পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়
পশ্চিম এছিয়াৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত আন্তঃমন্ত্ৰালয়ৰ সংবাদমেল
ভাৰতত সাৰৰ উপলব্ধতা শক্তিশালী, সুস্থিৰ আৰু সুপৰিচালিত হৈ আছে, সকলো প্ৰধান সাৰৰ উপলব্ধতাই ধাৰাবাহিকভাৱে প্ৰয়োজনীয়তাক অতিক্ৰম কৰিছে
ইউৰিয়া আৰু পি এণ্ড কে সাৰকে ধৰি সাৰ উৎপাদনৰ বাবে প্ৰয়োজনীয় সামগ্ৰীৰ উপলব্ধতা সাৰ বিভাগে নিয়মীয়াকৈ পৰ্যালোচনা কৰি আছে
যোৱা বছৰৰ একে সময়ছোৱাৰ তুলনাত ২০২৬ চনৰ এপ্ৰিল মাহৰ প্ৰথম তিনি সপ্তাহত মুঠ ৰপ্তানি ২০%তকৈ অধিক বৃদ্ধি পাইছে
প্ৰায় ৫.৭৮ লাখ পিএনজি সংযোগলৈ গেছ যোগান ধৰা হৈছে, আৰু অতিৰিক্ত ২.৬৬ লাখ সংযোগৰ বাবে আন্তঃগাঁথনি সৃষ্টি কৰা হৈছে; ২০২৬ চনৰ মাৰ্চ মাহৰ পৰা প্ৰায় ৬.৪৭ লাখ গ্ৰাহকে নতুন সংযোগৰ বাবে পঞ্জীয়ন কৰিছে
কালি প্ৰায় ৭০ হাজাৰ ৫ কেজি এফটিএল চিলিণ্ডাৰ ডেলিভাৰী কৰা হয়
২০২৬ চনৰ ৩ এপ্ৰিলৰ পৰা পিএছইউ অ’এমচিয়ে ৫ কেজি এফটিএল চিলিণ্ডাৰৰ বাবে ৯,৭৫০ টাতকৈও অধিক সজাগতা শিবিৰৰ আয়োজন কৰিছে, আৰু এই শিবিৰসমূহৰ জৰিয়তে ১৬৪,০০০ৰো অধিক ৫ কেজি এফটিএল চিলিণ্ডাৰ বিক্ৰী কৰা হৈছে
অঞ্চলটোৰ সকলো ভাৰতীয় নাৱিক নিৰাপদ আৰু যোৱা ২৪ ঘন্টাত কোনো ভাৰতীয় পতাকা সংলগ্ন জাহাজৰ সৈতে জড়িত কোনো দুষ্কাৰ্য সংঘটিত হোৱা নাই
চৰকাৰে অঞ্চলটোৰ ভাৰতীয় নাৱিকসকলৰ কল্যাণক সৰ্বোচ্চ অগ্ৰাধিকাৰ দিছে আৰু আমাৰ দূতাবাসসমূহে তেওঁলোকক সহায়, স্থানীয় সমন্বয় আৰু ভাৰতলৈ ঘূৰাই অনাৰ ক্ষেত্ৰত সহায় আগবঢ়াইছে
পোষ্ট কৰা হৈছে:
30 APR 2026 5:45PM by PIB Guwahati
পশ্চিম এছিয়াৰ শেহতীয়া পৰিস্থিতিৰ মাজতে ভাৰত চৰকাৰে নিয়মীয়াকৈ সংবাদ মাধ্যমৰ জৰিয়তে নাগৰিকসকলক অৱগত কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। এই সন্দৰ্ভত আজি ৰাষ্ট্ৰীয় সংবাদ মাধ্যম কেন্দ্ৰত এখন সংবাদমেল অনুষ্ঠিত হয়, য’ত পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয় আৰু বন্দৰ, জাহাজ তথা জলপথ মন্ত্ৰালয়ৰ বিষয়াসকলে ইন্ধনৰ উপলব্ধতা, সামুদ্ৰিক কাৰ্য্যকলাপ, অঞ্চলটোৰ ভাৰতীয় নাগৰিকসকলক কৰা সহায় আৰু মূল খণ্ডসমূহত সুস্থিৰতা বৰ্তাই ৰখাৰ বাবে গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিষয়ে তথ্য প্ৰদান কৰে। ৰাসায়নিক আৰু সাৰ মন্ত্ৰালয়েও সাৰ মজুতৰ পৰিৱেশ আৰু উপলব্ধতাৰ বিষয়ে সংবাদ মাধ্যমক অৱগত কৰে। ইয়াৰ উপৰি বাণিজ্য মন্ত্ৰনালয়ে ৰপ্তানি সন্দৰ্ভত নবীকৃত তথ্য শ্বেয়াৰ কৰে।
সাৰৰ মজুত তথা উপলব্ধতা
দেশত মুঠ সাৰ মজুতৰ পৰিৱেশ
|
সামগ্ৰী
|
আজিৰ দিনটোত
|
যোৱা বছৰৰ
আজিৰ দিনটোত
|
|
ইউৰিয়া
|
৭৩.৩২
|
৭২.৯০
|
|
ডি.এ.পি.
|
২২.৩৮
|
১৫.৪৪
|
|
এন পি কে
|
৫৮.৪৫
|
৪৫.১৪
|
|
এছ এছ পি
|
২৬.৬০
|
২৬.৩৮
|
|
এম অ’ পি
|
১২.৬৩
|
১২.৮৯
|
|
মুঠ
|
১৯৩.৩৮
|
১৭২.৭৫
|
- খাৰিফ ২০২৬ৰ বাবে ডি এ এণ্ড এফ ডব্লিউৱে সাৰৰ প্ৰয়োজনীয়তা ৩৯০.৫৪ এল এম টি বুলি অনুমান কৰিছে; ইয়াৰ বিপৰীতে বৰ্তমানৰ মজুত প্ৰায় ১৯৩.৩৮ এলএমটি (প্ৰায় ৫০%), যিটো স্বাভাৱিক স্তৰতকৈ যথেষ্ট বেছি (প্ৰায় ৩৩%)। ইয়াৰ দ্বাৰা চৰকাৰৰ উন্নত পৰিকল্পনা, আগতীয়াকৈ মজুতকৰণ আৰু দক্ষ সামগ্ৰী পৰিবহণ ব্যৱস্থাপনা প্ৰতিফলিত হয়।
ৰাজ্যসমূহত যোগান শৃংখল অব্যাহত আছে। ২০২৬ চনৰ ১ এপ্ৰিলৰ পৰা ২০২৬ চনৰ ৩০ এপ্ৰিললৈকে উপলব্ধতা প্ৰয়োজনীয়তাতকৈ যথেষ্ট বেছি হৈয়েই আছে। ইউৰিয়াৰ উপলব্ধতা ২২.৯১ এলএমটিৰ বিপৰীতে ৭৩.৮১ এলএমটি; ডিএপিৰ উপলব্ধতা ৭.৪৪ এলএমটিৰ প্ৰয়োজনীয়তাৰ বিপৰীতে ২৩.৪৭ এলএমটি; এম অ’ পি উপলব্ধতা ২.১৮ এলএমটিৰ প্ৰয়োজনীয়তাৰ বিপৰীতে ৮.৫৪ এলএমটি; এন পি কেৰ উপলব্ধতা ৯.৪০ এল এম টিৰ প্ৰয়োজনীয়তাৰ বিপৰীতে ৫৪.০৪ এল এম টি; আৰু এছ এছ পি উপলব্ধতা ৪.১৬ এল এম টিৰ প্ৰয়োজনীয়তাৰ বিপৰীতে ২৬.২০ এল এম টি। ইয়াৰ পৰা স্পষ্টভাৱে চলি থকা খাৰিফ বতৰৰ শক্তিশালী আৰম্ভণিৰ ইংগিত পোৱা গৈছে।
প্ৰধান সাৰৰ এম আৰ পি– প্ৰধান সাৰৰ এম আৰ পিৰ কোনো পৰিৱৰ্তন হোৱা নাই
|
সামগ্ৰী
|
(প্ৰতি বেগত টকা)
|
|
ইউৰিয়া
|
২৬৬.৫
|
|
ডি এ পি
|
১৩৫০
|
|
টি এছ পি
|
১৩০০
|
সংকটৰ পিছত ঘৰুৱা উৎপাদন আৰু সাৰ আমদানি
|
সামগ্ৰী
|
সংকটৰ পিছত ঘৰুৱা উৎপাদন
|
সংকটৰ পিছত ভাৰতীয় বন্দৰলৈ অহা আমদানিকৃত সামগ্ৰী
|
|
ইউৰিয়া
|
৩৭.৪৯
|
৯.৯৮
|
|
ডি.এ.পি.
