প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

ডোডা দুৰ্ঘটনাত সেনা জোৱানৰ মৃত্যুত প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ

प्रविष्टि तिथि: 22 JAN 2026 8:14PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ডোডাৰ দুৰ্ঘটনাত সেনা বাহিনীৰ সাহসী জোৱানসকলৰ মৃত্যুত শোক প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰীয়ে কয় যে ডোডাত সংঘটিত দুৰ্ঘটনাৰ বাবে তেওঁ গভীৰভাৱে শোকাহত, য'ত আমি আমাৰ বীৰ সেনা জোৱানসকলক হেৰুৱাইছো। ৰাষ্ট্ৰৰ প্ৰতি তেওঁলোকৰ সেৱা চিৰদিনৰ বাবে স্মৰণীয় হৈ থাকিব। শ্ৰী মোদীয়ে আহতসকলৰ আশু আৰোগ্য কামনা কৰে আৰু ক্ষতিগ্ৰস্তসকলক সকলো ধৰণৰ সহায় আগবঢ়োৱা হৈছে বুলি কয়।

প্ৰধানমন্ত্ৰীয়ে X ত লিখিছে; "ডোডাত সংঘটিত দুৰ্ঘটনাৰ বাবে গভীৰভাৱে শোক প্ৰকাশ কৰিছো, য'ত আমি আমাৰ সাহসী সেনা জোৱানসকলক হেৰুৱাইছো। ৰাষ্ট্ৰৰ প্ৰতি তেওঁলোকৰ সেৱা চিৰদিনৰ বাবে স্মৰণীয় হৈ থাকিব। আহতসকলে শীঘ্ৰে আৰোগ্য লাভ কৰক। ক্ষতিগ্ৰস্ত লোকসকলক সকলো ধৰণৰ সহায় আগবঢ়োৱা হৈছে।


(रिलीज़ आईडी: 2254814) आगंतुक पटल : 40
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam