নয়নমুখী প্ৰচেষ্টা অব্যাহত ৰখাৰ প্ৰতিশ্ৰুতি পুনৰবাৰ উল্লেখ কৰে। শ্ৰী মোদীয়ে দৃঢ়তাৰে কয়, "তেলেংগানাৰ বিকাশ হ'লে ভাৰতৰো বিকাশ হ'ব।"

 

***

 

 

MJPS/SS/PRK/KD


(ৰিলিজ আই ডি : 2259613) অতিথি কক্ষ : 4