প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
বিহাৰৰ কাটিহাৰত সংঘটিত দুৰ্ঘটনাত প্ৰাণ হেৰুওৱাসকলৰ বাবে প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ
পিএমএনআৰএফৰ পৰা সাহায্য ঘোষণা কৰিলে প্ৰধানমন্ত্ৰীয়ে
পোষ্ট কৰা হৈছে:
11 APR 2026 10:56PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিহাৰৰ কাটিহাৰত সংঘটিত কৰুণ দুৰ্ঘটনাক লৈ গভীৰ শোক প্ৰকাশ কৰি এই ঘটনাক অত্যন্ত বেদনাদায়ক বুলি অভিহিত কৰে।
প্ৰধানমন্ত্ৰীয়ে নিজৰ আপোনজনক হেৰুওৱা পৰিয়াললৈ আন্তৰিক সমবেদনা জ্ঞাপন কৰাৰ লগতে আহতসকলে অতি সোনকালে আৰোগ্য লাভ কৰাৰ বাবে প্ৰাৰ্থনা জনায়। শ্ৰী মোদীয়ে লগতে নিহতৰ পৰিয়াল আৰু আহতৰ বাবে সাহায্য ঘোষণা কৰে । প্ৰধানমন্ত্ৰীয়ে প্ৰতিগৰাকী মৃতকৰ ওচৰ সম্পৰ্কীয় আত্মীয়ৰ বাবে প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ পৰা ২ লাখ টকা আগবঢ়োৱাৰ কথা উল্লেখ কৰে। দুৰ্ঘটনাত আহতসকলক ৫০ হাজাৰ টকাৰ সাহায্য আগবঢ়োৱা হ’ব।
প্ৰধানমন্ত্ৰীয়ে এক্সত এনেদৰে লিখিছে:
"বিহাৰৰ কাটিহাৰত সংঘটিত দুৰ্ঘটনাটো অত্যন্ত বেদনাদায়ক। যিসকলে আপোনজনক হেৰুৱাইছে তেওঁলোকক সমবেদনা জনাইছো। আহতসকলে অতি শীঘ্ৰে আৰোগ্য লাভ কৰক।"
পিএমএনআৰএফৰ পৰা ২ লাখ টকা প্ৰতিগৰাকী মৃতকৰ ওচৰ সম্পৰ্কীয় আত্মীয়ক দিয়া হ’ব। আহতসকলক ৫০ হাজাৰ টকা দিয়া হ’ব।"
***
MJPS/PRK/DM
(ৰিলিজ আই ডি : 2251237)
অতিথি কক্ষ : 6