ভাৰতীয় নিৰ্বাচন আয়োগ
azadi ka amrit mahotsav

বিধানসভাৰ সাধাৰণ নিৰ্বাচন আৰু উপ-নিৰ্বাচন-২০২৬


১৪০০ কোটিৰো অধিক টকাৰ অবৈধ প্ৰলোভিত সামগ্ৰী জব্দ

পোষ্ট কৰা হৈছে: 07 MAY 2026 2:26PM by PIB Guwahati

১. অসম, কেৰালা, পুডুচেৰী, তামিলনাডু আৰু পশ্চিমবংগৰ বিধানসভাৰ সাধাৰণ নিৰ্বাচন আৰু পাঁচখন ৰাজ্যৰ ৭খন বিধানসভাৰ আসনৰ উপ-নিৰ্বাচনৰ সময়ত আদৰ্শ আচৰণ বিধি (এমচিচি) কঠোৰভাৱে পালন কৰাটো নিশ্চিত কৰাৰ বাবে নিৰ্বাচন আয়োগে কেইবাটাও ব্যৱস্থা গ্ৰহণ কৰিছিল। পশ্চিমবংগৰ ১৪৪ টা বিধানসভা সমষ্টিৰ বাহিৰে এই ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহত এতিয়া আৰু আদৰ্শ আচৰণ বিধি বলৱৎ নহয়।

২. নিৰ্বাচনৰ সময়ত আয়োগে মুখ্য সচিব, চিইঅ’, আৰক্ষী সঞ্চালকপ্ৰধান (ডিজিপি) আৰু নিৰ্বাচন অনুষ্ঠিত ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলৰ জ্যেষ্ঠ বিষয়াসকলৰ লগতে বিধি বলৱৎকাৰী সংস্থাৰ মুৰব্বীসকলৰ সৈতে কেইবাখনো পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰে।

৩. হিংসামুক্ত, ভয়-ভাবুকিমুক্ত আৰু প্ৰৰোচনামুক্ত নিৰ্বাচন নিশ্চিত কৰিবলৈ আই আৰ এছ (আই টি), আই আৰ এছ (চি এণ্ড আই টি), আই এ এণ্ড এ এছ, আই আৰ এ এছ, আই ডি এ এছ, আই পি এণ্ড টি এ এফ এছ আৰু আই চি এ এছ, ৭,৪৭০টা ফ্লাইং স্কোয়াড টীম (এফ এছ টি) আৰু ৭,৪৭০টা ষ্টেটিক ছাৰ্ভিলেন্স টীম  (এছ এছ টি)ৰ ৩৭৬টা ব্যয় পৰ্যবেক্ষককো নিয়োগ কৰা হৈছিল।

৪. আই টি প্লেটফৰ্ম, যেনে- নিৰ্বাচনী সামগ্ৰী জব্দ ব্যৱস্থাপনা ব্যৱস্থা (ই এছ এম এছ)ৰ সহায়ত এই জব্দকৃত অভিযান সম্ভৱ হৈছিল। ইয়াৰ ফলত বিভিন্ন সংস্থাসমূহৰ মাজত সমন্বয় বৃদ্ধি পায় আৰু গুৰুত্বপূৰ্ণ তথ্যৰ আদান-প্ৰদান সম্ভৱ হৈ উঠে। ২০২৬ চনৰ ২৬ ফেব্ৰুৱাৰীতৰ পৰা ৬ মে’লৈকে ই এছ এম এছ সক্ৰিয় কৰাৰ পৰা জব্দ কৰা মুঠ সামগ্ৰীৰ সবিশেষ তলত দিয়া ধৰণৰ-

 

ক্ৰমিক

নং

ৰাজ্য

নগদ (কোটি

টকাত)

সুৰাৰ পৰিমাণ

(লিটাৰত)

সুৰাৰ মূল্য

(কোটিত)

নিচাজাতীয়

পদাৰ্থৰ মূল্য (কোটিত)

মূল্যৱান সামগ্ৰীৰ মূল্য (কোটিত)

বিনামূলীয়া

সামগ্ৰী/অন্যান্য

(কোটিত)

সৰ্বমুঠ

(কোটি টকাত)

.

 তামিলনাডু

১০৫.২২

১৩৭২৪৮.৫৩

৪.৯৪

৭৮.৬১

১৬৫.৮৬

৩০৭.৬৫

৬৬২.২৮

.

 পশ্চিমবংগ

৩১.১৪

৫৮৫৮৬৪৮.৯৮

১৫১.৮৬

১৩০.২৮

৬৯.৩৬

১৯০.৭৭

৫৭৩.৪১

.

 অসম

৬.০৭

৮২৮২৪৮.৩৩

২২.৭১

৭০.০৮

৩.৬৮

১৪.৭

১১৭.২৪

.

 কেৰালা

১২.১২

৭৮২১৫.৩

২.৫১

৫৮.৪৭

২.২৫

৫.৩৩

৮০.৬৭

.

 পুডুচেৰী

০.৩৩

১৮৩৪০.৩৫

০.৩৯

৮.৯৯

০.০২

৯.৭২

সৰ্বমুঠ

১৫৪.৮৯

৬৯৮৮৭৯৩.৩৮

১৮৩.৩৩

৩৩৭.৮৮

২৫০.১৪

৫১৮.৭৩

১৪৪৪.৯৬

৫. এই তথ্যসমূহে দেখুৱাইছে যে ২০২১ চনৰ সাধাৰণ নিৰ্বাচনৰ তুলনাত এই ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহত জব্দ কৰা সম্পত্তিৰ পৰিমাণ ৪০.১৪ শতাংশ বৃদ্ধি পাইছে। ২০২১ চনত এই জব্দকৃত সামগ্ৰীৰ মূল্য আছিল ১,০২৯.৯৩ কোটি টকা। পশ্চিমবংগত এয়া সৰ্বাধিক ৬৮.৯২ শতাংশ বৃদ্ধি পাইছে আৰু তামিলনাডুৰ ২০২১ চনৰ সাধাৰণ নিৰ্বাচনৰ একে সময়ছোৱাৰ তুলনাত ২০২৬ চনত জব্দ কৰা সম্পত্তিৰ পৰিমাণ ৪৮.৪০ শতাংশ বৃদ্ধি পাইছে।

 

 

**********

 

 

PK/GDH/RP/KD


(ৰিলিজ আই ডি : 2258714) অতিথি কক্ষ : 9