|
৪.৭৯
|
০.৭৬
|
|
এন পি কে
|
১২.৬৯
|
২.৫৫
|
|
এছ এছ পি
|
৭.৪০
|
০
|
|
এম অ’ পি
|
০
|
২.১০
|
|
মুঠ
|
৬২.৩৭
|
১৫.৩৯
|
- সংকটৰ পৰিস্থিতিৰ পিছত মুঠ প্ৰায় ৭৮ এল এম টি সাৰ উপলব্ধতাত যোগ কৰা হৈছে।
- চলি থকা এপ্ৰিল-২৬ত ইউৰিয়া উৎপাদনে ঘৰুৱা উৎপাদনৰ মাত্ৰা প্ৰায় ২০.৮-২১ এলএমটিত উপনীত হৈছে, যিটো এপ্ৰিল-২৫ত ২১.৮৯ এলএমটি আছিল।
- গ্লোবেল ইউৰিয়া টেণ্ডাৰ – ভাৰতে ফেব্ৰুৱাৰী মাহৰ শেষৰ পৰা মুঠ ৩৮.০৭ এল এম টি (১৩.০৭ আৰ চি এফ + ২৫ এল এম টি আই পি এল) ইউৰিয়া ক্ৰয় কৰিছে।
- ডি এ পি, টি এছ পি আৰু এমোনিয়াম ছালফেটৰ বাবে বিশ্বব্যাপী নিবিদা – ভাৰতীয় সাৰ কোম্পানীসমূহে শুকুৰবাৰে অৰ্থাৎ ২৪.০৪.২০২৬ তাৰিখে ১২টা এল এম টি ডি এ পি, ৪ এল এম টি টি এছ পি আৰু ৩ এল এম টি এমোনিয়াম ছালফেট ক্ৰয়ৰ বাবে এক যৌথ বিশ্বব্যাপী নিবিদা জাৰি কৰিছে। এই নিবিদাসমূহে শীৰ্ষ বতৰত পৰ্যাপ্ত উপলব্ধতা নিশ্চিত কৰাত সহায় কৰিব।
- সাৰ উৎপাদনৰ বাবে প্ৰয়োজনীয় সামগ্ৰী (কেঁচামাল) অৰ্থাৎ ইউৰিয়া আৰু পি এণ্ড কে সাৰ উপলব্ধতা সাৰ বিভাগে নিয়মিতভাৱে পৰ্যালোচনা কৰি আছে।
- সাৰৰ পৰ্যাপ্ত উপলব্ধতা নিশ্চিত কৰিবলৈ ইগ’এছ (সক্ষম মন্ত্ৰী গোট)ৰ এতিয়ালৈকে ছখন বৈঠক অনুষ্ঠিত কৰা হৈছে, আৰু উপলব্ধতা সম্পৰ্কীয় প্ৰত্যাহ্বানসমূহৰ অধিকাংশই ইগ’এছৰ দ্বাৰা সমাধান কৰা হৈছে।
- ভাৰতৰ সাৰৰ সুৰক্ষা শক্তিশালী, সুস্থিৰ, আৰু সুপৰিচালিত হৈ আছে; উপলব্ধতাই সকলো প্ৰধান সাৰৰ প্ৰয়োজনীয়তাক ধাৰাবাহিকভাৱে অতিক্ৰম কৰিছে।
বাণিজ্য মন্ত্ৰালয়ৰ শেহতীয়া তথ্য
- ২০২৬ চনৰ এপ্ৰিল মাহৰ প্ৰথম তিনি সপ্তাহত (১ এপ্ৰিল – ২১ এপ্ৰিল) মুঠ ৰপ্তানি যোৱা বছৰৰ একে সময়ৰ তুলনাত বছৰি ২০%তকৈ অধিক বৃদ্ধি পাইছে।
- ২০২৬ চনৰ ১ এপ্ৰিল – ২১ এপ্ৰিলৰ সময়ছোৱাত ৰপ্তানিৰ ক্ষেত্ৰত যথেষ্ট বৃদ্ধি পোৱা প্ৰধান সামগ্ৰীসমূহ হ’ল পেট্ৰলিয়াম সামগ্ৰী আৰু ইলেক্ট্ৰনিক সামগ্ৰী।
শক্তি যোগান আৰু ইন্ধনৰ উপলব্ধতা
বৰ্তমান ইন্ধন যোগানৰ পৰিস্থিতি সন্দৰ্ভত পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ে এক আপডেট জাৰি কৰিছে। ইয়াত পশ্চিম এছিয়াৰ পৰিৱৰ্তিত পৰিস্থিতিৰ প্ৰেক্ষাপটত পেট্ৰলিয়াম সামগ্ৰী আৰু এল পি জিৰ নিৰৱচ্ছিন্ন উপলব্ধতা নিশ্চিত কৰাৰ বাবে গ্ৰহণ কৰা ব্যৱস্থাসমূহৰ ৰূপৰেখা দাঙি ধৰা হৈছে। তলত দিয়া কথাবোৰ লক্ষ্য কৰা হৈছিল:
ৰাজহুৱা পৰামৰ্শ আৰু নাগৰিক সজাগতা
- নাগৰিকসকলক পেট্ৰ’ল, ডিজেল, আৰু এল পি জিৰ আতংকিত ক্ৰয়ৰ পৰা আঁতৰি থাকিবলৈ পৰামৰ্শ দিয়া হৈছে, কিয়নো চৰকাৰে পেট্ৰ’ল, ডিজেল, আৰু এল পি জিৰ উপলব্ধতা নিশ্চিত কৰাৰ বাবে সকলো প্ৰচেষ্টা চলাইছে।
- উৰাবাতৰিৰ পৰা সাৱধান হওক আৰু সঠিক তথ্যৰ বাবে কেৱল চৰকাৰী উৎসৰ ওপৰত নিৰ্ভৰ কৰক।
- এল পি জি গ্ৰাহকসকলক ডিজিটেল বুকিং প্লেটফৰ্ম ব্যৱহাৰ কৰিবলৈ আৰু বিতৰকসকলৰ ওচৰলৈ যোৱাৰ পৰা বিৰত থাকিবলৈ অনুৰোধ জনোৱা হৈছে।
- নাগৰিকক বিকল্প ইন্ধন যেনে পিএনজি আৰু বৈদ্যুতিক বা ইণ্ডাকচন কুকটপ ব্যৱহাৰ কৰিবলৈ উৎসাহিত কৰা হয়।
- সাম্প্ৰতিক পৰিস্থিতিৰ সময়ত দৈনন্দিন ব্যৱহাৰত শক্তি সঞ্চয়ৰ বাবে প্ৰয়োজনীয় প্ৰচেষ্টা চলাবলৈ সকলো নাগৰিককে অনুৰোধ জনোৱা হৈছে।
চৰকাৰী প্ৰস্তুতি আৰু যোগান ব্যৱস্থাপনাৰ পৰিমাপ
- বৰ্তমানৰ ভূ-ৰাজনৈতিক পৰিস্থিতিৰ মাজতো চৰকাৰে ঘৰুৱা এল পি জি, ঘৰুৱা পি এন জি, আৰু চি এন জি (পৰিবহণ) ১০০% যোগান নিশ্চিত কৰিছে।
