প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

ভগৱান পৰশুৰাম জয়ন্তী উপলক্ষে প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা

পোষ্ট কৰা হৈছে: 19 APR 2026 10:53AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভগৱান পৰশুৰাম জয়ন্তী উপলক্ষে দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰে।

শ্ৰী মোদীয়ে কয় যে ভগৱান পৰশুৰামে আমাক অন্যায়ৰ বিৰুদ্ধে থিয় দি সত্যৰ পথত অটল হৈ থাকিবলৈ প্ৰেৰণা দিয়ে। তেওঁ কয় যে ভগৱান পৰশুৰাম অতুলনীয় সাহস আৰু প্ৰজ্ঞাৰ প্ৰতীক।

প্ৰধানমন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে যে ভগৱান পৰশুৰামৰ আশীৰ্বাদত প্ৰতিজন লোকৰ হৃদয় নতুন শক্তি আৰু আত্মবিশ্বাসেৰে উপচি পৰিব। তেওঁ লগতে ভগৱান পৰশুৰামৰ আশীৰ্বাদে সকলোৰে জীৱন সুখ, শান্তি, সমৃদ্ধিৰে আলোকিত কৰাৰ কামনা কৰে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে ‘এক্স’ৰ এটা পোষ্টত কয়;

"আপোনালোক সকলোলৈ ভগৱান পৰশুৰাম জয়ন্তীৰ বহুত শুভকামনা। তেওঁ আমাক অন্যায়ৰ বিৰুদ্ধে থিয় দি সত্যৰ পথত অটল হৈ থাকিবলৈ অনুপ্ৰাণিত কৰে। অতুলনীয় পৰাক্ৰম আৰু প্ৰজ্ঞাৰ প্ৰতীক ভগৱান পৰশুৰামৰ কৃপাই প্ৰতিখন হৃদয়ত নতুন শক্তি আৰু আত্মবিশ্বাসৰ সঞ্চাৰ কৰক। তেওঁৰ আশীৰ্বাদে সকলোৰে জীৱন সুখ, শান্তি আৰু সমৃদ্ধিৰে আলোকিত কৰক।"



****

 

MJPS/SS/ST/KD


(ৰিলিজ আই ডি : 2253499) অতিথি কক্ষ : 10