প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

ঔপনিৱেশিক মানসিকতাৰ ওৰ পেলোৱা আৰু দেশৰ ভৱিষ্যৎ গঢ় দিয়াসকলক সন্মানিত কৰাৰ দেশৰ সংকল্প প্ৰতিফলিত কৰি ৰাষ্ট্ৰপতিয়ে শ্ৰী চক্ৰৱৰ্তী ৰাজাগোপালাচাৰীজীক সন্মান জনোৱা ৰাজাজী উৎসৱক প্ৰধানমন্ত্ৰীৰ প্ৰশংসা

পোষ্ট কৰা হৈছে: 23 FEB 2026 5:12PM by PIB Guwahati

ভাৰতৰ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে ৰাষ্ট্ৰপতি ভৱনৰ অশোক মণ্ডপৰ সমীপৰ গ্ৰেণ্ড অপেন ষ্টেয়াৰকে’ছত স্থাপিত চক্ৰৱৰ্তী ৰাজাগোপালাচাৰীৰ এটা আৱক্ষ মূৰ্তি উন্মোচন কৰে।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এই পদক্ষেপক ঔপনিৱেশিক মানসিকতাৰ ওৰ পেলোৱা আৰু দেশৰ ভৱিষ্যৎ গঢ় দিয়াসকলক সন্মানিত কৰাৰ ভাৰতৰ সংকল্প প্ৰতিফলিত কৰা এক প্ৰশংসনীয় প্ৰচেষ্টা আখ্যা দিয়ে। শ্ৰী মোদীয়ে কয় যে এগৰাকী বিদগ্ধ পণ্ডিত, স্বাধীনতা সংগ্ৰামী, চিন্তাবিদ আৰু প্ৰশাসক ৰাজাজীৰ জীৱন একতা, বুদ্ধি আৰু ৰাষ্ট্ৰৰ প্ৰতি অটল দায়বদ্ধতাৰ প্ৰতীক আছিল।

ভাৰতৰ ৰাষ্ট্ৰপতিয়ে ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত 'ৰাজাজী উৎসৱ’ত অংশগ্ৰহণ কৰে। ৰাজাজী উৎসৱৰ অংশ হিচাপে ২০২৬ চনৰ ২৪ ফেব্ৰুৱাৰীৰ পৰা ১ মাৰ্চলৈকে ৰাষ্ট্ৰপতি ভৱনত ৰাজাজীৰ জীৱন আৰু কৰ্ম সন্দৰ্ভত এখন প্ৰদৰ্শনীৰ আয়োজন কৰা হৈছে।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজাজী উৎসৱক ৰাষ্ট্ৰলৈ ৰাজাজীৰ সমৃদ্ধ অৱদানৰ বিভিন্ন দিশ প্ৰকাশ কৰা এক বিস্ময়কৰ পদক্ষেপ আখ্যা দি জনসাধাৰণক এই প্ৰদৰ্শনী চাবলৈ আৰু তেওঁৰ জীৱন তথা আদৰ্শৰ জৰিয়তে অনুপ্ৰাণিত হবলৈ আহ্বান জনায়।

এই পদক্ষেপসমূহ সন্দৰ্ভত ভাৰতৰ ৰাষ্ট্ৰপতিৰ এক্সৰ এটা পোষ্টৰ সঁহাৰিত শ্ৰী মোদীয়ে এক্সত লিখিছে;

"এক প্ৰশংসনীয় প্ৰচেষ্টা, যিয়ে আমাৰ ভৱিষ্যৎ গঠন কৰা লোকসকলক সন্মান জনোৱা আৰু ঔপনিৱেশিক মানসিকতাৰ ওৰ পেলোৱাৰ ভাৰতৰ সংকল্পক প্ৰতিফলিত কৰে।

ৰাজাজী এগৰাকী বিদগ্ধ পণ্ডিত, স্বাধীনতা সংগ্ৰামী, চিন্তাবিদ আৰু প্ৰশাসক আছিল। তেওঁৰ জীৱন একতা, বুদ্ধি আৰু ৰাষ্ট্ৰৰ প্ৰতি অটল প্ৰতিশ্ৰুতিৰ প্ৰতীক আছিল।"

"ৰাজাজী উৎসৱ হৈছে এক বিস্ময়কৰ পদক্ষেপ, যিয়ে আমাৰ ৰাষ্ট্ৰলৈ ৰাজাজীৰ সমৃদ্ধ অৱদানৰ বিভিন্ন দিশ প্ৰকাশ কৰে। মই আপোনালোক সকলোকে এয়া উপভোগ কৰিবলৈ আৰু অনুপ্ৰাণিত হ’বলৈ অনুৰোধ জনাইছো!"

***

 

MJPS/ST/DD


(ৰিলিজ আই ডি : 2254113) অতিথি কক্ষ : 9