- বাণিজ্যিক এল পি জিৰ বাবে চিকিৎসালয় আৰু শিক্ষানুষ্ঠানক অগ্ৰাধিকাৰ দিয়া হৈছে। ঔষধ, তীখা, অটোম’বাইল, বীজ, কৃষি আদি খণ্ডকো অগ্ৰাধিকাৰ দিয়া হৈছে। ইয়াৰ উপৰিও ২০২৬ চনৰ ২ আৰু ৩ মাৰ্চৰ গড় দৈনিক যোগানৰ ভিত্তিত প্ৰব্ৰজিত শ্ৰমিকসকলক ৫ কিলোগ্ৰাম এফটিএলৰ যোগান দুগুণ কৰা হৈছে।
- শোধনাগাৰৰ উৎপাদন বৃদ্ধি কৰা, চহৰ অঞ্চলত বুকিংৰ ব্যৱধান ২১ দিনৰ পৰা ২৫ দিনলৈ আৰু গ্ৰাম্য অঞ্চলত ৪৫ দিনলৈ বৃদ্ধি কৰা, যোগানৰ বাবে বিভিন্ন খণ্ডক অগ্ৰাধিকাৰ দিয়াকে ধৰি চৰকাৰে ইতিমধ্যে যোগান আৰু চাহিদা দুয়োটা দিশতে কেইবাটাও যুক্তিসংগতকৰণ ব্যৱস্থা ৰূপায়ণ কৰিছে।
- এল পি জিৰ চাহিদাৰ চাপ কমোৱাৰ বাবে কেৰাচিন আৰু কয়লাৰ দৰে বিকল্প ইন্ধন উপলব্ধ কৰা হৈছে।
- কয়লা মন্ত্ৰালয়ে কয়লা ইণ্ডিয়া আৰু চিংগাৰেনী কলিয়াৰীক ক্ষুদ্ৰ আৰু মজলীয়া গ্ৰাহকক বিতৰণৰ বাবে ৰাজ্যসমূহক অতিৰিক্ত কয়লা যোগান ধৰিবলৈ নিৰ্দেশ দিছে।
- ৰাজ্যসমূহক ঘৰুৱা আৰু বাণিজ্যিক গ্ৰাহকক নতুন পিএনজি সংযোগ প্ৰদান কৰাত সহায় কৰিবলৈ পৰামৰ্শ দিয়া হৈছে।
ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ সৈতে সমন্বিত প্ৰচেষ্টা আৰু প্ৰতিষ্ঠানিক ব্যৱস্থা
- ৰাজ্য চৰকাৰসমূহক অত্যাৱশ্যকীয় সামগ্ৰী আইন, ১৯৫৫ আৰু এল পি জি নিয়ন্ত্ৰণ আদেশ, ২০০০ৰ অধীনত যোগান নিৰীক্ষণ আৰু জমা আৰু ক’লা বিপণনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ কৰ্তৃত্ব দিয়া হৈছে।
- পেট্ৰ’ল, ডিজেল আৰু এল পি জিকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ যোগানৰ পৰিস্থিতি নিৰীক্ষণ আৰু নিয়ন্ত্ৰণত ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চল চৰকাৰসমূহৰ মূল ভূমিকা আছে। ভাৰত চৰকাৰে কেইবাখনো চিঠি আৰু ভিডিঅ’ কনফাৰেন্স (ভিচি)ৰ জৰিয়তে সকলো ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চললৈ এই কথা পুনৰাবৃত্তি কৰিছে।
- ভাৰত চৰকাৰে ২৭.০৩.২০২৬ আৰু ০২.০৪.২০২৬ তাৰিখৰ পত্ৰৰ জৰিয়তে নাগৰিকসকলক পৰ্যাপ্ত ইন্ধন উপলব্ধতাৰ সন্দৰ্ভত আশ্বস্ত কৰিবলৈ সক্ৰিয় ৰাজহুৱা যোগাযোগৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ সৈতে নিয়মীয়াকৈ পৰ্যালোচনা বৈঠক অনুষ্ঠিত হৈ আছে। এই প্ৰেক্ষাপটত ০২.০৪.২০২৬ (সচিব, এম অ’ পি এন জিৰ অধ্যক্ষতাত) আৰু ০৬.০৪.২০২৬ তাৰিখে (আই এণ্ড বি আৰু গ্ৰাহক পৰিক্ৰমাৰ সচিবসকলৰ সৈতে এম অ’ পি এন জিৰ সচিবৰ অধ্যক্ষতাত) বৈঠক অনুষ্ঠিত কৰা হয়, য’ত তলত উল্লেখ কৰা বিষয়সমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়:
- দৈনিক সংবাদমেল সম্বোধন আৰু নিয়মীয়াকৈ ৰাজহুৱা পৰামৰ্শ জাৰি কৰা।
- ছ’চিয়েল মিডিয়াত ভুৱা বাতৰি/ভুল তথ্য সক্ৰিয়ভাৱে নিৰীক্ষণ আৰু খণ্ডন কৰা।
- জিলা প্ৰশাসনৰ দ্বাৰা দৈনিক বলবৎকাৰী অভিযান তীব্ৰতৰ কৰা আৰু অ’এমচিৰ সৈতে সমন্বয়ত অভিযান আৰু পৰিদৰ্শন অব্যাহত ৰখা।
- তেওঁলোকৰ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ ভিতৰত বাণিজ্যিক এল পি জি আবণ্টনৰ আদেশ জাৰি কৰা।
- ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চললৈ আবণ্টিত অতিৰিক্ত এছ কে অ’ৰ বাবে এছ কে অ’ আবণ্টনৰ আদেশ জাৰি কৰা।
- পিএনজি আৰু বিকল্প ইন্ধন গ্ৰহণক প্ৰসাৰ কৰা।
