নৌ-পৰিবহন মন্ত্ৰালয়
azadi ka amrit mahotsav

২০২৫–২৬ বিত্তীয় বৰ্ষত প্ৰধান বন্দৰসমূহে ৯১৫ মিলিয়ন টন কাৰ্গোৰ অভিলেখ গঢ়িছে, লগতে ৭.০৬% বিকাশেৰে ধাৰ্য কৰা লক্ষ্যও অতিক্ৰম কৰিছে

প্ৰতিবছৰে ধাৰাবাহিকভাৱে শক্তিশালী বিকাশে দক্ষতা অৰ্জন আৰু ক্ষমতা সম্প্ৰসাৰণক প্ৰতিফলিত কৰে

সামুদ্ৰিক অমৃত কাল ভিজন ২০৪৭ৰ অংশ হিচাপে ভাৰতৰ বন্দৰসমূহে বাণিজ্য বিকাশত সহায় কৰিছে

प्रविष्टि तिथि: 05 APR 2026 2:27PM by PIB Guwahati

নতুন দিল্লী, ০৫ এপ্ৰিল, ২০২৬: এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি অৰ্জন কৰি ভাৰতৰ প্ৰধান বন্দৰসমূহে ২০২৫–২৬ বিত্তীয় বৰ্ষত ৯১৫.১৭ মিলিয়ন টন সামগ্ৰী চম্ভালিছিল, যিটো পূৰ্বে ধাৰ্য কৰা ৯০৪ মিলিয়ন টনৰ লক্ষ্যতকৈ বহু বেছি। পূৰ্বৰ বছৰবোৰৰ তুলনাত এই বৃদ্ধি প্ৰায় ৭.০৬%, যিয়ে প্ৰতিফলিত কৰিছে যে এই খণ্ডটো যথেষ্ট পৰিমাণে উন্নত হৈছে, অধিক কাৰ্যক্ষম হৈছে, আৰু ধাৰাবাহিকভাৱে বিকশিত হৈছে। এই সফলতাই বন্দৰ আন্তঃগাঁথনি আধুনিকীকৰণ, লজিষ্টিক দক্ষতা বৃদ্ধি, আৰু সামুদ্ৰিক অমৃত কাল দৃষ্টিভংগী ২০৪৭ৰ অধীনত বিশ্বৰ আগশাৰীৰ সামুদ্ৰিক ৰাষ্ট্ৰ হিচাপে ভাৰতৰ স্থিতি শক্তিশালী কৰাৰ বাবে চৰকাৰে গ্ৰহণ কৰা পৰিৱৰ্তনশীল সংস্কাৰ আৰু কৌশলগত বিনিয়োগৰ প্ৰভাৱক প্ৰৌজ্জ্বল কৰি তুলিছে।

কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱালে এই সন্দৰ্ভত কয়, “আমাৰ প্ৰধান বন্দৰসমূহে ৯১৫ মিলিয়ন টনতকৈ অধিক সামগ্ৰীৰ পৰিবহন তথা তদাৰক কৰি সৃষ্টি কৰা অভিলেখ হৈছে ভাৰতৰ সামুদ্ৰিক খণ্ডক শক্তিশালী কৰাৰ বাবে চৰকাৰৰ অটল প্ৰতিশ্ৰুতিৰ শক্তিশালী প্ৰমাণ। মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডী জীৰ দৃষ্টিভংগীৰে পৰিচালিত হৈ আমি বিশ্বমানৰ বন্দৰ আন্তঃগাঁথনি নিৰ্মাণ কৰিছো, দক্ষতা বৃদ্ধি কৰিছো, আৰু ভাৰতৰ ক্ৰমবৰ্ধমান অৰ্থনীতিক সমৰ্থন কৰিবলৈ ধাৰাবাহিক লজিষ্টিক ব্যৱস্থাক সক্ষম কৰি তুলিছো। এই সাফল্যই সামুদ্ৰিক অমৃত কাল ভিজন ২০৪৭ৰ অধীনত ভাৰতক বিশ্বৰ সামুদ্ৰিক শক্তিশালী দেশ হিচাপে স্থান দিয়াৰ আমাৰ সংকল্পক আৰু অধিক শক্তিশালী কৰি তুলিছে।”

এই প্ৰদৰ্শনে প্ৰধান বন্দৰসমূহৰ মাজত ধাৰাবাহিক বিকাশৰ প্ৰতিফলন ঘটায়, দীনদয়াল বন্দৰ কৰ্তৃপক্ষই ১৬০.১১ মেট্ৰিক টনেৰে শীৰ্ষ প্ৰদৰ্শনকাৰী হিচাপে আত্মপ্ৰকাশ কৰিছে, তাৰ পিছতে পাৰাদীপ বন্দৰ কৰ্তৃপক্ষই ১৫৬.৪৫ মেট্ৰিক টন, আৰু জৱাহৰলাল নেহৰু বন্দৰ কৰ্তৃপক্ষই (জেএনপিএ) ১০২.০১ মেট্ৰিক টনেৰে শীৰ্ষ তিনিটা শ্ৰেষ্ঠ প্ৰদৰ্শনকাৰীৰ অন্যতম হিচাপে আত্মপ্ৰকাশ কৰিছে। বিশাখাপট্টনম বন্দৰ কৰ্তৃপক্ষ, মুম্বাই বন্দৰ কৰ্তৃপক্ষ, চেন্নাই বন্দৰ কৰ্তৃপক্ষ, আৰু নিউ মাঙ্গালোৰ বন্দৰ কৰ্তৃপক্ষকে ধৰি অন্যান্য মূল বন্দৰসমূহেও শক্তিশালী প্ৰদৰ্শন দেখুৱাইছে, যিয়ে সামগ্ৰিক কাৰ্গো প্ৰেক্ষাপটতে যথেষ্ট অৰিহণা যোগাইছে। বিকাশৰ হাৰৰ ক্ষেত্ৰত মৰ্মুগাও বন্দৰ কৰ্তৃপক্ষই সৰ্বাধিক ১৫.৯১% বিকাশ লাভ কৰিছে, তাৰ পিছতে কলকাতা ডক চিষ্টেমে ১৪.২৮% আৰু জেএনপিএ ১০.৭৪% বিকাশ লাভ কৰিছে, যিয়ে উন্নত কাৰ্যক্ষমতা আৰু বৃদ্ধি পোৱা মালবাহীৰ পৰিমাণ প্ৰতিফলিত কৰিছে।

মালবাহী বা কাৰ্গো বাহন পৰিচালনাৰ ক্ষেত্ৰত ধাৰাবাহিক বৃদ্ধিৰ কাৰণ হৈছে যে বন্দৰসমূহে নিজৰ নিজৰ বহন ক্ষমতা বৃদ্ধি কৰিছে আৰু আন্তঃগাঁথনি উন্নীত কৰিছে। পথ, ৰে, আৰু অন্যান্য পৰিবহণ ব্যৱস্থাৰ জৰিয়তে উন্নত সংযোগে বন্দৰৰ পৰা আৰু বন্দৰলৈ সামগ্ৰী লৈ যোৱা ব্যৱস্থা সহজ কৰি তুলিছে। ডিজিটেল ব্যৱস্থা আৰু স্মাৰ্ট প্ৰযুক্তিৰ ব্যৱহাৰে কাৰ্য্যকলাপ উন্নত কৰিছে, আনহাতে কয়লা, খাৰুৱা তেল, কণ্টেইনাৰ, সাৰ, পেট্ৰলিয়াম সামগ্ৰীৰ দৰে গুৰুত্বপূৰ্ণ সামগ্ৰীৰ উচ্চ নিয়ন্ত্ৰণেও এই বৃদ্ধিত অৰিহণা যোগাইছে। ইয়াৰ উপৰিও দ্ৰুত প্ৰচেছিং সময় আৰু সহজ পদ্ধতিয়ে বন্দৰত ব্যৱসায় কৰাটো সহজ কৰি তুলিছে। বন্দৰ জাহাজ আৰু জলপথ মন্ত্ৰালয়ে সামগ্ৰিক সামুদ্ৰিক উন্নয়ন, লজিষ্টিক উন্নীতকৰণ, আৰু বহনক্ষম বিকাশৰ প্ৰসাৰৰ ওপৰত গুৰুত্ব অব্যাহত ৰাখিছে।

২০২৫–২৬ বিত্তীয় বৰ্ষৰ অভিলেখ প্ৰদৰ্শনে বৃদ্ধি পোৱা বাণিজ্যিক আস্থা আৰু কাৰ্য্যকৰী দক্ষতা আৰু ক্ষমতা ব্যৱহাৰ বৃদ্ধিৰ লক্ষ্যৰে নীতিগত ব্যৱস্থাৰ ফলপ্ৰসূতাক প্ৰতিফলিত কৰে। নীতিগত সমৰ্থন আৰু আন্তঃগাঁথনিত বিনিয়োগ অব্যাহত ৰখাৰ ফলত ভাৰতৰ প্ৰধান বন্দৰসমূহে আৰু অধিক সাফল্য লাভ কৰিবলৈ সাজু হৈছে আৰু দেশৰ অৰ্থনীতি আৰু বিশ্ব বাণিজ্যত দেশৰ স্থান উন্নত কৰাতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।


 
   

**********

MI/PN/IY


(रिलीज़ आईडी: 2257571) आगंतुक पटल : 29
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Kannada , Bengali , English , Urdu , Marathi , हिन्दी , Gujarati , Telugu