পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়
পশ্চিম এছিয়াৰ শেহতীয়া পৰিস্থিতিৰ বিষয়ত আন্তঃমন্ত্ৰালয়ৰ সংবাদমেল
সাৰৰ উপলব্ধতা শক্তিশালী হৈয়েই আছে যোগানে প্ৰয়োজনীয়তা পূৰণ কৰি আছে
বিশ্বজুৰি মূল্য তীব্ৰভাৱে বৃদ্ধি পোৱাৰ পিছতো প্ৰধান সাৰসমূহৰ মূল্যৰ কোনো পৰিৱৰ্তন হোৱা নাই ;
চৰকাৰে কৃষকসকলক বিশ্বজোৰা মূল্যৰ অস্থিৰতাৰ পৰা ৰক্ষা কৰাৰ লগতে ব্যয়সাধ্যতা তথা সুলভতা নিশ্চিত কৰাৰ অৰ্থে প্ৰতিশ্ৰুতিবদ্ধ
এল পি জিৰ অবৈধ মজুতকৰণ আৰু ক’লা ব্যৱসায় ৰোধৰ বাবে সমগ্ৰ দেশতে বলৱৎকাৰী ব্যৱস্থা অব্যাহত আছে; কালি সমগ্ৰ দেশত ১৮০০ৰো অধিক অভিযান চলোৱা হয়
২০২৬ চনৰ ১ এপ্ৰিলৰ পৰা প্ৰায় ১৯.৫ লাখ - ৫ কিলোগ্ৰাম এফটিএল চিলিণ্ডাৰ বিক্ৰী হৈছে
২৬ এপ্ৰিল (কালিলৈকে) পিএছইউ অ’এমচিৰ দ্বাৰা অটো এলপিজিৰ বিক্ৰী গড়ৰ বিপৰীতে ৩৪৬ দিনত /মেট্ৰিক টনত উপনীত হয়। ২৬ জানুৱাৰী আৰু ২৬ফেব্ৰুৱাৰীৰ সময়ছোৱাত প্ৰতিদিনে প্ৰায় ১৭৭ মেট্ৰিক টন, ৯৫% বৃদ্ধিক প্ৰতিফলিত কৰিছে।
অঞ্চলটোৰ সকলো ভাৰতীয় নাবিক সুৰক্ষিত হৈ আছে; বিগত ২৪ ঘণ্টাত ভাৰতীয় পতাকা থকা জাহাজৰ সৈতে কোনো কূটাঘাতৰ ঘটনা সংঘটিত হোৱা নাই
প্ৰধানমন্ত্ৰীৰ নিৰ্দেশত ভাৰতে উপসাগৰীয় অঞ্চলৰ সৈতে এমাহৰ ভিতৰত দুটা উচ্চ পৰ্যায়ৰ ভাৰত-ইউ এ ই সম্পৰ্ক স্থাপনৰ দিহা কৰিছে
শীঘ্ৰে কাটাৰৰ পৰা ভাৰতলৈ বিমান সেৱা আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে এয়াৰ ইণ্ডিয়া আৰু ইণ্ডিগোই
পোষ্ট কৰা হৈছে:
27 APR 2026 6:12PM by PIB Guwahati
পশ্চিম এছিয়াৰ বিকাশশীল পৰিস্থিতিৰ মাজতে ভাৰত চৰকাৰে নিয়মীয়াকৈ ত্য প্ৰদানৰ জৰিয়তে নাগৰিকসকলক পৰিস্থিতিৰ বিষয়ে অৱগত কৰি ৰখাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। এই সন্দৰ্ভত আজি ৰাষ্ট্ৰীয় সংবাদ মাধ্যম কেন্দ্ৰত এখন সংবাদমেল অনুষ্ঠিত কৰা হয়, য’ত পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ, বন্দৰ, জাহাজ আৰু জলপথ তথা বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ বিষয়াসকলে ইন্ধনৰ উপলব্ধতা, সামুদ্ৰিক কাৰ্য্যকলাপ, অঞ্চলটোৰ ভাৰতীয় নাগৰিকসকলক সহায় কৰা, মূল খণ্ডসমূহৰ মাজত স্থিতিশীলতা বজাই ৰখাৰ বাবে গ্ৰহণ কৰা ব্যৱস্থাসমূহৰ বিষয়ে তথ্য প্ৰকাশ কৰে। সাৰ মন্ত্ৰালয়েও সাৰ খণ্ড সন্দৰ্ভত তথ্য প্ৰকাশ কৰে ।
সাৰৰ মজুতৰ স্থিতি আৰু উপলব্ধতা
দেশত সাৰৰ সামগ্ৰিক মজুতৰ স্থিতি যোৱা বছৰৰ আজিৰ দৰে
|
সামগ্ৰী
|
আজিৰ দিনটোত
|
যোৱা বছৰৰ আজিৰ দিনটোত
|
|
ইউৰিয়া
|
৭১.৫৮
|
৭০.৬৭
|
|
ডি এ পি
|
২২.৩৫
|
১৫.০৭
|
|
এন পি কে
|
৫৭.৫৬
|
৪৪.৪৯
|
|
এছ এছ পি
|
২৬.২৬
|
২৬.১৪
|
|
এম অ’ পি
|
১২.৪৬
|
১২.৮৭
|
|
মুঠ
|
১৯০.২১
|
১৬৯.২৪
|
| |
|
|
• খাৰিফ ২০২৬ৰ বাবে ডি এ এণ্ড এফ ডব্লিউৱে সাৰৰ প্ৰয়োজনীয়তা ৩৯০.৫৪ এল এম টিত মূল্যায়ন কৰিছে, আজিৰ দিনত এই মজুত হৈছে প্ৰায় ১৯০ এল এম টি (৪৯%), যিটো সাধাৰণ মাত্ৰাতকৈ প্ৰায় ৩৩%তকৈ যথেষ্ট বেছি। ইয়াৰ দ্বাৰা চৰকাৰৰ উন্নত পৰিকল্পনা, ই মজুতকৰণ আৰু দক্ষ লজিষ্টিক ব্যৱস্থাপনাৰ কথাই প্ৰতিফলিত কৰিছে।
• ৰাজ্যসমূহত যোগানৰ অৱস্থা শক্তিশালী হৈয়েই আছে। ২০২৬ চনৰ ১ এপ্ৰিলৰ পৰা ২০২৬ চনৰ ২৬ এপ্ৰিললৈকে উপলব্ধতা প্ৰয়োজনীয়তাতকৈ যথেষ্ট বেছি হৈয়েই আছে।
• ২০.৫৪ এলএমটিৰ প্ৰয়োজনীয়তাৰ বিপৰীতে ইউৰিয়াৰ উপলব্ধতা ৭১.৪০ এলএমটি, ৬.৬৭ এলএমটিৰ প্ৰয়োজনীয়তাৰ বিপৰীতে ডিএপিৰ উপলব্ধতা ২৩.০৯ এলএমটি, ১.৯৬ এলএমটিৰ প্ৰয়োজনীয়তাৰ বিপৰীতে এমঅ’পি উপলব্ধতা ৮.৩৮ এলএমটি, ৮.৪৩ এলএমটিৰ প্ৰয়োজনীয়তাৰ বিপৰীতে এনপিকেৰ উপলব্ধতা ৫৩.৪০ এলএমটি, আৰু এছএছপি উপলব্ধতা হৈছে ৩.৭৩ এল এম টিৰ প্ৰয়োজনীয়তাৰ বিপৰীতে ২৫.৭৮ এল এম টি। ইয়াৰ পৰা স্পষ্ট হৈ পৰিছে যে চলি থকা খাৰিফ ঋতুৰ বাবে ইয়াৰ মজুত শক্তিশালী হৈ আছে।
প্ৰধান সাৰৰ খুচুৰা মূল্য – প্ৰধান সাৰৰ খিচুৰা মূল্যৰ কোনো পৰিৱৰ্তন হোৱা নাই
|
সামগ্ৰী
|
যুদ্ধৰ পূৰ্বৰ (প্ৰতি বেগত টকাত)
|
যুদ্ধৰ পিছৰ (প্ৰতি বেগত টকাত)
|
|
ইউৰিয়া
|
২৬৬.৫
|
২৬৬.৫
|
|
ডি এ পি
|
১৩৫০
|
১৩৫০
|
|
টি এছ পি
|
১৩০০
|
১৩০০
|
• বিশ্বজুৰি সাৰৰ মূল্য তীব্ৰভাৱে বৃদ্ধি পোৱাৰ পিছতো—য’ত ইউৰিয়াৰ আন্তঃৰাষ্ট্ৰীয় মূল্য প্ৰতি বেগত ৪,০০০ টকা অতিক্ৰম কৰিছে—চৰকাৰে কৃষকসকলক ইউৰিয়া যোগান ধৰিছে, যিটো অতি ৰাজসাহায্যযুক্ত হাৰত প্ৰতি ৪৫ কিলোগ্ৰাম বেগত ২৬৬.৫ টকা । ইয়াৰ দ্বাৰা কৃষকসকলক বিশ্বজোৰা মূল্যৰ অস্থিৰতাৰ পৰা ৰক্ষা কৰাৰ লগতে ব্যয়সাধ্যতা আৰু সুলভতা নিশ্চিত কৰাৰ প্ৰতিশ্ৰুতিৰ বিষয়ত গুৰুত্ব আৰোপ কৰা হৈছে।
যুদ্ধৰ পিছত ঘৰুৱা উৎপাদন আৰু সাৰ আমদানি
উৎপাদিত সামগ্ৰী এনেধৰণে পোৱা গ’ল
|
সামগ্ৰী
|
সংকটৰ পিছত ঘৰুৱা উৎপাদন
|
সংকটৰ পিছত ভাৰতীয় বন্দৰসমূহত আমদানিৰ তথ্য
|
|
ইউৰিয়া
|
৩৫.৪২
|
৯.৪
|
|
ডি এ পি
|
৪.৫০
|
০.৭৬
|
|
এন পি কে
|
১২.০৮
|
১.৯৫
|
|
এছ এছ পি
|
৭.০১
|
০
|
|
এম অ’ পি
|
০
|
১.৮৫
|
|
মুঠ
|
৫৯.০১
|
১৩.৯৬
|
• ঘৰুৱা ইউৰিয়া উৎপাদনৰ বাবে প্ৰাকৃতিক গেছৰ উপলব্ধতাৰ সৈতে জড়িত সমস্যাসমূহো সমাধান কৰা হৈছে, সাৰ উদ্যোগসমূহলৈ অবিৰত যোগান বজাই ৰখা হৈছে আৰু প্ৰয়োজন অনুসৰি অতিৰিক্ত এল এন জি/আৰ এল এন জিৰ ব্যৱস্থা কৰা হৈছে। বৰ্তমান -৯৭% এন জি/আৰ এল এন জি সাৰ উদ্যোগৰ সৈতে উপলব্ধ।
• গ্ল’বেল ইউৰিয়া টেণ্ডাৰ- ফেব্ৰুৱাৰী-২০২৬ চনত ভাৰতে ১৩.০৭ এল এম টি ইউৰিয়া লাভ কৰিছিল আৰু এতিয়া চৰকাৰে আমদানিৰ উৎসৰ বৈচিত্ৰ্যতা বৃদ্ধি কৰিছে আৰু গ্ল’বেল টেণ্ডাৰৰ জৰিয়তে ২৫ এল এম টি ইউৰিয়া লাভ কৰিছে।
• ডি এ পি, টি এছ পি আৰু এমোনিয়াম ছালফেটৰ বাবে গ্লোবেল টেণ্ডাৰ- ভাৰতীয় সাৰ কোম্পানীসমূহে শুকুৰবাৰে অৰ্থাৎ ২৪.০৪.২০২৬ তাৰিখে ১২ এল এম টি ডি এ পি আৰু ৪ এল এম টি টি এছ পি আৰু ৩ এল এম টি এমোনিয়াম ছালফেট ক্ৰয়ৰ বাবে একত্ৰিত বিশ্বজুৰি নিবিদা জাৰি কৰিছে। এইবোৰে শীৰ্ষ বতৰত পৰ্যাপ্ত উপলব্ধতা নিশ্চিত কৰাত সহায় কৰিব।
• বৰ্তমান সাৰ উৎপাদনৰ বাবে সামগ্ৰী অৰ্থাৎ ইউৰিয়া আৰু পি এণ্ড কে সাৰ উৎপাদনৰ বাবে কোনো ডাঙৰ সমস্যা হোৱা নাই।
• ৬ বিধ সাৰৰ পৰ্যাপ্ত উপলব্ধতা নিশ্চিত কৰিবলৈ আজিলৈকে অনুষ্ঠিত হোৱা ইগ’এছৰ বৈঠক আৰু ইগ’এছে মোকাবিলা কৰা উপলব্ধতাৰ প্ৰায়বোৰ প্ৰত্যাহ্বান অতিক্ৰম কৰিছে।
• ভাৰতৰ সাৰৰ সুৰক্ষা শক্তিশালী, সুস্থিৰ আৰু সুপৰিচালিত হৈ আছে, সকলো প্ৰধান সাৰতে উপলব্ধতাই ধাৰাবাহিকভাৱে প্ৰয়োজনীয়তাক অতিক্ৰম কৰিছে।
শক্তি যোগান আৰু ইন্ধনৰ উপলব্ধতা
পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ে বৰ্তমানৰ ইন্ধন যোগানৰ পৰিস্থিতিৰ বিষয়ে তথ্য প্ৰদান কৰি পশ্চিম এছিয়াৰ বিকশিত পৰিস্থিতিৰ প্ৰেক্ষাপটত পেট্ৰলিয়াম সামগ্ৰী আৰু এল পি জিৰ নিৰৱচ্ছিন্ন উপলব্ধতা নিশ্চিত কৰাৰ বাবে গ্ৰহণ কৰা ব্যৱস্থাসমূহৰ ৰূপৰেখা দাঙি ধৰে। মন কৰিবলগীয়া যে:
পৰামৰ্শ আৰু নাগৰিক সজাগতা
• পেট্ৰ’ল, ডিজেল আৰু এল পি জিৰ উপলব্ধতা নিশ্চিত কৰাৰ বাবে চৰকাৰে সকলো প্ৰচেষ্টা চলাই থকাৰ বাবে নাগৰিকসকলক আতংকিত হৈ পেট্ৰ’ল, ডিজেল আৰু এল পি জি ক্ৰয় নকৰিবলৈ পৰামৰ্শ দিয়া হৈছে।
• উৰাবাতৰিৰ পৰা সাৱধান হওক আৰু সঠিক তথ্যৰ বাবে চৰকাৰী উৎসৰ ওপৰত নিৰ্ভৰ কৰক।
• এল পি জি গ্ৰাহকসকলক ডিজিটেল বুকিং প্লেটফৰ্ম ব্যৱহাৰ কৰিবলৈ আৰু বিতৰকসকলৰ ওচৰলৈ যোৱাৰ পৰা বিৰত থাকিবলৈ অনুৰোধ জনোৱা হৈছে।
• নাগৰিকসকলক বিকল্প ইন্ধন যেনে পিএনজি আৰু বৈদ্যুতিক বা ইণ্ডাকচন কুকটপ ব্যৱহাৰ কৰিবলৈ উৎসাহিত কৰা হৈছে।
• সাম্প্ৰতিক পৰিস্থিতিৰ সময়ত দৈনন্দিন ব্যৱহাৰত শক্তি সংৰক্ষণৰ বাবে প্ৰয়োজনীয় প্ৰচেষ্টা চলাবলৈ সকলো নাগৰিককে অনুৰোধ জনোৱা হৈছে।
চৰকাৰী প্ৰস্তুতি আৰু যোগান ব্যৱস্থাপনা ব্যৱস্থা
• চলি থকা ভূ-ৰাজনৈতিক পৰিস্থিতিৰ মাজতো চৰকাৰে নিশ্চিত কৰিছে যে ঘৰুৱা এল পি জি, ঘৰুৱা পি এন জি আৰু চি এন জি (পৰিবহন)লৈ ১০০% যোগান ধৰা হৈছে।
• বাণিজ্যিক এল পি জিৰ বাবে চিকিৎসালয়, শিক্ষানুষ্ঠানক অগ্ৰাধিকাৰ দিয়া হৈছে। ইয়াৰ উপৰি ফাৰ্মা, ষ্টীল, অটোম’বাইল, বীজ, কৃষি আদিকো অগ্ৰাধিকাৰ দিয়া হৈছে।ইয়াৰ উপৰি প্ৰব্ৰজিত শ্ৰমিকক ৫ কিলোগ্ৰাম এফটিএলৰ যোগানো গড়ৰ ভিত্তিত দুগুণ কৰা হৈছে। ২০২৬ চনৰ ২ আৰু ৩ মাৰ্চত দৈনিক যোগান ধৰা হ’ব।
• চৰকাৰে ইতিমধ্যে যোগান আৰু চাহিদা দুয়োটা দিশতে কেইবাটাও যুক্তিসংগতকৰণ ব্যৱস্থা ৰূপায়ণ কৰিছে, য’ত শোধনাগাৰৰ উৎপাদন বৃদ্ধি কৰা, চহৰ অঞ্চলত বুকিঙৰ ব্যৱধান ২১ দিনৰ পৰা ২৫ দিনলৈ আৰু গ্ৰাম্য অঞ্চলত ৪৫ দিনলৈ বৃদ্ধি কৰা আৰু যোগানৰ বাবে খণ্ডসমূহক অগ্ৰাধিকাৰ দিয়া আদি আছে।
• এল পি জিৰ চাহিদাৰ চাপ কমোৱাৰ বাবে কেৰাচিন আৰু কয়লাৰ দৰে বিকল্প ইন্ধন উপলব্ধ কৰা হৈছে।
• কয়লা মন্ত্ৰালয়ে কল ইণ্ডিয়া আৰু চিংগাৰেনী কলিয়াৰীক ক্ষুদ্ৰ আৰু মজলীয়া গ্ৰাহকক বিতৰণৰ বাবে ৰাজ্যসমূহক অতিৰিক্ত কয়লা যোগান ধৰিবলৈ নিৰ্দেশ দিছে।
• ঘৰুৱা আৰু বাণিজ্যিক গ্ৰাহকৰ বাবে নতুন পিএনজি সংযোগৰ সুবিধা প্ৰদান কৰিবলৈ ৰাজ্যসমূহক পৰামৰ্শ দিয়া হৈছে।
ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চল আৰু প্ৰতিষ্ঠানিক ব্যৱস্থাৰ সৈতে সমন্বিত প্ৰচেষ্টা
• ৰাজ্য চৰকাৰসমূহক অত্যাৱশ্যকীয় সামগ্ৰী আইন, ১৯৫৫ আৰু এল পি জি নিয়ন্ত্ৰণ আদেশ, ২০০০ৰ অধীনত যোগান নিৰীক্ষণ আৰু জমা আৰু ক’লা বিপণনৰ বিৰুদ্ধে কাম কৰাৰ ক্ষমতা প্ৰদান কৰা হৈছে।
• পেট্ৰল, ডিজেল আৰু এলপিজিকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ যোগানৰ পৰিস্থিতি নিৰীক্ষণ আৰু নিয়ন্ত্ৰণত ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহে প্ৰাথমিক ভূমিকা পালন কৰিব লাগিব । ভাৰত চৰকাৰে সকলো ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চললৈ একাধিক পত্ৰ আৰু ভিচিৰ জৰিয়তে একেখিনি কথা পুনৰবাৰ উল্লেখ কৰিছে।
• ভাৰত চৰকাৰে ২৭.০৩.২০২৬ আৰু ০২.০৪.২০২৬ তাৰিখৰ পত্ৰৰ ভিত্তিত নাগৰিকসকলক পৰ্যাপ্ত ইন্ধনৰ উপলব্ধতাৰ সন্দৰ্ভত আশ্বস্ত কৰিবলৈ সক্ৰিয় ৰাজহুৱা যোগাযোগৰ প্ৰয়োজনীয়তাৰ বিষয়ত গুৰুত্ব আৰোপ কৰিছে। ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ সৈতে নিয়মীয়াকৈ পৰ্যালোচনা বৈঠক অনুষ্ঠিত হৈ আছে। এই প্ৰসংগত ০২.০৪.২০২৬ তাৰিখে (সচিব, এম অ’ পি এন জিৰ অধ্যক্ষতাত) আৰু ০৬.০৪.২০২৬ তাৰিখে (আই এণ্ড বি আৰু গ্ৰাহক পৰিক্ৰমাৰ সচিবসকলৰ সৈতে এম অ’ পি এন জিৰ সচিবৰ অধ্যক্ষতাত) সভা আহ্বান কৰা হৈছিল, য’ত তলত উল্লেখ কৰা বিষয়সমূহত গুৰুত্ব আৰোপ কৰা হৈছে।
o দৈনিক সংবাদমেল অনুষ্ঠিত কৰা আৰু নিয়মীয়াকৈ ৰাজহুৱা পৰামৰ্শ জাৰি কৰা।
o ছ’চিয়েল মিডিয়াত ভুৱা বাতৰি / ভুল তথ্য সক্ৰিয়ভাৱে নিৰীক্ষণ আৰু প্ৰতিহত কৰা।
o জিলা প্ৰশাসকৰ দ্বাৰা দৈনিক বলৱৎকৰণ অভিযান তীব্ৰতৰ কৰা আৰু অ’এমচিৰ সৈতে সমন্বয়ত অভিযান আৰু পৰিদৰ্শন অব্যাহত ৰখা
o তেওঁলোকৰ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ ভিতৰত বাণিজ্যিক এল পি জি আবণ্টনৰ আদেশ জাৰি কৰা
o ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক আবণ্টিত অতিৰিক্ত এছ কে অ’ৰ বাবে এছ কে অ’ আবণ্টনৰ আদেশ জাৰি কৰা।
o পিএনজি গ্ৰহণ আৰু বিকল্প ইন্ধনক প্ৰসাৰ কৰা।
বিশেষকৈ ঘৰুৱা প্ৰয়োজনীয়তাৰ বাবে এল পি জি যোগানক অগ্ৰাধিকাৰ দিয়া আৰু যোগানৰ স্থিতিশীলতা নিশ্চিত কৰিবলৈ ৫ কিলোগ্ৰাম এফ টি এল চিলিণ্ডাৰৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে।
• সকলো ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলে অবৈধ মজুতকৰণ আৰু ক’লা ব্যৱসায় ৰোধ কৰিবলৈ নিয়ন্ত্ৰণ কক্ষ আৰু জিলা নিৰীক্ষণ সমিতি গঠন কৰিছে।
• বহু ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলে সংবাদমেল অনুষ্ঠিত কৰি আছে।
বলৱৎকৰণ আৰু নিৰীক্ষণ কাৰ্য্য
• এল পি জিৰ অবৈধ মজুতকৰণ আৰু ক’লা ব্যৱসায় ৰোধৰ বাবে সমগ্ৰ দেশতে বলবৎকাৰী ব্যৱস্থা অব্যাহত আছে। কালি সমগ্ৰ দেশতে ১৮০০ৰো অধিক অভিযান চলোৱা হয়।
• পিএছইউ অ’এমচিসমূহে হঠাতে পৰিদৰ্শন শক্তিশালী আৰু অব্যাহত ৰাখিছে আৰু ৩১০টা এলপিজি বিতৰকত শাস্তি প্ৰদান কৰিছে আৰু ৭১টা এলপিজি বিতৰক কালিলৈকে স্থগিত ৰখা হৈছে।
এল পি জি যোগান
ঘৰুৱা এল পি জি যোগানৰ অৱস্থা:
• প্ৰচলিত ভূ-ৰাজনৈতিক পৰিস্থিতিৰ ফলত এল পি জি যোগানৰ প্ৰভাৱ অব্যাহত আছে।
• ঘৰুৱা পৰিয়াললৈ এল পি জি যোগানক অগ্ৰাধিকাৰ দিয়া হৈছে।
• এল পি জি বিতৰকত কোনো ধৰণৰ নাটনি হোৱাৰ খবৰ পোৱা হোৱা নাই।
• কালি উদ্যোগৰ ভিত্তিত অনলাইন এল পি জি চিলিণ্ডাৰ বুকিং ৯৯% লৈ বৃদ্ধি পাইছে।
• ডাইভাৰচন ৰোধ কৰিবলৈ ডেলিভাৰী প্ৰমাণীকৰণ ক’ড (DAC) ভিত্তিক ডেলিভাৰী প্ৰায় ৯৩% লৈ বৃদ্ধি কৰা হৈছে। গ্ৰাহকৰ পঞ্জীয়নভুক্ত মোবাইল নম্বৰত ডিএচি লাভ কৰা হয়।
• ঘৰুৱা এল পি জি চিলিণ্ডাৰ ঘৰুৱা এল পি জি চিলিণ্ডাৰ ডেলিভাৰী নিশ্চিত কৰাৰ বাবে দেওবাৰে অধিকাংশ এল পি জি বিতৰক সংস্থাই কাম কৰিছিল।
বাণিজ্যিক এল পি জি যোগান আৰু আবণ্টনৰ ব্যৱস্থা:
• মুঠ বাণিজ্যিক এল পি জি আবণ্টন সংকটৰ পূৰ্বৰ স্তৰৰ প্ৰায় ৭০% লৈ বৃদ্ধি কৰা হৈছে, য’ত ১০% সংস্কাৰ-সংলগ্ন আবণ্টনো অন্তৰ্ভুক্ত।
• ভাৰত চৰকাৰে ০৬.০৪.২০২৬ তাৰিখৰ পত্ৰৰ জৰিয়তে জনাইছে যে প্ৰব্ৰজিত শ্ৰমিকসকলক প্ৰদানৰ বাবে উপলব্ধ প্ৰতিখন ৰাজ্যত দৈনিক ৫ কিলোগ্ৰাম এফটিএল চিলিণ্ডাৰৰ পৰিমাণ ২০২৬ চনৰ ২-৩ মাৰ্চৰ ভিতৰত প্ৰব্ৰজিত শ্ৰমিকসকলক গড় দৈনিক যোগান (চিলিণ্ডাৰৰ সংখ্যা)ৰ ওপৰত ভিত্তি কৰি দুগুণ কৰা হৈছে ২১.০৩.২০২৬ তাৰিখৰ পত্ৰ। এই ৫ কেজি এফটিএল চিলিণ্ডাৰসমূহ তেল বিপণন কোম্পানী (অ’এমচি)ৰ সহায়ত তেওঁলোকৰ ৰাজ্যৰ প্ৰব্ৰজিত শ্ৰমিকসকলকহে যোগান ধৰাৰ বাবে ৰাজ্য চৰকাৰৰ নিষ্পত্তিত আছে।
• ২০২৬ চনৰ ১ এপ্ৰিলৰ পৰা প্ৰায় ১৯.৫ লাখ - ৫ কেজি এফটিএল চিলিণ্ডাৰ বিক্ৰী হৈছে।
• ২০২৬ চনৰ ৩ এপ্ৰিলৰ পৰা পিএছইউ অ’এমচিয়ে ৫ কিলোগ্ৰাম এফটিএল চিলিণ্ডাৰৰ বাবে প্ৰায় ৯০৮০টা সজাগতা শিবিৰৰ আয়োজন কৰিছে, য’ত ১,৪৬,০০০ - ৫ কিলোগ্ৰামতকৈ অধিক এফটিএল চিলিণ্ডাৰও বিক্ৰী কৰা হৈছে।
• কালি ১১০ টাতকৈও অধিক শিবিৰৰ জৰিয়তে ৩৪৩০ – ৫ কিলোগ্ৰাম এফটিএল বিক্ৰী কৰা হৈছিল।
• আই অ’ চি এল, এইচ পি চি এল আৰু বি পি চি এলৰ কাৰ্যবাহী সঞ্চালকৰ তিনিজনীয়া সমিতিয়ে ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহত বাণিজ্যিক এল পি জি বিতৰণৰ পৰিকল্পনা কৰিবলৈ ৰাজ্যিক কৰ্তৃপক্ষ আৰু উদ্যোগ সংস্থাসমূহৰ সৈতে সমন্বয় সাধন কৰি আছে।
• এপ্ৰিল-২৬ মাহৰ ভিতৰত (২৬.০৪.২৬ লৈকে) মুঠ ১,৬৫,৬২৭ মেট্ৰিক টন (১৯ কেজি এল পি জি চিলিণ্ডাৰৰ ৮৭.১৭ লাখতকৈ অধিক) বাণিজ্যিক এল পি জি বিক্ৰী হৈছে।
• গড়। এপ্ৰিল-২৬ মাহত (২৬.০৪.২৬ লৈকে) পিএছইউ অ’এমচিসমূহে অটো এলপিজি বিক্ৰী গড়ৰ বিপৰীতে প্ৰায় ৩৪৬ মেট্ৰিক টন/দিন। জানুৱাৰী-২৬ আৰু ফেব্ৰুৱাৰী-২৬ৰ ভিতৰত প্ৰায় ১৭৭ মেট্ৰিক টন প্ৰতিদিন। ইয়াৰ দ্বাৰা পিএছইউ অ’এমচিৰ অটো এলপিজি বিক্ৰী প্ৰায় ৯৫% বৃদ্ধিৰ প্ৰতিফলন ঘটিছে।
প্ৰাকৃতিক গেছ যোগান আৰু পিএনজি সম্প্ৰসাৰণৰ পদক্ষেপ
• ডি-পিএনজি আৰু চিএনজি-ট্ৰেন্সপ’ৰ্টলৈ ১০০% যোগানৰ জৰিয়তে গ্ৰাহকক অগ্ৰাধিকাৰ দিয়া হৈছে।
• সাৰ উদ্যোগসমূহলৈ সামগ্ৰিকভাৱে গেছৰ আবণ্টন ছমাহৰ গড় ব্যৱহাৰৰ প্ৰায় ৯৫%লৈ বৃদ্ধি কৰা হৈছে।
• ইয়াৰ উপৰি চিজিডি নেটৱৰ্কৰ জৰিয়তে যোগানকে ধৰি অন্যান্য ঔদ্যোগিক আৰু বাণিজ্যিক খণ্ডলৈ গেছৰ যোগান ৮০% পৰ্যন্ত বৃদ্ধি কৰা হৈছে।
• চিজিডি সত্তাসমূহক হোটেল, ৰেষ্টুৰেণ্ট আৰু কেণ্টিনৰ দৰে বাণিজ্যিক প্ৰতিষ্ঠানৰ বাবে পিএনজি সংযোগক অগ্ৰাধিকাৰ দিবলৈ পৰামৰ্শ দিয়া হৈছে, যাতে বাণিজ্যিক এলপিজিৰ উপলব্ধতাৰ সম্পৰ্কে উদ্বেগসমূহ সমাধান কৰিব পৰা যায়।
• আইজিএল, এমজিএল, গেইল গেছ আৰু বিপিচিএলকে ধৰি চিজিডি কোম্পানীসমূহে ঘৰুৱা আৰু বাণিজ্যিক পিএনজি সংযোগৰ বাবে উদগনি আগবঢ়াইছে।
• ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চল আৰু কেন্দ্ৰীয় মন্ত্ৰালয়সমূহক চিজিডি নেটৱৰ্ক সম্প্ৰসাৰণৰ বাবে প্ৰয়োজনীয় অনুমোদন ক্ষিপ্ৰতাৰে কৰিবলৈ অনুৰোধ কৰা হৈছে।
• ভাৰত চৰকাৰে ১৮.০৩.২০২৬ তাৰিখৰ পত্ৰৰ ভিত্তিত সকলো ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলক ৰাজ্যসমূহলৈ অতিৰিক্ত ১০% বাণিজ্যিক এল পি জি আবণ্টনৰ প্ৰস্তাৱ দিছে, যদিহে তেওঁলোকে এল পি জিৰ পৰা পি এন জিলৈ দীৰ্ঘম্যাদী পৰিৱৰ্তনত সহায় কৰিব পাৰে।
• ২২খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলে পিএনজি সম্প্ৰসাৰণ সংস্কাৰৰ সৈতে জড়িত অতিৰিক্ত বাণিজ্যিক এলপিজি আবণ্টন লাভ কৰিছে।
• পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ে ২৪.০৩.২৬ তাৰিখৰ পত্ৰৰ ভিত্তিত চিজিডি আন্তঃগাঁথনিৰ সৈতে জড়িত আবেদনসমূহ অগ্ৰাধিকাৰ ভিত্তিত প্ৰক্ৰিয়াকৰণৰ বাবে ৩ মাহৰ বাবে বিশেষ হিচাপে ‘হ্ৰাস সময়সীমাৰ সৈতে চিজিডি আন্তঃগাঁথনিৰ বাবে ত্বৰান্বিত অনুমোদন কাঠামো’ গ্ৰহণ কৰিছে।
• ভাৰত চৰকাৰে ২৪.০৩.২০২৬ তাৰিখৰ গেজেট অনুসৰি প্ৰাকৃতিক গেছ আৰু পেট্ৰলিয়াম সামগ্ৰী বিতৰণ (পাইপলাইন আৰু অন্যান্য সুবিধাসমূহ বিস্তাৰ, নিৰ্মাণ, পৰিচালনা আৰু সম্প্ৰসাৰণৰ জৰিয়তে) আদেশ, ২০২৬ অত্যাৱশ্যকীয় সামগ্ৰী আইন, ১৯৫৫ৰ অধীনত অৱগত কৰিছে দেশত, অনুমোদন আৰু ভূমিৰ প্ৰৱেশৰ পলমৰ সৈতে মোকাবিলা কৰা, আৰু আৱাসিক অঞ্চলকে ধৰি প্ৰাকৃতিক গেছৰ আন্তঃগাঁথনিৰ দ্ৰুত উন্নয়ন সক্ষম কৰা। ইয়াৰ দ্বাৰা পিএনজি নেটৱৰ্ক বৃদ্ধি ত্বৰান্বিত হ’ব, শেষ মাইলৰ সংযোগ বৃদ্ধি হ’ব, আৰু পৰিষ্কাৰ ইন্ধনলৈ পৰিৱৰ্তনত সহায় হ’ব, যাৰ ফলত শক্তি সুৰক্ষা শক্তিশালী হ’ব আৰু ভাৰতৰ গেছ ভিত্তিক অৰ্থনীতি আগুৱাই নিব।
• পিএনজিআৰবিয়ে চিজিডি সত্তাসমূহক ডি-পিএনজি সংযোগ ক্ষিপ্ৰ কৰিবলৈ নিৰ্দেশ দিছে। লগতে পিএনজি সম্প্ৰসাৰণৰ গতি বজাই ৰাখিবলৈ ৰাষ্ট্ৰীয় পিএনজি ড্ৰাইভ ২.০ ৩০.০৬.২০২৬ লৈকে বৃদ্ধি কৰা হৈছে।
• স্বচ্ছ, অধিক সুৰক্ষিত আৰু স্বাৱলম্বী শক্তিৰ ভৱিষ্যতক উৎসাহিত কৰিবলৈ ভাৰত চৰকাৰে ৰাজ্যিক চিবিজি নীতিৰ আৰ্হি খচৰা প্ৰস্তুত কৰিছে। আৰ্হি নীতিৰ উদ্দেশ্য হৈছে ৰাজ্যসমূহে চিবিজি উন্নয়নৰ বাবে নিজাকৈ বিনিয়োগকাৰী-বন্ধুত্বপূৰ্ণ আৰু ৰূপায়ণমুখী পৰিৱেশ তন্ত্ৰ সৃষ্টি কৰিবলৈ সক্ষম কৰিবলৈ এক বিস্তৃত নমনীয় পথ প্ৰদৰ্শক কাঠামো হিচাপে কাম কৰা। যিবোৰ ৰাজ্যই ইয়াক বাছি লয়, সেইবোৰক বাণিজ্যিক এল পি জিৰ অতিৰিক্ত আবণ্টনৰ পৰৱৰ্তী শাখাৰ বাবে অগ্ৰাধিকাৰ দিয়া হ’ব।
• ০৭.০৪.২০২৬ তাৰিখৰ আদেশৰ জৰিয়তে চিপিচিবিক চিজিডি নেটৱৰ্ক/আন্তঃগাঁথনিৰ বাবে ১৫ দিনৰ ভিতৰত স্থাপন কৰিবলৈ সন্মতি বা চলাবলৈ সন্মতি প্ৰদান কৰাৰ বাবে এছপিচিবি/পিচিচিসমূহক প্ৰয়োজনীয় নিৰ্দেশনা জাৰি কৰিবলৈ নিৰ্দেশ দিছে।
• ২০২৬ চনৰ মাৰ্চ মাহৰ পৰা প্ৰায় ৫.৫২ লাখ পিএনজি সংযোগ প্ৰদান কৰা হৈছে আৰু অতিৰিক্ত ২.৬৩ লাখ সংযোগৰ বাবে আন্তঃগাঁথনি সৃষ্টি কৰা হৈছে, যাৰ ফলত মুঠ সংযোগ ৮.১৫ লাখ হৈছে। ইয়াৰ উপৰি নতুন সংযোগৰ বাবে প্ৰায় ৬.২১ লাখ গ্ৰাহক পঞ্জীয়ন কৰা হৈছে।
• ২১.০৪.২০২৬ তাৰিখলৈকে ৪২,৬০০ৰো অধিক পিএনজি গ্ৰাহকে MYPNGD.in ৱেবছাইটৰ জৰিয়তে নিজৰ এলপিজি সংযোগ ত্যাগ কৰিছে।
খাৰুৱা তেলৰ অৱস্থান আৰু শোধনাগাৰৰ কাৰ্য্যকলাপ
• সকলো শোধনাগাৰে পৰ্যাপ্ত খাৰুৱা তেলৰ তথ্যৰে উচ্চ ক্ষমতাৰে কাম কৰি আছে, আনহাতে পেট্ৰ’ল আৰু ডিজেলৰ পৰ্যাপ্ত মজুত ৰখা হৈছে।
• ঘৰুৱা ব্যৱহাৰক সহায় কৰিবলৈ শোধনাগাৰৰ পৰা ঘৰুৱা এল পি জি উৎপাদন বৃদ্ধি কৰা হৈছে।
• ঘৰুৱা বজাৰৰ বাবে পেট্ৰ’কেমিকেল ফিডষ্টক যোগানৰ উপলব্ধতা নিশ্চিত কৰিবলৈ আন্তঃমন্ত্ৰালয়ৰ যৌথ কৰ্মগোট (জে ডব্লিউ জি) গঠন কৰা হৈছে। ইয়াৰ পিছতে ০১.০৪.২০২৬ তাৰিখৰ চৰকাৰী পত্ৰ অনুসৰি পেট্ৰ’কেমিকেল কমপ্লেক্সকে ধৰি তেল শোধনাগাৰ কোম্পানীসমূহক চেণ্টাৰ ফৰ হাই টেকন’লজি (চি এইচ টি)ৰ দ্বাৰা নিৰ্ধাৰিত জটিল খণ্ডসমূহৰ বাবে কিছুমান নূন্যতম পৰিমাণৰ চি ৩ আৰু চি ৪ ষ্ট্ৰিম উপলব্ধ কৰাৰ অনুমতি দিছে।
• ফাৰ্মাচিউটিকেল বিভাগ, ৰাসায়নিক আৰু পেট্ৰ’ ৰাসায়নিক বিভাগ (ডিচিপিচি), উদ্যোগ আৰু আভ্যন্তৰীণ বাণিজ্য প্ৰসাৰ বিভাগ (ডিপিআইআইটি)ৰ পৰা পোৱা অনুৰোধৰ ভিত্তিত ফাৰ্মা আৰু ৰাসায়নিক খণ্ডৰ কোম্পানীসমূহৰ বাবে এলপিজি পুলৰ পৰা ১০০০ মেট্ৰিক টন/দিনৰ ব্যৱস্থা কৰা হৈছে।
• ২০২৬ চনৰ ৯ এপ্ৰিলৰ পৰা মুম্বাই, কোচি আৰু মথুৰা শোধনাগাৰে ৭৮০০ মেট্ৰিক টনতকৈ অধিক প্ৰপাইলিন ৰাসায়নিক আৰু ফাৰ্মা উদ্যোগক বিক্ৰী কৰিছে।
খুচুৰা ইন্ধনৰ উপলব্ধতা আৰু মূল্য নিৰ্ধাৰণৰ ব্যৱস্থা
• পি এছ ইউ খুচুৰা বিপণীসমূহ স্বাভাৱিকভাৱে চলি আছে। উৰাবাতৰিৰ বাবে কিছুমান খুচুৰা বিপণীত আতংক ক্ৰয় হোৱা দেখা গৈছে যদিও পি এছ ইউ অইল মাৰ্কেটিং কোম্পানীসমূহে তেওঁলোকৰ খুচুৰা বিপণীসমূহত পেট্ৰ’ল আৰু ডিজেলৰ পৰ্যাপ্ত মজুত নিশ্চিত কৰিছে।
• মধ্যপ্ৰাচ্যৰ সংকটৰ ফলত খাৰুৱা তেলৰ মূল্য অস্বাভাৱিকভাৱে বৃদ্ধি পাইছে; কিন্তু গ্ৰাহকক সুৰক্ষা দিবলৈ ভাৰত চৰকাৰে পেট্ৰল আৰু ডিজেলৰ ওপৰত আবকাৰী শুল্ক প্ৰতি লিটাৰত ১০ টকা হ্ৰাস কৰিছে।
• ১১-৪-২০২৬ৰ চৰকাৰী পত্ৰ অনুসৰি ডিজেলৰ ওপৰত ৰপ্তানি শুল্ক ৫৫.৫০ টকা আৰু এ টি এফত ৪২ টকা প্ৰতি লিটাৰত আৰোপ কৰা হৈছে, ঘৰুৱা বজাৰত এই সামগ্ৰীসমূহৰ উপলব্ধতা নিশ্চিত কৰিবলৈ এনে কৰা হৈছে।
• পেট্ৰ’ল আৰু ডিজেলৰ নিয়মীয়া খুচুৰা মূল্য অপৰিৱৰ্তিত আৰু পিএছইউ অ’এমচিৰ খুচুৰা বিপণীত কোনো মূল্য বৃদ্ধি হোৱা নাই।
কেৰাচিনৰ উপলব্ধতা আৰু বিতৰণৰ ব্যৱস্থা
• নিয়মীয়া আবণ্টনৰ ওপৰত ৰাজ্য/কেৰাষ্ট্ৰীয় কেন্দ্ৰসমূহক ৪৮,০০০ কেল কেৰাচিনৰ অতিৰিক্ত আবণ্টন প্ৰদান কৰা হৈছে।
• ১৮খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলে এছ কে অ’ আবণ্টনৰ আদেশ জাৰি কৰিছে, আনহাতে হিমাচল প্ৰদেশ আৰু লাডাখে কোনো প্ৰয়োজনীয়তাৰ ইংগিত দিয়া নাই।
সামুদ্ৰিক সুৰক্ষা আৰু জাহাজ চলোৱাৰ কাৰ্য্যকলাপ
বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয়ে পাৰস্য উপসাগৰৰ প্ৰচলিত সামুদ্ৰিক পৰিস্থিতিৰ বিষয়ে এক আপডেট প্ৰদান কৰে, য’ত অঞ্চলটোত ভাৰতীয় জাহাজ আৰু ক্ৰুৰ সুৰক্ষা আৰু নিৰাপত্তা নিশ্চিত কৰাৰ বাবে গ্ৰহণ কৰা ব্যৱস্থাসমূহৰ বিশদ বিৱৰণ দিয়া হয়। কোৱা হৈছে যে:
• ২০২৬ চনৰ ২৫ এপ্ৰিলত ট’গোৰ পতাকাযুক্ত তেল/ৰাসায়নিক টেংকাৰ এম টি চিৰন ৭ (আই এম অ’ নং ৯১২৭২৯১)ৰ সৈতে জড়িত এক কূটাঘাতৰ খবৰ পোৱা গৈছিল, য’ত ১৭ জন ভাৰতীয় নাৱিক আছিল (মুঠ ক্ৰু: ২৪)। ইৰাণৰ ক’ষ্ট গাৰ্ডে বাধা দিয়া জাহাজৰ ওচৰেৰে জাহাজখনে যাত্ৰা কৰি আছিল, এই সময়ত সতৰ্কমূলকভাবে গুলীচালনা কৰা হৈছিল। জাহাজত থকা ১৭ জন ভাৰতীয় নাবিকৰ আটাইকেইজন নিৰাপদে আছে।
• বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয়ে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়, ভাৰতীয় মিছন আৰু সামুদ্ৰিক অংশীদাৰসকলৰ সৈতে সমন্বয় অব্যাহত ৰাখিছে যাতে নাবিকৰ কল্যাণ আৰু নিৰৱচ্ছিন্ন সামুদ্ৰিক কাৰ্য্যকলাপ নিশ্চিত কৰিব পৰা যায়।
• অঞ্চলটোৰ সকলো ভাৰতীয় নাবিক নিৰাপদে আছে আৰু বিগত ২৪ ঘণ্টাত ভাৰতীয় পতাকা থকা জাহাজৰ সৈতে জড়িত কোনো কূটাঘাত সংঘটিত হোৱা নাই।
• ডিজি শ্বিপিং কণ্ট্ৰল ৰুম আপডেট: সক্ৰিয় হোৱাৰ পিছত কণ্ট্ৰল ৰুমে ৭,৭৮০টা কল আৰু ১৬,৬৫৮টাতকৈ অধিক ইমেইল চম্ভালিছে। বিগত ২৪ ঘন্টাত ২৫টা ফোন আৰু ১৪০টা ই-মেইল লাভ কৰিছে।
• প্ৰত্যাৱৰ্তনৰ তথ্যঃ মন্ত্ৰালয়ে জাহাজ সঞ্চালকালয় (ডি জি শিপিং)ৰ জৰিয়তে এতিয়ালৈকে ২,৭৭৬ জনতকৈ অধিক ভাৰতীয় নাৱিকক নিৰাপদে প্ৰত্যাৱৰ্তনৰ সুবিধা প্ৰদান কৰিছে, য’ত সমগ্ৰ উপসাগৰীয় অঞ্চলৰ বিভিন্ন স্থানৰ পৰা যোৱা ২৪ ঘণ্টাত ১২ জন নাবিকক নিৰাপদে প্ৰত্যাৱৰ্তনৰ সুবিধা প্ৰদান কৰিছে।
• বন্দৰ পৰিচালনাঃ সমগ্ৰ ভাৰতবৰ্ষত বন্দৰৰ কাম-কাজ স্বাভাৱিক হৈ আছে, কোনো ধৰণৰ অসুবিধাৰ তথ্য পোৱা হোৱা নাই।
অঞ্চলটোত ভাৰতীয় নাগৰিকৰ সুৰক্ষা
বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে উপসাগৰীয় আৰু পশ্চিম এছিয়া অঞ্চলৰ উন্নয়নসমূহ নিৰীক্ষণ অব্যাহত ৰাখিছে, অঞ্চলটোত ভাৰতীয় সম্প্ৰদায়ৰ সুৰক্ষা, নিৰাপত্তা আৰু কল্যাণ নিশ্চিত কৰাৰ ওপৰত কেন্দ্ৰীভূত প্ৰচেষ্টা চলাই আছে। জনোৱা হৈছে যে:
• ভাৰতীয় নাগৰিক আৰু তেওঁলোকৰ পৰিয়ালৰ প্ৰশ্নৰ উত্তৰ দিবলৈ মন্ত্ৰালয়ত বিশেষ নিয়ন্ত্ৰণ কক্ষ কাৰ্যক্ষম হৈ আছে।
• তথ্যৰ বিনিময় আৰু প্ৰচেষ্টাসমূহৰ উন্নত প্ৰান্তিকীকৰণৰ বাবে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ সৈতে নিয়মীয়াকৈ যোগাযোগ ৰক্ষা কৰি থাকে।
• ভাৰতীয় দূতাবাস আৰু কনছুলেটসমূহে সময়মতে সহায় আগবঢ়াবলৈ ২৪ ঘণ্টাই হেল্পলাইন চলাই আছে আৰু আমাৰ নাগৰিকসকলক সক্ৰিয়ভাৱে সহায় কৰি আছে। স্থানীয় চৰকাৰৰ সৈতেও ঘনিষ্ঠ যোগাযোগত আছে।
• স্থানীয় চৰকাৰৰ নিৰ্দেশনা, বিমান আৰু ভ্ৰমণৰ পৰিস্থিতি, কনছুলাৰ সেৱা আৰু সমাজৰ বাবে গ্ৰহণ কৰা বিভিন্ন কল্যাণমূলক ব্যৱস্থাৰ সৈতে জড়িত তথ্যকে ধৰি নবীকৃত পৰামৰ্শ জাৰি কৰা হৈছে।
• ভাৰতীয় মিছনসমূহে ভাৰতীয় সম্প্ৰদায়ৰ সৈতে সক্ৰিয়ভাৱে জড়িত হৈ আছে। তেওঁলোকে নিয়মিতভাৱে ভাৰতীয় সম্প্ৰদায়ৰ সংঘ, সংস্থা, পেছাদাৰী গোট, আৰু ভাৰতীয় কোম্পানীসমূহৰ সৈতে মত বিনিময় কৰি তেওঁলোকৰ উদ্বেগসমূহৰ সমাধান কৰি আছে।
• অঞ্চলটোৰ ভাৰতীয় নাবিকসকলৰ কল্যাণৰ বিষয়ত চৰকাৰে অত্যন্ত অগ্ৰাধিকাৰ দিছে। স্থানীয় কৰ্তৃপক্ষ আৰু সংস্থাসমূহৰ সৈতে সমন্বয়, কনছুলাৰ সাহায্য প্ৰদান, ভাৰতলৈ ঘূৰি অহাৰ অনুৰোধৰ বাবে সহায় কৰাকে ধৰি ভাৰতীয় মিছনে তেওঁলোকক সকলো সহায় আগবঢ়াইছে।
• ভাৰতৰ বিভিন্ন গন্তব্যস্থানলৈ অঞ্চলটোৰ পৰা অতিৰিক্ত বিমান চলাচলৰ ফলত সামগ্ৰিক বিমানৰ পৰিস্থিতিৰ উন্নতি অব্যাহত আছে। ২৮ ফেব্ৰুৱাৰীৰ পৰা এই অঞ্চলৰ পৰা প্ৰায় ১৩,১৯,০০০ যাত্ৰীয়ে ভাৰতলৈ যাত্ৰা কৰিছে।
• ইউ এ ইত বিমান সংস্থাসমূহে ইউ এ ই আৰু ভাৰতৰ মাজত পৰিচালনা আৰু সুৰক্ষাৰ বিবেচনাৰ ভিত্তিত সীমিত বাণিজ্যিক বিমান চলাচল অব্যাহত ৰাখিছে, আজি ইউ এ ই আৰু ভাৰতৰ মাজত প্ৰায় ১০৫খন বিমান সেৱাৰ আশা কৰা হৈছে।
• চৌদি আৰব আৰু ওমানৰ বিভিন্ন বিমানবন্দৰৰ পৰা ভাৰতৰ বিভিন্ন গন্তব্যস্থানলৈ বিমান সেৱা অব্যাহত আছে।
• কাটাৰৰ আকাশমাৰ্গ আংশিকভাৱে মুকলি হোৱাৰ লগে লগে কাটাৰ এয়াৰৱেজে ভাৰতৰ বিভিন্ন গন্তব্যস্থানলৈ বিমান সেৱা চলাই আছে। লগতে এয়াৰ ইণ্ডিয়া আৰু ইণ্ডিগোৱেও শীঘ্ৰে কাটাৰৰ পৰা ভাৰতলৈ বিমান সেৱা আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে।
• কুৱেইটৰ আকাশমাৰ্গ মুকলি হৈ আছে। জাজিৰা এয়াৰৱেজ আৰু কুৱেইট এয়াৰৱেজে পুনৰ সীমিত বিমান যাত্ৰা আৰম্ভ কৰিছে।
***
TM/DM
(ৰিলিজ আই ডি : 2256113)
অতিথি কক্ষ : 7
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam