গৃহ মন্ত্ৰালয়
azadi ka amrit mahotsav

কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় দপ্তৰৰ মন্ত্ৰী শ্ৰী অমিত শ্বাহে কয়, মহিলা সংৰক্ষণ বিধেয়ক সময়ৰ প্ৰয়োজন

মহিলা সংৰক্ষণ বিধেয়ক আনি কাৰ্যকৰী কৰাৰ সংকল্প লৈছে মোদী চৰকাৰে

নীতি নিৰ্ধাৰণত অৰিহণা যোগোৱা আৰু দেশক সবল কৰা আমাৰ নাৰী শক্তিৰ এয়া উচিত প্ৰাপ্য

এয়া এক পৰিৱৰ্তন, যি কোনো পলম নকৰাকৈ নিশ্চয়কৈ ভালৰ দিশত হ’ব লাগে

আশা কৰোঁ সকলোৱে আগবাঢ়ি আহি এই ঐতিহাসিক পদক্ষেপক সমৰ্থন জনাব

পোষ্ট কৰা হৈছে: 14 APR 2026 4:41PM by PIB Guwahati

কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় দপ্তৰৰ  মন্ত্ৰী শ্ৰীযুত অমিত শ্বাহে কয় যে মহিলা সংৰক্ষণ বিধেয়কখন সময়ৰ  প্ৰয়োজন আৰু মোদীৰ চৰকাৰে এই আইনখন আনি কাৰ্যকৰী কৰিবলৈ সংকল্পবদ্ধ হৈছে।

এক্সত দিয়া  এটা পোষ্টত শ্ৰী অমিত শ্বাহে কয়, “মহিলা সংৰক্ষণ বিধেয়ক সময়ৰ  প্ৰয়োজন। নীতি নিৰ্ধাৰণত অৰিহণা যোগোৱা আৰু দেশক  সবল কৰা   আমাৰ নাৰী শক্তিৰ বাবে এয়া  উচিত প্ৰাপ্য।

এই আইনখন আনি কাৰ্যকৰী কৰাৰ সংকল্প লৈছে মোদী চৰকাৰ। এয়া  এক পৰিৱৰ্তন,  যিটো নিশ্চিতভাৱে ভালৰ দিশত হ’ব লাগে, কোনো পলম নকৰাকৈ। আশাকৰোঁ সকলোৱে আগবাঢ়ি আহি এই ঐতিহাসিক পদক্ষেপক সমৰ্থন কৰিব।”

****

 

RK/PR/PS/DM


(ৰিলিজ আই ডি : 2252009) অতিথি কক্ষ : 6