- বিশেষকৈ ঘৰুৱা প্ৰয়োজনীয়তাৰ বাবে এল পি জি যোগানক অগ্ৰাধিকাৰ দিয়া আৰু যোগানৰ স্থিৰতা নিশ্চিত কৰিবলৈ ৫ কিলোগ্ৰাম এফ টি এল চিলিণ্ডাৰৰ লক্ষ্য নিৰ্ধাৰণ কৰা বিতৰণ গ্ৰহণ কৰা।
- সকলো ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলত জমা আৰু ক’লা বিপণন ৰোধ কৰিবলৈ নিয়ন্ত্ৰণ কক্ষ আৰু জিলা নিৰীক্ষণ সমিতি গঠন কৰা হৈছে।
- কেইবাখনো ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলে সংবাদমেল জাৰি কৰি আছে।
বলৱৎকৰণ আৰু নিৰীক্ষণৰ ব্যৱস্থা
- এল পি জিৰ মজুত আৰু ক’লা বিপণন ৰোধৰ বাবে সমগ্ৰ দেশতে বলৱৎকাৰী ব্যৱস্থা চলি আছে। কালি সমগ্ৰ দেশত ২৩০০ৰো অধিক অভিযান চলোৱা হয়।
- পিএছইউৰ অ’এমচিসমূহে তেওঁলোকৰ আচৰিত পৰিদৰ্শন শক্তিশালী আৰু অব্যাহত ৰাখিছে; তেওঁলোকে ৩৩৬টা এলপিজি বিতৰকত জৰিমনা বিহা হৈছে, আৰু কালিলৈকে ৭২টা এলপিজি বিতৰক বিভাগ স্থগিত ৰখা হৈছে।
- ২৯.০৪.২০২৬ তাৰিখে ৫০টা এলপিজি বিতৰকলৈ কাৰণ দেখুৱাৰ জাননী জাৰি কৰা হয়, আৰু ১১টা বিতৰকক জৰিমনা বিহা হয়।
এল পি জি যোগান
ঘৰুৱা এল পি জি যোগানৰ পৰিস্থিতি :
- প্ৰচলিত ভূ-ৰাজনৈতিক পৰিস্থিতিৰ বাবে এল পি জি যোগানৰ ওপৰত প্ৰভাৱ পৰিছে।
- ঘৰুৱা পৰিয়ালক এল পি জি যোগানত অগ্ৰাধিকাৰ দিয়া হৈছে।
- এল পি জি বিতৰকত ‘ড্ৰাই-আউট’ (সম্পূৰ্ণ নাটনি)ৰ কোনো খবৰ পোৱা নাই।
- কালি সামগ্ৰিকভিত্তিত অনলাইন এল পি জি চিলিণ্ডাৰ বুকিং ৯৮%লৈ বৃদ্ধি পাইছে।
- গেছৰ হৰলুকি ৰোধ কৰিবলৈ ডেলিভাৰী প্ৰমাণীকৰণ ক’ড (ডি এ চি)ৰ ওপৰত ভিত্তি কৰি ডেলিভাৰী ৯৩% তকৈ অধিকলৈ বৃদ্ধি পাইছে। গ্ৰাহকৰ পঞ্জীয়নভুক্ত মোবাইল নম্বৰত ডি এ চি প্ৰেৰণ কৰা হয়।
- ২৯.০৪.২০২৬ তাৰিখলৈকে প্ৰায় ৪৩ লাখ এল পি জি চিলিণ্ডাৰৰ বুকিঙৰ বিপৰীতে ৪৭ লাখতকৈ অধিক ঘৰুৱা এল পি জি চিলিণ্ডাৰ ডেলিভাৰী কৰা হৈছিল।
বাণিজ্যিক এল পি জি যোগান আৰু আবণ্টনৰ ব্যৱস্থা :
- মুঠ বাণিজ্যিক এল পি জি আবণ্টন সংকটৰ পূৰ্বৰ স্তৰৰ প্ৰায় ৭০%লৈ বৃদ্ধি কৰা হৈছে, য’ত ১০% সংস্কাৰ ভিত্তিক আবণ্টনও অন্তৰ্ভুক্ত কৰা হৈছে।
- ভাৰত চৰকাৰে ০৬.০৪.২০২৬ তাৰিখৰ এখন পত্ৰৰ জৰিয়তে জনাইছে যে প্ৰতিখন ৰাজ্যৰ প্ৰব্ৰজিত শ্ৰমিকক বিতৰণৰ বাবে উপলব্ধ ৫ কেজি এফটিএল চিলিণ্ডাৰৰ দৈনিক পৰিমাণ দুগুণ বৃদ্ধি কৰা হৈছে। এই বৃদ্ধি ২১.০৩.২০২৬ তাৰিখৰ পত্ৰত উল্লেখ কৰা ২০% সীমাৰ বাহিৰত, আৰু ২০২৬ চনৰ ২-৩ মাৰ্চৰ ভিতৰত প্ৰব্ৰজিত শ্ৰমিকসকলক দিয়া গড় দৈনিক যোগান (চিলিণ্ডাৰৰ সংখ্যা)ৰ ওপৰত ভিত্তি কৰি কৰা হৈছে। ইয়াৰ সহায়ক হ’ব তেল বিপণন কোম্পানীসমূহে (অ’এমচি)।
- ২৬ ফেব্ৰুৱাৰী মাহত মুঠ ৫ কেজি এফটিএল চিলিণ্ডাৰ বিক্ৰী হৈছিল ২১.৭ লাখ। অৱশ্যে ২০২৬ চনৰ ১ এপ্ৰিলৰ পৰা প্ৰায় ২১.৭৫ লাখ ৫ কিলোগ্ৰাম এফটিএল চিলিণ্ডাৰ বিক্ৰী হৈছে।
- কালি প্ৰায় ৭০ হাজাৰ ৫ কেজি ওজনৰ এফটিএল চিলিণ্ডাৰ ডেলিভাৰী কৰা হয়।
- ২০২৬ চনৰ ৩ এপ্ৰিলৰ পৰা পিএছইউ অ’এমচিয়ে ৫ কিলোগ্ৰাম এফটিএল চিলিণ্ডাৰৰ বাবে ৯৭৫০টাতকৈও অধিক সজাগতা শিবিৰৰ আয়োজন কৰিছে, য’ত ১,৬৪,০০০ৰো অধিক ৫ কেজি এফটিএল চিলিণ্ডাৰও বিক্ৰী কৰা হৈছে।
- কালি প্ৰায় ১৯০টা শিবিৰৰ জৰিয়তে ৫৬৬৩টা ৫ কেজি এফটিএল চিলিণ্ডাৰ বিক্ৰী কৰা হয়।
- আই অ’ চি এল, এইচ পি চি এল আৰু বি পি চি এলৰ কাৰ্যবাহী সঞ্চালকৰে গঠিত তিনিজনীয়া কমিটীয়ে ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহত বাণিজ্যিক এল পি জি বিতৰণৰ পৰিকল্পনা কৰিবলৈ ৰাজ্যিক কৰ্তৃপক্ষ আৰু উদ্যোগ সংস্থাসমূহৰ সৈতে সমন্বয় সাধন কৰি আছে।
- এপ্ৰিল-২৬ মাহত (২৯.০৪.২৬ তাৰিখৰ হিচাপত) মুঠ ১,৯২,৫৩২ মেট্ৰিক টন (১০১.৩৩ লাখতকৈ অধিক ১৯ কিলোগ্ৰাম এল পি জি চিলিণ্ডাৰৰ সমতুল্য) বাণিজ্যিক এল পি জি বিক্ৰী কৰা হৈছিল।
- ২৯.০৪.২০২৬ তাৰিখলৈকে ৮৪৮৯ মেট্ৰিক টন বাণিজ্যিক এল পি জি (৪.৪৬ লাখতকৈ অধিক ১৯ কেজি চিলিণ্ডাৰৰ সমতুল্য) বিক্ৰী কৰা হৈছে।
- এপ্ৰিল-২৬ মাহত (২৯.০৪.২০২৬ তাৰিখৰ হিচাপত) অটো এল পি জিৰ বিক্ৰী প্ৰায় ১০২৫০ মেট্ৰিক টন আছিল, যিটো ফেব্ৰুৱাৰী-২৬ চনত প্ৰায় ৫০০০ মেট্ৰিক টন আছিল।
- এপ্ৰিল-২৬ চনত (২০২৬ চনৰ ২৯ এপ্ৰিললৈকে) পিএছইউ অ’এমচিসমূহৰ গড় অটো এলপিজি বিক্ৰী প্ৰায় ৩৫৩ মেট্ৰিক টন/দিন আছিল, যিটো জানুৱাৰী-২৬ আৰু ফেব্ৰুৱাৰী-২৬ চনত প্ৰায় ১৭৭ মেট্ৰিক টন/দিন আছিল। ইয়াৰ ফলত পিএছইউৰ অ’এমচিৰ অটো এলপিজি বিক্ৰী প্ৰায় ১০০% বৃদ্ধি পাইছে।
প্ৰাকৃতিক গেছ যোগান আৰু পিএনজি সম্প্ৰসাৰণৰ পদক্ষেপ
- গ্ৰাহকক অগ্ৰাধিকাৰ দিয়া হৈছে, ডি-পিএনজি আৰু চিএনজি-পৰিবহণলৈ ১০০% যোগান নিশ্চিত কৰা হৈছে।
- সাৰ উদ্যোগলৈ মুঠ গেছৰ আবণ্টন ছমাহৰ গড় ব্যৱহাৰৰ প্ৰায় ৯৫% লৈ বৃদ্ধি কৰা হৈছে।
- তদুপৰি চিজিডি নেটৱৰ্কৰ জৰিয়তেকে ধৰি অন্যান্য ঔদ্যোগিক আৰু বাণিজ্যিক খণ্ডলৈ গেছৰ যোগান ৮০% লৈ বৃদ্ধি কৰা হৈছে।
- চিজিডি সত্তাসমূহক বাণিজ্যিক এলপিজিৰ উপলব্ধতাৰ সম্পৰ্কে উদ্বেগসমূহ সমাধান কৰিবলৈ তেওঁলোকৰ সকলো জিএ (ভৌগোলিক অঞ্চল)ত হোটেল, ৰেষ্টুৰেণ্ট, আৰু কেণ্টিনৰ দৰে বাণিজ্যিক প্ৰতিষ্ঠানসমূহক পিএনজি সংযোগ প্ৰদান কৰাত অগ্ৰাধিকাৰ দিবলৈ পৰামৰ্শ দিয়া হৈছে
- আইজিএল, এমজিএল, গেইল গেছ, আৰু বিপিচিএলৰ দৰে চিজিডি কোম্পানীয়ে ঘৰুৱা আৰু বাণিজ্যিক পিএনজি সংযোগৰ বাবে প্ৰৰোচনা আগবঢ়াইছে।
- ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চল আৰু কেন্দ্ৰীয় মন্ত্ৰালয়সমূহক চিজিডি নেটৱৰ্ক সম্প্ৰসাৰণৰ বাবে প্ৰয়োজনীয় অনুমোদন লাভৰ প্ৰক্ৰিয়া ক্ষিপ্ৰ কৰিবলৈ অনুৰোধ কৰা হৈছে।
- ভাৰত চৰকাৰে ১৮.০৩.২০২৬ তাৰিখৰ পত্ৰখনৰ ভিত্তিত সকলো ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চললৈ অতিৰিক্ত ১০% বাণিজ্যিক এল পি জি আবণ্টনৰ প্ৰস্তাৱ দিছে, যদিহে তেওঁলোকে এল পি জিৰ পৰা পি এন জিলৈ দীৰ্ঘম্যাদী পৰিৱৰ্তনক সমৰ্থন কৰে।
- ২২খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলে পিএনজি সম্প্ৰসাৰণ সংস্কাৰৰ সৈতে জড়িত অতিৰিক্ত বাণিজ্যিক এলপিজি আবণ্টন লাভ কৰিছে।
- পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ে ২৪.০৩.২০২৬ তাৰিখৰ পত্ৰখনৰ ভিত্তিত চিজিডি আন্তঃগাঁথনিৰ আবেদনসমূহ অগ্ৰাধিকাৰ ভিত্তিত প্ৰক্ৰিয়াকৰণ কৰিবলৈ ৩ মাহৰ নিৰ্দিষ্ট সময়ৰ বাবে ‘চুটি সময়সীমাৰ সৈতে চিজিডি আন্তঃগাঁথনিৰ বাবে দ্ৰুত ক্লিয়াৰেন্স ফ্ৰেমৱৰ্ক’ গ্ৰহণ কৰিছে।
- ভাৰত চৰকাৰে অত্যাৱশ্যকীয় সামগ্ৰী আইন, ১৯৫৫ৰ অধীনত ‘প্ৰাকৃতিক গেছ আৰু পেট্ৰলিয়াম সামগ্ৰী বিতৰণ (পাইপলাইন আৰু অন্যান্য সুবিধাসমূহ স্থাপন, নিৰ্মাণ, পৰিচালনা আৰু সম্প্ৰসাৰণৰ দ্বাৰা) আদেশ, ২০২৬’ৰ অধীনত ২৪.০৩.২০২৬ তাৰিখৰ গেজেটত অৱগত কৰিছে। এই আদেশে সমগ্ৰ দেশতে পাইপলাইন স্থাপন আৰু সম্প্ৰসাৰণৰ বাবে এক সুশৃংখলিত আৰু সময়সীমাবদ্ধ কাঠামো প্ৰদান কৰে; ইয়াৰ ফলত অনুমোদনৰ পলম আৰু ভূমি প্ৰৱেশৰ সমস্যা নাইকিয়া হয়, যাৰ ফলত আৱাসিক অঞ্চলকে ধৰি প্ৰাকৃতিক গেছৰ আন্তঃগাঁথনিৰ দ্ৰুত উন্নয়ন সম্ভৱ হয়। ইয়াৰ দ্বাৰা পিএনজি নেটৱৰ্ক বিকাশ ত্বৰান্বিত হ’ব, শেষ মাইলৰ সংযোগ উন্নত হ’ব, আৰু পৰিষ্কাৰ ইন্ধনলৈ পৰিৱৰ্তনত সহায় হ’ব, যাৰ ফলত শক্তি সুৰক্ষা শক্তিশালী হ’ব আৰু ভাৰতৰ গেছ ভিত্তিক অৰ্থনীতি বৃদ্ধি পাব।
- পিএনজিআৰবিয়ে চিজিডি সত্তাসমূহক ডি-পিএনজি সংযোগ প্ৰদানৰ প্ৰক্ৰিয়া ক্ষিপ্ৰ কৰিবলৈ নিৰ্দেশ দিছে। তদুপৰি পিএনজি সম্প্ৰসাৰণৰ গতি বজাই ৰাখিবলৈ ‘ৰাষ্ট্ৰীয় পিএনজি মিছন ২.০’ ৩০.০৬.২০২৬লৈ বৃদ্ধি কৰা হৈছে।
- স্বচ্ছ, অধিক সুৰক্ষিত, আৰু আত্মনিৰ্ভৰশীল শক্তিৰ ভৱিষ্যতৰ প্ৰসাৰৰ বাবে ভাৰত চৰকাৰে ‘মডেল ড্ৰাফ্ট ষ্টেট চিবিজি নীতি’ প্ৰণয়ন কৰিছে। এই আৰ্হি নীতিৰ লক্ষ্য হৈছে ৰাজ্যসমূহক চিবিজি উন্নয়নৰ বাবে নিজা, বিনিয়োগকাৰী-বন্ধুত্বপূৰ্ণ আৰু ৰূপায়ণমুখী পৰিৱেশ তন্ত্ৰ সৃষ্টি কৰিবলৈ সক্ষম কৰিবলৈ এক বিস্তৃত আৰু নমনীয় পথ প্ৰদৰ্শক কাঠামো হিচাপে কাম কৰা। এই নীতি গ্ৰহণ কৰা ৰাজ্যসমূহক বাণিজ্যিক এল পি জিৰ অতিৰিক্ত আবণ্টনৰ পৰৱৰ্তী খণ্ডত অগ্ৰাধিকাৰ দিয়া হ’ব।
- ০৭.০৪.২০২৬ তাৰিখৰ আদেশৰ ভিত্তিত এমঅ’ইএফচিচিয়ে চিজিডি নেটৱৰ্ক/আন্তঃগাঁথনিৰ বাবে ‘প্ৰতিষ্ঠা কৰিবলৈ সন্মতি’ বা ‘অপাৰেট কৰিবলৈ সন্মতি’ প্ৰদানৰ বাবে ১৫ দিনৰ ভিতৰত এছপিচিবি/পিচিচিসমূহক প্ৰয়োজনীয় নিৰ্দেশনা জাৰি কৰিবলৈ চিপিচিবিক নিৰ্দেশ দিছে।
- ২০২৬ চনৰ মাৰ্চৰ পৰা প্ৰায় ৫.৭৮ লাখ পিএনজি সংযোগৰ বাবে গেছ যোগান আৰম্ভ হৈছে আৰু অতিৰিক্ত ২.৬৬ লাখ সংযোগৰ বাবে আন্তঃগাঁথনি সৃষ্টি কৰা হৈছে, যাৰ ফলত মুঠ সংযোগৰ সংখ্যা ৮.৪৪ লাখ হৈছে। ইয়াৰ উপৰিও প্ৰায় ৬.৪৭ লাখ গ্ৰাহকে নতুন সংযোগৰ বাবে পঞ্জীয়ন কৰিছে।
- ২৯.০৪.২০২৬ তাৰিখলৈকে ৪৩,০৫০ জনতকৈ অধিক পিএনজি গ্ৰাহকে MYPNGD.in ৱেবছাইটৰ জৰিয়তে নিজৰ এলপিজি সংযোগ আত্মসমৰ্পণ কৰিছে।
খাৰুৱা তেলৰ উপলব্ধতা আৰু শোধনাগাৰৰ কাৰ্য্যকলাপ
- সকলো শোধনাগাৰে পৰ্যাপ্ত খাৰুৱা তেলৰ মজুতৰে সম্পূৰ্ণ ক্ষমতাৰে কাম কৰি আছে, আনহাতে পেট্ৰ’ল আৰু ডিজেলৰ পৰ্যাপ্ত মজুত ৰখা হৈছে।
- ঘৰুৱা ব্যৱহাৰ পূৰণ কৰিবলৈ শোধনাগাৰৰ পৰা ঘৰুৱা এল পি জি উৎপাদন বৃদ্ধি কৰা হৈছে।
- ঘৰুৱা বজাৰৰ বাবে পেট্ৰ’কেমিকেল ফিডষ্টক যোগান নিশ্চিত কৰাৰ বাবে আন্তঃমন্ত্ৰালয়ৰ যুটীয়া কাৰ্য্যগোষ্ঠী (জে ডব্লিউ জি) গঠন কৰা হৈছে। পৰৱৰ্তী সময়ত ভাৰত চৰকাৰে ০১.০৪.২০২৬ তাৰিখৰ আদেশৰ জৰিয়তে পেট্ৰ’কেমিকেল কমপ্লেক্সকে ধৰি তেল শোধনাগাৰ কোম্পানীসমূহক উচ্চ প্ৰযুক্তি কেন্দ্ৰ (চি এইচ টি)ৰ দ্বাৰা নিৰ্ধাৰিত জটিল খণ্ডসমূহলৈ নিৰ্দিষ্ট নূন্যতম পৰিমাণৰ চি ৩ আৰু চি ৪ ধাৰা প্ৰদানৰ অনুমতি প্ৰদান কৰিছে।
- ঔষধ, ৰাসায়নিক আৰু পেট্ৰ’কেমিকেল বিভাগ (ডিচিপিচি), আৰু উদ্যোগ আৰু আভ্যন্তৰীণ বাণিজ্য প্ৰসাৰ বিভাগ (ডিপিআইআইটি)ৰ পৰা পোৱা অনুৰোধৰ ভিত্তিত ঔষধ আৰু ৰাসায়নিক খণ্ডৰ কোম্পানীসমূহৰ বাবে এলপিজি পুলৰ পৰা প্ৰতিদিনে ১০০০ মেট্ৰিক টন যোগানৰ ব্যৱস্থা কৰা হৈছে।
- ২০২৬ চনৰ ৯ এপ্ৰিলৰ পৰা মুম্বাই, কোচি, বিশাখাপট্টনম, চেন্নাই, আৰু মথুৰাৰ শোধনাগাৰে ৰাসায়নিক, ঔষধ, আৰু ৰং উদ্যোগক ৯৪০০ মেট্ৰিক টনতকৈ অধিক প্ৰপাইলিন আৰু ১০০০ মেট্ৰিক টনতকৈ অধিক বুটাইল এক্ৰিলেট বিক্ৰী কৰিছে।
ইন্ধনৰ খুচুৰা উপলব্ধতা আৰু মূল্য নিৰ্ধাৰণৰ ব্যৱস্থা
- সমগ্ৰ দেশৰ সকলো খুচুৰা বিপণী স্বাভাৱিকভাৱে চলি আছে।
- মধ্যপ্ৰাচ্যৰ সংকটৰ ফলত খাৰুৱা তেলৰ মূল্য অস্বাভাৱিকভাৱে বৃদ্ধি পাইছে; কিন্তু গ্ৰাহকক সুৰক্ষা দিবলৈ ভাৰত চৰকাৰে পেট্ৰ’ল আৰু ডিজেলৰ আবকাৰী শুল্ক প্ৰতি লিটাৰত ১০ টকা হ্ৰাস কৰিছে।
- ভাৰত চৰকাৰে ১১.০৪.২০২৬ তাৰিখৰ গেজেট অধিসূচনাৰ জৰিয়তে ডিজেলৰ ওপৰত ৰপ্তানি লেভি প্ৰতি লিটাৰত ৫৫.৫০ টকালৈ আৰু এটিএফৰ ওপৰত প্ৰতি লিটাৰত ৪২ টকালৈ বৃদ্ধি কৰি ঘৰুৱা বজাৰত এই সামগ্ৰীসমূহৰ উপলব্ধতা নিশ্চিত কৰিছে।
- উৰাবাতৰিৰ বাবে কিছুমান খুচুৰা বিপণীত আতংকিত ক্ৰয় দেখা গৈছে। জনোৱা হৈছে যে সমগ্ৰ দেশৰ সকলো পেট্ৰ’ল পাম্পতে পৰ্যাপ্ত পৰিমাণৰ পেট্ৰ’ল আৰু ডিজেলৰ মজুত উপলব্ধ। নিয়মীয়াকৈ পেট্ৰ’ল-ডিজেলৰ খুচুৰা মূল্য অপৰিৱৰ্তিত হৈ আছে আৰু পিএছইউৰ অ’এমচিৰ খুচুৰা বিপণীত মূল্যবৃদ্ধি হোৱা নাই।
কেৰাচিনৰ উপলব্ধতা আৰু বিতৰণৰ ব্যৱস্থা
- ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক তেওঁলোকৰ নিয়মীয়া কোটাৰ ওপৰত ৪৮,০০০ কেলিটাৰ কেৰাচিনৰ অতিৰিক্ত আবণ্টন দিয়া হৈছে।
- ১৮খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলে এছ কে অ’ আবণ্টনৰ বাবে আদেশ জাৰি কৰিছে, আনহাতে হিমাচল প্ৰদেশ আৰু লাডাখে তেওঁলোকৰ কোনো প্ৰয়োজনীয়তা নাই বুলি উল্লেখ কৰিছে।
সামুদ্ৰিক সুৰক্ষা আৰু জাহাজ চলাচলৰ কাৰ্য্যকলাপ
বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয়ে পাৰ্চী উপসাগৰৰ বৰ্তমানৰ সামুদ্ৰিক পৰিস্থিতিৰ বিষয়ে এক আপডেট প্ৰদান কৰে, য’ত অঞ্চলটোত ভাৰতীয় জাহাজ আৰু ক্ৰুৰ সুৰক্ষা আৰু নিৰাপত্তা নিশ্চিত কৰাৰ বাবে গ্ৰহণ কৰা ব্যৱস্থাসমূহৰ বিশদ বিৱৰণ দিয়া হয়। ইয়াত লিখা আছিল:
- বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয়ে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়, ভাৰতীয় মিছন, আৰু সামুদ্ৰিক অংশীদাৰসকলৰ সৈতে সমন্বয় অব্যাহত ৰাখিছে যাতে নাৱিকসকলৰ কল্যাণ আৰু নিৰৱচ্ছিন্ন সামুদ্ৰিক কাৰ্য্যকলাপ নিশ্চিত কৰিব পৰা যায়।
- অঞ্চলটোৰ সকলো ভাৰতীয় নাৱিক নিৰাপদ, আৰু যোৱা ২৪ ঘণ্টাত ভাৰতীয় পতাকা থকা জাহাজৰ সৈতে জড়িত কোনো কাণ্ড সংঘটিত হোৱা নাই।
- ডিজি শ্বিপিং কণ্ট্ৰল ৰুম আপডেট: কণ্ট্ৰল ৰুমে আৰম্ভণিৰ পৰাই ৮,১৫৫টাতকৈও অধিক কল আৰু ১৭,৩৯৯টা ইমেইল চম্ভালিছে। যোৱা ২৪ ঘন্টাত ১২১টা ফোন আৰু ২৮৫টা ইমেইল আহিছিল।
- মন্ত্ৰালয়ে জাহাজ সঞ্চালকালয় (ডি জি জাহাজ)ৰ জৰিয়তে এতিয়ালৈকে ২,৮৫৭ জনতকৈ অধিক ভাৰতীয় নাৱিকক নিৰাপদে উভতি অহাৰ সুবিধা প্ৰদান কৰিছে, য’ত বিগত ২৪ ঘণ্টাত উপসাগৰীয় অঞ্চলৰ বিভিন্ন স্থানৰ পৰা উভতি অহা ২৮ জন নাৱিককে ধৰি।
- সমগ্ৰ ভাৰতবৰ্ষত বন্দৰৰ কাম-কাজ স্বাভাৱিক হৈয়ে আছে, আৰু ক’তো ভিৰ হোৱাৰ কোনো খবৰ পোৱা নাই।
অঞ্চলটোত ভাৰতীয় নাগৰিকৰ সুৰক্ষা
বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে উপসাগৰ আৰু পশ্চিম এছিয়া অঞ্চলৰ উন্নয়নসমূহ নিৰন্তৰ নিৰীক্ষণ কৰি আছে, আৰু অঞ্চলটোত বাস কৰা ভাৰতীয় সম্প্ৰদায়ৰ সুৰক্ষা, নিৰাপত্তা, আৰু মংগল নিশ্চিত কৰাৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব প্ৰদান কৰিছে। ইয়াত উল্লেখ কৰা হৈছিল যে :
- ভাৰতীয় নাগৰিক আৰু তেওঁলোকৰ পৰিয়ালৰ প্ৰশ্নৰ উত্তৰ দিবলৈ ২৪ ঘণ্টাই কাম কৰি থকা মন্ত্ৰালয়ত এটা নিৰ্দিষ্ট নিয়ন্ত্ৰণ কক্ষ স্থাপন কৰা হৈছে।
- বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ সৈতে নিয়মীয়াকৈ যোগাযোগ কৰি তথ্য বিনিময় আৰু প্ৰচেষ্টাসমূহৰ উন্নত সমন্বয় সাধন কৰে।
- ভাৰতীয় দূতাবাস আৰু কনছুলেটসমূহে সময়মতে সাহায্য প্ৰদানৰ বাবে ২৪ ঘণ্টীয়া হেল্পলাইন চলাই আছে আৰু আমাৰ নাগৰিকসকলক সক্ৰিয়ভাৱে সহায় কৰি আছে। স্থানীয় চৰকাৰৰ সৈতেও অহৰহ সংস্পৰ্শত থাকে।
- সময়ে সময়ে নতুন পৰামৰ্শ জাৰি কৰা হৈছে, য’ত স্থানীয় চৰকাৰৰ নিৰ্দেশনা, বিমান আৰু ভ্ৰমণৰ অৱস্থা, কনছুলাৰ সেৱা, আৰু সমাজৰ কল্যাণৰ বাবে গ্ৰহণ কৰা বিভিন্ন ব্যৱস্থাৰ তথ্যও আছে।
- ভাৰতীয় মিছনসমূহে অঞ্চলটোৰ ভাৰতীয় সম্প্ৰদায়ৰ সৈতে সক্ৰিয়ভাৱে জড়িত হৈ আছে। তেওঁলোকে নিয়মিতভাৱে ভাৰতীয় সম্প্ৰদায়ৰ সংগঠন, প্ৰতিষ্ঠান, পেছাদাৰী গোট, আৰু ভাৰতীয় কোম্পানীসমূহৰ সৈতে মত বিনিময় কৰি তেওঁলোকৰ উদ্বেগসমূহৰ সমাধান কৰি আছে।
- অঞ্চলটোত ভাৰতীয় নাৱিকসকলৰ কল্যাণক চৰকাৰে অত্যন্ত অগ্ৰাধিকাৰ দিছে। ভাৰতীয় মিছনে তেওঁলোকক স্থানীয় কৰ্তৃপক্ষ আৰু সংস্থাসমূহৰ সৈতে সমন্বয়, কনছুলাৰ সহায়, ভাৰতলৈ ঘূৰাই অনাৰ বাবে অনুৰোধৰ সুবিধা প্ৰদানকে ধৰি সকলো সম্ভৱপৰ সহায় আগবঢ়াইছে।
- সামগ্ৰিকভাৱে বিমানৰ পৰিস্থিতি ক্ৰমাগতভাৱে উন্নত হৈছে, আৰু এই অঞ্চলৰ পৰা ভাৰতৰ বিভিন্ন গন্তব্যস্থানলৈ অতিৰিক্ত বিমান সেৱা চলোৱা হৈছে।
- ইউ এ ইত বিমান সংস্থাসমূহে ইউ এ ই আৰু ভাৰতৰ মাজত সীমিত বাণিজ্যিক বিমান চলাচল অব্যাহত ৰাখিছে, কাৰ্য্যকৰী আৰু নিৰাপত্তাৰ কথা লক্ষ্য কৰি; আজি ইউ এ ই আৰু ভাৰতৰ মাজত প্ৰায় ১১০খন বিমান চলাচল কৰাৰ সম্ভাৱনা আছে।
- চৌদি আৰৱ আৰু ওমানৰ বিভিন্ন বিমানবন্দৰৰ পৰা ভাৰতৰ বিভিন্ন গন্তব্যস্থানলৈ বিমান সেৱা অব্যাহত আছে।
- কাটাৰৰ আকাশমাৰ্গ আংশিকভাৱে মুকলি, আৰু কাটাৰ এয়াৰৱেজে ভাৰতৰ বিভিন্ন গন্তব্যস্থানলৈ বিমান সেৱা চলাই আছে। এয়াৰ ইণ্ডিয়া আৰু ইণ্ডিগ’ইও শীঘ্ৰে কাটাৰৰ পৰা ভাৰতলৈ বিমান সেৱা পুনৰ আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে।
- কুৱেইটৰ আকাশমাৰ্গ মুকলি। কুৱেইটৰ পৰা ভাৰতলৈ সীমিত বিমান সেৱা পুনৰ আৰম্ভ কৰিছে জাজিৰা এয়াৰৱেজ আৰু কুৱেইট এয়াৰৱেজে।
- বাহৰেইনৰ আকাশমাৰ্গ মুকলি। বাহৰেইনৰ পৰা ভাৰতৰ বিভিন্ন গন্তব্যস্থানলৈ বিমান সেৱা চলাই আছে গালফ এয়াৰে। এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছ আৰু ইণ্ডিগ’ইও শীঘ্ৰে বাহৰেইনৰ পৰা ভাৰতলৈ বিমান সেৱা পুনৰ আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে।
- ইৰাকৰ আকাশমাৰ্গ মুকলি, আৰু অঞ্চলটোৰ ভিতৰৰ গন্তব্যস্থানসমূহলৈ সীমিত বিমান সেৱা চলি আছে, যিবোৰ ভাৰতলৈ আগবাঢ়ি যোৱাৰ বাবে ব্যৱহাৰ কৰিব পাৰি।
- ইৰাণৰ আকাশমাৰ্গ মালবাহী আৰু চাৰ্টাৰ্ড বিমানৰ বাবে আংশিকভাৱে মুকলি। ভাৰতীয় নাগৰিকসকলক ইৰাণলৈ যোৱাৰ পৰা বিৰত থাকিবলৈ পৰামৰ্শ দিয়া হৈছে, আৰু ইতিমধ্যে থকাসকলক স্থল সীমান্তৰ পথেৰে, ভাৰতীয় দূতাবাসৰ সহায়ত খালী কৰিবলৈ আহ্বান জনোৱা হৈছে। আজিলৈকে তেহৰাণত থকা ভাৰতীয় দূতাবাসে ইৰাণৰ পৰা ২৪৮৫ জন ভাৰতীয় নাগৰিকক স্থল সীমান্ত পথেৰে উলিয়াই অনাৰ সুবিধা প্ৰদান কৰিছে।
- ইজৰাইলৰ আকাশমাৰ্গ মুকলি, আৰু অঞ্চলটোৰ ভিতৰৰ গন্তব্যস্থানসমূহলৈ সীমিত বিমান সেৱা পুনৰ আৰম্ভ হৈছে, যিবোৰ ভাৰতলৈ আগবাঢ়ি যোৱাৰ বাবে ব্যৱহাৰ কৰিব পাৰি।
*****
TM/KD
(ৰিলিজ আই ডি : 2257155)
অতিথি কক্ষ : 13
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam