প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

বাসৱ জয়ন্তীত জগৎগুৰু বাসবেশ্বৰলৈ প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন

পোষ্ট কৰা হৈছে: 20 APR 2026 8:38AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বাসৱ জয়ন্তী উপলক্ষে জগৎগুৰু বাসবেশ্বৰলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

শ্ৰী মোদীয়ে কয় যে বাসৱ জয়ন্তীৰ বিশেষ অনুষ্ঠানত তেওঁ জগৎগুৰু বাসবেশ্বৰ আৰু তেওঁৰ যুগজয়ী শিক্ষাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। তেওঁ কয় যে বাসবেশ্বৰৰ ন্যায়পূর্ণ সামাজিক দৃষ্টিভংগীৰ লগতে জনসাধাৰণক শক্তিশালী কৰাৰ বাবে তেওঁৰ অটল প্ৰচেষ্টাই সদায় আমাক অনুপ্ৰাণিত কৰিব।

প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰে;

‘বাসৱ জয়ন্তীৰ বিশেষ অনুষ্ঠানত জগৎগুৰু বাসবেশ্বৰ আৰু তেওঁৰ যুগজয়ী শিক্ষাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো। তেওঁৰ ন্যায়পূর্ণ সামাজিক দৃষ্টিভংগীৰ লগতে জনসাধাৰণক শক্তিশালী কৰাৰ বাবে তেওঁৰ অটল প্ৰচেষ্টাই আমাক সদায় অনুপ্ৰাণিত কৰিব।’

 


***********


MJPS/SS/ST/NB


(ৰিলিজ আই ডি : 2253678) অতিথি কক্ষ : 9