ভাৰতীয় নিৰ্বাচন আয়োগ
আই ই ভি পি ২০২৬: বিশ্বই প্ৰত্যক্ষ কৰিলে ভাৰতৰ গণতন্ত্ৰৰ উৎসৱ
২২খন দেশৰ আন্তঃৰাষ্ট্ৰীয় প্ৰতিনিধিয়ে ভাৰতৰ নিৰ্বাচনৰ পৰিকল্পনা, পৰিসৰ আৰু ভোটাৰৰ অংশগ্ৰহণক প্ৰশংসা কৰে
পোষ্ট কৰা হৈছে:
11 APR 2026 3:51PM by PIB Guwahati
১) কেৰালা, পুডুচেৰী আৰু অসম বিধানসভা নিৰ্বাচনে বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰিছে। ভাৰতৰ নিৰ্বাচন আয়োগৰ আন্তঃৰাষ্ট্ৰীয় নিৰ্বাচনী দৰ্শনাৰ্থী কাৰ্যসূচী (আই ই ভি পি) ২০২৬ৰ অংশ হিচাপে ২২খন দেশৰ ৩৮ জন আন্তঃৰাষ্ট্ৰীয় প্ৰতিনিধিয়ে ভাৰতৰ নিৰ্বাচনী প্ৰক্ৰিয়াৰ পৰিসৰ, নিখুঁততা আৰু সজীৱতা ওচৰৰ পৰা প্ৰত্যক্ষ কৰিলে।
২) নিৰ্বাচনৰ এনে অভিজ্ঞতাক “গণতন্ত্ৰৰ প্ৰকৃত উৎসৱ” বুলি অভিহিত কৰি প্ৰতিনিধিসকলে নিৰ্বাচনত অভিলেখ সংখ্যক ভোটাৰৰ অংশগ্ৰহণ, নিখুঁত পৰিকল্পনা আৰু নিৰ্বাচন সুকলমে অনুষ্ঠিত কৰাৰ বাবে প্ৰশংসা কৰে।
“ভাৰতৰ নিৰ্বাচন, এয়া সমগ্ৰ বিশ্বৰ বাবে গণতন্ত্ৰৰ এক প্ৰকৃত উৎসৱ, মোক যি কথাই আপ্লুত কৰিছে সেয়া হৈছে মানুহে ভোটদানৰ প্ৰতি দেখুওৱা উৎসাহ। আমি এই প্ৰক্ৰিয়াৰ পৰাহে শিকিব পাৰো, ই এক বিশাল প্ৰক্ৰিয়া আৰু ইয়াক সঠিকভাৱে ৰূপায়ণ কৰা হৈছে” - শ্ৰীমান ব্ৰানিমিৰ ফাৰ্কাছ, ক্ৰ’ৱেচিয়া
৩) আন্তঃৰাষ্ট্ৰীয় প্ৰতিনিধিসকলে অসম, কেৰালা আৰু পুডুচেৰীত কৰা দুদিনীয়া ভ্ৰমণ (৮-৯ এপ্ৰিল)ৰ সময়ত বিতৰণ কেন্দ্ৰসমূহ পৰিদৰ্শন কৰে। তাত তেওঁলোকে সুপৰিকল্পিত লজিষ্টিক আৰু নিৰ্ধাৰিত এছ অ' পিৰ জৰিয়তে নিৰ্বাচনী সামগ্ৰীৰ লগতে ভোটগ্ৰহণকাৰী দলসমূহৰ গতিবিধি পৰ্যবেক্ষণ কৰে।
৪) প্ৰতিনিধিসকলে সংশ্লিষ্ট ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়া আৰু ৰাজ্যিক আৰক্ষী ন’ডেল বিষয়াৰ সৈতেও নিৰ্বাচনৰ সামগ্ৰিক পৰিচালনাৰ লগতে নিৰাপত্তাৰ ব্যৱস্থাৰ বিষয়ত মত বিনিময় কৰে। তেওঁলোকে মুখ্য নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ত ভোটগ্ৰহণ কেন্দ্ৰসমূহৰ ১০০% ৱেবকাষ্টিং নিৰীক্ষণৰ বাবে স্থাপন কৰা চিচিটিভি নিয়ন্ত্ৰণ কক্ষসমূহকো “স্বচ্ছতাৰ শক্তিশালী স্তম্ভ” বুলি অভিহিত কৰে।
“ভাৰতত নিৰ্বাচনৰ প্ৰক্ৰিয়াৰ পৰা নিশ্চিতভাৱে শিকিবলগীয়া আছে" শ্ৰীমান উক-কিব এস্পাডাছ এংকোনা, মেক্সিকো
৫/ ভোটদানৰ দিনা পুৱা প্ৰতিনিধিসকলে মক প’ল পৰ্যবেক্ষণ কৰে। ইয়াৰ পিছত এই ২২খন দেশৰ প্ৰতিনিধিয়ে পৃথকে পৃথকে অসমৰ (কামৰূপ মেট্ৰ’ আৰু কামৰূপ গ্ৰাম্য), কেৰালা (কোচি আৰু তিৰুৱনন্তপুৰম), পুডুচেৰীৰ ভোটগ্ৰহণ কেন্দ্ৰ পৰিদৰ্শন কৰি প্ৰকৃত ভোটগ্ৰহণ প্ৰক্ৰিয়াৰ সাক্ষী হয়।
৬) তেওঁলোকে ভোট কেন্দ্ৰসমূহত ৰেম্প, হুইল চেয়াৰ, স্বেচ্ছাসেৱক, আৰু ক্ৰেচৰ সুবিধাসমূহৰ লগতে মহিলা তথা বিশেষভাৱে সক্ষম লোকসকলে (পিডব্লিউডি) পৰিচালনা কৰা ভোটগ্ৰহণ কেন্দ্ৰসমূহকে ধৰি সৰ্বাংগীন, অংশগ্ৰহণমূলক আৰু সহজে উপলব্ধ বৈশিষ্ট্যসমূহৰ বাবে প্ৰশংসা কৰে।
“এয়া উচ্চতম পৰ্যায়ৰ অন্তৰ্ভুক্তিৰ নিদৰ্শন" শ্ৰীমতী ফাহিমা আৰাফাত আব্দাল্লাহ, কেনিয়া
“ভোটকেন্দ্ৰসমূহ কেনেকৈ সংগঠিত কৰা হৈছে, সুবিধাসমূহ অতি ভালদৰে কৰা হৈছে, হুইল চেয়াৰ, ক্ৰেচৰ সুবিধা ৰখা হৈছে” শ্ৰী পৌলাছ শ্বিগৱেধা, নামিবিয়া
৭) প্ৰতিনিধিসকলে জিলা পৰ্যায়ৰ সংবাদ মাধ্যমৰ নিৰীক্ষণ কেন্দ্ৰসমূহ পৰিদৰ্শন কৰি ৱেবকাষ্টিঙৰ জৰিয়তে নিৰ্বাচনৰ নিৰন্তৰ তদাৰকী কৰাৰ বিষয়ৰ শলাগ লয়। তেওঁলোকে ভোটগ্ৰহণ কেন্দ্ৰত পৰিৱেশ অনুকূল তথা বহনক্ষম নিৰ্বাচনী পদ্ধতি প্ৰদৰ্শন কৰিবলৈ অনুষ্ঠিত কৰা বৃক্ষৰোপন কাৰ্যসূচীতো অংশগ্ৰহণ কৰে।
“ভাৰতৰ ক্ষেত্ৰত এটা ডাঙৰ কথা হ’ল ইভিএমৰ ব্যৱহাৰ...আমি শিকি অহা কিছুমান কথা আমি ঘৰলৈ লৈ যাব পাৰিম আৰু চাম যে আমি ইয়াক কেনেকৈ কাৰ্যকৰী কৰিব পাৰো, ই এটা উৎসৱৰ দৰে, এইটোৱেই হ’ব লাগে শক্তি” শ্ৰীমান আবুবক্কৰ মাহমুদ কোৰোমা, ছিয়েৰা লিয়ন
৮) তেওঁলোকে পুডুচেৰীত ফ্লাইং স্কোয়াড, ড্ৰোন ভিত্তিক নিৰীক্ষণ,আদৰণি জনোৱা ৰবট নীলাৰ দৰে উদ্ভাৱনীমূলক পদক্ষেপসমূহো প্ৰত্যক্ষ কৰে। সতৰ্কতা বৃদ্ধিৰ বাবে গ্ৰহণ কৰা ব্যৱস্থাই প্ৰতিনিধিসকল আপ্লুত কৰে । কেৰালাত তেওঁলোকে জেন জেড–থিমযুক্ত ভোটগ্ৰহণ কেন্দ্ৰ পৰিদৰ্শন কৰি প্ৰথমবাৰৰ বাবে ভোটদান কৰাসকলৰ উৎসাহৰ শলাগ লয়, আনহাতে অসমৰ কামৰূপ (গ্ৰাম্য)ত প্ৰতিনিধিসকলে ভোটগ্ৰহণ কেন্দ্ৰত স্বাস্থ্য পৰীক্ষাৰ সুবিধাও গ্ৰহণ কৰি তেনে পদক্ষেপৰ প্ৰশংসা কৰে।
৯) ভোটগ্ৰহণৰ নিৰৱচ্ছিন্ন পৰিচালনা আৰু ভোটাৰৰ অধিক ভোটদানে প্ৰতিনিধিসকলৰ মনত বিশেষ ছাপ পেলায়। নিৰ্বাচন পৰিচালনাৰ পৰিসৰ তথা ইয়াৰ সাক্ষী হোৱাৰ সুযোগ পোৱাৰ বাবে ভাৰতৰ নিৰ্বাচন আয়োগৰ প্ৰতি তেওঁলোকে কৃতজ্ঞতা প্ৰকাশ কৰাৰ লগতে স্বচ্ছতা, সৰ্বাংগীনতা আৰু উৎকৃষ্টতাৰ প্ৰতি থকা ভাৰতৰ দায়বদ্ধতাক প্ৰশংসা কৰে। “বিশ্বই শিকিবলৈ বাট চাই থকাৰ সময়তে ভাৰতে অতুলনীয় পৰিসৰত নিৰ্বাচন অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত মাপকাঠী নিৰ্ধাৰণ কৰি আহিছে, সঁচাকৈয়ে এয়া গণতন্ত্ৰৰ উৎসৱ।”
১০) আন্তঃৰাষ্ট্ৰীয় নিৰ্বাচনী দৰ্শনাৰ্থী কাৰ্যসূচী (আই ই ভি পি) হৈছে ভাৰতীয় নিৰ্বাচন আয়োগৰ এক বিশেষ পদক্ষেপ , যাৰ লক্ষ্য হৈছে নিৰ্বাচন ব্যৱস্থাপনা সংস্থা (ই এম বি) আৰু আন্তঃৰাষ্ট্ৰীয় সংস্থাসমূহৰ সৈতে আন্তঃৰাষ্ট্ৰীয় সহযোগিতা তথা সংযোগ গঢ়ি তোলা। এই কাৰ্যসূচীয়ে ভাৰতৰ নিৰ্বাচনী কাঠামো, প্ৰতিষ্ঠানিক ব্যৱস্থা আৰু কাৰ্য্যকৰী স্থাপত্যৰ এক বিস্তৃত আভাস প্ৰদান কৰে, একে সময়তে প্ৰতিনিধিসকলক নিৰ্বাচন ব্যৱস্থাপনাৰ উত্তম পদ্ধতি তথা উদ্ভাৱনৰ সৈতেও পৰিচিত কৰে।
টোকা: আই ই ভি পি ২০২৬ৰ অধীনত আন্তঃৰাষ্ট্ৰীয় প্ৰতিনিধিসকলৰ মন্তব্যৰ ইউটিউব লিংক।
**********
PK/GDH/RP/DM
পৰিশিষ্ট
আইইভিপি ২০২৬ ৰ অধীনত আন্তঃৰাষ্ট্ৰীয় প্ৰতিনিধিৰ প্ৰশংসাৰ ইউ টিউব লিংক
|
ক্ৰমিক নং
|
দেশ
|
লিংক
|
|
১
|
আলবেনিয়া
|
|
|
২
|
বেনিন
|
|
|
৩
|
ভূটান
|
|
|
৪
|
কোটেড আইভৰ
|
|
|
৫
|
ক্ৰ'ৱেচিয়া
|
|
|
৬
|
ফিজি
|
|
|
৭
|
জৰ্জিয়া
|
|
|
৮
|
গুয়েনা
|
|
|
৯
|
কেনিয়া
|
|
|
১০
|
মেক্সিকো
|
|
|
১১
|
নামিবিয়া
|
|
|
ক্ৰমিক নং
|
দেশ
|
মন্তব্যৰ লিংক
|
|
|
|
|
|
১২
|
পৰ্টুগাল
|
|
|
১৩
|
ছামোৱা
|
|
|
১৪
|
ছিচিলিছ
|
|
|
১৫
|
ছিয়েৰা লিয়ন
|
|
(ৰিলিজ আই ডি : 2251216)
অতিথি কক্ষ : 7